অসম মুছলমান বিবাহ আইন আৰু সংখ্যালঘু মহিলাৰ অধিকাৰ

অসম চৰকাৰে বিধানসভাৰ সদ্য সমাপ্ত অধিৱেশনত  "অসম মুছলমান বিবাহ আৰু বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক ২০২৪" খন গৃহীত কৰে। ইয়াৰ সমান্তৰালকৈ ১৯৩৫ চনৰ অসম মুছলমান বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইনখন বাতিল কৰা হয়। আশা কৰা হৈছে যে এই নতুন বিবাহ সম্পৰ্কীয় বিধেয়কখনে মুছলমান সমাজত এক যুগান্তকাৰী পৰিবৰ্তন অনাত সফল হ'ব পাৰিব। বিশেষকৈ এই আইনখনে অসমৰ সংখ্যালঘু সমাজখনত বাল্যবিবাহ, বহুবিবাহ আদিৰ অন্ত পেলোৱাৰ লগতে স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ সাধন কৰিব।

 

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুই কৈছিল যে-এগৰাকী মহিলা শিক্ষিত হোৱা মানে এটা পৰিয়াল শিক্ষিত হোৱা। একেদৰে ভাৰতীয় মুছলমানৰ অগ্ৰণী সমাজ সংস্কাৰক ছাৰ ছৈয়দ আহমেদেও বিশ্বাস কৰিছিল যে মানুহ শিক্ষিত হ'লেহে সমাজৰ পৰা প্ৰতিটো অমংগল বিলুপ্ত হ'ব। তেওঁ কৈছিল-"If people were educated every evil would disappear. If not, they would them-selves disappear." আন কথাত নিৰক্ষৰতা তথা অজ্ঞতাই হ'ল দৰিদ্ৰতাৰ মাতৃ। শিক্ষা অবিহনে এটা জাতিৰ ধ্বংস অনিবাৰ্য। কাৰণ দৰিদ্ৰতাই অপৰাধ সৃষ্টি কৰে আৰু অপৰাধ প্ৰৱণতাই জাতি ধ্বংসৰ মূল কাৰণ।  এইখিনিতে উল্লেখনীয় যে আজিৰ সংখ্যালঘূ সমাজখনে নিজৰ সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ মূলতেই হৈছে এই সমাজখনৰ শিক্ষাহীনতা। একেদৰে এখন  শিক্ষিত আৰু সংস্কৃতিবান সমাজ গঠনত মহিলা সকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু ধৰ্মীয় সংখ্যালঘু সমাজখনত মহিলা সকলে শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ এটা অন্যতম কাৰণ হ'ল বাল্যবিবাহ।

 

মুছলমান বিবাহ পঞ্জীয়নৰ নতুন আইনখনে সকলো ধৰণৰ বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি। কাৰণ নতুন আইনখনে মুছলমান দৰা আৰু কইনাৰ বিবাহৰ বয়স কমেও ২১বছৰ আৰু ১৮ বছৰ নিৰ্ধাৰণ কৰি দিছে। এই আইনৰ মতে এতিয়াৰে পৰা বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কেৱল চৰকাৰী উপ-পঞ্জীয়কেহে বিবাহৰ পঞ্জীয়ন কৰিব পাৰিব। ইতিবাচক বিষয় যে মুছলমান বিবাহ পঞ্জীয়নৰ মাচুল হ'ব মাত্ৰ এক টকা। এইখিনিতে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ১৯৩৫ চনৰ মুছলমান বিবাহ আইনখনৰ মতে ১৮ বছৰৰ তলৰ মুছলমান ছোৱালীৰ বিবাহ বেআইনী নাছিল। কাজী প্ৰথাৰ বিলুপ্তি সাধন এই আইনৰ আন এক উল্লেখযোগ্য দিশ। ইতিপূৰ্বে চৰকাৰী অনুমোদন নথকা বহু কাজীয়েও বিবাহ পঞ্জীয়নৰ দ্বাৰা সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছিল আৰু একোখন বিবাহ পঞ্জীয়নৰ বাবদ তেওঁলোকে এক মোটা অংকৰ মাচুল সংগ্ৰহ কৰাৰ অভিযোগ আছে। কিন্তু মুছলমান বিবাহ পঞ্জীয়নৰ নতুন আইনখনে মুছলমান মহিলাৰ ন্যাৰ্য অধিকাৰ সুনিশ্চিত কৰিব । কাৰণ মুছলমান ছোৱালীৰ মাজত আনুষ্ঠানিক শিক্ষাৰ অভাৱৰ এটা প্ৰধান কাৰণ হ'ল বাল্য বিবাহ। বিশেষকৈ চৰ অঞ্চল সমূহত বাল্যবিবাহৰ বাবে দ্বাদশ শ্ৰেণীলৈকে পঢ়া সংখ্যালঘু ছোৱালীৰ সংখ্যাও যথেষ্ট কম।

 

বাল্যবিবাহে যে মহিলা সকলক কেৱল শিক্ষাৰ পৰাই বঞ্চিত কৰিছে তেনে নহয় । বাল্য অৱস্থাতে বিবাহত বহিব লগা কন্যা সকলে যথাযথ পুষ্টিৰ অভাৱ আৰু কম বয়সত মাতৃত্ব আকোঁৱালি ল'ব লগা হোৱাত শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰে। স্বাস্থ্যৰ অৱনতি ঘটে। আনকি এনে মহিলা আৰু প্ৰসৱ কৰা শিশুৱে বহু সময়ত মৃত্যুমুখতো পৰিব লগা হয়। অতি কম বয়সতে তেওঁলোক অধিক সন্তানৰ মাক হৈ পৰে। অৰ্থাৎ কুৰিতে বুঢ়ী, বাল্যবিবাহৰ এক বিশ্বজনীন সমস্যা। অসম চৰকাৰৰ এক তথ্য অনুসৰি ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ ৰাজ্যখনত গৰ্ভধাৰণ কৰা মুঠ ৬,২০,৮৬৭গৰাকী মহিলাৰ ভিতৰত ১,০৪,২৬৪  গৰাকীয়েই হৈছে ১৯ বছৰ অনুৰ্ধৰ। ইয়াৰ সমান্তৰালকৈ পখিলা খেদাৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ ফলত তেওঁলোকৰ বুজন অংশই প্ৰতিনিয়ত ঘৰুৱা হিংসা আৰু নিৰ্যাতনৰ চিকাৰ হৈ আহিছে। শিক্ষা আৰু সচেতনতাৰ অভাৱৰ বাবেই তেওঁলোকে পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্বে থিয় দিয়াত ব্যৰ্থ হৈছে।

 

ব্ৰিটিছ চৰকাৰে ১৯২৯ চনত বাল্য বিবাহ নিৰোধক আইন বলৱৎ কৰি বাল্য বিবাহক বে-আইনী আখ্যা দিছিল। কিন্তু বাল্য বিবাহ বাতিলৰ  বাবে কোনো ব্যৱস্থা লোৱা নাছিল। সেয়ে পৰৱৰ্তী সময়ত ২০০৬ চনত আইনখন সংশোধন  কৰা হয়। তাৎপৰ্যপূৰ্ণ ভাবে  ভাৰত চৰকাৰে  ২০০৫-২০১০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল। কিন্তু বাস্তৱত সেয়া হৈ নুঠিল। ইয়াৰ পিছত ২০২১চনত পুনৰ এই আইন সংশোধনৰ জৰিয়তে  ছোৱালীৰ বিয়াৰ বয়স ২১ আৰু ল'ৰাৰ ২৫ বছৰ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনাৰ ২০১৯-২০ বৰ্ষৰ এক তথ্য অনুসৰি অসমত বাল্য বিবাহৰ হাৰ আছিল ৩১.৮ শতাংশ।  যিটো ভাৰতত সামগ্ৰিক  বাল্য বিবাহৰ গড় হাৰ ২৯.৫ শতাংশতকৈ অধিক। শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা বাল্যবিবাহ বিৰোধী কঠোৰ পদক্ষেপৰ বাবে এই হাৰ যথেষ্ট হ্ৰাস পাইছে।

 

ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত নাৰী আৰু পুৰুষৰ সম অধিকাৰ আইনগত ভাৱে স্বীকৃত। কিন্তু ধৰ্মীয় সংখ্যালঘু সমাজখনত পুৰুষতান্ত্ৰিক ব্যৱস্থা আৰু বিশ্বাস  শক্তিশালী হৈ থকাৰ ফলত মহিলা সকলে সম অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। সেয়ে নতুন বিবাহ আইন কাৰ্যকৰী হ'লে ধৰ্মীয় সংখ্যালঘু সমাজত মহিলাই সন্মানজনক স্থান লাভ কৰিব।

 

অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজ খনৰ পৰা জনবিস্ফোৰণ , ধৰ্মীয় গোড়ামী, কু-সংস্কাৰ , দৰিদ্ৰতা আদি আঁতৰ কৰিবলৈ হ'লে  এই সমাজ খনৰ মহিলা সকলৰ শিক্ষাৰ ক্ষেত্ৰখনত যোগদান নিশ্চিত কৰিব লাগিব। আন এক তথ্য অনুসৰি ২০২২-২৩ বৰ্ষত ৰাজ্যৰ বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ গড় হাৰ আছিল ১৬.৮ শতাংশ। ২০২১-২২ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা বিদ্যালয়ৰ পৰিসংখ্যা মতে অসমৰ বিদ্যালয় সমূহত অধ্যয়ন কৰি থকা ছাত্ৰীৰ সংখ্যা  ৩৬,১০,৩২১ গৰাকী। এনে এক বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা ১৬.৮ শতাংশ ছাত্ৰীয়ে যদিহে বিদ্যালয় ত্যাগ কৰে, তেনে ছাত্ৰীৰ সংখ্যা হ'ব আনুমানিক ৫,৭০,৪৩০ গৰাকী। নক'লেও হ'ব যে বিদ্যালয় ত্যাগ কৰা এই সৰহ সংখ্যক ছাত্ৰীয়েই হ'ল ধৰ্মীয় সংখ্যালঘূ আৰু আদিবাসী সমাজৰ। অসমৰ ব্ৰক্ষ্মপুত্ৰ তথা ইয়াৰ উপনৈ সমূহৰ মাজত  থকা চৰ-চাপৰিৰ সংখ্যা ২২৫১ টা  আৰু উক্ত অঞ্চলত থকা বিদ্যালয়ৰ সংখ্যা হৈছে ১৮৭২ খন। স্থান বিশেষে ছাত্ৰী সকলে বাঁহৰ সাঁকো পাৰ হৈ চাৰিৰ পৰা পাঁচ কিলোমিটাৰ পথ খোজকাঢ়ি  বিদ্যালয়ত উপস্থিত হ'ব লগা হয়। কেতিয়াবা আকৌ এই ছাত্ৰী সকলে  শিক্ষা গ্ৰহণৰ বাবে এটা চৰ বা চাপৰিৰ পৰা আন এটা চৰ- চাপৰিলৈ নাৱেৰে যাত্ৰা কৰিব লগীয়াও হয়। সেইবাবে প্ৰাথমিক শিক্ষা সমাপ্তিৰ পিছত অধিক দূৰত্বত অৱস্থিত মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয়লৈ যোৱাত তেওঁলোক বাধাৰ সন্মোখীন হ'ব লগা হয়। পৰিয়ালৰ আৰ্থিক দীনতা , অসুৰক্ষিত যাতায়ত ব্যৱস্থা, ধৰ্মীয় গোড়ামী, অভিভাৱকৰ শিক্ষাৰ প্ৰতি থকা অনীহা আদিৰ বাবে চৰ অঞ্চলত ছাত্ৰীৰ বিদ্যালয় ত্যাগৰ হাৰ আটাইতকৈ বেছি।

 

অসম চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা "নিযুত মইনা" আঁচনিখনে উচ্চশিক্ষাত ছাত্ৰীৰ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ পৰা আঁতৰি অহা ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰাত সফল হ'ব বুলি আশা  কৰিব পাৰি। ইয়াৰ সমান্তৰালকৈ অসম চৰকাৰেও আদিবাসী আৰু সংখ্যালঘূ অঞ্চল সমূহত শিক্ষাৰ আন্তঃগাঁথনি নিৰ্মাণৰ লগতে উপযুক্ত শৈক্ষিক পৰিৱেশ  ৰচনা কৰিব লাগিব। কাৰণ সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহৰ প্ৰাথমিক বিদ্যালয় সমূহত  এজন বা দুজন শিক্ষকৰ বিপৰীতে থাকে শতাধিক শিক্ষাৰ্থী। একেসমতে চৰকাৰে এই অঞ্চল সমূহৰ মহাবিদ্যালয় সমূহত  বিজ্ঞান আৰু বাণিজ্য শাখাৰ বিষয় সমূহো অন্তৰ্ভূক্ত কৰিব লাগিব। তেতিয়াহে মুছলমান বিবাহ আইন ২০২৪, ৰাজ্যখনৰ সামাজিক, শৈক্ষিক , সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰৰ বিকাশত সহায়ক হ'ব বুলি আশা কৰিব পাৰি।

 

 

 

লেখকঃ  বহাৰুল হক আৰু আশ্ৰাফুল ইছলাম।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter