কুৰআনঃ এখন পবিত্র পাঠ

কোৰআন হ'ল ইছলামৰ শাস্ত্ৰ ও ধৰ্মগ্ৰন্থ। কোৰআন হ'ল আল্লাহৰ কিতাপ, গতিকে কোৰআনক কিতাবুল্লাহ (كتاب الله ) বোলা হয়। ইয়াৰ ইপৰিও কোৰআন হ'ল আল্লাহৰ বাণী। এই কোৰআনৰ জৰিয়তে আল্লাহ তা‘আলাই মুছলমান সকলক সঠিক ও সৎ পথ দেখুৱায়, সেয়ে কুৰআনক ইছলাম ধর্মৰ ধর্মগ্রন্থ বুলি কোৱা হয়। কোৰআন হৈছে এনে এখন কিতাপ য'ত কোনো ভুল নাই। এতেকতে আল্লাহ তা‘আলাই কোৰআন মজিদত কৈছে,  ذلك الكتاب لا ريب فيه هدى للمتقين অৰ্থাৎ: এই গ্ৰন্থ-ইয়াত কোনো সন্দেহ নাই, এইখন মুত্তকীসকলৰ বাবে পথ প্ৰদৰ্শক। এই কোৰআনটো আল্লাহৰ ফিৰিস্তা জিব্ৰাইল (আলাইহিছ ছালাম)ৰ যোগেদি আমাৰ শেষ নী হজৰত মহম্মদ, (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ওপৰত অৱতীৰ্ণ হয়।

এই আল-কোৰআনৰ বহুতো ভিন্ন নাম আছে যেনে- আল-ফুৰকান, আল-হুদা, আন-নূৰ, আত-তানযীল, আল-বুৰহান, আল-কিতাব ইত্যাদি। কোৰআনত ভিতৰত ১১৪ টা ছুৰা আছে যি ৩০ টা পাৰাহত অন্তৰভুক্ত হৈ আছে।  এই ১১৪ খন ছুৰাৰ ভিতৰত ৮৬ খন মক্কী ছুৰা (যিবোৰ ছুৰা হিজৰতৰ আগত অৱতীৰ্ণ হৈছে সেইবিলাকক মক্কী ছুৰা বুলি কোৱা হয়)

আৰু ২৮ খন মাদানী ছুৰা (যিবোৰ ছুৰা হিজৰতৰ পিছত অৱতীৰ্ণ হৈছে সেইবিলাকক মাদানী ছুৰা বুলি কোৱা হয়)। কুৰআনৰ প্রথম ছুৰাৰ নাম হৈছে আল-ফাতিহা الفاتحه, আৰু সর্বশেষ ছুৰাৰ নাম হ'ল আল-নাছ  الناس. কুৰআনৰ আটাইতকৈ ডাঙৰ ছুৰাৰ নাম আল-বাক্বাৰাহ- البقرة. আৰু আটাইতকৈ সৰু ছুৰাৰ নাম আল-কাউছাৰ  الكوثر. কোৰআনৰ আটাইতকৈ দীঘল আয়াতৰ নাম আয়াত আল-দাইন আৰু সবাতোকৈ চুটি আয়াতৰ নাম ত্বহা- طه।

এই কোৰআনত এনে ১৪ টা আয়াত আছে য'ত আমি ছিজদাহ কৰিব লাগিব। এই কোৰআন সম্পূৰ্ণ হবলৈ ২৩ বছৰ সময় লাগিছিল। পোন-প্ৰথমে এই কোৰআন ৰমজানৰ শেষৰ দহ দিনত বিশেষকৈ লাইলাতুল কদ্বৰত লাঔহুল মাহফূজৰ পৰা দুনীয়াৰ আকাশত অৱতীৰ্ণ হয়। তাৰ পিছত অলপ অলপ কৰি প্ৰয়োজন  অনুযায়ী নবী (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ওপৰত অৱতীৰ্ণ হয়। কোৰআন শব্দৰ অৰ্থ হ'ল তিলাৱাত কৰা অৰ্থাৎ পাঠ কৰা। এই কোৰআন আৰবী ভাষাত নাযিল কৰা হৈছে।

মোৰ মৰমৰ ভাইসকল, আমি কি জানো এই কোৰআন কেতিয়া আৰম্ভ হৈছিল আৰু কেনেকৈ আৰম্ভ হৈছিল? তেনেহ’লে সেই ঘটনাটো চমুকৈ জানো আহক। মক্কাৰ পৰা তিনি মাইল দূৰত হিৰা নামৰ এছা পৰ্বতৰ গুহা আছিল যিটো গাৰে-হিৰা নামত জনাজাত, সেই পাহাৰীয়া গুহাত হজৰত মহম্মদ চাল্লাল্লাহু আলাইহি ৱাছালাম আল্লাহৰ স্মৰণত মগ্ন হৈ থাকি আছিল। এনেকৈয়ে দীঘলীয়া ৬টা মাহ পাৰ হৈ গ’ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এনেদৰে কৰি থাকোতে তেখেতৰ বয়স তেতিয়া ৪০ বছৰ হৈ পৰিল। এবাৰ হিৰাগুহাত সদায়ৰ দৰে আল্লাহৰ স্মৰণত ব্যস্ত হৈ পৰে। হৈ সময়টো আছিল ৰমজানৰ অন্ত। হঠাৎ জিব্ৰীল আলাইহিছ ছালামক আল্লাহৰ পৰা তেওঁৰ সন্মুখলৈ পঠিওৱা হ’ল। হজৰত জিব্ৰাঈল আলাইহিছ ছালাম নিজকে আত্মপ্ৰকাশ কৰি নবী (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ক পঢ়িবলৈ ক’লে, প্ৰিয় নবীয়ে এই কথা শুনি জিব্ৰিল (আলাইহিছ ছালাম)ক উত্তৰ দিলে যে মই পঢ়িব নাজানো। জিব্ৰাঈলে মহম্মদ (ছাঃ)ক বুকুত সাৱটি ধৰি ইমান জোৰেৰে হেঁচা মাৰি ধৰিলে যে তেওঁ হতজ্ঞান হৈ পৰিল। তাৰ পিছত ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক এৰি আকৌ পঢ়ক বুলি ক’লে। কিন্তু তেওঁ পূৰ্বৰ উত্তৰটো পুনৰ কয়। জিব্ৰেলে (আলাইহিছ ছালাম) আকৌ সাৱটি ধৰি জোৰেৰে হেঁচা মাৰি পঢ়ক বুলি ক’লে। এইবাৰো হজৰত মহম্মদ (চাল্লাল্লাহু আলাইহি ৱাছাল্লামে) উত্তৰ দিলে, মই পঢ়িব নাজানো।

আকৌ জিব্ৰাইলে (আলাইহিছ ছালাম) ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি অছাল্লাম)ক বুকুত ধৰি মুকলি কৰি দিলে আৰু ক’লে:

 ٱقۡرَأۡ بِٱسۡمِ رَبِّكَ ٱلَّذِي خَلَقَ (1) خَلَقَ ٱلۡإِنسَٰنَ مِنۡ عَلَقٍ (2) ٱقۡرَأۡ وَرَبُّكَ ٱلۡأَكۡرَمُ (3) ٱلَّذِي عَلَّمَ بِٱلۡقَلَمِ (4) عَلَّمَ ٱلۡإِنسَٰنَ مَا لَمۡ يَعۡلَمۡ (5)     

অর্থাৎ ,

1)         পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,

2)         তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।

3)         পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।

4)         যিজনে কলমৰ সহায়ত শিক্ষা দিছে।

5)         তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।

 

গতিকে মোৰ মৰমৰ ভাইসকল, এই ঘটনাৰ পৰা আমি জানিব পাৰিলোঁ যে কোৰানৰ সৰ্বপ্ৰথম ছুৰা আল-আলাকৰ এই পাঁচটা আয়াত অৱতীৰ্ণ হয়। এই ঘটনাৰ পিছত কিছু সময়ৰ বাবে কোনো অহী (আল্লাহ বাণী) নাজিল হ'ল নাইবা নাহিল। ইয়াৰ পিছত ছুৰা মুদ্দাছিৰৰ প্ৰাৰম্ভিক আয়াতবোৰ অৱতীৰ্ণ হ’ল।

يَٰٓأَيُّهَا ٱلۡمُدَّثِّرُ (1) قُمۡ فَأَنذِرۡ (2) وَرَبَّكَ فَكَبِّرۡ (3) وَثِيَابَكَ فَطَهِّرۡ (4) وَٱلرُّجۡزَ فَٱهۡجُرۡ (5) وَلَا تَمۡنُن تَسۡتَكۡثِرُ (6) وَلِرَبِّكَ فَٱصۡبِرۡ (7) 

অর্থাৎ,

1)         হে বস্ত্ৰাবৃত!

2)         উঠা, আৰু সতৰ্ক কৰা,

3)         আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।

4)         আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,

5)         আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,

6)         আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।

7)         আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।

ইয়াৰ পিছত ২৩ বছৰ ধৰি এটাৰ পিছত এটাকৈ আয়াত অৱতীৰ্ণ হৈ থাকে। হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ইন্তেকালৰ অনন্তৰে হজৰত আবু বকৰ ৰাদিয়াল্লাহ তাআলা আনহুৱে কোৰআনৰ পাণ্ডুলিপি প্ৰস্তুত কৰে। সেই যুগত কোৰআনত হৰকত বা হাৰাকাত অৰ্থাৎ আকাৰ-ইকাৰ অতএব মাত্ৰা ন থকাত মানুহে কোৰআন পাঠ কৰাত নাইবা পঢ়াত অসুবিধা পাইছিল। সেইকাৰণএ হাজ্জাজ বিন ইউছুফে কোৰআনত হাৰাকাত দিছিল। যাৰ কাৰণে কোৰআন পঢ়াটো অতি সুবিধাজনক হয় আৰু সাধাৰণ মানুহৰ বাবে পঢ়াত ভুলটোও কম।

কোৰআন বৰ্তমান যুগৰ এনে এটা  গ্ৰন্থ যিটোক বিশ্বৰ ভিতৰতে সৰ্বাধিক পঢ়া আৰু পাঠ কৰা হয়। আৰু এই কিতাপখন আজিৰ মানুহে প্ৰায় ১২০টা ভাষালৈ অনূদিত মানে অনুবাদিতও ভাষান্তৰিত কৰিছে।যাৰ ফলত প্ৰতিখন দেশৰ মানুহে সহজেই কোৰআন বুজিব পাৰে।

কুৰআন হ'ল এখন পবিত্র পাঠ ও শাস্ত্ৰ। কোৰআন বেলেগ কিতাপ বা গ্ৰন্থৰ নিচিনা নহয়। কিয়নো এইটো হ'ল এটা ঐশ্বৰিক গ্ৰন্থ যিটো স্বয়ং আল্লাহৰ কিতাপ য'ত দুনিয়া, তাৰকাৰাজ্য আৰু বিশ্ব জগতৰ সকলো ৰহস্য অৰ্থাৎ গোপন কথাবোৰ লুকাই আছে। যিসকলক আল্লাহ পাকে অনুগ্ৰহ কৰি বুজাৰ ক্ষমতা দিছে তেওঁলোকে অৱশ্যই ইয়াৰ সোৱাদ পায়।

গতিকে, কুৰআন হ'ল এখন পবিত্ৰ গ্ৰন্থ, যিটো স্বয়ং আল্লাহ তা‘আলাই হজৰত জিব্ৰাঈল আলাইহিছ ছালামৰ জৰিয়তে হুজুৰ পাক হজৰত মুহাম্মদ ছাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছে। আৰু যিটোৰ জৰিয়তে আল্লাহ পাকে মানৱ জাতিক সৎৰ পথ প্ৰদৰ্শক কৰিছে।

সেয়ে  কোৰআন হ'ল মানৱ জাতিৰ পথ প্ৰদৰ্শন আৰু জীৱনৰ সকলো দিশতে ব্যক্তিত্ব সংস্কাৰ কৰিবলৈ অৱতীৰ্ণ কৰা হৈছে। এই ধৰ্মীয় কিতাপখন মুছলমানসকলৰ আত্মাত এক বৃহৎ মৰ্যাদা লাভ কৰিছে কাৰণ ই হৈছে প্ৰভুৰ বাক্য। ইতিহাসত এয়াৰ দৰে আন কোনো গ্ৰন্থ নাই যিটোক কোৰআনৰ দৰে মুখস্থ, পাঠ আৰু পঢ়া হয়। লগতে  এইখন হ'ল হুজুৰ পাক হজৰত মুহাম্মদ ছাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ সৰ্বোচ্চ আলৌকিক।   

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor