শিক্ষা- শিক্ষক-শিক্ষার্থী

শিক্ষা- শিক্ষক-শিক্ষার্থী

 “শিক্ষাই মানুহক সকলো অৱস্থাতেই সহনশীল হ'বলৈ শিকায়”- ইউলিয়াম বিলনি ।

“শিক্ষা হ'ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দর্য বিকাশ আৰু সাম্ভাব্যপূর্ণতা আনি দিয়ে। শিক্ষাৰ অৰ্থ সম্প্রদায় বা জাতি বিশেষৰ অন্ধ অনুকৰণ নহয়। সৃষ্টিকৰ্তাই যি স্বাভাৱিক জ্ঞান বা ক্ষমতা দিছে, সেই ক্ষমতাক অনুশীলনৰ দ্বাৰা বৃদ্ধি কৰাই শিক্ষা” বেগম ৰুকিয়া।

“শিক্ষা আত্মাৰ চকু”- জোনহান সুইফট।

শিক্ষাঃ

শিক্ষাৰ সাৰ্বজনীন ভাৱে গ্রহণযোগ্য সংজ্ঞা বা ব্যাখ্যা দিয়া কঠিন। বর্তমান ইয়াৰ পৰিসৰ ইমান ব্যাপক যে ই আমাৰ জীৱনৰ প্ৰতিটো কাম-কাজ, কথা আৰু কাৰ্য স্পর্শ কৰে। শিক্ষাই জ্ঞান, জ্ঞানেই মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰে, পৰিচালনা কৰে আৰু ভৱিষ্যতৰ গতিধাৰা নিৰ্ধাৰিত কৰে। শিক্ষাই মানৱ সম্পদৰ সর্বাঙ্গীন বিকাশ সাধন কৰে। জ্ঞানৰ পোহৰ দিয়ে, অজ্ঞানতা দূৰ কৰি মানুহৰ পশুত্বক মনুষ্যত্বলৈ ৰূপায়ণ কৰে। মানুহ বিবেক সম্পন্ন বুদ্ধিমান জীৱ। সমাজত বসবাস কৰিবলৈ হলে দেহ, মন আৰু মস্তিস্ক এই তিনিৰ উৎকর্ষ সাধনৰ প্ৰয়োজন। এই তিনিৰ উৎকৰ্ষ সাধনৰ কাৰণে যি শিক্ষাৰ প্ৰয়োজন; সেই শিক্ষাই হ'ল প্রকৃত শিক্ষা। শিক্ষাই মানুহক বিভিন্ন জ্ঞান আৰু গুণ আহৰণত সহায় কৰে। কর্মহীন শিক্ষা অবাস্তব, ধর্মহীন শিক্ষা অমার্জনীয়। কর্ম শিক্ষাই মানুহক ভালদৰে জীয়াই থাকিবলৈ শিকায়। ধর্ম শিক্ষাই মানুহক যোগ্য নাগৰিক ৰূপে জীৱন- যাপন আৰু সু-চিন্তা কৰিবলৈ শিকায়। উভয় পদ্ধতিৰ সমন্বয় শিক্ষাই হ'ল সমাজৰ সকলোৰ কাৰণে মঙ্গল বা কল্যাণকৰ। ভাল-বেয়া, সুন্দৰ- অসুন্দৰ, সত্য-অসত্য, ন্যায়-অন্যায়, হিত-অহিতৰ মাজত পাৰ্থক্য সৃষ্টি কৰাৰ জ্ঞান অর্জনেই হৈছে প্রকৃত শিক্ষা। শিক্ষা মানুহৰ চৰিত্ৰ গঠনৰ সহায়ক। মানুহৰ চৰিত্ৰই অমূল্য সম্পদ। চৰিত্ৰ হ'ল এজন ব্যক্তিৰ মূল্যবোধ, নিষ্ঠা, দৃঢ়তা, বিশ্বাস, ব্যক্তিত্বৰ সমষ্টি। সাফল্য লাভৰ বাবে চৰিত্ৰই মূলধন। শিক্ষাৰ অন্যতম উদ্দেশ্যই হৈছে চৰিত্ৰ গঠন। শিক্ষাৰ উদ্দেশ্য কেৱল স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ ডিগ্ৰী, ডিপ্লমা লোৱাটোৱেই নহয়। শিক্ষাই মানুহৰ জ্ঞানক গঢ়ি তোলে স্বচ্ছ, বুদ্ধিক কৰি তোলে শানিত, দৃষ্টিক কৰি তোলে প্ৰসাৰিত আৰু জীৱনক কৰি তোলে অতিব সুন্দৰ। শিক্ষাই পোহৰ, পোহৰেই শক্তি। শিক্ষা মনুষ্যত্ব বিকাশৰ পাথেয়ে। সকলোৰে প্ৰতি কর্তব্যবোধ কৰি তোলে উদ্দীপ্ত আৰু মানৱৰ হৃদয়ত জাগৃত কৰে মানৱ প্ৰেম। সেই শিক্ষাই সকলোৰে বাবে মঙ্গলদায়ক, গ্রহনীয়। এছ, হ'লে কৈছে- “শিক্ষার্থীক কেৱল জীৱিকাৰ পদ্ধতি শিকালে তাত যদি নৈতিক শিক্ষাৰ সন্মিলন নঘটে; তেনেহলে সেই শিক্ষাই মানুহক সু- শিক্ষিত নকৰে।” তেওঁ কৈছে, "If you give them three 'R' i.e. Reading, Writting and Arithmatic and do not give them the fourth 'R' i.e. Religion, they are sure to become the fifth 'R' i.e. Rascal." বিদ্যার্থীক কেৱল মাত্ৰ পাঠ, লিখন আৰু অংক শিকালে কিন্তু ধৰ্ম (আধ্যাত্মিকতা) নিশিকালে, তেওঁ দুষ্ট হৈ পৰিব। সেই কাৰণে যি শিক্ষা নৈতিকতাহীন সেই শিক্ষা সকলোৰে বাবে অকল্যাণকৰ, অনাৱশ্যক। নীতি শিক্ষা বা ধর্মীয় শিক্ষা হৈছে- বিশ্ব শান্তিৰ ক্ষেত্ৰত এক মহান অস্ত্র। বর্তমান সমাজত যি অন্যায়, দূর্নীতি, অপহৰণ, লুণ্ঠন, সন্ত্ৰাসবাদ আদি সংগঠিত হৈছে ইয়াৰ একমাত্ৰ কাৰণ হ'ল নৈতিকতা বা আধ্যাত্মিক শিক্ষাৰ অভাৱ। এই ক্ষেত্ৰত শিক্ষাবিধ ড° ৰাধাকৃষ্ণণ দেৱে কৈছে- “প্রত্যেকেই যদি নিজৰ ধৰ্মগ্রন্থ গভীৰ ভাৱে - অধ্যয়ণ কৰি সেই খিনি ভালদৰে উপলব্ধি কৰিব পাৰে, তেতিয়া হলে তেওঁ সম্পূর্ণ মানৱ হিচাপে গঢ় ল'ব পাৰে। আত্মলব্ধিৰ অভাৱ হ'লে সমাজত অসততাই প্ৰভাৱ বিস্তাৰ কৰে।” তেওঁ কৈছে "সমাজত সন্ত্রাসবাদ, বর্ণ বৈষম্য, অন্যায়-অত্যাচাৰ, অবিচাৰ আদি ক-প্ৰৱনতাবোৰ কেলৱ আধ্যাত্মিক শিক্ষাইহে অপসাৰণ কৰিব পাৰে।” শিক্ষাৰ লক্ষ্য হৈছে শাৰীৰিক বা বৌদ্ধিক বিকাশ

সাধনৰ নিমিত্তে আৰু অৰ্থনৈতিক উন্নয়ন বা ৰাজনৈতিক লাভৰ নিমিত্তে নহয়। এনে শিক্ষাৰ লক্ষ্য হৈছে- নৈতিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ নিমিত্তে পূৰ্ণাংগ, সম্পূর্ণ মানৱ তৈয়াৰ কৰা।

বর্তমান সময়ত পৃথিবীত বৃদ্ধি পোৱা হিংসা, হত্যা, সন্ত্ৰাস কিদৰে দূৰ কৰিব পৰা যায় বুলি প্রশ্ন তুলিলেই বিভিন্ন পক্ষৰ পৰা বিভিন্ন উত্তৰ পোৱা যায় যদিও বহুতেই ক'ব খোজে যে মানুহৰ মনটো শুদ্ধ আৰু সংস্কাৰ কৰিব পাৰিলেই পৃথিৱীত হিংস্ৰতা বহু পৰিমাণে কমি আহিব। সেই গতিকে শান্তি প্রতিষ্ঠাৰ ক্ষেত্ৰত আধ্যাত্মিক শিক্ষাইহে অন্যতম অস্ত্ৰ বুলি ক'ব পাৰি। ইউনেস্ক'ৰ দৰে সংগঠনেও বিশ্বাস কৰে যে মানুহৰ মনতেই হিংসাৰ উদ্ৰেক হয় আৰু সেয়ে মানুহৰ মনোজগতত শান্তিৰ বীজ ৰোপন কৰিব লাগিব। এই ক্ষেত্ৰত আধ্যাত্মিক শিক্ষাইহে পাথেয়ে বুলি ক'ব পাৰি।

শিক্ষকঃ

“শিক্ষক হৈছে এজন সু- নিপুন মিস্ত্রি, যিয়ে গঠন কৰে মানৱাত্মা।”- আল্লামা ইকবাল।

“শিক্ষক সকল হ'ল জীৱনদাতা, পিতৃ- মাতৃতকৈয়ো বেছি শ্ৰদ্ধাৰ পাত্ৰ, কাৰণ পিতৃ- মাতৃয়ে সন্তান জন্মহে দিয়ে কিন্তু জীৱন যাত্ৰাৰ প্ৰণালী শিক্ষকেহে নিৰূপণ কৰে।” -এৰিষ্টটল।

পিতৃ-মাতৃ জন্মদাতা, শিক্ষক জ্ঞানদাতা। মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ট হৈ সন্তান সূর্যালোকৰ মুখ দেখিবলৈ পায়। বাহিৰৰ অন্ধকাৰ দূৰ হয়- জ্ঞানৰ পৰশত মানুহৰ মনৰ অন্ধকাৰ দূৰ হয়। শিক্ষকেই এই জ্ঞান দান কৰি ভবিষ্যতৰ পথ দেখুৱায়; জীৱন যাত্ৰা পথৰ সন্ধান দিয়ে। সন্তান জন্ম হৈ আহোঁতে প্ৰকৃত মানৱ ৰূপত গঢ় লৈ নাহে। সন্তান ভূমিষ্ঠ হোৱাৰ পিছতহে পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন মানুহৰ সান্নিধ্য লাভ কৰি পৰৱৰ্ত্তী সময়ত শিক্ষকৰ সান্নিধ্য লাভ কৰি সকলো দিশৰ জ্ঞান আহৰণ কৰি ভৱিষ্যৎ দেশৰ যোগ্য নাগৰিক হিচাপে নিজকে গঢ় দিয়ে। ছাত্র- ছাত্ৰীৰ অধ্যয়নত শিক্ষকৰ ভূমিকা অতিকৈ মনকৰিবলগীয়া। কিয়নো শিক্ষকৰ ওপৰতেই শ্ৰেণীৰ পাঠদান ব্যৱস্থা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। শ্রেণীত শিক্ষকজনে কি পদ্ধতিৰে পাঠদান কৰিছে তাৰ ওপৰতেই শিক্ষার্থীৰ মনোযোগ

নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত শিক্ষক জনৰ ব্যক্তিগত গুণো বিশেষ ভাবে প্রভাৱ বিস্তাৰ কৰে। শিক্ষকজন যদি খিং খিঙীয়া বা খঙাল হয় এনে ক্ষেত্ৰত শিক্ষার্থীয়ে বিষয় বস্তু নুবুজিলেও বুজাৰ বাও ধৰিব পাৰে। এই অৱস্থাৰ পৰা হাত সাৰিবলৈ হ'লে- শিক্ষকজন বিদ্যাৰ্থীৰ প্ৰতি সহানুভূতিশীল, মৰমিয়াল, সহৃদয়, বন্ধুত্ব সুলভ আচৰণৰে পাঠদান কাৰ্য্যত ব্ৰতী হৈ শিক্ষাৰ্থীক সুপথে পৰিচালিত কৰিব লাগিব। শিক্ষক এজনক ফুলনি বাগিছাৰ মালিৰ লগত তুলনা কৰা হয়। যেনেদৰে মালিজনী ফুলনি বাগিছাখনৰ ফুলৰ গছবোৰ তদাৰক কৰে, প্রয়োজন অনুপাতে সাৰ, পানী, ঔষধ আদি দিয়ে আৰু ঘাঁহ-বন আদি গজিব নিদিয়ে তদ্রুপ শিক্ষকে নিজৰ শ্ৰেণীকোঠাৰ বিদ্যাৰ্থীসকলক চোৱা-চিতা কৰিব লাগে আৰু প্রয়োজনমতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি পাঠদান কৰিব লাগে ।

শিক্ষাবিদ ড° ৰাধাকৃষ্ণণ দেৱে কৈছে- যে শিক্ষকতা বৃত্তিটো হ'ল এক মহান বৃত্তি। ভাৰতবৰ্ষত ‘গুৰুকুল’ শিক্ষাৰ দিনৰে পৰা শিক্ষকতা বৃত্তিটোৱে যথেষ্ট সমাদৰ লাভ কৰি আহিছে। আনকি ভাৰতীয় শাস্ত্ৰত গুৰুক ব্ৰহ্মা বুলি আখ্যা দিয়া হৈছে আৰু কোৱা হৈছে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ'। ইয়াৰ পৰাই অনুমান কৰিব পাৰি গুৰু বা শিক্ষকক কিমান মৰ্যদা দিয়া হৈছিল।'

শিক্ষকতা এক গধুৰ সামাজিক দায়িত্ব আৰু এই দায়িত্ব নিষ্ঠাৰে পালন কৰাটোৱেই শিক্ষকতা বৃত্তিৰ সাফল্য। শিক্ষকৰ চাকৰি কৰাটো সহজ- কিন্তু এজন নিষ্ঠাবান আদর্শ শিক্ষক হোৱাটো বৰ টান। আদর্শ শিক্ষক হিচাপে স্থান লাভ কৰাটোওঁ এক কষ্ট সাধ্য সাধনা স্বৰূপ। বিদ্যাৰ্থীৰ জীৱন নাওঁৰ গুৰিবঠা পাট ধৰিবলৈ আৰু নাওৰ দিশ নিৰ্ণয় কৰিবলৈ শিক্ষকেই শিকাব লাগিব। গতিকে বিদ্যাৰ্থীৰ ওপৰত শিক্ষকৰ প্ৰচুৰ প্ৰভাৱ আৰু দায়িত্ব থাকে। সেই কাৰণেই কোৱা হয়- A teacher is not only a teacher of a Subject but also a teacher of life এজন শিক্ষক কেৱল মাত্ৰ এটা বিষয়ৰ শিক্ষকেই নহয়, তেওঁ এটা জীৱনৰো শিক্ষক।

এজন সফল শিক্ষকৰ কিছু গুণৰ আভাস অনুকিয়াই দিয়া হ'ল-

ABCDEFGHIJK of a good teacher are.

A- Accessibility.

B- Brilliance.

C-Communication skill.

D-Devotion to duty.

E- Efficiency.

F- Fair and square.

G-Gentle.

H-Humour and Honest.

I- Intelligence, inspire and impartiality

J- Jolly and Judicious.

K-Kind hearted.

The teaching profession is a road that leads to progress of the individual and to the nation ultimately.

এজন আদর্শ শিক্ষকৰ বাবে যথেষ্ট ত্যাগ আৰু সাধনাৰ প্ৰয়োজন। শিক্ষকৰ নিয়মানুবর্তিতা, সমায়ানুবর্তিতা, সাজ-পাৰ, বিদ্যাৰ্থীৰ প্ৰতি আচৰণ, মাৰ্জিত বচন ভঙ্গী, বাগ্মিদা আদি গুণ দেখা পালেহে বিদ্যার্থীয়ে তেওঁৰ প্ৰতি আকৰ্ষিত হয় আৰু বিদ্যার্থীয়ে শিক্ষকক অনুসৰণ কৰিবলৈ এক নৈতিক শিক্ষা লাভ কৰি জীৱনৰ বাঞ্ছিত উদ্দেশ্য সাধন কৰিব পাৰে।

শিক্ষাৰ্থীঃ

শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ প্রকৃত সময় হ'ল ছাত্ৰ অৱস্থাতেই। শিক্ষার্থী এজনৰ ভৱিষ্যত জীৱন নিৰ্ভৰ কৰে বৰ্তমান সময়ৰ ওপৰতেই। বর্তমান সময়ত যদি শিক্ষার্থীজনে নিজৰ কৰ্তব্য বা অধ্যয়নৰ প্ৰতি অৱহেলা বা অমনোযোগীতা ভাৱ দেখুৱায় তেনেহলে সেইজন বিদ্যার্থী কেতিয়াও জীৱনত কৃত কাৰ্য্যতা লাভ কৰিব নোৱাৰিব। পানী যেনেদৰে নিজৰ পথেদি বৈ যায় সফলতাও তেনেদৰে প্ৰস্তুতি থকা জনৰ ফালে বৈ যায়। কিয়নো অমনোযোগীতা আৰু বেয়া প্ৰচেষ্টাই বেয়া ফলাফল আনিব । সেই গতিকে বিদ্যার্থীয়ে এই সময়ছোৱাত নাকি ছিঙা ম'হৰ নিচিনা তথা বায়ু চালিত তুলাৰ নিচিনা অনাই-বনাই ঘূৰি নুফুৰি নিজৰ অধ্যয়নত একাগ্রহ চিত্তে মনোনিবেশ কৰিব লাগে।

বিদ্যার্থী সন্দৰ্ভত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে কৈছে- 'If you are a student, you cannot lead a comfortable life. For a man who likes comfort, there can be no learning, if a man wants to be a true student, he must become an ardent worker leading a strenuous, disciplined life.' অর্থাৎ “যদি তুমি এজন বিদ্যার্থী, তেতিয়াহলে তুমি এটা আৰামদায়ক জীৱনৰ পথ ল'ব নোৱাৰা। যি ব্যক্তিয়ে আৰাম ভাল পায় তেওঁৰ বিদ্যা হ'ব নোৱাৰে, যদি এজন ব্যক্তি প্রকৃত বিদ্যার্থী হ'ব বিচাৰে, তেওঁ উৎসাহী কর্মী, মহৎ উদ্যমী মার্গ গ্ৰহণ আৰু অনুশাসনমূলক জীৱন-যাপন কৰা উচিত।” গতিকে বিদ্যার্থীয়ে সুন্দৰ ফল প্ৰাপ্তিৰ বাবে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

চৰিত্ৰ হ'ল অতুলনীয় আৰু অমূল্য সম্পদ। ব্যক্তিৰ চৰিত্ৰই জাতিৰ চৰিত্ৰ প্ৰতিফলিত হয় আৰু জাতীয় চৰিত্ৰ হ'ল- তাৰ সংস্কৃতি, শিক্ষা আৰু মনুষ্যত্ববোধৰ দাপোনস্বৰূপ। বিদ্যাৰ্থীৰ অন্যতম কর্তব্য হ'ল- নিজৰ চৰিত্ৰ গঠন কৰা। চৰিত্ৰই হৈছে মানুহৰ অলংকাৰ। স্বামী বিবেকানন্দই কৈছিল- 'চৰিত্ৰ গঠনেই শিক্ষাৰ লক্ষ্য'। চৰিত্ৰত যদি এবাৰ দাগ লাগে, তেন্তে গোটেই জীৱন তপস্যা কৰিও তাক কেতিয়াও মচিব পৰা নাযায়। এই ক্ষেত্ৰত বাইবেলত থকা কথা খিনিৰ সত্যতা নিজৰ হৃদয়ত গভীৰ ভাবে উপলব্ধি কৰা উচিত- ধন পৰম প্ৰয়োজনীয় নহয়; ক্ষমতা পৰম প্রয়োজনীয় নহয়; চতুৰালি পৰম প্ৰয়োজনীয় নহয়; খ্যাতি পৰম প্রয়োজনীয় নহয়; স্বাধীনতা পৰম প্ৰয়োজনীয় নহয় আনকি স্বাস্থ্যও পৰম প্রয়োজনীয় নহয়- কিন্তু চৰিত্ৰ পৰম প্ৰয়োজনীয়। চৰিত্ৰই ৰক্ষা নকৰিলে আন একোৱে ৰক্ষা কৰিব নোৱাৰে। সেয়েহে বিদ্যার্থী সকলে সৎ চৰিত্ৰ গঠনৰ প্ৰতি বিশেষ ভাবে মনোনিৱেশ কৰা উচিত। নিজক এজন আদর্শ বিদ্যার্থী হিচাপে গঢ় দিব খুজিলে বিদ্যাৰ্থীজনৰ কিছুমান গুণৰ আৱশ্যক। সেই গুণাৱলীৰ অধিকাৰী হলেহে এজন প্ৰকৃত বিদ্যাৰ্থী হ'ব পাৰিব।

“ছাত্ৰ'ৰ ইংৰাজী প্রতিশব্দ 'Student' আৰু এজন ভাল ছাত্ৰ অর্থাৎ 'A Good Student প্ৰতিটো বৰ্ণত নিহিত হৈ থকা অৰ্থই এজন ভাল ছাত্ৰ হিচাপে প্রতিপন্ন কৰে। তলত অর্থখিনি দাঙি ধৰা হ'ল যাতে সফল ছাত্ৰৰ কিছু আভাস পাব পাৰি-

'A Good Student'

A-Always mind his duties.

G- Gentle in his behavior.

O- Obey his teacher (Obedient to teacher)

O-On time to attend class.

D-Dressed in neat and clean.

S-Study and struggle.

T-Truth in every aspect.

U-Uniformity

D-Disciplined should be maintained

E- Eager to know.

N- Non-violence should be motto.

T-Tolerance/Time bound

বিদ্যাৰ্থীয়ে অধ্যয়নৰ লগতে ওপৰোক্ত গুণখিনি ছাত্ৰ অৱস্থাৰ পৰাই আহৰণ কৰি জীৱনৰ বাটত আগবাঢ়ি যাব লাগে। বহু সময়ত বিদ্যার্থীয়ে নেতিবাচক ধাৰণা গ্ৰহণ কৰে আৰু কয় যে মই নোৱাৰিম, নহয় বা নহ'ব। এই ধৰণৰ ধাৰণা বৰ বিপদজনক। এইক্ষেত্ৰত ফিলিচ চিমোয়ে কৈছে- 'নহয় বা নহ'ব' শব্দৰ অৰ্থই হ'ল চকুৰ সন্মুখৰ দুৱাৰখন বন্ধ হৈ যোৱা। ইয়াৰ অৰ্থ হ'ল ব্যৰ্থতা, পৰাজয় আৰু পলম হোৱা। ইংৰাজী নো (No) শব্দটোক এইবাৰ আপুনি ওলটাই দিয়ক দেখিব অন (On) হৈ গৈছে। এই অনৰ অৰ্থ হ'ল আগুৱাই যোৱা, আৰম্ভ কৰা, উদ্যমশীল হৈ আগুৱাই যোৱা। উদ্দেশ্য সিদ্ধিৰ বাবে আগুৱাই যাওক, যেতিয়া লৈ আপোনাৰ মনষ্কামনা পূৰ্ণ নহয় তেতিয়ালৈ.....।

বিদ্যার্থীসকলে এই কথাখিনিৰ পৰা নিজৰ নেতিবাচক ধাৰণা দূৰবিত কৰি ইতিবাচক ধাৰণা পোষণ কৰি নিজৰ গন্তব্য পথত আগবাঢ়ি যাব লাগে।

পাইথাগোৰিয়ান সকলৰ এটা সুন্দৰ আৰ্হিৰে মোৰ নিৱন্ধনৰ সামৰণি মাৰিব খুজিছো।

দিনটোৰ ভিতৰত তুমি কি কি কাম কৰিলা বা কৰিব নোৱাৰিলা তাৰ বিতং খতিয়ান নোলোৱাকৈ টোপনিত নপৰিবা। তুমি কৰিবলগীয়া আটাইতকৈ উপযুক্ত কি কাম ভালদৰে কৰা হ'ল আৰু কৰিবলগীয়া কি ভাল কাম নকৰাকৈ ৰৈ গ'ল তাৰ হিচাপ লবা আৰু হিচাপ লোৱা হলে, নকৰিবলগীয়া যিবোৰ কাম কৰা হ'ল তাৰ বাবে অনুশোচনা কৰি সেইবোৰ মনৰ পৰা মচি পেলাবা আৰু ভাল কামবোৰ মনত ৰাখি সন্তোষ মনেৰে শুবা ।

“কিতাপ নপঢ়া মানুহ এজন পশুৰ তুল্য”: বাবৰ

“যদি এখন দেশ দুর্নীতিমুক্ত আৰু অতি সুন্দৰ মনৰ মানুহৰ দেশ হব লাগে, মই দৃঢ়ভাবে বিশ্বাস কৰো সমাজৰ তিনিগৰাকী মূল সদস্যই সেয়া সম্ভৱ কৰি তুলিব পাৰে, তেওঁলোক হ'ল- পিতৃ-মাতৃ আৰু শিক্ষক”: মৌলানা আবুল কালাম আজাদ। (ভিন্ন উৎস) ।

 

 

 

 

লেখকৰ চমু পৰিচয়ঃ লাল মামুদ খান, অবসৰ প্ৰাপ্ত উপাধ্যক্ষ, জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেওঁ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম.এ. ডিগ্ৰী লৈ ১৯৯২ ইং চনৰ পৰা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। তেখেত বেঁকী ভেলী সাহিত্য সভা ও বলাই পাথাৰ কবি চক্ৰৰ প্ৰতিষ্ঠাপক সম্পাদক। বৰপেটা জিলা কবি সন্মিলনৰ তেওঁ সাধাৰণ সম্পাদক আৰু অসম কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য।

 

Related Posts

Leave A Comment

Voting Poll

Get Newsletter