শিশুৰ অপৰাধ প্ৰৱণতা আৰু নৈতিকতা

মানুহৰ স্বেচ্ছামূলক কৰ্মই যেতিয়া সমাজৰ তথা ৰাষ্ট্ৰৰ নিয়ম বা বিধি অৱমাননা কৰে, তেতিয়া সেই কৰ্মকে অপৰাধ বুলি গণ্য কৰা হয়। শিশুৰ অপৰাধ প্ৰৱণতা বৰ্তমান সময়ত এটা অতি স্পৰ্শকাতৰ তথা গুৰুত্বৰ সমস্যা হিচাপে গা-কৰি উঠা পৰিলক্ষিত হৈছে। শিশু বা কিশোৰৰ দ্বাৰা হোৱা এনে অপৰাধৰ ফলত নিজৰ জীৱন ধ্বংস হোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়াল, সমাজ তথা দেশৰ বাবেও এক অভাৱনীয় সমস্যা হৈ থিয় দিছে। প্ৰখ্যাত মনোবিজ্ঞানী এৰিক এৰিকছনে মানুহৰ মনোসামাজিক বিবৰ্তনক আঠটা স্তৰত ভাগ কৰিছে। যিটো শিশুৰ পৰা বৃদ্ধলৈকে এক নিৰৱচ্ছিন্ন ধাৰা। মানৱ জীৱনৰ প্ৰত্যেকটো স্তৰতে কিছুমান মানসিক বাধা আহে, যিয়ে এই বাধা সফলভাৱে অতিক্ৰম কৰিব পাৰে, তেওঁ মানসিকভাৱে সুস্থ। ইয়াৰ বিপৰীতে যিসকল শিশু বা কিশোৰে আবেগ জনিত সমস্যাত ভোগে, তেওঁলোকেই সাধাৰণতে আইন বিৰোধী কাৰ্মত লিপ্ত হোৱা দেখা যায়।

শেহতীয়া কেইদশক মানৰ পৰা অসমতো শিশু-কিশোৰৰ অপৰাধ প্ৰৱণতা বেছি হোৱা দেখা গৈছে। বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি, গোলকীকৰণ, বিজ্ঞাপন, ইন্টাৰনেট আদিয়ে পৃথিৱীখন হাতৰ মুঠিত কৰি পেলোৱাৰ ফলত যেন ন-ন ৰূপেৰে এইবোৰ বাঢ়িব ধৰিছে। সাধাৰণতে শিক্ষাৰ পোহৰ কম পৰা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ অঞ্চলৰ শিশু-কিশোৰ সকলৰ মাজত অপৰাধ প্ৰৱণতাৰ হাৰ বেছি হোৱা দেখা যায়।

নেছনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ চমুকৈ এন চি আৰ বিয়ে প্ৰকাশ কৰা শিশুৰ দ্বাৰা সংঘটিত অপৰাধমূলক ঘটনাৰ পৰিসংখ্যাৰ ভিতৰত অসমত বিগত ২০২২ বৰ্ষত কেৱল শিশুৰ দ্বাৰা সংঘটিত হৈছে ২৪৬ টাকৈ বিভিন্ন অপৰাধ মূলক ঘটনা। ২০২০ চনতো ৰাজ্যত শিশুৰ দ্বাৰা সংঘটিত হোৱা অপৰাধমূলক ঘটনাৰ পৰিসংখ্যা আছিল ২৪৭ টা,আৰু ২০২১ চনত এই সংখ্যা আছিল ২০৬ টা। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত শিশুৰ সংখ্যা আছিল ১২০.৮ লাখ। সেই হিচাপত বিগত ২০২২ বৰ্ষত অসমত শিশুৰ দ্বাৰা সংঘটিত যুঠ অপৰাধ মূলক ঘটনাৰ হাৰ আছিল ২.০ শতাংশ। লক্ষ্যণীয় যে সৰ্বভাৰতীয় পৰ্যায়ত সমগ্ৰ দেশৰ বাবে উদ্বেগজনক তথা চৰম প্ৰত্যাহ্বান হৈ পৰা এনে অপৰাধমূলক ঘটনাৰ হাৰ আছিল ৬.৯ শতাংশ। ২০২২ বৰ্ষত অসমত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধিনত ৰুজু হোৱা শিশুৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডৰ সংখ্যা আছিল ১০ টা। আকৌ ৩০৭ ধাৰাৰ অধিনত শিশুৰ দ্বাৰা হত্যাৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে ৩ টা। এই বৰ্ষটোত শিশুৱে আনক শাৰীৰিকভাৱে আঘাত কৰা ঘটনা সংঘটিত হৈছিল ৭টা আৰু মহিলাৰ বিৰুদ্বে নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল ২ টা। একেটা বছৰতে অসমত শিশুৰ দ্বাৰা ৪১ টাকৈ অপহৰণ আৰু আত্মগোপনৰ ঘটনা সংঘটিত হৈছে।

কোনো এটি শিশু অপৰাধ প্ৰৱণতাৰ সৈতে জড়িত হৈ পৰাৰ মূল কাৰণেই হ'ল নৈতিকতাৰ অভাৱ। কিন্তু কোনো শিশুৱেই জন্মগ্ৰহণ কৰাৰ সময়ত নীতিজ্ঞান লগত লৈ নাহে।জন্মৰ পিছতেই ভোক পিয়াহত কেঁচুৱাই কান্দে। সেয়া তাৰ জন্মগত প্ৰবৃত্তি। কিন্তু নৈতিকতা বা নীতিজ্ঞান জন্মগত প্ৰবৃত্তি নহয়। শিশু এটিয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ আদিৰ জ্ঞান তথা বিভিন্ন আচৰণ আদি বয়স বঢ়াৰ লগে-লগে আহৰণ কৰে নিজৰ ঘৰখনত, পৰিয়ালৰ লোকৰ সান্নিধ্যত আৰু পাৰিপাৰ্শ্বিকতাৰ পৰা । বৰ্তমান সামাজিক পৰিৱেশত বহুতো মানুহৰ মূল্যবোধ ইমানেই যান্ত্ৰিক আৰু স্খলিত হৈছে যে তাৰ নেতিবাচক প্ৰভাৱৰ পৰা শিশুক আঁতৰাই ৰখাটো খুবেই টান হৈ পৰিছে। ভোগবাদী চিন্তা-চৰ্চা, বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰে আনি দিয়া প্ৰাচুৰ্য্য, বিলাস আদিয়ে মানুহৰ মনৰ পৰা মানৱীয় মূল্যবোধ আৰু অনুভূতি সমূহ ক্ৰমান্বয়ে কাঢ়ি নিবলৈ ধৰিছে। উচ্ছৃংখলতা, পাৰিবাৰিক আসূয়া-অশান্তি, ক্ৰমবৰ্ধমান অপৰাধ প্ৰৱণতাৰ পৰা আমাৰ সমাজখনো বাদ পৰি থকা নাই। এনে এক পটভূমিত শিশুৰ মনত নৈতিকতাবোধ জাগ্ৰত কৰিব পৰাৰ কিছু ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা সকলোৱে উপলব্ধি কৰা উচিত। কিন্তু কথা হ'ল কেৱল বিদ্যালয়তেই শিশু এটিক নৈতিকতাৰ প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি তোলাটো কঠিন। নৈতিক শিক্ষা হ'ব লাগিব দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজৰ জৰিয়তে ঘৰত তথা বিদ্যালয়ত বয়স্ক সকলে আদৰ্শনীয় আচাৰ-ব্যৱহাৰ, মাত -কথাৰ আৰ্হি দেখুওৱাৰ জৰিয়তে আৰু শিশুটিয়ে কাম কৰা নিকটৱৰ্তী সমাজখনৰ এক সুস্থ পৰিৱেশ অব্যাহত ৰখাৰ প্ৰচেষ্টা।

দাৰ্শনিক ইলিংৱৰ্থৰ মতে-সকলো শিশুৰেই ব্যৱহাৰজনিত সমস্যা আছে। সকলো পিতৃ-মাতৃ ,আনকি সকলো শিক্ষকৰো ব্যৱহাৰ জনিত সমস্যা আছে। এটা শিশুৰ ব্যৱহাৰজনিত সমস্যা মানে সেয়া প্ৰকৃততে তাৰ বিকাশশীল ব্যক্তিত্ব আৰু পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী, ভাই-ভনী আৰু সমনীয়াৰ ব্যক্তিত্বৰ মাজৰ এক সংঘাতহে মাথোন। শিশু এটিৰ আচাৰ-ব্যৱহাৰ আৰু ব্যক্তিত্বৰ কথাটো বুজিবলৈ হ'লে ইলিংৱৰ্থৰ এইষাৰ মন্তব্য উপলব্ধি কৰাটো খুবেই প্ৰয়োজন। একপক্ষীয়ভাৱে বিচাৰ কৰি শিশুৰ ব্যৱহাৰ আৰু ব্যক্তিত্ব সম্পৰ্কে এটা সিদ্বান্ত দিব পৰা নাযায়। এটা শিশুৰ ব্যৱহাৰ বা আচৰণ কিদৰে গঢ়ি উঠিব, সেইটো নিৰ্ভৰ কৰে বিভিন্ন কথাৰ ওপৰত। দৰাচলতে শিশুটি গৰ্ভস্থিত হোৱাৰ পূৰ্বেই তাৰ পিতৃ-মাতৃৰ শৈশৱ আৰু বৈবাহিক জীৱন, গৰ্ভস্থিত হৈ থকাৰ সময়ত মাকৰ শাৰীৰিক আৰু মানসিক আৱস্থা, জন্মৰ পিছত পিতৃ-মাতৃ আৰু ঘৰখনৰ প্ৰভাৱ আৰু শিশুটিৰ নিজৰ বৈশিষ্ট তথা পৰিৱেশৰ প্ৰতি সঁহাৰি আদি বিভিন্ন কাৰকে শিশুটিৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলায়। এটি শিশু অপৰাধ প্ৰৱণতাৰ সৈতে জড়িত হৈ পৰাৰ ক্ষেত্ৰত এই সকলোবোৰ দিশ জড়িত হৈ থাকে।

অতি উদ্বেগৰ বিষয় যে ২০২২ বৰ্ষত সাম্প্ৰদায়িক সংঘাতৰ দৰে ঘটনাত শিশু-কিশোৰ জড়িত হোৱাৰ অভিযোগ লিপিবদ্ধ হৈছে। উক্ত বৰ্ষত ধাৰা ১৪৭-১৫১ ৰ অধীনত ৰুজু হৈছে সাতটাকৈ গোচৰ। প্ৰশ্ন হয়- এটি শিশুৰ পবিত্ৰ মনত সাম্প্ৰদায়িক ঘৃণাৰ দৰে অনুভূতিৰ সৃষ্টি হ'ল কিদৰে? নিশ্চিতভাৱেই ইয়াৰ উত্তৰ হ'ব- পিতৃ-মাতৃ, ঘৰখন তথা চৌপাশৰ সমাজখনেই ইয়াৰ বাবে দায়ী। ওপৰত উল্লেখিত তথ্যটো এটা নিৰ্দিষ্ট বৰ্ষৰ নেছনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰ তথ্য যদিও প্ৰায়ে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত জাতি-ধৰ্ম-বৰ্ণৰ মাজত বিদ্বেষৰ অভিযোগ পোৱাটো এটা গুৰুত্বৰ তথা চিন্তাৰ বিষয়। বিশেষকৈ যেতিয়া অভিভাৱক সকলে অন্য জাতি বা ধৰ্মক উদ্দেশ্যি তেওঁলোকৰ শিশু সন্তানৰ সন্মোখতেই বিদ্বেষ বা ঘৃণামূলক মন্তব্য কৰে তেতিয়াই ইয়াৰ প্ৰতক্ষ্য প্ৰভাৱ শিশুৰ মানসিকতাতো পৰে। এনে শিশুৱেই পৰবৰ্তী সময়ত বিদ্যালয়লৈ আহি সহপাঠীৰ সৈতেও বিদ্বেষপূৰ্ণ আচৰণত লিপ্ত হয়।

একেদৰে ৰাজ্যখনত শিশুৰ দ্বাৰা সংঘটিত যৌন আতিশয্যৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ অন্যতম কাৰণ হৈছে ম'বাইল ফোনৰ প্ৰতি আসক্তি। অভিভাৱক সকলে তেওঁলোকৰ কিশোৰ-কিশোৰীৰ হাতত ম'বাইল ফোন তুলি দিয়াৰ বাবে তেওঁলোকে সামাজিক মাধ্যমত নিয়ন্ত্ৰণহীনভাৱে প্ৰচাৰিত প্ৰাপ্তবয়স্কৰ যৌন আচৰণ প্ৰতক্ষ্য কৰে। আনকি অভিভাৱকৰ অজ্ঞাতে তেওঁলোকে ব্লু ফিল্মৰ প্ৰতিও আসক্ত হয়। বহুতো অভিভাৱকে সামাজিক মাধ্যম সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত সন্তানক তিলমানো হকা-বাধা নকৰে। সেয়েহে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শিশুৱে সামাজিক মাধ্যমৰ নেতিবাচক দিশ সমূহৰ প্ৰতি অধিক আকৰ্ষিত হয়। বৰ্তমান সমাজখনত অভিভাৱকসকল সকলো ক্ষেততে স্বাৰ্থপৰ হৈছে আৰু এই ধাৰাৰ প্ৰভাৱ শিশুৰ মনস্তত্বতো পৰিছে। সামগ্ৰিকভাৱে সমাজ খনৰ পৰিৱেশ দেখি শিশুসকলৰ মনত ভয়-ভীতি নোহোৱা হৈ পৰিছে। পৰিণতিত শিশুৰ দ্বাৰা সংঘটিত হ'ব ধৰিছে অপৰাধমূলক বিভিন্ন ঘটনা।

শিশু সকলৰ মনত যাতে কোনো পধ্যেই অপৰাধ মূলক মানসিকতা গঢ়ি উঠিব নোৱাৰে, সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা সৰ্বাধিক। যিসকল শিশু অপৰাধৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছে, তেওঁলোকৰ প্ৰকৃততে নৈতিক বিকাশ সম্ভৱ হোৱা নাই। নৈতিকতা বুলি ক'লে কেৱল সমাজৰ প্ৰচলিত নীতি-নিয়মসমূহ মানি চলাটোকে নুবুজায়। এটি সজগুণ সম্পন্ন জীৱনৰ অন্বেষণকো বুজায়। শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে শিশুটিক পৰিয়ালৰ তথা সমাজৰ প্ৰচলিত আদৰ্শনীয় আচৰণবোৰ আয়ত্ব কৰিবলৈ শিকোৱা। বৰ্তমান সময়ত সংস্কাৰী মানসিকতা গঢ়ি নুঠাৰ বাবেই অপৰাধমূলক মানসিকতাই এচাম শিশুক বিপথে পৰিচালিত কৰি আহিছে। যাৰ বাবেই শিশুসকলৰ মাজতো ক্ৰমশঃ প্ৰতিহিংসা বাঢ়িছে, কিন্তু ইয়াৰ বিপৰীতে সহনশীলতা দিনক-দিনে কমি আহিছে। কিয়নো জন্মৰ পৰা প্ৰথম তিনি-চাৰি বছৰৰ ভিতৰত পোৱা পৰিৱেশই এটি শিশুৰ গোটেই জীৱনৰ সাঁচ তৈয়াৰ কৰে। এইখিনি সময়ত সি পিতৃ-মাতৃ তথা পৰিয়ালৰ আন মানুহৰ পৰা পোৱা মৰম, নিৰাপত্তা, আদৰ, যত্ন আদি যদি সঠিক হয়, তেনেহ'লে তাৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী হয় আৰু এক ব্যক্তিত্ব সম্পন্ন নাগৰিক হিচাপে শিশু এটিক সহজেই গঢ় দিব পৰা যায়।

লেখকৰ চমু পৰিচয়ঃ বাহাৰুল হক। ডিব্ৰুগড় জিলাৰ নামৰূপত বসবাস কৰা এজন লেখক। অসমৰ বহুল প্ৰচলিত দৈনিক কাকত " আমাৰ অসম ", "দৈনিক জনমভূমি" "নিয়মীয়া বাৰ্তা" , ""প্ৰান্তৰ" আদিৰ লগতে বিভিন্ন আলোচনীতো তেখেতৰ বহুতো চিন্তাশীল নিবন্ধ প্ৰকাশিত হৈছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter