অজুৰ বৈজ্ঞানিক উপকাৰিতা
ছাফ চিকুনতা হল ইছলামিক আদৰ্শৰ এটি গুৰুত্বপূৰ্ণ ভাগ। হাদীছত বৰ্ণনা আছে যে পবিত্ৰতা ইমানৰ (বিশ্বাসৰ) আধা অংশ। শৰীৰৰ পাক পবিত্ৰতাউ আমাৰ আত্মাক শক্তি দিয়ে। আৰু অজু মুছলমান মানুহৰ পাক পবিত্ৰতা বজাই ৰখাত মূল ভূমিকা পালন কৰে।
১৪শ বছৰ আগৰ অজূ বিজ্ঞানীসকলৰ বাবে আচৰিত কৰা ডাঙৰ এটা অভিজ্ঞতা আছিল । বহু মুছলমানে নাজানে যে এই অজুটোযে তেওঁ কৰে তাৰ শৰীৰৰ বাবে সুৰক্ষা হৈ আছে । যিটোয়ে আমাক ময়লা আৰু লেতেৰাৰ পৰা বচাই ৰাখিছে । যদি আপুনি পাচঁ ৱাক্ত নামাজ আদায় কৰে আৰু তাৰ বাবে প্ৰতিবাৰেই আপুনি তাজা অজু কৰে তেন্তে আপুনি এজন ভাগ্যবান মানুহ কাৰণ অজু স্বাস্থ্যৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হয়৷ অজু কৰাৰ অভ্যাস আমাক ডাঙৰ ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰে। অজু কৰাৰ কাৰণে আমাৰ সৰু সৰু পাপ গুলি ধুই যায়। মানুহৰ স্বাস্থ্যৰ বাবে অজুৰ বহু উপকাৰ আছে। হাত ধোৱাৰ ফলত হাতৰ ময়লাবোৰ আঁতৰি যায় । আৰু মানুহে বেছিভাগ পেটৰ ৰোগৰ পৰা সুস্থ পায়। এনেদৰে কুলি কৰাৰ ফলত মুখখন সম্পূৰ্ণৰূপে পৰিস্কাৰ হয়, মুখৰ দুৰ্গন্ধ দূৰ হৈ যায়।
এটা বৈজ্ঞানিক তদন্তৰ দ্ৱাৰা জনা গৈছে যে যিজনে দিনত পাঁচবাৰ অজু কৰে সই ব্যক্তি পাইৰিয়াৰ নিচিনা বেমাৰৰ পৰা বাচি থাকে।
নাক মানুহৰ শৰীৰত উশাহ লোৱাৰ একমাত্ৰ উপায়। কিন্তু যেতিয়া আমি উশাহ লোও তেতিয়া বতাহত থকা বেক্টেৰিয়া আমাৰ শৰীৰৰ ভিতৰত নাকৰ জৰিয়তে সোমাই আহে। আৰু বহু ধৰণৰ বেমাৰ আৰু অসুস্থতাৰ কাৰণ হয়৷ কিন্তু অজু কৰাৰ সময়ত নাকত পানী সোমোৱাই দিয়াত নাকটো পৰিষ্কাৰ হৈ যায়। যাৰ ফলত কণ্ঠৰ গভীৰতা আৰু আৰামৰ সৃষ্টি হয়৷ একেদৰে নাজলা আৰু নাকৰ ঘাঁৰ ৰোগীৰ বাবে ই অতি উপকাৰী।
মুখখন ধুলে পেটৰ ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু লগতে মুখমণ্ডলতো ভাল প্ৰভাৱ পৰে আৰু মুখখন চাফা হৈ থাকে। একেদৰে হাতটো কিলাকুটীলৈকে ধোৱাৰ ফলত শাৰীৰিক বেমাৰ আজাৰ আৰু অসুখ বিসুখ কম হয়। আৰু লগে লগে মনত বেয়া কল্পনা, মানসিক দুৰ্বলতা, আশাহীনতা, ভয় শেষ হৈ যায়। অৰ্থাত মানুহে মানসিক ৰোগৰ পৰা সুৰক্ষিত থাকে। আৰু হাতটোৱেউ মজবুত আৰু পাক হৈ থাকে।
এনেদৰেই মূৰটো যদি মচি কৰে চুলিৰ ওপৰত থকা মলিবোৰ পৰিষ্কাৰ হই যায়। আৰু মূৰটো মচি দিয়াৰ সময়ত তৰ্জনী আঙুলিটো তিয়াই কাণত লগালে কাণৰ মলিবোৰ পৰিষ্কাৰ হয়, আৰু আমাৰ শ্ৰৱণ ক্ষমতা বৃদ্ধি পায়।
ভিজা অৰ্থাৎ তিতা হাত দুখন ডিঙিত ঘঁহিলে ইয়াৰ স্নায়ু শক্তিশালী হয় আৰু শৰীৰৰ ক্লান্তি অৰ্থাৎ অৱসাদ দূৰ হয়। আৰু অজুত ভৰি ধোওঁতে ভৰিখনত থকা মলিবোৰ ধুই যায়। আৰু পৰিস্কাৰ পৰিচ্ছন্ন হয়। কিয়নো ভৰিটো গাঁঠি বা গোৰোহা লৈকে সদায় খোলা থাকে যাৰ কাৰণে ইয়াত মলি জমা হয় থাকে।
কিছুমান অতিৰিক্ত উপকাৰ
তলত অজুৰ কিছুমান অতিৰিক্ত উপকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে-
১) অজুয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা মানুহক ৰক্ষা কৰে।
অজু মানুহক শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ পৰা ৰক্ষা কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ মানুহে যেতিয়া উশাহ লয় তেতিয়া তাৰ নাকৰ ভিতৰত ধূলি বালিৰ লগত বহু বিজাণু আৰু বেক্টেৰিয়া জমা হয় আৰু অজু কৰাত নাকত পানী ল’লে এই বিজানু আৰু বেক্টেৰিয়া বাহিৰ হই যায়।
২) অজু তেজৰ চলাচল উদ্দীপিত কৰে।
আমি জানোঁ যে সঠিক তেজৰ চলাচল শৰীৰৰ বাবে খুবই গুৰুত্বপূৰ্ণ। গতিকে বৈজ্ঞানিক অধ্যয়নে নিশ্চিত কৰিছে যে প্ৰতিদিনা অজুৰ প্ৰক্ৰিয়াই ৰক্ত সঞ্চালন অৰ্থাৎ তেজৰ চলাচল উত্তেজিত কৰে আৰু শৰীৰৰ স্নায়ু আৰু শিৰাৰ স্বাস্থ্য বজাই ৰখে।
৩) অজু সংক্ৰামক ৰোগৰ পৰা মানুহক ৰক্ষা কৰে।
হাত আৰু শৰীৰত বীজাণু জমা হোৱাৰ ফলত বহুতো সংক্ৰামক ৰোগ, যেনে অন্ত্ৰৰ ৰোগ কলেৰা, টাইফয়েড, যকৃতৰ ৰোগ আদি সৃষ্টি হয় গতিকে দিনটোত কেইবাবাৰো অজু কৰিলে এই ৰোগবিলাকৰ প্ৰতিৰোধত অৰিহণা যোগায়।
৪) অজুই ছালৰ ৰোগৰ পৰা ৰক্ষা কৰে।
দৈনিক অজু কৰিলে। শৰীৰৰ ছালখন বীজাণুমুক্ত কৰে আৰু ছালৰ উপৰিভাগত থকা ছিদ্ৰবিলাক মুকলি কৰি দিয়ে যাতে ঘামগ্ৰন্থিবোৰে মানুহৰ ছালৰ ৰোগ সৃষ্টি কৰিব পৰা বীজাণুবিলাক উলিয়াই আনে। ই মানুহক একজিমা আৰু ছালৰ এলাৰ্জীৰ নিচিনা ৰোগৰ পৰা ৰক্ষা কৰে।
৫) মুখ আৰু দাঁতৰ ৰোগৰ পৰা ৰক্ষা কৰে।
মুখ ধোৱাটো অজুৰ এটি বিশেষ ছুন্নত। ইয়াৰ উপকাৰিতা বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে যেনে ই মুখত জমা হৈ থকা বেক্টেৰিয়াৰ পৰা মুখখন পৰিষ্কাৰ কৰে। দাঁতৰ মাজত জমা হোৱা খাদ্যৰ অৱশিষ্ট আঁতৰোৱাই দিয়ে যিবোৰে জিভাত টিউমাৰ আৰু সংক্ৰমণৰ সৃষ্টি কৰে।
৬) চকুৰ ৰোগৰ পৰা মানুহক ৰক্ষা কৰে।
অজুই মানুহক চকুৰ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে যেনে চকুৰ ভিতৰত জমা হই থকা ধূলি আৰু মলি বাহিৰ কৰে। লগতে বীজাণু বিলাক বাহিৰ কৰি চকুৰ এলাৰ্জি আৰু সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰে।
৭) অজু শৰীৰ আৰু স্নায়ুক আৰাম প্ৰদান কৰে।
দিনত বাৰে বাৰে অজু কৰিলে, ই মানুহক আৰাম আৰু শিথিলতা দিয়াত সহায় কৰে। অজুই মানহৰ স্নায়ুক শিথিল কৰে আৰু সকলো ধৰণৰ নেগেটিভ শক্তি আঁতৰাই দিয়ে। যাৰ ফলত মানুহ আৰাম অনুভৱ কৰে।
অজু কৰাৰ গুৰুত্ৱ
অজু কৰা কিমান গুৰুত্বপূৰ্ণ এয়া আমি এনে অনুমান কৰিব পাৰোঁ যে নামায আদায় কৰাৰ বাবে অজু কৰাটো চৰ্ত। যি অজুটো নকৰিলে নামায শুদ্ধ নহব।
আৰু কোৰআনত আল্লাহ তায়ালাই কৈছে যে –
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا قُمْتُمْ إِلَى الصَّلَاةِ فَاغْسِلُوا وُجُوهَكُمْ وَأَيْدِيَكُمْ إِلَى الْمَرَافِقِ وَامْسَحُوا بِرُءُوسِكُمْ وَأَرْجُلَكُمْ إِلَى الْكَعْبَيْنِ ۚ وَإِنْ كُنْتُمْ جُنُبًا فَاطَّهَّرُوا ۚ وَإِنْ كُنْتُمْ مَرْضَىٰ أَوْ عَلَىٰ سَفَرٍ أَوْ جَاءَ أَحَدٌ مِنْكُمْ مِنَ الْغَائِطِ أَوْ لَامَسْتُمُ النِّسَاءَ فَلَمْ تَجِدُوا مَاءً فَتَيَمَّمُوا صَعِيدًا طَيِّبًا فَامْسَحُوا بِوُجُوهِكُمْ وَأَيْدِيكُمْ مِنْهُ ۚ مَا يُرِيدُ اللَّهُ لِيَجْعَلَ عَلَيْكُمْ مِنْ حَرَجٍ وَلَٰكِنْ يُرِيدُ لِيُطَهِّرَكُمْ وَلِيُتِمَّ نِعْمَتَهُ عَلَيْكُمْ لَعَلَّكُمْ تَشْكُرُونَ (سورة المائدة – الآية 6)
অৰ্থাৎ- হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰুগাঁঠিলৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা। (ছুৰা মায়দা, আয়াত নং ৬)
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে যে- মই মোৰ উম্মাহক কিয়ামতৰ দিনা মোৰ চিনি পাম। তেতিয়া ছ্বাহাবীসকল সূধিলে- ইয়া ৰাছূলুল্লাহ কেনে? নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক’লে- এটা চিহ্ন এই হব যে অজুৰ কাৰণে মোৰ উম্মাহৰ লোকসকলৰ মুখ আৰু হাত জিলিকি থাকিব। আন এটা হাদীছত বৰ্ণিত আছে যে- অজুৰ পানী কিয়ামতৰ দিনা ওজন কৰা হব।
লেখকৰ চমু পৰিচয়ঃ আশ্ৰাফুল ফাৰুকী (বৰপেটা, অসম) তেওঁ কেৰেলাত অৱস্থিত দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ এজন গৱেষণা পণ্ডিত, তেওঁ ইয়াত ইছলামী সভ্যতা অধ্যয়ন বিভাগত গৱেষণা কৰি আছে।