গোপন পাপৰ শাস্তি আৰু ভয়াৱহতা 

পাপ বা গুনাহঃ

'গুনাহ’ শব্দটো আমাৰ সমাজত বহুলভাৱে প্রচলিত হ'লেও এইটো মূলতঃ ফাৰ্ছী শব্দ; যাৰ অৰ্থ হৈছে পাপ অন্যায়, কলুষ, দুষ্কৃতি ইত্যাদি। এইবিলাক পৰিভাষাৰ মাজত সূক্ষ্ম পার্থক্য থাকিলেও মূলতঃ যি বুজায়, সেইটো হৈছে আল্লাহ তা‘আলা আৰু ৰাছুল (চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লাম)-ৰ আদেশ পালন নকৰা বা বিৰুদ্ধাচৰণ কৰা তথা নিষেধকৃত কাম কৰা, সেইটো প্রকাশ্যেই হওক বা গোপনেই হওক।  গুনাহক আমি ডাঙৰভাৱে দুই প্ৰকাৰত ভাগ কৰিব পাৰো- এটা হল প্ৰকাশ্য গুনাহ আন এটা গোপনে গুনাহ। প্ৰকাশ্য গুনাহ যেনে নামায নপঢ়া, জাকাত নিদিয়া, বেলেগক দুখ-কষ্ট দিয়া, গালি দিয়া ইত্য়াদি আৰু গোপনে গুনাহ যেনে- চুৰি কৰা, ব্যভিচাৰী কৰা, লিৱাতাহ (সডোমি)কৰা, হস্তমৈথুন কৰা ইত্য়াদি।

পাপ অতি নিন্দনীয় কাম যদিও গোপন গুনাহৰ পৰিণাম অত্যন্ত ভয়াৱহ। কাৰণ গোপনে যি গুনাহত লিপ্ত হয়, সি জানি-শুনি সচেতনভাৱেই গুনাহৰ ফালে আগুৱাই যায় আৰু কোনোবাই যেতিয়া জানি-বুজি গুনাহত লিপ্ত হয়, তেতিয়া বান্দাহে প্রথমতে যি সম্পদ হেৰুৱায়, সেয়া হৈছে তাক্বৱা। মু'মিনে জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ সম্পদটো হেৰুৱাই পেলোৱাৰ কাৰণেই অন্তৰৰ পৰা আল্লাহৰ ভয় আঁতৰি যায়। অন্তৰ তাক্বৱাহীন হৈ শিলৰ নিচিনা কঠিন হ'বলৈ ধৰে। ফলত অন্তৰত আল্লাহৰ ভয় জাগ্রত নহয়। মুনাজাতত চকুলো নাহে। এক পর্যায়ত কোনো ইবাদাততেই আৰু তৃপ্তি নাপায়। বহুত মানুহ আছে, যি অন্যৰ আগত ভাল মানুহ হিচাপে পৰিচিত। নিয়মিত নামাজ পঢ়ে, দ্বীনদাৰ তথা ধার্মিক, আ'লিম অথবা আল্লাহৱালা হিচাপে তেওঁৰ পৰিচয় আছে। প্রকাশ্যভাৱে তেওঁক গুনাহৰ কামত দেখা নাযায়। কিন্তু গোপনে তেওঁ নানা ধৰণৰ গুনাহৰ কামত লিপ্ত থাকে। এইটো এটা মুনাফিকী, অন্য দিশত লাহে লাহে তেওঁৰ আ'মল, ইবাদতত তৃপ্তিহীনতাই দেখা দিয়ে। তেনেকুৱা মানুহ ক্রমান্বয়ে ধ্বংস আৰু অধঃপতনৰ ফালে ধাৱিত হৈ থাকে। তেওঁ গুনাহৰ পৰা নিজক বচাব বিচাৰে, কিন্তু বচাব নোৱাৰে। এক পর্যায়ত অৱস্থা ইমান ভয়ানক হয় যে তাৰ ঈমান পর্যন্ত গুছি যায় আৰু ঈমানহীন অৱস্থাত তেওঁ মৃত্যুক আঁকোৱালি লয়। 

এনেকুৱা বহুত ঘটনা আছে যে গোটেই জীৱন নেক আ'মল কৰিছে, মানুহে তেওঁক ভাল বুলি জানিছিল, কিন্তু মৃত্যুৰ সময়ত ঈমান নছিব নহয়। কোনো কোনো মানুহ আকৌ ইছলামক অস্বীকাৰ কৰি নাস্তিকলৈ পৰিৱৰ্তিত হয়। পৰৱর্তী সময়ত অনুসন্ধান কৰি জানিবলৈ পোৱা যায় যে মানৱ সমাজে তেওঁক ভাল বুলি জানিলেও তেওঁ গোপনে মাৰাত্মক ধৰণৰ গুনাহত লিপ্ত আছিল।

গোপন পাপৰ মাধ্যমঃ 

বর্তমান গোপন পাপৰ মাধ্যম তথা উপাদান অধিক বেছি। আধুনিক পৃথিৱীত ইণ্টাৰনেট, প্রযুক্তিৰ যেনেকৈ ভাল দিশ আছে, ঠিক তেনেদৰে বেয়া গুণো নথকা নহয়। অশ্লীল গান, মুভী, পর্ণ ইত্যাদি হৈছে গোপন পাপৰ কেইটামান উদাহৰণ মাত্ৰ। 

আধুনিক দুনিয়া যিমান পৰিমানে আমাক বিকাশৰ পিনে লৈ গৈ আছে তেনে পৰিমানে ই আমাক ধংসৰ দিশ দেখুৱাই আছে। সেয়ে ঈমানত দুৰ্বল মানুহ অতি সহজেই এই ধ্ৱংসৰ কৱলত পৰি যায়। এনেই আন কিছু যুৱক আছে যদি তেওঁৰ লালন-পালন সু আদৰ্শত নাথাকে তেতিয়া তেওঁ পাপৰ পিছত পাপ একে ৰাহে কৰি থাকে। 

গোপন পাপৰ ভয়াৱহতাঃ 

ৰাছুলুল্লাহ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে কৈছে, মই মোৰ উম্মতৰ কিছু দলৰ সম্পর্কে অৱশ্যেই জানো, যি কিয়ামতৰ দিনা তিহামাৰ শুভ্র পর্বতমালা সমতুল্য নেক আ'মল লৈ উপস্থিত হ'ব। কিন্তু মহামহিম আল্লাহে সেইবিলাকক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰি দিব। চাওবান (ৰাঃ)-এ ক'লে, হে আল্লাহৰ ৰাছুল, তেওঁলোকৰ পৰিচয় পৰিষ্কাৰভাৱে আমাৰ আগত বর্ণনা কৰক, যাতে অজ্ঞাতভাৱে আমি তেওঁলোকৰ অন্তর্ভুক্ত হৈ নাযাওঁ। তেখেতে ক'লে, তেওঁলোক তোমালোকৰ ভ্রাতৃগোষ্ঠী আৰু তোমালোকৰ সম্প্রদায়ভুক্ত। তেওঁলোক ৰাতিৰ ভাগত তোমালোকৰ নিচিনাই ইবাদত কৰিব। কিন্তু তেওঁলোক এনেকুৱা মানুহ, যিসকল একান্ত গোপনে আল্লাহৰ হাৰামকৃত কর্মত লিপ্ত হ'ব। (ইবনে মাজাহ: ২/১৪১৮)

গোপন গুনাহৰ আৰু এটা জঘন্য পৰিণতি হৈছে ঈমানহাৰা অৱস্থাত মৃত্যু হোৱাৰ আশংকা বেছি। হজৰত ছাহল বিন শ্বাদ আছ ছায়েদি (ৰাঃ)-ৰ পৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে কৈছে, কোনো ব্যক্তিয়ে বাহ্যিকভাৱে জান্নাতীসকলৰ নিচিনা আ'মল কৰিব; অথচ তেওঁ জাহান্নামী আৰু কোনো ব্যক্তিয়ে বাহ্যিকভাৱে জাহান্নামীসকলৰ নিচিনা আ'মল কৰিব, অথচ তেওঁ জান্নাতী। 

(ছহীহ মুছলিম : ৬৬৩৪)

গোপন পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায় :

১/ সদায় এই কথা অন্তৰত জাগ্রত ৰখা যে আল্লাহে মোক পর্যবেক্ষণ কৰি আছে। আল্লাহে মোক দেখি আছে।

২/ দুনিয়া আৰু আখিৰাতৰ কল্যাণকৰ কোনো কামত নিজক ব্যস্ত ৰখা। 

৩/ আল্লাহ তাআলাৰ ওচৰত বেছি বেছি দুৱা খোজা যাতে নাফৰমানী আৰু সকলো ধৰণৰ গুনাহৰ পৰা ৰক্ষা কৰে।

৪/ নফছ তথা আত্মাৰ লগত মুজাহাদা তথা যুদ্ধ কৰা। 

৫/ কিয়ামতৰ দিনা গোপন গুনাহকাৰীসকলৰ আ'মলসমূহ ধূলিকণাৰ নিচিনা উৰুৱাই দিয়াৰ কথা চিন্তা কৰা। 

৬/ গুনাহ কৰাৰ সময়ত এই কথা চিন্তা কৰা যে কাৰোবাৰ সন্মুখত মই এই গুনাহ কৰিব পাৰিম জানো? 

৭/ এই চিন্তা কৰা, গুনাহৰত অৱস্থাত যদি মোৰ মৃত্যু হয়, তেনেহ'লে মই কেনেকৈ আল্লাহৰ সন্মুখীন হ'ম? কাৰণ মহানবী চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে কৈছে, প্ৰতিগৰাকী ব্যক্তিক কিয়ামতৰ দিনা সেই অৱস্থাত উঠোৱা হ'ব, যি অৱস্থাত তেওঁ মৃত্যুবৰণ কৰিছিল।

(ছহীহ মুছলিম, হাদিছ : ২২০৬)

৮/ আল্লাহৰ নিয়ামত তথা জান্নাতৰ সুখ-শান্তি আৰু জাহান্নামৰ আজাবৰ কথা কল্পনা কৰা।

৯/ বেছি বেছি আছতাগফিৰুল্লাহ, জিকিৰ-আজকাৰ কৰা। 

১০/ এইটো মনত ৰখা যে হাশ্বৰত যাতে মোৰ কাৰণে মোৰ নবী লজ্জিত নহয়। 

১১/ গোপন গুনাহৰ পৰা বাচি থাকিবলৈ অকলে নাথাকিবলৈ পৰামর্শ দিয়ে আলিম-উলামাসকলে।

১২/ ভাল মানুহৰ সান্নিধ্যত থকা।

১৩/ ইছলামী কিতাপ অধ্যয়ন কৰা ইত্যাদি। 

গুনাহৰ পৰা তাওবাঃ

হয় যিহেতু আমি আদম জাত মানুহ সেয়ে আমাৰ ফালৰ পৰা গুনাহ হোৱাটো নিশ্চিত আৰু ইয়াৰ পৰা বচাৰ এটাই উপায় আছে তা হ'ল গুনাহৰ পৰা তাওবা কৰা অর্থাৎ আল্লাহৰ পিনা উভতি আহা।

আল্লাহ পাকে তাওবা কৰাৰ আদেশ দি কৈ আছে- 

قُلْ يَا عِبَادِيَ الَّذِينَ أَسْرَفُوا عَلَىٰ أَنْفُسِهِمْ لَا تَقْنَطُوا مِنْ رَحْمَةِ اللَّهِ ۚ إِنَّ اللَّهَ يَغْفِرُ الذُّنُوبَ جَمِيعًا ۚ إِنَّهُ هُوَ الْغَفُورُ الرَّحِيمُ  (سورة الزمر-الآية 53 ) ـ

(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’। (ছুৰা আজ্ ঝুমাৰ- আয়াত- ৫৩) 

আন এটা ঠাইত আল্লাহ পাকে কৈ আছে- 

إِنَّ اللَّهَ يُحِبُّ التَّوَّابِينَ وَيُحِبُّ الْمُتَطَهِّرِينَ ﴿٢٢٢﴾ـ سورة البقرة

নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে। (ছুৰা আল- বাক্ৱাৰাহঃ আয়াত ২২২)

গতিকে ইয়াৰ পৰা আমি তাওবা কৰাৰ গুৰত্ব বুজিব পৰোঁ আৰু এয়া কৰা আমাৰ উপৰত ফৰজ অৰ্থা অবশ্যকিয়। 

উপসংহাৰঃ 

গোপন গুনাহত লিপ্ত নোহোৱাসকলেও সদায় আল্লাহৰ ওচৰত দুৱা খোজা উচিত, যাতে আল্লাহে সকলো ধৰণৰ গুনাহৰ পৰা হিফাজত কৰে; বিশেষভাৱে গোপনীয় গুনাহৰ পৰা, কাৰণ চয়তানৰ প্রৰোচনাত ডাঙৰ ডাঙৰ পৰহেজগাৰ মুত্তাকীসকলেও কঠিনতম গুনাহত লিপ্ত হৈ যায়। আৰু আমি যিহেতু আদম আলাইহি ছালামৰ সন্তান আৰু মানৱজাতি সেয়ে আমাৰ পৰা গুনাহ হৈ যোৱাটো স্বাভাবিক। কিন্তু তথাপিও আমি এই গুনাহৰ পৰা বাচি থাকিব লাগিব আৰু এয়া হল আল্লাহৰ হুকুম আৰু আদেশ। ইয়াৰ উপৰিও যদি হঠাৎ কিবা পাপ হৈ যায় তেনেহলে আল্লাহ তাআলাই আমাৰ কাৰণে তাওবা দৰজা খুলা ৰাখিছে। যাতে এবাৰ গুনাহ কৰিলেও আন এবাৰ কৰাৰ পৰা সতৰ্ক হ'ব পৰোঁ। আল্লাহ তাআলাই সকল মুুমিন মুমিনাক সদায় গুনাহত লিপ্ত হোৱাৰ পৰা ৰক্ষা কৰেযেন- আমিন।




লেখক‌‌: শাহিনুৰ আলম

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor