ছূৰাতুল মুল্ক: গুণ, উপকাৰিতা আৰু ৰহস্য।

পাতনি

ছুৰা মুল্ক কুৰান শ্বৰীফৰ অন্যতম এটি ছুৰা। আল্লাহ পাকে এই ছূৰাটোক ৰমজান মাহত মক্কা মুকাৰ্ৰামাত অৱতীৰ্ণ কৰিছিল। এই ছুৰাটোত সৰ্বমুঠ ৩০টি আয়াত আছে। আৰু দুটা ৰুকু। এই ছুৰাৰ কেইবাটাও নাম আছে- মুজাদিলাহ, মুনজিয়া, ৱাকিয়া, মানিয়া ইত্য়াদি। এইটোৰ এটা নাম নাজিয়াও হয় কিয়নো এয়া কবৰ আৰু জাহান্নামৰ আজাবৰ পৰা বচায়।

বিশেষকৈ ছূৰাটোত তিনিটা বিষয়ে আলোচনা কৰা হৈছে-

১) তওহীদ অৰ্থাৎ একশ্বৰবাদ,

২) নুবূওয়াত অৰ্থাৎ নবীত্ব

৩) আখিৰাতৰ বিশ্বাস।

আৰু ইয়াত এটা পৰীক্ষাৰ বয়ান অৰ্থাৎ বৰ্ণনা আছে যে আল্লাহ পাকে জীৱন আৰু মৃত্যু মানুহক পৰীক্ষা নিৰীক্ষা কৰিবলৈ সৃষ্টি কৰিছে। আৰু পৰীক্ষাৰ সময় নিৰ্ধাৰণ আৰু অস্থায়ী হয়। সেয়ে আমি এই দুনিয়াত অস্থায়ীভাৱে আহিছোঁ আৰু আমাৰ আচল অৱস্থান আৰু ঠিকনা হ'ল আখিৰাত।

 

গুণ, উপকাৰিতা আৰু ৰহস্য।

যদি কোনো ব্যক্তি পুৰুষ বা মহিলা দৈনন্দিন ৰাতি ছূৰা মুল্ক তিলাওত কৰে তেন্তে হাদীছত আছে যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামএ কৈছে - এই ছুৰাৰ তিলাওতকাৰী ব্যক্তিৰ যেতিয়া মৃত্যু হ’ব আৰু তাৰ আমল নামাত গুনাহ বেছি হোৱাৰ কাৰণে জাহান্নামত পেলাই দিয়াৰ আদেশ দিয়া হব তেতিয়া এই ছুৰাটোৱে আল্লাহৰ লগত তৰ্ক কৰিব যে হে মৌলা আপুনি ইয়াক জাহান্নামত পঠাই আছে যিজনে মোক (ছুৰা মুল্ক) পঢ়িছিল।

এইদৰে ছুৰা মুল্ক সেই ব্যক্তিজনক বাধা দিব আৰু আল্লাহ পাকক কব যে মৌলা মই ইয়াক জাহান্নামত যাব নিদিয়ও।

আল্লাহ পাকে কব যে- ইয়াৰ গুনাহবিলাক বহু বেছি।

ছূৰাটোৱে কব- খোদা মোৰ পৰামৰ্শ তথা দৰ্খাস্ত মানি লোৱা নহলে মোক নিজৰ কিতাবৰ পৰা ওলাই দিয়া। এনেকৈ কোৱাৰ পিছত আল্লাহ তাআলাই নিজৰ কৃপাত সেই ব্যক্তি জনক জান্নাতত দাখিল কৰিব।

 

এই ছূৰাটো দৈনিক পঢ়াৰ এটা ফজিলত অৰ্থাৎ গুণতা এনেও আছে যে ইয়াক পঢ়োতা জনৰ কবৰ আল্লাহ পাকে কেতিয়াও এন্দাৰ হব নিদিয়ে। বৰঞ্চ তাৰ কবৰটো উজ্জল হই থাকিব। ইয়াৰ উপৰিও আৰু বহু গুণ আছে।

 

আলা হজৰত আহমদ ৰাযা খাঁ ছুৰাটোৰ গুণৰ বিষয়ে লিখিছে যে যিজন মানুহে এই ছূৰাটো সদায় অবিৰতভাৱে নিৰন্তৰে পঢ়ি থাকে, তেন্তে যেতিয়া তেওঁৰ মৃত্যু হৈ যায়। তেতিয়া এই ছূৰাটোৱে আল্লাহ পাকৰ দৰবাৰত যাই তিলাওতকাৰীৰ বাবে সহজতা কামনা কৰে। আল্লাহৰ সান্নিধ্যলৈ গৈ কয় যে- হে মৌলা, এইজনে মোক পাঠ কৰা বান্দা অনুগ্ৰহ কৰি তেওঁৰ কবৰটো সহজ কৰি তোলা। আৰু তাই বাৰে বাৰে তাক সহজতা দিবলৈ আল্লাহৰ ওচৰত জোৰ দিব। এয়ালৈ আল্লাহে ছুৰাটোৰ কথা মানি লয় আৰু এইদৰে এইটো কবৰৰ আজাব অৰ্থাৎ শাস্তিৰ পৰা ৰক্ষা কৰে।

 

আল্লাহ পাকৰ অনুমতি সাপেক্ষে ছূৰাটোৱে জান্নাতলৈ যাব আৰু তাৰ পৰা গাৰু আৰু বিচনা এখন লৈ তাই কবৰলৈ উভতি আহিব। কবৰত অহাৰ পিছত মৃতকক জান্নাতি বস্তু মানে গাৰু আৰু বিচনাখন দিব। দিয়াৰ পাছত কব যে মোৰ আগমনত পলম হ'ল নেকি? আৰু ছূৰাটোৱে তেওঁৰ লগত বন্ধুত্ব গঢ়ি তোলে।

 

 

যেনে আল্লাহ তাআলা পৃথিবীৰ সকলো বস্তু কিবাকিবি লক্ষ্যৰ বাবে বনাইছে তেনেই ছূৰা মুল্কৰ কিছুমান উপকাৰ আছে৷

 

১) ছুৰা মুল্ক আল্লাহৰ শক্তি আৰু ক্ষমতা দেখায়।

২) কবৰৰ শাস্তিৰ পৰা ৰাক্ষা কৰে।

৩) জাহান্নামৰ অগ্নিৰ পৰা বচায়।

৪) অবশেষত জান্নাতত দাখিল কৰায়।

 

 

ছুৰা মুলকৰ ফজিলত অৰ্থাৎ গুণৰ বিষয়ে আলোচনা কৰা কিছুমান বিশেষ হাদীছ অৰ্থাৎ প্ৰিয় নবীৰ বিশ্ব বাণী-

قال رسول الله -صلى الله عليه وسلم-: (إنَّ سورةً من كتابِ اللهِ ما هي إلا ثلاثون آيةً، شفَعتْ لرجلٍ فأخرجَتْه من النَّارِ، وأدخلَتْه الجنَّةَ)

 

অসমীয়া অনুবাদ: ৰাছুল ছাল্লা আল্লাহু আলাইহি অছাল্লাম এ কৈছে যে আল্লাহ পাকৰ কিতাপখনত অৰ্থাৎ কোৰান শ্বৰীফত একমাত্ৰ এটি ছুৰা আছে সেইটো ত্ৰিশটি শ্লোকৰ বেছি নহয়, এজন মানুহৰ বাবে শ্বাফাআত অৰ্থাৎ মধ্যস্থতা কৰিছে তেতিয়া তেওঁক নৰকৰ পৰা উলাই আনি স্বৰ্গত ভৰ্তি কৰিছে ।

 

عن ابن مسعود رضي الله عنه- من قرأ تبارك الذي بيده الملك كل ليلة منعه الله عز وجل بها من عذاب القبر، وكنا في عهد رسول الله صلى الله عليه وسلم نسميها المانعة، وإنها في كتاب الله عز وجل، سورة من قرأ بها في كل ليلة فقد أكثر وأطاب . رواها النسائي

 

অসমীয়া অনুবাদ: ইবনে মাছ্উদ (ৰাযিআল্লাহু আনহু)ৰ এটা হাদীছত বৰ্ণনা কৰিছে যে: যিজনে প্ৰতিটো নিশা তাবাৰাকাল্লাযি বি য়াদিহিল মুল্ক (ছুৰা আল-মুল্ক) পাঠ কৰে, সৰ্বশক্তিমান আল্লাহ পাকে এইটোৰ জৰিয়তে তেওঁক কবৰৰ শাস্তিৰ পৰা মুক্তি দিব। ৰাছুলুল্লাহ ছাল্লালাহু আলেইহি ৱাছাল্লামৰ সময়ত আমি ইয়াক আল-মানিয়া ( যিয়ে ৰক্ষা কৰে) বুলি কৈছিলোঁ। আৰু নিশ্চয় এইটো আল্লাহ পাকৰ কিতাবত আছে। এইখন এনে এটা ছুৰা হয় যিয়ে প্ৰতি নিশা এয়া পাঠ কৰে তেন্তে তেওঁ নিশ্চয় অধিক কৰিছে আৰু বঢ়িয়া কৰিছে। আল-নাছাইৰ দ্বাৰা বর্ণিত।

أخرج عبد بن حميد والطبراني والحاكم عن ابن عباس أنه قال لرجل: اقرأ تبارك الذي بيده الملك فإنها المنجية والمجادلة يوم القيامة عند ربها لقاريها، وتطلب له أن ينجيه من عذاب الله وينجو بها صاحبها من عذاب القبر.ـ

অসমীয়া অনুবাদ: আব্দু ইবনে হামীদ, আল-ত্ৱবৰানী আৰু আল-হাকিমে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে তেওঁ এজন ব্যক্তিক কৈছিল- তাবাৰাকা আল্লাজি বিয়াদিহি মুল্ক পাঠ কৰা, কিয়নো এয়া হৈছে পুনৰুত্থানৰ দিনা পাঠকাৰীৰ বাবে আল-মুনজিয়া (উদ্ধাৰকৰ্তা) আৰু তাৰহৈ আল-মুজাদিলা (তৰ্ক কৰ্তা)। আৰু তাক আল্লাহৰ আজাব (শাস্তি)ৰ পৰা আৰু কবৰৰ যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ কৰিব।

 

ছুৰা মুল্কৰ পঢ়াৰ উত্তম দণ্ড

কোৰানক আমি যিকোনো সময়ত পঢ়িব পাৰোঁ। তাৰ কোনো নিদিৰষ্ঠ সময় নাই। তথাপিও কোনো কোনো ছুৰা উল্লেখ কৰা সময়ত পঢ়িলে সেইটোৰ গুন পোয়া যায়।

সেয়ে ছুৰা মুল্ক পঢ়াৰ উত্তম দণ্ড হল ৰাতি টোপনি যোৱাৰ আগত আৰু এয়াই ছুন্নাত তৰিকা যেনে হাদীছত জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ বৰ্ণনা কৰিছে যে- নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ছুৰা আলিফ লাম মীম চাজদা আৰু মুলক পাঠ নকৰালৈকে শুৱা নাছিল।

 

উপসংহাৰ

ছুৰা মুলক হল কুৰানৰ এটা সমৃদ্ধ ছুৰা। ইয়াৰ ভিতৰত ৰই আছে বহু ধৰণৰ গুণ আৰু উপকাৰিতা। বিশেষকৈ ছুৰাটো সদায় নিয়মীয়াকৈ পঢ়ি থাকিলে ইয়াৰ জৰিয়তে আল্লাহ পাক আমাক কবৰৰ আজাবৰ পৰা ৰক্ষা কৰি খাৰিব লগতে কিয়ামতৰ দিন জাহান্নামৰ শাস্তিৰ পৰাও মুক্ত কৰি দি জান্নাতত প্ৰৱেশ কৰাৰ উপায় উলিয়াই দিব। গতিকে আমি এই ছুৰাটো সদায় পঢ়িব লাগে। সম্ভৱ হলে ইয়াক মুখাস্ত কৰিব, কিয়নো মুখাস্ত কৰিলে আমি পঢ়াৰ বাবে বেছি সুবিধা হব। আৰু নবী ছাল্লালাহু আলাইহি ৱাছাল্লামৰও এইটো আশা আছিল যে সকল মুমিন বান্দাৰ হৃদয়ত থাকে যেন। আল্লাহ তাআলাৰ পৰা দুয়া ৰল যে তেওঁৰ অসীম কৃপাত আমাক এই ছুৰা পঢ়াৰ কাৰণে যেন কবৰৰ শাস্তিৰ পৰা ৰক্ষা কৰে। আমীন য়াৰব্বাল আলামীন।

 

 

 

লেখকৰ চমু পৰিচয়ঃ আশ্ৰাফুল ফাৰুকী (বৰপেটা, অসম) তেখেত কেৰেলাত অৱস্থিত দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ এজন গৱেষণা পণ্ডিত, তেখেত ইয়াত ইছলামী সভ্যতা অধ্যয়ন বিভাগত গৱেষণা কৰি আছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor