আমাৰ জীৱনৰ লক্ষ্য
মহান আল্লাহ তাআলাই মানৱ জাতিক সৰ্বোৎকৃষ্ট হিচাপে সৃষ্টি কৰিছে। আল্লাহৰ সকলো সৃষ্টিৰ মাজত মানুহেই আল্লাহৰ ওচৰত অতি প্রিয়। কিন্তু এটা কথা আমি সকলোৱে জানো যে- আমাক সৃষ্টি কৰাৰ এক মূল কাৰণ তথা উদ্দেশ্য আছে। যিদৰে এজন মালিকৰ দাস বা দাসী তেওঁৰ মালিকৰ কথা শুনে ঠিক সেইদৰেই আমি মানৱ জাতিও আল্লাহৰ কথা শুনাটো অত্যান্ত দৰকাৰী।
আমাক আল্লাহ তাআলাই এই পৃথিৱীত কোনো এটা দায়িত্ব হাতত দি পঠাইছে। আৰু এই দায়িত্ব আমি সকলোৱে মানাটো অতি দৰকাৰী। তেন্তে এতিয়া প্রশ্ন হল যে- আমাক কি লক্ষ্য লৈ আল্লাহ তাআলাই পঠাইছে? আমাৰ জীৱনৰ কি উদ্দেশ্য হ'ব লাগে? আমাৰ জীৱন অথলে যাব দিম নেকি? ইয়াৰ উত্তৰত আমি নিশ্চয় কম যে- নহয়, এনে কথা নহয়। বৰং আমাৰ সকলোৰে জীৱনত এক লক্ষ্য আছে।
আমি জানো যে- প্ৰত্য়েকৰে এক লক্ষ্য স্থিৰ কৰাটো দৰকাৰী । আৰু যদি আমি এনে, নকৰো তেন্তে আমাৰ জীৱনৰ কোনো অর্থই নহ'ব। গতিকে আমাৰ সর্বপ্রথম তথা মূখ্য জীৱনৰ লক্ষ্য হল- এজন প্রকৃত, সৎ, ভাল তথা আদর্শ মানুহ হিচাপে নিজক গঢ়ি তোলা। যেতিয়া আমি এক আদর্শ, সৎ, ভাল এজন মানুহ হ'ম তেতিয়াই আমাৰ জীৱনটো সফল হ'ব। আৰু যদি আমাৰ জীৱনত মাথোন, আমি ধন সম্পত্তি অর্জন কৰো, টকা-পইচাঁ লাভ কৰো, এই পৃথিৱীৰ লগত দৌৰি ফুৰো তেনেহলে আমি সঠিক ৰাস্তাৰ পৰা আতৰি যাম। এটা কথা সদায় মনত ৰাখিব যে- যদি আমাৰ জীৱনত আমি এনে কোনো এটা কাম কৰা নাই যাৰ জৰিয়তে অইন কোনো এজনৰ জীৱনত সহায় হোৱা নাই তেতিয়ালৈকে ভাবিব যে- আমাৰ জীৱন সফল হোৱা নাই। আৰু যদি আপোনাৰ জৰিয়তে বা আমাৰ জৰিয়তে কোনো এজন মানুহৰ জীৱন বদলি হৈছে, ভাল হৈছে তেতিয়াহে আমাৰ জীৱন এক অর্থসম্পূন্ন জীৱন হব।
আমি এজন দায়িত্বশীল, মান্যতাকাৰী ব্যক্তি হ'ব লাগিব। আল্লাহই আমাক সৃষ্টি কৰিছে আৰু ইয়াৰ বাবে আমি আল্লাহক মানাটো অত্যন্ত দৰকাৰী। আল্লাহৰ মুখ্য আদেশ (মুছলমান হিচাপে) নামাজ পঢ়া, জাকাত দিয়া, হজ কৰা, ৰোজা ৰাখা আৰু কালিমা পঢ়া আৰু ইয়াক বিশ্বাস কৰা। আল্লাহৰ সকলোতকৈ শ্রেষ্ঠ, কিতাপ পৱিত্র কোৰআন শৰীফক শিকা, জ্ঞান অর্জন কৰা, ইছলামৰ শৰীয়াত অনুযায়ী জীৱন অতিবাহিত কৰা, প্রকৃত মুছলমান হোৱা আৰু এজন ভাল মুছলমান হোৱা আৰু এইটোৱেই সকলোতকৈ বেছি দৰকাৰী ও প্রয়োজনীয়। ইয়াৰ যি নীতি-নিয়ম ,আইন, কানুন কায়দা আদি মানা আমাৰ কর্তব্য। মূলতঃ আমি কব পাৰি যে- আমাৰ জীৱনৰ এক মূল উদ্দেশ্য তথা লক্ষ্য হল- মহান আল্লাহক মানা।
ইয়াৰ উপৰি আমাৰ আন এক অতি ডাঙৰ তথা ভাল জীৱনৰ উদ্দেশ্য হ'ব লাগিব সেয়া হল- মানৱধর্ম। মানৱধর্মই হৈছে সকলোতকৈ শ্রেষ্ঠ ধর্ম (আল্লাহৰ ইবাদতৰ পিছত)। হাদিছত উল্লেখিত আছে যে- আমি সকলোৱে এই পৃথিৱীত এজন দায়ত্বৱান ব্যক্তি। আমাৰ এক দায়িত্ব আছে, কর্তব্য আছে। ইয়াৰ উপৰি আমি সকলোৱে এই দায়িত্বৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিব লাগিব। গতিকে আমি এই সকলোবোৰ বস্তুক জীৱনৰ এক লক্ষ্য তথা, উদ্দেশ্য হিচাপে গণ্য কৰি জীৱন আগবাঢ়ি লৈ যাব লাগিব। আল্লাহৰ ওচৰত এক সৰ্বোৎকৃষ্ট বান্দা হ'বলৈ চেষ্টা তথা প্রয়াস কৰিব লাগিব । এই পৃথিৱীত আপুনি কিবা কৰি যাওঁক। কিবা হবলৈ চেষ্টা কৰক যাতে মৃত্যুৰ পিছতেওঁ মানুহে আপোনাক মনত কৰে, আপোনাৰ বিষয়ে চিন্তা-চর্চা কৰে । তেতিয়াই আপোনাৰ জীৱন অর্থসম্পন্ন হ'ব।
সর্বশেষত ক'ব বিচাৰোঁ যে- আমি মহান আল্লাহ তাআলাক ভালদৰে বুজি পোৱা, চিনি পোৱা আৰু আল্লাহৰ সৃষ্টিক চাই আল্লাহক ভয় ও ইবাদত কৰি এজন প্রকৃত মানৱ হোৱাটো আমাৰ জীৱনৰ এক মূল লক্ষ্য ও উদ্দেশ্য হ'ব লাগিব।
লেখকঃ মুহাম্মদ মুশাৰফ (দাৰুল হুদা, অসম কেন্দ্ৰ)