হযৰত জাকাৰিয়া নবী (আলাইহিছ ছালাম) ৰ দোৱা কবুল হোৱাৰ ঘটনা।
হযৰত জাকাৰিয়া নবী (আলাইহিছ ছালাম) ৰ দোৱা কবুল হোৱাৰ ঘটনা।
পবিত্ৰ কুৰআনৰ ছুৰা মাৰইয়ামত উল্লেখ হোৱা এটা আশ্চৰ্যময় কথা! এই কথাৰ দ্ৱাৰা এক আল্লাহৰ শক্তি, মহত্ত্ব আৰু তাৰ ক্ষমতা প্ৰকশ পায়। যি আল্লাহৰ বাহিৰে আন কোনো উপাসনাৰ যোগ্য নহয়। এই কথাটো হল আল্লাহৰ বান্দা আৰু ৰহমত নবী হযৰত জাকাৰিয়া (আঃ) ৰ। কথাটো সেই সময়ত আৰম্ভ হয় যেতিয়া তেওঁ আল্লাহৰ উপাসক হযৰত মাৰইয়াম (আঃ) ৰ উচৰত যায় তেতিয়া তাইৰ কাষত ৰুজি পায়। তাত দেখা পায় যে তাইৰ কাষত ঋতু নহোৱাকৈ ফল ৰই আছে। তাইক সুধিলে- তুমি এইটো কৰ পৰা পালা। তাই উত্তৰ দিলে- আল্লাহৰ পৰা।
মাৰইয়াম (আঃ) ৰ এই কথাখাৰ শুনি অবাক হলে হযৰত জাকাৰিয়া (আঃ) এ। আৰু ভাবিলে যে আল্লাহ সৰ্ব শ্ৰেষ্ট আৰু মেহেৰবান। যদি সৰ্বশক্তিমান আল্লাহ ঋতু নহোৱাকৈ ফল দিব পাৰে তেন্তে বৃদ্ধ দম্পতীক নিশ্চয় এটা সন্তান দিব পাৰে। কিয়নো তেওঁ ইমান বয়সীয়াল হোৱাৰ পাছত তাৰ এজন উত্তৰাধীকাৰি নাছিল। সে সময়ত তেওঁ প্ৰায় ৯৯ বছৰৰ আছিল। আৰু তেওঁৰ স্ত্ৰীৰ বয়ষ হৈছিল ৯৮ বছৰ। সেয়েহে তেওঁ আল্লাহৰ উচৰত এজন সন্তান বিচাৰিছিল মিহৰাবৰ ভিতৰতেই আল্লাহৰ পৰা গোঁপনে দোয়া কৰিব লাগিলেঁ।
জাকাৰিয়া (আঃ) আৱেদন কৰিলে – হে প্ৰভু! মই বয়সীয়াল হৈ গৈছোঁ। এতিয়ালৈ মোৰ এজনো উত্তৰাধিকাৰী নহল।
-হে আল্লাহ! মোৰ হাড়বোৰ দুৰ্বল হৈ পৰিছেঁ।
-হে খোদা। মোৰ মূৰিটোওঁ পকী গৈছেঁ।
-হে মোৰ প্ৰিয় খোদা! মহান দয়াময় মোক ৰহম কৰাঁ।
-হে আল্লাহ! পৰম কৰুণাময় মই তোমাক মাতি কেতিয়াওঁ নিৰাষ হোৱা নাই।
-হে মহান দয়ালু তুমি মোৰ অৱস্তাটো ভালদৰে জানা। মই এজন বৃদ্ধ মানুহ।
-হে মোৰ সৃষ্টিকৰ্তা। মোক এনে এটা সন্তান দিয়ক যিজন মোৰ পিছত তোমাৰ দ্বীনটো প্ৰচাৰ কৰিব। মোৰ জ্ঞান আৰু নুবুওৱাতৰ উত্তৰাধিকাৰী হ'ব। আৰু তোমাৰ আদেশবোৰ পালন কৰিব।
আৰু মোৰ পত্নীও বন্ধ্য়া হৈ আছে। সেয়েহে তাই এতিয়ালৈ সন্তান জন্ম দিব পৰা নাছিল।
কিন্তু মৌলা তুমি শৰ্বশক্তিমান। তুমি ইচ্ছা কৰিলেই মোৰ এটা উত্তৰাধিকাৰী হ'ব পাৰে। তোমাৰ ৰহমতৰ কোনো অন্ত নাই।
প্ৰিয় পাঠক, হযৰত জাকাৰিয়া (আঃ)ৰ পত্নী ঈশাআ বিন্তে ফাকূদ বন্যাৰ্ত হোৱাৰ কাৰণে সন্তান জন্ম দিয়াৰ বাবে অক্ষম আছিল।
হযৰত জাকাৰিয়া (আঃ) কলে- গতিকে হে মোৰ প্ৰতিপালক এজন পবিত্ৰ সন্তান দিয়ক।
যেতিয়া জাকাৰিয়া (আঃ) এনেদৰে দোআ কৰিলে। তেতিয়া পৰম কৰুণাময় আল্লাহৰ আদেশত হযৰত জিব্ৰীল (আঃ) তেওঁৰ উচৰত আল্লাহৰ ঘোষণা লৈ আহিলে।
হযৰত জিব্ৰীল (আঃ) এ আল্লাহৰ সিদ্ধান্তটো হযৰত জাকাৰিয়া (আঃ)ক শুনালে- যে আল্লাহ তাআলায় কলে- আমি তোমাক পুত্ৰ সন্তানৰ সূসংবাদ দি আছোঁ। যাৰ নাম হব ইয়াহয়া। এই নামটো ইয়াৰ আগত কোনোবাইক আমি প্ৰদান কৰা নাই।
যেতিয়া তেওঁ এই শুভ সংবাদটো শুনিলে, আশ্চৰ্যকৰ হৈ আল্লাহক সূধিলে- হে প্ৰভু! কৰ পৰা মোৰ এটা সন্তান হব। মোৰ পত্নী বন্যাৰ্ত হৈ আছে। আৰু ময়ো বুঢ়া হৈছো।
হযৰত জিব্ৰীল (আঃ) এ কলে- এনেদৰেই হ'ব, আপোনাৰ সৰ্বশক্তিমান মালিকে কৈছে যে সেইটো মোৰ বাবে একেবাৰেই সহজ, ইয়াৰ আগতে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একো নাছিলা।
হযৰত জাকাৰিয়া (আঃ)এ আল্লাহক সূধিলে- হে ৰব ইয়াৰ এটা নিদৰ্শন দিয়া, প্ৰমাণ দেখুৱা।
আল্লাহই কলে – তোমাৰ নিদৰ্শন হল যে তুমি পৰিপূৰ্ণভাবে সুস্থ থকা সত্তেও তুমি তিনিদিন মানুহৰ লগত কথা কব নোৱাৰিবা।
এই কথাখন শুনাৰ পিছত হযৰত জাকাৰিয়া (আঃ) মিহৰাব (ইবাদতৰ বাবে নিৰ্দিষ্ট কক্ষ)ৰ পৰা উলালে আৰু নিজৰ সমুদায়ৰ লোকসকলৰ কাষত গৈ তেওঁলোকক ইঙ্গিতেৰে পুৱা-গধূলি আল্লাহৰ তাছ্বিহ পঢ়াৰ আদেশ দিলে। কিয়নো এইটো সকলৰ পক্ষে এটি সূসংবাদ আছিল সেয়ে আল্লাহৰ শুক্ৰিয়া অৰ্থাৎ কৃতজ্ঞতা আৰু ধন্য হিচাপে তাছ্বিহ পঢ়াৰ হুকুম দিছিল।
তিনিদিন পিছত হযৰত জাকাৰিয়া (আঃ)ৰ ঘৰত পুত্ৰ সন্তান ইয়াহয়া আলাইহিছ ছালাম জন্ম গ্ৰহণ কৰিল। আৰু আল্লাহ তাআলাই তেওঁক বাল্যকালতেই জ্ঞান প্ৰদান কৰি নবী বনাই পঠালে।
প্ৰিয় পাঠক! জাকাৰিয়া নবী (আঃ)ৰ আল্লাহৰ প্ৰতি ঈমান অৰ্থাৎ অতি বিশ্ৱাস থকাৰ কাৰণে ইমান বয়সীয়াল হোৱাৰ পিছতেও তেওঁ এজন পবিত্ৰ সন্তান পালে।
যিহেতু তেওঁ নবী হবলগীয়া আছিল, কিয়নো তেওঁ এজন নবীৰ সন্তান- নবীৰ সন্তান নবী হয়। লগতে আল্লাহৰ এয়াই ইচছা আছিল। সেয়ে আল্লাহ তাআলাই ইয়াহয়া (আঃ) কিতাপখন (তওৰাত) শিকিবলৈ আদেশ দিছিল। তওৰাত হজৰত মূছা নবী (আলাইহিছ ছালাম)ৰ উপৰত অৱতিৰ্ণ হৈছিল আৰু তেওঁৰ পিছৰ পৰা এতিয়ালৈকে মানুহে পঢ়ি আছিল। আৰু নবীসকল তওৰাতৰ পৰাই তেখেতসকলৰ উম্মাহক আদেশ নিৰ্দেশ দিছিল। গতিকে আল্লাহ তাআলাই ইয়াহয়া (আঃ)ক ঘোষণা দিলে- হে ইয়াহয়া! কিতাপ (তওৰাত) শিকা (শক্তিৰে) অৰ্থাৎ অধ্যৱসায়ীভাৱে আৰু মনোযোগেৰে। এনেদৰে আল্লাহ পাকে ইয়াহয়া (আঃ)ক তেওঁৰ জ্ঞান শিকাইছিল আৰু বুদ্ধি প্ৰাদান কৰিছিল। আৰু বাল্যকালতেই আল্লাহে তেওঁক বুজাবুজি, জ্ঞান, অধ্যৱসায়, দৃঢ়তা আৰু মংগলৰ আকাংক্ষা আৰু অধ্যৱসায় দিছে। আৰু সেই শিক্ষা অনুযায়ী লোকৰ মাজত বিচাৰ কৰিছিল, তেওঁ লোকৰ নেতা আৰু বিচাৰক আছিল।
অকলে এয়াই নহই বৰঞ্চ আল্লাহ পাকে তাক বুদ্ধি আৰু জ্ঞান দিয়াৰ লগে লগে তেওঁক মৰম দিছে আৰু অশুদ্ধি, অপকৰ্ম আৰু পাপৰ পৰা পবিত্ৰতা দান কৰিছে। সেয়ে ইয়াইয়া আলাইহিছ ছালাম এজন মুত্তাকী অৰ্থাত ধৰ্মপৰায়ণ আছিল যিজনে কোনো পাপ কৰা নাছিল। মাক-দেউতাকৰ লগতো তেওঁ সৎ ব্যৱহাৰ কৰিছিল। আৰু অত্যাচাৰী আৰু অবাধ্য নাছিল। তেওঁ নিজৰ মাক-দেউতাকৰ কৰ্ম, আজ্ঞা আৰু নিষেধাজ্ঞাবোৰ আনন্দৰ সৈতে মানি চছিল।
তেওঁৰ পিতৃ-মাতৃৰ প্ৰতি তেওঁৰ আজ্ঞা পালন, তেওঁলোকৰ প্ৰতি তেওঁৰ সন্মান আৰু তেওঁলোকৰ অবাধ্যতাৰ পৰা আঁতৰি থকাৰ সকলো কথা ছুৰাটোত উল্লেখ কৰা হৈছে। আল্লাহ পাকে তেওঁৰ ইপৰত শান্তি আৰু ছালামতী পঠাইছে যিদিনা তেওঁৰ জন্ম হৈছে, আৰু যিদিনা ছহীদ হৈছে আৰু তেতিয়াও তাৰ উপৰত শান্তি হ’ব যিদিনা তেওঁক জীৱিতভাৱে পুনৰুত্থান কৰা হ’ব। অর্থাৎ এই তিনিটা পৰিস্থিতিত তেওঁ সুৰক্ষিত থাকিব।
উপসংহাৰেঃ
জাকাৰিয়া (عليه السلام) ইমান বৃদ্ধি হোৱাৰ পাছতও, আল্লাহৰ উপৰত তেখেতৰ অতি বিশ্ৱাস আছিল যে আল্লাহই তাক সন্তান দিব পাৰে সেয়ে তেখেত আল্লাহৰ ওচৰত দোৱা কৰিলে। আৰু ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহ থকাৰ কাৰণে আল্লাহ পাকে ইয়াহয়াক তেখেতৰ এটা উত্তৰাধিকাৰী হিচেপে দিলে আৰু তাক নবী বনালে।
আল্লাহ তাআলায় এয়া আল কোৰানৰ ১৯ নং ছূৰা মাৰইয়ামত আয়াত দুইৰ পৰা ১৫ লৈ কিছূ এনেদৰে বৰ্ণনা কৰিলেঁ-
১৯:২
ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهُ زَكَرِيَّا
এইটো তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,
১৯:৩
إِذْ نَادَىٰ رَبَّهُ نِدَاءً خَفِيًّا
যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,
১৯:৪
قَالَ رَبِّ إِنِّي وَهَنَ الْعَظْمُ مِنِّي وَاشْتَعَلَ الرَّأْسُ شَيْبًا وَلَمْ أَكُنْ بِدُعَائِكَ رَبِّ شَقِيًّا
তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
১৯:৫
وَإِنِّي خِفْتُ الْمَوَالِيَ مِنْ وَرَائِي وَكَانَتِ امْرَأَتِي عَاقِرًا فَهَبْ لِي مِنْ لَدُنْكَ وَلِيًّا
আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,
১৯:৬
يَرِثُنِي وَيَرِثُ مِنْ آلِ يَعْقُوبَ ۖ وَاجْعَلْهُ رَبِّ رَضِيًّا
‘যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’।
১৯:৭
يَا زَكَرِيَّا إِنَّا نُبَشِّرُكَ بِغُلَامٍ اسْمُهُ يَحْيَىٰ لَمْ نَجْعَلْ لَهُ مِنْ قَبْلُ سَمِيًّا
(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলো’।
১৯:৮
قَالَ رَبِّ أَنَّىٰ يَكُونُ لِي غُلَامٌ وَكَانَتِ امْرَأَتِي عَاقِرًا وَقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِيًّا
তেওঁ ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব, অথচ মোৰ স্ত্ৰী বন্ধ্যা আৰু মই বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!
১৯:৯
قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَيَّ هَيِّنٌ وَقَدْ خَلَقْتُكَ مِنْ قَبْلُ وَلَمْ تَكُ شَيْئًا
(উত্তৰত) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছো যেতিয়া তুমি একোৱেই নাছিলা’।
১৯:১০
قَالَ رَبِّ اجْعَلْ لِي آيَةً ۚ قَالَ آيَتُكَ أَلَّا تُكَلِّمَ النَّاسَ ثَلَاثَ لَيَالٍ سَوِيًّا
যাকাৰিয়্যাই ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও তিনিদিন কাৰো লগত কথা নকবা’।
১৯:১১
فَخَرَجَ عَلَىٰ قَوْمِهِ مِنَ الْمِحْرَابِ فَأَوْحَىٰ إِلَيْهِمْ أَنْ سَبِّحُوا بُكْرَةً وَعَشِيًّا
তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত আহিল আৰু ইঙ্গিতেৰে সিহঁতক পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবলৈ ক’লে।
১৯:১২
يَا يَحْيَىٰ خُذِ الْكِتَابَ بِقُوَّةٍ ۖ وَآتَيْنَاهُ الْحُكْمَ صَبِيًّا
‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰাঁ’। আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ,
১৯:১৩
وَحَنَانًا مِنْ لَدُنَّا وَزَكَاةً ۖ وَكَانَ تَقِيًّا
আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছো; আৰু তেওঁ আছিল মুত্তাক্বী।
১৯:১৪
وَبَرًّا بِوَالِدَيْهِ وَلَمْ يَكُنْ جَبَّارًا عَصِيًّا
আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত আৰু তেওঁ অহংকাৰী, অবাধ্য নাছিল।
১৯:১৫
وَسَلَامٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّا
আৰু তেওঁৰ প্ৰতি শান্তি যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।
সমাপ্ত।