"ৰামৰাজ্য" সম্পৰ্কে মহাত্মা গান্ধী
অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতেই "ৰাম ৰাজ্য" ৰ বিষয়ে একাংশই চৰ্চা আৰম্ভ কৰা দেখা গৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছেই যে - তেওঁৰ ৰাজ্যখন ৰাম ৰাজ্য। জাতিৰ পিতা মহাত্মা গান্ধীকো যেতিয়া বিভিন্ন সময়ত জনসাধাৰণে প্ৰশ্ন কৰিছিল যে, স্বাধীন দেশৰ শাসন ব্যৱস্থা কেনে হোৱা উচিত , তেতিয়া গান্ধীয়ে এটা মাত্ৰ শব্দৰেই উত্তৰ দিছিল-"ৰাম ৰাজ্য।" য'ত সকলো প্ৰজাই সুখী। বাল্মীকিৰ ৰামায়ণত ৰামক আদৰ্শ মানুহ হিচাপে চিত্ৰণ কৰা হৈছে। এই ৰামায়ণত মানৱীয়, নৈতিক , পাৰিবাৰিক, সামাজিক মূল্যবোধৰ অনেক বিষয় নিহিত হৈ আছে। আনহাতে ৰাম শব্দৰ অৰ্থই হ'ল যি শক্তিয়ে ক্ষুদ্ৰতম বিষয়ৰ পৰা বৃহত্তম বিষয়লৈকে ৰমণ কৰি ক্ৰিয়াশীল কৰি থকে। এতেকে এই অৰ্থতো ৰাম শব্দ ব্ৰক্ষ্মস্বৰূপ। এনেকৈয়ে ৰামায়ণৰ শ্ৰীৰামচন্দ্ৰক দেৱত্বলৈ ৰূপান্তৰ কৰা হ'ল।
মহাত্মা গান্ধীয়ে বিভিন্ন সময়ত ৰাষ্ট্ৰ সম্পৰ্কে তেওঁৰ নিখুঁত ধাৰণা ব্যক্ত কৰিছিল। ১৯২৯ চনত "হিন্দ স্বৰাজ" পত্ৰিকাত লিখা এক প্ৰৱন্ধত তেওঁ উল্লেখ কৰিছিল যে - "ৰাম ৰাজ্য মানেই কোনো হিন্দু ৰাজ্য নহয়। ৰামৰাজ্য মানে হ'ল ঈশ্বৰৰ ৰাজ্য। মোৰ বাবে ৰাম আৰু ৰহিম এক আৰু অভিন্ন দেৱতা। মই সত্য আৰু ন্যায়ৰ এক ঈশ্বৰ অবিহনে আন কোনো ঈশ্বৰকেই স্বীকাৰ নকৰো।" উক্ত বছৰতেই "ইয়ং ইণ্ডিয়া" পত্ৰিকাত গান্ধীয়ে লিখিছিল- " মোৰ কল্পনাৰ ৰাম এই পৃথিৱীত জীয়াই থাকক বা নাথাকক, ৰাম ৰাজ্যৰ প্ৰাচীন আদৰ্শ নিঃসন্দেহে সঁচা গণতন্ত্ৰৰ মাজৰ এক আৰ্হি। য'ত একেবাৰে সাধাৰণ বা নিম্ন পৰ্যায়ৰ এজন নাগৰিকেও দ্ৰুত ন্যায় বিচাৰ লাভ কৰিব পাৰে।" ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে গান্ধীৰ ৰামৰাজ্য কেৱল কোনো এক বিশেষ ধৰ্ম বা গোষ্ঠীৰ নাছিল। গান্ধীয়ে ১৯৪৭ চনত লিখিছিল-" মোৰ ধৰ্মই মোক আন সকলো ধৰ্মকে সন্মান কৰাৰ কথা শিকায়। ইয়াৰ মাজতেই ৰামৰাজ্যৰ ৰহস্য লুকাই আছে।" ধৰ্মৰ স্বাধীনতা বা সমতাৰ কথা ভাৰতীয় সংবিধানতো অন্তৰ্ভূক্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ ত কোৱা হৈছে যে জাতি, ধৰ্ম, বৰ্ণ, লিংগ, জন্মস্থান ইত্যাদিৰ ভিত্তিত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি বৈষম্য কৰিব নোৱাৰিব। গান্ধীয়ে ধৰ্ম আৰু ৰাজনীতিক কেতিয়াও ভিন্ন দৃষ্টিৰে চোৱা নাছিল। বৰঞ্চ ধৰ্ম আৰু ৰাজনীতিক তেওঁ সমাজৰ ঐক্য গঠনৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। হিন্দু-মুছলমানৰ ঐক্যৰ ওপৰত গুৰুত্ব দি "হৰিজন" কাকতত তেওঁ লিখিছিল যে- "হিন্দু- মুছলমানৰ মাজত জীৱন্ত ঐক্য গঢ়ি উঠিলে ইংৰাজৰ শাসন বিপন্ন হ'ব, তাৰ অৱসান ঘটিব। এই ঐক্য গঢ়ি তোলাত যদি সময়ো লাগে, তেন্তে আমি অপেক্ষা কৰিব লাগিব। আমাৰ জীৱন কালত এই ঐক্য সম্পূৰ্ণ নহ'বও পাৰে। কিন্তু ভৱিষ্যতে এদিন এই ঐক্যই পূৰ্ণতা পাব- এই আশাৰেই মই মৰিব খোজো (৪ মে, ১৯৪০)। "
গান্ধীজীৰ এনে আন্তৰিক আকাংক্ষা সত্ত্বেও ইতিহাসৰ গতি এনে হ'লগৈ যে বিভাজনৰ জৰিয়তে দেশে স্বাধীনতা পোৱাৰ গত্যন্তৰ নাথাকিল। নেহৰু- জিন্না-পেটেল-ৰাজেন্দ্ৰ প্ৰসাদ আদিয়ে ইয়াক স্বীকাৰ কৰি ল'লে। কিন্তু গান্ধীজী আছিল সাম্প্ৰদায়িকতাৰ ভিত্তিত দেশ বিভাজনৰ বিৰুদ্বে অটল। দেশ বিভাজনৰ আগে-পিছে বিভিন্ন ঠাইত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধৰ বাবে তেওঁ নিতৌ দহ-বাৰ মাইল পথ খোজ কাঢ়িছিল আৰু যাত্ৰাপথত গোট খোৱা জনতাৰ আগত দুই সম্প্ৰদায়ৰ মাজত সম্প্ৰীতিৰ প্ৰয়োজনীয়তাৰ কথা কৈ ফুৰিছিল। অথচ সেই সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। আইনষ্টাইনে এনেই কৈ যোৱা নাছিল - গান্ধীৰ দৰে এজন মানুহে যে এই ধৰাত খোজ কাঢ়িছিল, সেই কথা পৰবৰ্তী প্ৰজন্মই ভাৱিবলৈও টান পাব।
১৯৩৪ চনত গান্ধীয়ে লিখিছিল- " মোৰ সপোনৰ ৰাম ৰাজ্যই ৰাজপুত্ৰ আৰু দৰিদ্ৰৰ মাজত সমান অধিকাৰ নিশ্চিত কৰে। " তেওঁ ইয়াক বিশুদ্ব নৈতিক কৰ্তৃত্বৰ ভিত্তিত জনগণৰ সাৰ্বভৌমত্ব হিচাপেও বৰ্ণনা কৰিছে। ইয়াৰ অৰ্থই হ'ল এই ধাৰণা হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক। আন এক প্ৰৱন্ধত গান্ধীজীয়ে এখন ন্যায় পৰায়ণ ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে ইয়াৰ আধ্যাত্মিক দিশটোৰ কথা উনুকিয়াইছে। য'ত তেওঁ লিখিছিল যে- " আপুনি যদি ভগৱানৰ দৰবাৰক ৰাম ৰাজ্য ৰূপে চাবলৈ বিচাৰে, তেন্তে প্ৰথমে ইয়াৰ বাবে প্ৰয়োজন আপোনাৰ নিজৰ আত্মদৰ্শন। অৰ্থাৎ ইয়াৰ বাবে নিজৰ দোষ-ক্ৰটি সমূহ ভালদৰে দেখা পাব লাগিব, আনহাতে প্ৰতীৱেশীৰ দোষ-ক্ৰটি সমূহৰ পৰা দৃষ্টি আঁতৰাই ৰাখিব লাগিব। এয়াই হ'ল প্ৰকৃত আধ্যাত্মিকতাৰ এটা উপায়। গান্ধীজীয়ে নিজৰ অহিংসাৰ ধাৰণাৰ সৈতেও ৰাম ৰাজ্যৰ ধাৰণাটিক যুক্ত কৰিছিল। তেওঁ কৈছিল- "অন্যায় আৰু অসমতাপূৰ্ণ সমাজ বৱস্থাত ৰামৰাজ্য প্ৰতিষ্ঠা হ'ব নোৱাৰে।" মানুহৰ মাজত থকা ভেদা-ভেদ, ভয়-ভোক আৰু শংকা ৰামৰাজৰ প্ৰধান অন্তৰায়। তেওঁ যুক্তি দিছিল যে ৰাম ৰাজ্য এক শক্তিশালী নৈতিক শক্তি। যি বিপ্লৱৰ পৰিবৰ্তে আভ্যন্তৰিন পৰিবৰ্তনৰ মাধ্যমেৰেহে অৰ্জন কৰিব পাৰি।
ৰাম এটা পৰ্যায়ত মহাকাব্যৰ চৰিত্ৰৰ পৰা গৈ ধৰ্মীয় চৰিত্ৰ হ'ল। তাৰ পিছত নতুন পৰিস্থিতিত ৰামক কৰি তোলা হ'ল ৰাজনৈতিক চৰিত্ৰ। একবিংশ শতিকাত ৰামৰ নাম লৈ একাংশই সাম্প্ৰদায়িক বিভেদ আৰু অস্থিৰতা সৃষ্টি কৰাও দেখা গ'ল। ভাৰতৰ স্বাধীনতা আন্দোলত গান্ধীয়ে ধৰ্মক ৰাজনীতিৰ লগত জড়িত কৰিছিল। কিন্তু এই কাম গান্ধীয়ে প্ৰথমে কৰা নাছিল। গান্ধী স্বাধীনতা আন্দোলনলৈ অহাৰ বহু পূৰ্বেই বাল গংগাধৰ তিলকে গণেশ উৎসৱক স্বাধীনতা আন্দোলনৰ স্বাৰ্থত প্ৰয়োগ কৰিছিল। ইয়াৰো বহু পূৰ্বে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে হিন্দু ধৰ্মীয় ভাৱনা, দুৰ্গা-কালী আদি দেৱীৰ পূজাকো সংগ্ৰামৰ প্ৰেৰণা ৰূপে তুলি ধৰিছিল। কিন্তু গান্ধীৰ বাবে ধৰ্মৰ অন্তৰ্নিহিত তাৎপৰ্যই আছিল ন্যায়। সাম্প্ৰদায়িক সম্প্ৰীতিৰ অংশ স্বৰূপে গান্ধীজীয়ে খিলাফৎ আন্দোলনক স্বাধীনতা আন্দোলনৰ সৈতে জড়িত কৰিছিল। তেওঁৰ মতে ন্যায় অবিহনে ধৰ্ম অধৰ্ম। কিয়নো গান্ধীৰ বাবে সত্য, আহিংসা আৰু ন্যায় এই তিনিওটা আদৰ্শই সমানে গুৰুত্বপূৰ্ণ আছিল।
এক পৰিসংখ্যা অনুসৰি সমগ্ৰ দেশত বৰ্তমান সময়ত ৩০ লক্ষৰো অধিক প্ৰাৰ্থনাগৃহ আছে। মানুহে এক নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়তহে প্ৰাৰ্থনা গৃহ সমূহলৈ যায়। কাৰণ গোটেই দিনটো মন্দিৰ-মছজিদত বহি থকাটো কাৰোৰে পক্ষেই সম্ভৱ নহয়। জীয়াই থকাৰ বাবে কৰ্ম কৰাটো অপৰিহাৰ্য্য। দেশত মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, অন্যায়-অপৰাধ আদি হ্ৰাস হোৱা নাই। জনসাধাৰণৰ আয় আৰু সম্পদ বিতৰণত অসমতা দিনে-দিনে বৃদ্ধি হৈ গৈ আছে। পৰিসংখ্যা অনুসৰি দেশত প্ৰতি এক হাজাৰ গৃহৰ বিপৰীতে আছে ৯ টাকৈ ৰাজহুৱা উপাসনাগৃহ। অথচ বিদ্যালয় আছে ৬ খন। আনহাতে চিকিৎসালয়ৰ সংখ্যা ১ খনতকৈও কম। বিগত ত্ৰিছ বছৰত দেশত উপাসনাস্থলীৰ অনুপাত বৃদ্বি পালেও বিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা আশানুৰূপ বৃদ্বি পোৱা নাই । গতিকে কেৱল উপাসনাস্থলী বৃদ্বিৰ দ্বাৰাই জানো গান্ধীৰ সপোনৰ "ৰামৰাজ্য" তথা সত্য আৰু ন্যায়ৰ শাসন প্ৰতিষ্ঠা কৰাটো সম্ভৱ?
উপাসনাগৃহ সমূহ আমাক লাগিবই, নৈতিক আৰু আধ্যাত্মিক উত্তৰণৰ কেন্দ্ৰ স্বৰূপেহে। "হে ৰাম !" বুলি জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰা মহাত্মা গান্ধীৰ প্ৰিয় চৰিত্ৰ আছিল ৰাম। গান্ধীজীৰ ৰাম হ'ল এজন প্ৰজাৰঞ্জক ৰজা। যি নিজ ৰাজ্য আৰু প্ৰজাৰ সুখৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু। ৰাম কেতিয়াও ক্ষমতাৰ প্ৰতি লালায়িত নাছিল। সেইবাবেই প্ৰভু ৰামচন্দ্ৰ সকলোৰে বাবে সামাজিক ন্যায়ৰ প্ৰতীক। গান্ধীয়ে উল্লেখ কৰিছেই যে, তেওঁৰ ৰামৰাজ্য হ'ল ঈশ্বৰৰ ৰাজ্য। তেওঁৰ বাবে ৰাম আৰু ৰহিম এক আৰু অভিন্ন। তেওঁ সত্য আৰু ন্যায়ৰ এক ঈশ্বৰৰ বাহিৰে আন কোনো দেৱতাকেই বিশ্বাস নকৰে। গতিকে নিশ্চিতভাৱেই গান্ধীৰ সপোনৰ ৰামৰাজ্য প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজন হ'ব মানৱীয় আৰু নৈতিক মূল্যবোধ সম্পন্ন এক নিখুঁত আৰু স্পষ্ট ধাৰণা।
লেখকৰ চমু পৰিচয়ঃ বাহাৰুল হক। ডিব্ৰুগড় জিলাৰ নামৰূপত বসবাস কৰা এজন লেখক। অসমৰ বহুল প্ৰচলিত দৈনিক কাকত " আমাৰ অসম ", "দৈনিক জনমভূমি" "নিয়মীয়া বাৰ্তা" , ""প্ৰান্তৰ" আদিৰ লগতে বিভিন্ন আলোচনীতো তেখেতৰ বহুতো চিন্তাশীল নিবন্ধ প্ৰকাশিত হৈছে। তেখেতে ২০২২ বৰ্ষৰ অসম সাহিত্য সভাৰ "বিষ্ণুৰাভা বঁটা" বিজয়ী হয়। লেখক বাহাৰুল হকৰ প্ৰথমখন অনুবাদমূলক গ্ৰন্থ হ'ল- "অসমত নাগৰিকত্ব হৰণৰ দহনলিপি"।