ইছলামী দৃষ্টিভংগীত লিংগ পৰিৱৰ্তনৰ বিধান কি ?

ভূমিকা

মানৱৰ সমাজত লিংগৰ ধাৰণা কেবল জৈৱিক (biological) পৰিসৰত সীমাবদ্ধ নহয়; ইয়াৰ সৈতে জড়িত সামাজিক, ধৰ্মীয়, মনোবৈজ্ঞানিক আৰু নৈতিক দিশো আছে। আধুনিক যুগত “gender transition” বা লিংগ পৰিৱৰ্তন প্ৰশ্নটো বিশেষকৈ আলোচনা হোৱা আৰম্ভ হৈছে। চিকিৎসা-বিজ্ঞান আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ ফলত এই ক্ষেত্ৰত নতুন পথ খুলা হৈছে, যদিও সমাজ আৰু ধৰ্মীয় পৰিসৰত ইয়াৰ বৈধতা আৰু অবৈধতা লৈ বিতৰ্ক চলি আছে। ইছলামী পৰিপ্ৰেক্ষিতত এই প্ৰশ্নটোৰ আলোচনা অতি গুৰুত্বপূৰ্ণ, কাৰণ ইছলাম মানৱৰ জীৱনৰ সকলো দিশক আৱৰি ধৰ্মীয় আৰু আইনী কাঠামো প্ৰদান কৰে ।

এই প্ৰবন্ধত আমি কোৰআন আৰু হাদীছৰ আলোচনা, ইছলামী ফিক্হৰ মাজহাবসমূহৰ দৃষ্টিভংগী, আধুনিক আলেম আৰু ফতোয়া কাউন্সিলৰ সিদ্ধান্ত, লগতে সামাজিক-নৈতিক আৰু মানসিক প্ৰসংগসমূহৰ ওপৰত আলোকপাত কৰিম। উদ্দেশ্য হ’ল—ইছলামী পৰিসৰত লিংগ পৰিৱৰ্তনৰ বৈধতা আৰু সীমা-বদ্ধতাসমূহ বুজা।

কোৰআন আৰু হাদীছৰ দৃষ্টিভংগী

ইছলামী শাস্ত্ৰসমূহত লিংগৰ প্ৰশ্ন এক গভীৰ আৰু সূক্ষ্মভাৱে আলোচনা কৰা হৈছে। কোৰআনত আল্লাহ মানৱক “পুৰুষ” আৰু “স্ত্ৰী” হিচাপে সৃষ্টি কৰাৰ উল্লেখ বহুত ঠাইত পাব পাৰি। আল্লাহ তাআলাই কোৰান শ্ৱৰীফত কৈছে- (সূৰা নাহল আয়াত নং ৭২)

১৬:৭২

وَٱللَّهُ جَعَلَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَٰجٗا وَجَعَلَ لَكُم مِّنۡ أَزۡوَٰجِكُم بَنِينَ وَحَفَدَةٗ

অনুবাদ-আল্লাহে আপোনালোকৰ বাবে আপোনালোকৰ পৰা পত্নী সৃষ্টি কৰিলে আৰু আপোনালোকৰ পত্নীৰ পৰা সন্তান-সন্ততি আৰু নাতি-পুতৌ দিলেহি। এই আয়তে সৃষ্টি-প্ৰক্ৰিয়াত লিংগৰ প্ৰাকৃতিক ভুমিকাক উল্লেখ কৰে।

তথাপি, কোৰআনতে স্পষ্টকৈ এটা কথাও স্বীকাৰ কৰা হৈছে যে সকলো মানুহৰ শাৰীৰিক গঠন একে নহয়। সূৰা শূৰা (৪২:৪৯-৫০)-ত উল্লেখ আছে-

للهِ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۚ يَخْلُقُ مَا يَشَاءُ ۚ يَهَبُ لِمَنْ يَشَاءُ إِنَاثًا وَيَهَبُ لِمَنْ يَشَاءُ الذُّكُورَ

অনুবাদ-আল্লাহে কাকপাচত পুত্ৰ, কাকপাচত কন্যা, কাকপাচত দুয়ো দিয়ে, আৰু কাকপাচত বন্ধ্যা কৰে। ইয়াৰ পৰা বুজা যায় যে লিংগ, প্ৰজনন আৰু জৈৱিক পৰিসৰ এটা বৈচিত্ৰ্যপূৰ্ণ বাস্তৱতা।

হাদীছ সাহিত্যত “খুন্থা” (intersex) বিষয়ক বহুত আলোচনা আছে। ইমাম বুখাৰী আৰু ইমাম মুসলিমৰ হাদীছত উল্লেখ পোৱা যায় যে নবী (সা.)ৰ সময়তো খুন্থা বা দুয়ো ধৰণৰ লিংগ বৈশিষ্ট্য থকা মানুহ আছিল। হাদীছত এইসকলৰ বাবে বিশেষ আইনী ব্যৱস্থা (যেমন: উত্তৰাধিকাৰ ভাগ, নামাজত কিয় হ’ত) বৰ্ণিত হৈছে। ইয়াৰ পৰা স্পষ্ট হয় যে ইছলামে এই ধৰণৰ জটিলতা অস্বীকাৰ কৰা নাই; বৰং ইয়াক স্বীকৃতি দি আইনী বিধান প্ৰণয়ন কৰিছে।

তথাপি, হাদীছত পুৰুষক স্ত্ৰীৰ দৰে সাজ-পোছাক পিন্ধাৰ ওপৰত কঠোৰ নিৰোধ পোৱা যায়। “আল্লাহে সেই পুৰুষক অভিশাপ দিলে যি মহিলাৰ দৰে সাজে আৰু সেই মহিলাক যি পুৰুষৰ দৰে সাজে।” (আবু দাউদ, হাদীছ: ৪০৯৭) । এই হাদীছৰ মুল ভাব হ’ল—লিংগৰ ভুমিকা আৰু সাজ-পোছাকত জ্ঞাতসাৰিক অনুকৰণ ইছলামী নীতিৰ বিপৰীত। কিন্তু ই একেবাৰে চিকিৎসাগত লিংগ পৰিৱৰ্তনৰ সমান নহয়, য’ত প্ৰকৃতপক্ষে মানুহ নিজৰ মানসিক আৰু শাৰীৰিক এক সুসঙ্গতি বিচাৰে।

ইজতিহাদ আৰু ফিক্হৰ আলোচনাসমূহ

ইছলামী ফিক্হৰ মাজহাবসমূহে খুন্থা বা intersex ব্যক্তিৰ ওপৰত বহুত আলোচনা কৰিছে। খুন্থা যদি লিংগৰ কিবা এটা প্ৰধান দিশত স্পষ্ট হয় (যেমন: প্ৰজনন অঙ্গৰ কাৰ্য), তেতিয়া তাক পুৰুষ বা মহিলা হিচাপে ঘোষণা কৰা হয়। যদি স্পষ্ট নহয়, তেতিয়া তাক "খুন্থা মুশকিল" বুলি কোৱা হয় আৰু ইয়াৰ ওপৰত পৃথক বিধান থাকে।

ইবনে কুদামা (হানবলী মাজহাব) "আল-মুগনী" কিতাপত লিখিছে—“যদি চিকিৎসা বা অন্য মাধ্যমৰ দ্বাৰা খুন্থাৰ লিংগ স্পষ্ট হয়, তেতিয়া তাক সেই লিংগৰ বিধানত সামিল কৰা হ’ব।” ইয়াৰ অৰ্থ হ’ল—চিকিৎসাগত পদক্ষেপে যদি লিংগৰ দ্বিধা দূৰ কৰিব পাৰে, তেতিয়া তাক অনুমোদন দিয়া হয়।

হানাফী মাজহাবত ইবনে আবেদীনৰ "ৰাদ্দুল মুহতাৰ"ত উল্লেখ আছে—খুন্থাৰ ক্ষেত্ৰত যদি ডাক্তৰৰ পৰামৰ্শে লিংগ নিৰ্ধাৰণ হয়, তেতিয়া তাক মান্য কৰা বৈধ।

কিন্তু ফিক্হৰ মাজত "ট্ৰান্সজেণ্ডাৰ" বা যি মানুহে নিজৰ জন্মগত লিংগৰ লগত মানসিকভাৱে অসঙ্গতি অনুভৱ কৰে, সেই বিষয়ত প্ৰাচীন আলোচনা নাই। কাৰণ সেই সময়ত এই ধৰণৰ চিকিৎসা আৰু মানসিক পৰিভাষা নাছিল।

আধুনিক যুগত লিংগ পৰিৱৰ্তনৰ বিতৰ্ক

আধুনিক যুগত চিকিৎসা-বিজ্ঞানৰ উন্নতিৰ ফলত sex reassignment surgery (SRS) বা gender confirmation surgery সম্ভৱ হৈছে। ইয়াৰ পিছত ইছলামী জগতত বিতৰ্ক আৰম্ভ হয়।

১৯৮৮ চনত মিছৰৰ আল-আযহাৰ বিশ্ববিদ্যালয়ৰ ফতোয়া বিভাগে এজন চিকিৎসা শিক্ষাৰ্থীৰ ক্ষেত্ৰত লিংগ পৰিৱৰ্তনক অনুমোদন দিছিল, কাৰণ চিকিৎসাগত প্ৰমাণ আছিল যে তেওঁ খুন্থা আছিল আৰু মানসিক-শাৰীৰিক সুসঙ্গতিৰ প্ৰয়োজন আছিল। কিন্তু এই ফতোয়াত স্পষ্ট কৈ কোৱা হৈছিল—“মাত্ৰ মানসিক অভিলাষৰ বাবে পুৰুষে মহিলা বা মহিলাই পুৰুষ হোৱাৰ চেষ্টা অবৈধ।”

পাকিস্তানত কিছু মুফ্তিয়ে ট্ৰান্সজেণ্ডাৰসকলৰ সামাজিক অধিকাৰক মান্য কৰিলে, যদিও surgery প্ৰশ্নত মতভেদ আছে। ইণ্ডোনেচিয়া, মালয়েচিয়া আৰু ইৰাণতো এই বিষয়ত বহুত ফতোয়া আছে। ইৰাণত Ayatollah Khomeini লিংগ পৰিৱৰ্তন surgery ক অনুমোদন দিছিল যদি ডাক্তৰৰ মতে ব্যক্তি আসলতে মানসিকভাৱে ট্ৰান্সজেণ্ডাৰ হয়।

ইয়াৰ পৰা দেখা যায়—আধুনিক আলেমসকলৰ মাজতো মতভেদ আছে। কিন্তু এক সাৰাংশ হৈছে—

  • যদি চিকিৎসাগত প্ৰমাণ থাকে যে ব্যক্তিয়ে খুন্থা বা জৈৱিক বিভ্ৰাট ভোগ কৰিছে, তেতিয়া surgery বৈধ।
  • যদি কেৱল ব্যক্তিগত ইচ্ছাৰ বাবেই surgery হয়, তেতিয়া অধিকাংশ আলেমৰ মতে ইয়াক বৈধ ধৰা নাযায়।

সামাজিক, নৈতিক আৰু মানসিক প্ৰসংগ

ইছলামী সমাজত লিংগৰ প্রশ্ন কেৱল ব্যক্তিগত নহয়; ইয়াৰ সৈতে জড়িত পৰিয়াল, উত্তৰাধিকাৰ, বিবাহ, আৰু সামাজিক ভুমিকা। সেয়ে লিংগ পৰিৱৰ্তনৰ প্ৰশ্নত নৈতিক আৰু সামাজিক দিশও গুৰুত্বপূৰ্ণ।

মনোবৈজ্ঞানিকভাবে, "gender dysphoria" নামৰ এটা অৱস্থা আছে য’ত ব্যক্তি নিজৰ জন্মগত লিংগৰ লগত মানসিকভাৱে অসঙ্গতি অনুভৱ কৰে। চিকিৎসা-বিজ্ঞানৰ মতে, এই অৱস্থা গম্ভীৰ আৰু উপেক্ষা কৰিলে মানসিক অসুখ, ডিপ্ৰেছন, আত্মহত্যাৰ চেষ্টা আদি হ’ব পাৰে। ইছলামী নৈতিকতাৰ মূল উদ্দেশ্য হৈছে “মানৱৰ ক্ষতি নকৰা আৰু সুৰক্ষা কৰা” (আল-কাওয়াইদুল ফিকহীয়া: লা দাৰাৰ ৱালা দিৰাৰ) । সেয়ে যদি চিকিৎসা বা লিংগ পৰিৱৰ্তন কোনো ব্যক্তিৰ জীৱন সুৰক্ষাৰ বাবে প্ৰয়োজন হয়, তেতিয়া ইয়াক সম্পূৰ্ণৰূপে অবৈধ বুলি কোৱা কঠিন।

সামাজিকভাৱে, ট্ৰান্সজেণ্ডাৰসকলে প্ৰায়েই বৈষম্য, অপমান আৰু বহিষ্কাৰ ভোগ কৰে। ইছলামী নৈতিকতাৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে—“সমস্ত মানুহে আল্লাহৰ সৃষ্টি, সেয়েহে কোনো ব্যক্তি উপহাস বা অপমানৰ যোগ্য নহয়।” সূৰা হুজুৰাত (৪৯:১১)-ত কোৱা হৈছে—“হে মুমিনগণ, কিবা এজন আন এজনক উপহাস নকৰক; হয়তো উপহাস কৰা লোকেই তেওঁলোকতকৈ উত্তম।” এই আয়তে ট্ৰান্সজেণ্ডাৰসকলৰ প্ৰতিও এক সন্মানজনক মনোভাৱৰ প্ৰয়োজনীয়তা দেখুৱাই।

উপসংহাৰ

ইছলামী দৃষ্টিভংগীৰ পৰা লিংগ পৰিৱৰ্তন এক জটিল প্ৰশ্ন। কোৰআন আৰু হাদীছত খুন্থা বা intersex ব্যক্তিক মান্যতা দিয়া হৈছে আৰু তেওঁলোকৰ বাবে বিশেষ বিধান আছে। ফিক্হৰ মাজত এই ধৰণৰ জটিলতাত চিকিৎসা আৰু বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত লিংগ নিৰ্ধাৰণ বৈধ বুলি মান্য কৰা হৈছে।

আধুনিক যুগত surgically লিংগ পৰিৱৰ্তনক লৈ মতভেদ আছে। অধিকাংশ আলেমে কেবল খুন্থা বা জৈৱিক সমস্যাৰ ক্ষেত্ৰত ইয়াক বৈধ বুলি কয়। কিন্তু কেৱল মানসিক বা সামাজিক চাপৰ বাবে surgery অনুমোদন কৰা হোৱা নাই। তথাপি, মানসিক স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষাৰ প্ৰশ্নত ইজতিহাদৰ আধাৰত নতুন দৃষ্টিভংগী গঢ়ি উঠিছে।

ইছলামী নৈতিকতাৰ মূল নীতি হৈছে—মানৱক অপমান নকৰো, সুৰক্ষা দিয়া আৰু ন্যায্য অধিকাৰ দিয়াৰ দিশে আগবাঢ়া। সেয়ে ট্ৰান্সজেণ্ডাৰসকলক সমাজৰ পৰা বাদ দিয়া, অপমান কৰা বা বৈষম্য কৰা ইছলামী নীতিৰ বিপৰীত।

শেষত কোৱা যায়—ইছলামী দৃষ্টিভংগীৰ পৰা লিংগ পৰিৱৰ্তনৰ বৈধতা এটা সৰল "হয়" বা "নহয়"-ত সীমাবদ্ধ নহয়; ই জৈৱিক, চিকিৎসাগত, মানসিক আৰু নৈতিক দিশৰ ওপৰত নিৰ্ভৰ কৰে। ইজতিহাদ আৰু আধুনিক গৱেষণাৰ সহায়ত সমাজত এটা সন্মানজনক আৰু মানবিক মনোভাৱ গঢ়ি তোলা ইমানেই গুৰুত্বপূৰ্ণ।

 

References (তথ্যসূত্ৰ)

  • Muhammad Bahrul Afif, Islam and transgender: a study of Hadith about transgender (International Journal of Nusantara Islam, August 2019), p.185-189.
  • Kugle, S. S. “Homosexuality in Islam: Critical Reflection on Gay, Lesbian, and Transgender Muslims.” (2010), One world Publications.
  • Cameron Bowman, M.D., F.R.C.S.C. Joshua Goldberg, “Care of the patient undergoing sex reassignment surgery (SRS),” (January 2006), Canadian professional association for transgender health.
  • Nora Noralla, “Sunni Islamic Jurisprudence, Sex Reassignment Surgery and Transgender Rights,” (December 13, 2021), Open Democracy.
  • Serena Tolino, “Transgenderism, Transsexuality and sex-reassignment surgery in contemporary Sunni Fatwas,” (2017), Universität Hamburg.

 

 

লেখক- মুহছিন আকৰাম, বৰপেটা, অসম। সেখেতে কেৰালাত স্থিত ইছলামিক বিশ্ববিদ্যালয়ত সভ্যতা অধ্যয়ন বিভাগত স্নাতকোত্তৰ অধ্যয়ন অব্যাহত ৰাখিছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter