মহৰমৰ বিষয়ে এক আলোচনা
মহৰমৰ বিষয়ে এক আলোচনা
মহৰমৰ মাহ
ইছলামী বৰ্ষৰ প্ৰথমটো মাহৰ নাম হৈছে মহৰম (মুহাৰ্ৰামুল হাৰাম) । এই মাহটো বহু বৰকতময় তথা মহিমামণ্ডিত মাহ। এই মাহটো আল্লাহৰ অতি প্ৰিয় বিশেষকৈ আশ্বুৰাৰ দিন। এই মাহৰ মর্যাদা, মাহাত্ম্য, গুৰুত্ব আৰু শ্রেষ্ঠত্বক বুজাবলৈ আল্লাহ পাকে কোৰআন শ্বৰীফত উল্লেখ কৰিছে।
আল্লাহই কৈছে:
إِنَّ عِدَّةَ الشُّهُورِ عِندَ اللَّهِ اثْنَا عَشَرَ شَهْرًا فِي كِتَابِ اللَّهِ يَوْمَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ مِنْهَا أَرْبَعَةٌ حُرُمٌ ۚ ذَٰلِكَ الدِّينُ الْقَيِّمُ ۚ
سورة توبة-الآية 36)
অৰ্থাৎ- নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ এইটোৱে প্ৰতিষ্ঠিত দ্বীন।
আৰু এই চাৰিটা মাহ হ'ল
ذُو القَعْدَةِ وَذُو الحِجَّةِ وَالْمُحَرَّمُ، وَرَجَبُ مُضَرَ الَّذِي بَيْنَ جُمَادَى وَشَعْبَانَ؛
জিল ক্কাইদাহ, জিল হিজ্জা, মহৰম আৰু ৰজব।
মহৰমত ৰোজা ৰখাৰ ফজিলত
❏ এই মাহত ৰোজা ৰখাৰ বহুতো মহত্ব উল্লেখ আছে যথা নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
"أَفْضَلُ الصِّيَامِ بَعْدَ رَمَضَانَ شَهْرُ اللَّهِ الْمُحَرَّمُ".
ৰমজান মাহৰ পিছত মহৰম মাহত ৰোজা ৰখা উত্তম,কাৰণ এই মাহটো আল্লাহৰ মাহ। (سنن نسائی:١٦١٣)
❏ ইয়াৰোপৰি এই মাহৰ ভিতৰতে এনেকুৱা এটা দিন আছে যিটো আশ্বুৰাৰ দিন হিচাপে পৰিচিত। এই দিনটোত ৰমজানৰ ৰোজা ফৰজ হোৱাৰ পূৰ্বে ৰোজা ৰখা ফৰজ আছিল। এই দিনটোতেই আল্লাহ পাকে দহজন নবীক এক এক বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল। যেনে হজৰত মুছা আলাইহি ৱাছাল্লামক ফিৰআউনৰ দৰে অন্যায় ও অত্যাচাৰকাৰী ৰজাৰ পৰা মুক্তি প্ৰদান,আৰু তাক ধ্বংস কৰি আল্লাহে হজৰত মুছা আলাইহি ৱাছাল্লামক জয়ী কৰিছিল। সেই বাবে বানি ইছাৰাঈলে আৰু ইহুদিবোৰে কৃতজ্ঞতা জ্ঞাপনাৰ্থে এই দহ মহৰম আশ্বুৰাৰ দিনা ৰোজা ৰাখিছিল। আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামেও এই দিনটোত ৰোজা ৰখা কৰিছিল আৰু উম্মতক ৰাখিবলৈ আদেশ প্ৰদান কৰে। যেনেদৰে হাদিছত আহিছে:
عن ابن عباس -رضي الله عنه- قال: قدم النبي -صلى الله عليه وسلم- المدينة، فَرَأَى الْيَهُودَ تَصُومُ يَوْمَ عَاشُورَاءَ، فَقَالَ: “مَا هَذَا؟”! قَالُوا: هَذَا يَوْمٌ صَالِحٌ، هَذَا يَوْمٌ نَجَّى اللَّهُ بَنِي إِسْرَائِيلَ مِنْ عَدُوِّهِمْ، فَصَامَهُ مُوسَى شكرًا لله، قَالَ -صلى الله عليه وسلم-: “فَأَنَا أَحَقُّ بِمُوسَى مِنْكُمْ، فَصَامَهُ وَأَمَرَ بِصِيَامِهِ” ..
অনুবাদ- আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আল্লহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম যেতিয়া মদিনাত আহিছিল, তাত য়াহুদিবোৰক ৰোজা ৰখা দেখি কাৰণ সোধাত কলে আজিৰ দিনটো বহুত বৰকতময় দিন। আজিৰ দিনটোতেই হজৰত মুছা আলাইহি ৱাছাল্লামক আল্লাহে ফিৰআউনৰ পৰা মুক্তি প্ৰদান কৰিছিল সেই কাৰণে শ্বুকৰীয়াৰ ৰোজা ৰাখিছোঁ। আল্লাহৰ নবীয়ে ক'লে আমি মুছাৰ বেছি আত্মীয় ও হকদাৰ, গতিকে তেখেত ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম ৰোজা ৰাখিছিল, আৰু সেইটো ৰোজা ৰখাৰ আদেশ দিছিল। (بخاری:٢٠٠٤)
মহৰমৰ মাহ আৰু ঈমাম হুছাইন ৰাদ্বীয়াল্লাহু আনহুৰ মহত্ব
❏ আনহাতে এই দিনটো অতি পৰিচিত হোৱাৰ এক অন্য কাৰণো আছে যে এই দিনটোতেই আমাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মৰমৰ নাতি ঈমাম হুছাইন ৰাদ্বিয়াল্লাহু তাআলা আনহু ইছলামৰ খাতিৰত শ্বহীদ হয়। যাক তেওঁ নিজৰ সন্তান বুলিও পৰিচয় দিছিল যেনেদৰে হাদিছত আহিছে:
هَذَانِ ابْنَايَ وَابْنَا ابْنَتِيَ
এই দুজন (হাছান আৰু হুছাইন -ৰাদ্বিয়াল্লাহু তাআলা আনহুমা)মোৰ ল'ৰা আৰু নাতি। (سنن الترمذي:٣٧٠٢)
আল্লামা জামীয়ে লিখিছে আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে এদিন হুছেইন ৰাদ্বিয়াল্লাহু আনহুক তেওঁৰ সোঁফালে আৰু বাওঁ পিনে তেওঁৰ নিজ পুত্ৰ ইব্ৰাহিমক লৈ বহি আছিল,সেই সময়ত হজৰত জিব্ৰাইল আলাইহিচ্ছালাম আহি ক'লে ইয়া ৰাছুলাল্লাহ আল্লাহে এওঁ দুজনক(হুছাইন আৰু ইব্ৰাহিমক) একেলগে নাৰাখে। এজনক উঠাই নিব। এতিয়া আপোনাৰ ইচ্ছা আপুনি যাক ৰাখিব বিছাৰে।
তেতিয়া আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক'লে হুছাইনক নিলে আলি,ফাতিমা আৰু মই দুখি হ'ম। কষ্ট পাম। আৰু ইব্ৰাহিমক নিলে মই অকলে কষ্ট পাম,গতিকে মই নিজৰ দুখ কষ্টক পছন্দ কৰোঁ। এই ঘটনাৰ তিনিদিন পিছত আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সন্তান ইব্ৰাহিমৰ ইন্তেকাল হয়। ইয়াৰ পিছত যেতিয়া হুছাইন ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দেখা পায় তেতিয়া নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে হুছাইন ৰাদ্বিয়াল্লাহু আনহুক চুমা খাই চাহাবীৰ পিনে চাই কয় যে মই হুছাইনৰ বাবে মোৰ সন্তান ইব্ৰাহিমক ত্যাগ কৰিলোঁ। (শ্বাৱাহিদুন নুবুওৱাহ,পৃঃ৩০৫)।
আন এক হাদিছত আহিছে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে
اللَّهُمَّ إِنِّي أُحِبُّهُمَا فَأَحِبَّهُمَا وَأَحِبَّ مَنْ يُحِبُّهُمَا . )سنن الترمذي:٣٧٠٢)
অনুবাদ- হে আল্লাহ মই হাছান আৰু হুছাইনক ভাল পাওঁ, তুমিও দুয়কো ভাল পোৱা আৰু যিজনে এই দুইজনক ভাল পাব তেওঁকো তুমি ভাল পোৱা।
আন এঠাইত নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:হাছান আৰু হুছাইন এই দুজন দুনীয়াত মোৰ বাবে ফুল।
আনহাতে আবু উছামাৰ পৰা বৰ্ণিত, তেখেতে কৈছে:
عن أَبِي أُسَامَةُ بْنُ زَيْدٍ ،قَالَ طَرَقْتُ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ ذَاتَ لَيْلَةٍ فِي بَعْضِ الحَاجَةِ فَخَرَجَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ وَهُوَ مُشْتَمِلٌ عَلَى شَيْءٍ لَا أَدْرِي مَا هُوَ فَلَمَّا فَرَغْتُ مِنْ حَاجَتِي قُلْتُ مَا هَذَا الَّذِي أَنْتَ مُشْتَمِلٌ عَلَيْهِ ؟ فَكَشَفَهُ فَإِذَا حَسَنٌ وَحُسَيْنٌ عَلَى وَرِكَيْهِ
অনুবাদ- এদিন ৰাতি কিবা দৰকাৰত মই ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত গৈছিলো, তাত দেখিলো যে আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কোনো বস্তু কান্ধত লৈ আছে, মোৰ দৰকাৰ সম্পন্ন হোৱা পিছত সেই বিষয়ে সোধাত তেওঁ কান্ধৰ পৰা চাদৰ খন গুচাই দিলে তাত হাছান আৰু হুছাইন ৰাদ্বিয়াল্লাহু আনহুমা আছিল।
ইয়াৰ পৰাও বুজা যায় ইমাম হুছাইনৰ প্ৰতি নবীৰ প্ৰেম,ভালপোৱা। গতিকে আমিও তাক ভাল পাব লাগে, তেওঁ ইছলাম আৰু মুছলিম উম্মাহৰ বাবে কাৰবালাৰ পথাৰত নিজৰ প্ৰান ত্যাগ দিছে। তেওঁ জান্নাতৰ যুৱক সকলৰ নেতা বা চৰ্দাৰ।
উপসংহাৰ
এই মাহ আল্লাহৰ মাহ,আল্লাহ প্ৰিয় ব্যক্তিয়ে নিশ্চয় ভাল পাব আৰু আনন্দত মগ্ন থাকি পালন কৰিব। লগতে ৰোজা ৰাখি নবীৰ ছুন্নাতত আমল কৰিব। এই দিনটোতেই (দহ মহৰম,আশ্বুৰাৰ দিনা) হজৰত হুছেইন ৰাদ্বিয়াল্লাহু আনহু শ্বহীদ হৈছিল আৰু এই দিনটোত মিলাদ, মেহফিলৰ আয়োজনৰ দ্বাৰা চোৱাব প্ৰেৰণ কৰি ইমাম হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ প্ৰতি থকা মৰমৰ প্ৰমাণ দিয়া হয়। আল্লাহ পাকে যেন সকলোকে একান্ত ভাৱে এই বৰকতময় মাহটো ইবাদত উপসনা কৰি কটোৱাৰ তৌফিক দান কৰে। আ-মী-ন।
লেখক✍️- শাহিনুৰ আলম