অসমত ইছলাম ধৰ্মৰ ইতিহাস: এটা সংক্ষিপ্ত টোকা
আজিৰ পৰা প্ৰায় ছাড়ে চৈদ্যশ বছৰ আগত ইছলাম ধৰ্ম সৰ্ব প্ৰথমত আৰব দেশত উলাইছিল। আৰু ই হৈছে আল্লাহৰ একমাত্ৰ ধৰ্ম। এই দ্ধীনটো আল্লাহৰ ৰছুল হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জৰিয়তে দুনিয়াবাসীলৈ আল্লাহ পাকে পঠাইছে। আৰু আল্লাহৰ আদেশ মতে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি পাৰ্চী আৰু ৰোমান ৰাজ্যবোৰ অন্তৰ্ভুক্ত কৰি গোটেই বিশ্ৱলৈকে ইছলামৰ দাৱাত দিছে। নবীৰ যোগ শেষ হোৱাৰ পিছত ছাহাবীসকলে বিভিন্ন ঠাইলৈ ইছলাম প্ৰচাৰ কৰিবলৈ ভ্ৰমন কৰে। তেওঁলোকৰ যোগ শেষ হোৱাৰ পিছত তাবিইন সকলে বিভিন্নভাৱে ইছলাম ধৰ্ম প্ৰচাৰ কৰে কৰিগৈছে। তাৰ পিছত যিবোৰ ঠাই ইছলামৰ আহ্ৱান পোৱা নাছিল তালৈ মুছলিম উম্মাহৰ, চুফী আৰু উলামাসকলে নিজৰ দায়িত্ৱ হিচেপে ইছলামৰ আহ্ৱান জনাবলৈ উপস্থিত হৈছিল। এনে কিছু ঠাইৰ মাজত অসম আহে। এয়ালৈ কিছুমান চুফীয়ে উপনীত হৈ ইয়াত ইছলাম ধৰ্ম প্ৰচাৰ কৰে।
অসমলৈ বহু চুফী উপনীত হৈছিল যদিও তাৰে মাজত কিছুমানৰ বিষয়ে হে আমি ঐতিহাসিক তথ্য খুঁজি পাওঁ। যেনে আজান ফকিৰ, গিয়াছুদ্দিন আউলিয়া, জাহিৰ আউলিয়া, খোৰাচানী পীৰ ইত্য়াদি।
যেতিয়া ১২০৫ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে কামৰূপ অঞ্চল আক্ৰমণ কৰে তেতিয়া কিছুমান মুছলমানে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰে। যদিও কিছুমানে উল্লেখ কৰিছে যে মুছলমানে দ্বাদশ শতিকাৰ আগতে তাত প্ৰৱেশ কৰিছিল কিন্তু বেছিভাগ ইতিহাসবিদৰ মতে তেওঁলোকে ১২০০ চনৰ দশকৰ পিছত হে তালৈ প্ৰব্ৰজন কৰিছিল।
তাৰ পিছত প্ৰায় ডেৰ শতিকাৰ পাছত পশ্চিম বংগৰ চুলতান ছিকান্দাৰ শ্বাহে নিজৰ সৈনিকৰ সৈতে অসমৰ কমতা ৰাজ্যৰ ওপৰত আক্ৰমণ চলাইছে। যদিও তেওঁ কিবা কাৰণত বংগলৈ উভতি আহিব লাগিছিল যদিও, তাতে কিছুমান মুছলমানে অসমত নিজৰ গৃহভূমি হিচাপে বাস কৰাৰ সিদ্ধান্ত লয়। কিন্তু এই সময়ত যিসকল ইয়াত নিজৰ ঘৰ বনাই বাস কৰিবলৈ ধৰিছিল। তেওঁলোকে অসমৰ সংস্কৃতিত এনেকৈ সংমিশ্রিণ হৈছিল যে তেওঁলোকে অকলে নামত হে মুছলমান আছিল।
আকৌ ১৪৯৮ চনত পশ্চিম বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহৰ অনুমতিত শ্বাহ ইছমাইল গাজীয়ে কমতা ৰাজ্যত (যি কামৰূপ ৰাজ্য় বুলিও কোৱা হয় আৰু আজিৰ দিনৰ অসম) আক্ৰমণ কৰে। যাৰ ফলত বেছি মুছলমানে ইয়াত অহাৰ সুজগ পায়। আৰু আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ তেন্তে আমি জানিব পাৰিম যে ইতিহাসবিদসকলে এই কথাত একমত হৈছিল যে শ্বাহ ইছমাইল গাজী এজন চুফী আছিল আৰু তেওঁৰ ৰহস্যময় শক্তি থকাৰ কাৰণে তেখেত তাতে নিজৰ প্ৰভাৱ এৰি থৈ যায়।
মোগল যুগতো অসমৰ ৰাজত্ৱবোৰত বহু আক্ৰমণ আৰু অভিযানো হৈছিল, এই আক্ৰমণৰ লগে লগে বহু মুছলমান তালৈ প্ৰব্ৰজন কৰিছিল আৰু কিছুমান তাতেই থাকিছিল আৰু আন কিছুমানে নিজৰ ঠাইলৈ উভতি আহিছিল।
তাত প্ৰব্ৰজন কৰাৰ পিছত মুছলমানসকলে নিজৰ স্বভাৱ আৰু সংস্কৃতিৰ সম্পূৰ্ণভাৱে পৰিৱৰ্তন ঘটাই অসমীয়া সংস্কৃতি আৰু সমাজত আত্মসাৎ হৈ পৰে। সেই সময়ত অসমৰ মুছলমানসকল মুছলমান আছিল যদিও তেওঁলোকৰ সমাজখনে অসমীয়া জীৱন-ধাৰণৰ পদ্ধতি অনুসৰণ কৰে।
মুছলমানসকলে নিজৰ ইছলামিক সংস্কৃতি আৰু আচাৰ-অনুষ্ঠানৰ বিষয়ে জ্ঞান কম থকাৰ কাৰণে তেওঁলোকে অসমীয়া মানুহৰ সংস্কৃতি আৰু তেওঁলোকৰ জীৱন-ধাৰণৰ পদ্ধতিৰ পিনে অধিক আকৰ্ষিত হয়। আনকি তেওঁলোকে অসমীয়া স্থানীয় গীতবোৰ গায় আৰু স্থানীয় গীত-সংগীত শুনাৰ প্ৰতি প্ৰৱল হৈ পৰে। তেওঁলোকক তেওঁলোকৰ প্ৰকৃত পথলৈ ঘূৰাই আনিবলৈ, আল্লাহ পাকে নিজৰ উদাৰতাত আৰু দয়া কৃপাত তালৈ বহুতো চুফী সন্ত পঠিয়াই দিয়ে। আৰু সেই চুফীসন্তসকলে নিজৰ দায়িত্ৱটো আন্তৰিকতাৰে আৰু ধৰ্মপৰায়ণতাৰে সমপূর্ণ কৰে।
এই চুফী সন্তসকলৰ ভিতৰত যিসকলে আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিল, তেওঁলোক হ’ল- পীৰ গিয়াছুদ্দিন আউলিয়া, হজৰত শ্ৱাহ মীৰান (আজান ফকীৰ), হজৰত জাহিৰ আউলিয়া, হজৰত জালালুদ্দিন তবলিগী, খোৰাছানী পীৰ, বগা বাবা ইত্য়াদি।
ইৰাণৰ বাগদাদৰ পৰা পীৰ গিয়াছুদ্দিন আউলিয়াই চতুৰ্দশ শতিকাত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমলৈ আহি পায়। তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিখ্যাত এজন চুফী সন্ত আছিল। তেখেত হাজোৰ পাহাড়ত বাস কৰিছিল। আৰু তাতেই এটা মছজিদো বনাইছিল যিটো পোৱা মক্কা মছজিদ বুলি প্ৰখ্যাত হয়। আৰু ইয়াতেই তেওঁ ধৰ্ম প্ৰচাৰ কৰাৰ লগে লগে নিজৰ প্ৰজ্ঞা আৰু জ্ঞান বিয়পাই থাকে। যাৰ বাবে তেওঁ সমাজৰ সম্প্ৰদায়সমূহৰ সন্মূখত গ্ৰহণযোগ্য হৈ পৰিছিল।
১৭ শতিকাত এজন চুফী সন্ত যথা মিৰান শ্বাহ (যিজনে অসমীয়া অঞ্চলত আজান ফকিৰ নামেৰে খ্যাতি অৰ্জন কৰিছিল) ইছলামিক বিশ্বাস আৰু মূল্যবোধৰ প্ৰচাৰৰ উদ্দেশ্যে মোগল সৈনিকৰ সৈতে অসমলৈ প্ৰব্ৰজন কৰিছে, আৰু সূত্ৰ অনুসৰি তেওঁ নিজৰ অভিযানত সফল হৈছে।
আজান ফকিৰে প্ৰথমে অসমীয়া মানুহৰ সংস্কৃতি আৰু প্ৰকৃতি আৰু তেওঁলোকৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে অসমীয়া ভাষা শিকিছিল আৰু তাৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই অঞ্চলবোৰত ইছলামৰ প্ৰচাৰ আৰম্ভ কৰিছিল।
কোৱা হয় যে আজান ফকিৰে প্ৰথমে নমাজ (নামাজ)ৰ বাবে আজান মাতিছিল সেইবাবেই তেওঁক আজান ফকিৰ নামেৰে জনা যায়।
আহোম ৰজা ৰুদ্ৰ সিংহৰ সময়ত অসমীয়া সংস্কৃতি আৰু সমাজত কলা-কৃষ্টি নিৰ্মাণৰ উদ্দেশ্যে আঠটা দক্ষ মুছলমান পৰিয়াল যেনে চিত্ৰকৰ, নিৰ্মাতা আদি অসমলৈ অনা হৈছিল।
অসমৰ আদিম মুছলমানসকল স্থানীয় গীত শুনা আৰু গোৱাৰ অভ্যাস আছিল, গতিকে তেওঁলোকক ইছলামৰ প্ৰকৃত বিশ্বাসলৈ ঘূৰাই অনাৰ বাবে আজান ফকিৰে কোৰআনে উল্লেখ কৰা ধৰণে বুদ্ধিমানৰূপে কাম কৰিছিল।
১৬:১২৫৷ (হে নবী) তুমি মানুহক কৌশলৰে সঠিক জ্ঞান আৰু সদুপদেশৰ দ্ৱাৰা তোমাৰ প্ৰভুৰ পথৰ পিনে আহবান কৰা আৰু সিহঁতৰ লগত উত্তম পন্থাৰে সদ্ভাৱেৰে যুক্তিতৰ্ক কৰা।
ادْعُ إِلَىٰ سَبِيلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ ۖ وَجَادِلْهُم بِالَّتِي هِيَ أَحْسَنُ
নিজৰ জ্ঞান ব্যৱহাৰ কৰি আজান ফকিৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি ৰচনা কৰি মানুহৰ সন্মুখত আবৃত্তি কৰিছিল আৰু তেওঁলোকে এইবোৰ ভাল পাইছিল আৰু তেওঁ নিজৰ ধাৰণাত সফল হৈছিল। এতিয়ালৈকে অসমীয়া মানুহে নিজৰ পূৰ্বপুৰুষৰ পৰম্পৰা হিচাপে জিকিৰ আৰু জাৰি পঢ়ে আৰু আবৃত্তি কৰে।
২০ শতিকাৰ আন এজন জনপ্ৰিয় চুফী হজৰাথ নাছিৰুদ্দিন আউলিয়া যিয়ে ১৯০৬ চনত ইৰাকৰ বাগদাদৰ পৰা প্ৰব্ৰজন কৰি গোৱালপাৰা জিলাৰ জলেশ্বৰ অঞ্চলৰ পশ্চিম ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰে য'ত তেওঁ খানকাহও প্ৰতিষ্ঠা কৰে য'ত তেওঁ নিজৰ জ্ঞান আনক বিশেষভাৱে চুফীবাদ শিকাইছিল আৰু এই কাৰ্যকলাপ আছিল ১৯৩৫ চনত তেওঁৰ মৃত্যুৰ আগলৈকে চলি থাকে
তদুপৰি বহু জনপ্ৰিয় চুফী সন্তেও তাত প্ৰচাৰ কৰি অসমীয়া মানুহৰ হৃদয়ত নিজৰ স্থান দখল কৰিছিল যদিও তেওঁলোকৰ বিষয়ে সীমিত তথ্যৰ বাবে আমি তেওঁলোকৰ নাম উল্লেখ কৰিব পৰা নাই।
উপসংহাৰঃ
গতিকে এইটো স্পষ্ট যে অসমৰ প্ৰকৃত ইছলাম পীৰ ঘিয়াছুদ্দিন আউলিয়া, আজান ফকিৰ, নাছিৰুদ্দিন আউলিয়া আদি চুফী সন্তসকলৰ জৰিয়তে বিয়পি পৰিছিল। আজিকালি অসমৰ ৪০% শতাংশ জনসংখ্যা মুছলমান বিপুল সংখ্যক লোকে ইছলাম ধৰ্ম হিচাপে পালন কৰি আছে। আধুনিক অসমীয়া সমাজ আৰু সংস্কৃতি গঠনত অসমৰ মুছলমানসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যিটো যিকোনো মূল্যৰ বিনিময়ত অনস্বীকাৰ্য। কিন্তু উপযুক্ত জ্ঞান আৰু শিক্ষাৰ অভাৱত তেওঁলোক সমাজৰ পিছপৰা শ্ৰেণী, সেইবাবেই তেওঁলোক অসমৰ ৰাজনৈতিক ব্যৱস্থাত ইমান নিয়োজিত নহয়। লগতে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত বহু দৰিদ্ৰতা আছে।