মানসিকতাৰ পৰিৱৰ্তন অবিহনে সবল জাতি অসম্ভৱ

চিন্তাশক্তি বা বুদ্ধিৰ বিকাশৰ বলতেই আদিম, উলংগ, বৰ্বৰ মানৱ জাতিটোৱে পৰিবৰ্তনৰ মাজেৰে আহি আহি আজিৰ আধুনিক সভ্য অৱস্থা পাইছে। মানুহে আজি প্রকৃতিকো বহু ক্ষেত্ৰত জয় কৰি নিজৰ অনুকুলে ব্যৱহাৰ কৰিব পৰা হৈছে বা ব্যৱহাৰ কৰি আছে। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰভূত উন্নয়নে গোটেই বিশ্বখনকে এখন সৰু গাওঁ সদৃশ কৰি পেলাইছে। বিশ্বৰ চুকে-কোণে সংগঠিত যিকোনো ঘটনাৰ খবৰেই বিশ্বৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ মূহুৰ্ততে সম্প্ৰচাৰিত হৈ পৰে। মানুহে নিজৰ ড্রয়িং ৰুমত বহিয়ে গোটেই বিশ্বৰ বতৰা হাততে পাব পৰা হৈছে। বিশ্ব মানৱৰ দৃষ্টি অনাগত ভৱিষ্যতলৈ। পৃথিৱীৰ বাহিৰৰ অইন গ্রহতো মানুহে উপনিৱেশ পথাৰ চিন্তা কৰিছে আৰু তাৰ বাবে ন-ন চিন্তা, কৌশল, পৰীক্ষা- নীৰিক্ষা অব্যাহত ৰাখিছে। বিজ্ঞান চর্চা, গৱেষণা আৰু বৈজ্ঞানিক আৱিষ্কাৰৰ ফলতেই আজিৰ জনবহুল বিশ্বত উন্নত জীৱণ প্ৰণালী সম্ভৱপৰ হৈছে। বিজ্ঞানৰ গুণ-গৰিমা গাই অন্ত পেলোৱাটো সহজসাধ্য নহয়। সেয়ে বিষয়টো ইমানতে সামৰি আলোচনাৰ উদ্দেশ্যৰ পিনে ঘূৰি আহিছোঁ।

ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি অছাল্লাম) ৰ ধৰ্ম প্ৰচাৰ কৰা দিনৰ পৰা ত্ৰয়োদশ শতিকালৈ মুছলমান পণ্ডিত কিছুমানৰ সৃজনীমূলক শক্তিয়ে সমগ্ৰ মানৱ সমাজক গতি প্ৰদান কৰাৰ লগতে সভ্যতাৰ পোহৰ বিলাবলৈ সক্ষম হৈছিল। এই সময়খিনিক ইছলামৰ সোণালী যুগ বুলিও কোৱা হয়। ইছলামৰ আদৰ্শ প্ৰসাৰৰ লগে লগে সাহিত্য, বিজ্ঞান, অর্থনীতি, সমাজনীতি, ভূগোলবিদ্যা, প্রযুক্তিবিদ্যা, উদ্যোগ আদি সকলো ক্ষেত্ৰতে প্ৰসাৰ লাভ কৰিছিল। মুছলমান পণ্ডিত কিছুমানৰ বৈজ্ঞানিক চিন্তা-চৰ্চাৰ ফলস্বৰূপেই আধুনিক বিজ্ঞানৰ উন্নতি সম্ভৱ হৈছিল। গ্ৰীক সকলৰ পুৰণি ভাৱাদর্শন (Speculative method)ৰ পৰিবৰ্তে আৰৱীয়ানসকলে ( experimental method) ৰ জৰিয়তে বৈজ্ঞানিক অনুসন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰথম টেলিস্কোপৰ উদ্ভাৱক হিচাপে কেবাজনৰো নাম উচ্চাৰিত হৈ আহিছে। তাৰ ভিতৰত আবুল হাচান ( আবু আলি আল-হাচান)ৰ নামো অন্যতম। সময় নিৰ্ধাৰণৰ বাবে ইবনে ইউনিছে সেনডুলাম উদ্ভাৱন কৰিছিল। মুছলমানসকলে নাৱিকসকলৰ দিক নির্ণয় কৰা যন্ত্ৰ আৱিষ্কাৰ কৰি বিজ্ঞান জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। আল থোৱাৰিজমি নামৰ গণিতজ্ঞ এজনে বীজ গণিত (আল-jabar) বিষয়টো উদ্ভাৱন কৰিছিল। মুছলমান সকলে শূন্যৰ বাবেও সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিছিল। আল-ৰাজি, ইবনে চিনা আদি মহান ঔষধ বিজ্ঞানীসকলে ঔষধ বিজ্ঞানৰ ক্ষেত্ৰত মূল্যবান অৱদান আগবঢ়াইছিল। আৰৱৰ ৰসায়নবিধসকলে উন্নতমানৰ চাবোন, কাগজ, কাপোৰ আদিও উৎপাদন কৰিছিল। মুছলমান সকলে অকল ধৰ্মৰ মাজতে সীমাবদ্ধ হৈ নাথাকি মানৱ সমাজৰ বাবে প্ৰয়োজনীয় সা-সামগ্রী সমূহৰ উদ্ভাৱনতো মনোনিৱেশ কৰিছিল। হজৰত মহম্মদ (ছ) ৰ আদৰ্শক সাৰোগত কৰি মুছলমান লোকসকলে শিক্ষাৰ ক্ষেত্ৰত দোপতদোপে আগুৱাই গৈছিল। এই শিক্ষা কেৱল মাত্র ধর্ম কেন্দ্রীকেই যে আছিল তেনেকুৱা নহয়, ধৰ্মৰ সমান্তৰালকৈ জ্ঞান বিজ্ঞানৰ চৰ্চাও চলিছিল অবিৰাম গতিত। সেই সময়ত বিশ্বত মুছলমানৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ কিন্তু জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত মুছলমান সকলৰ অৱদান আছিল ৯০ শতাংশ। কিন্তু আজিৰ দিনত বিশ্বত মুছলমানৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ২৫ শতাংশ কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত অৱদান এক শতাংশতকৈও কম। স্বাভাৱিকতেই অনুমান কৰিব পৰা যায় মুছলমানসকল আজি কিমান কক্ষচ্যুত হৈছে । সেই সময়ত পুৰুষ সকলৰ সমান্তৰালকৈ মহিলা সকলেও শিক্ষা গ্ৰহণ কৰি অভিযন্তা, চিকিৎসক, কবি, সাহিত্যিক, ৰাজনীতিবিদ হোৱাৰ উদাহৰণ অলেখ। অকল আৰৱতে নহয়, তুৰস্কতো শিক্ষাৰ প্ৰভাৱত যথেষ্ট উন্নতি হৈছিল। তৃতীয় আব্দুৰ ৰহমানৰ সময়ত মহিলা চিকিৎসকৰ সংখ্যাই আছিল ৭ হাজাৰৰ অধিক। ইৰাকৰ মুছলমান মহিলা সকলে পুৰুষৰ দৰে সৰ্বদিশতে অংশীদাৰ আছিল। নিৰ্বাচনত ভোট দিয়াৰ লগতে প্রতিদ্বন্দিতাও কৰিছিল। ইৰানত ১৩১৬ খ্রীষ্টাব্দত মহিলা সকলৰ দ্বাৰা গঠিত 'লেডিজ এছোচিয়েশ্বন' আছিল বুলিও জনা যায়(উৎস : বজ্রকলম, গোলাম আহমদ মোর্তাজা, পৃ: ২০৮,২০৯)। মিছৰতো অগণন ছাত্ৰীয়ে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। হিলমি পাশা ফাউজীয়া, নাজলী বেগম, ফাইজি ফাকা, মিছেছ ফৰিদা আৰু ফাতিহা এই সাতগৰাকী মিছৰৰ মহিলা দেশ বিখ্যাত মহিলা বুলি জনাজাত আছিল। ইছলামৰ এইখিনি অতীত ৰোমন্থনৰ পৰা আমি এটা কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে, যিসময়ত সমগ্ৰ বিশ্ব নিদ্রামগ্ন হৈ আছিল, নানা কু- সংস্কাৰ, অন্ধকাৰত ডুব গৈ আছিল সেই সময়ত মুছলমানসকল জাগ্ৰত হৈ আছিল, আলোকৰ সন্ধান কৰিছিল। আজি বিশ্ব জাগৃত হৈছে, পোহৰলৈ ধাৱিত হৈছে। কিন্তু মুছলমান সকলে নিদ্ৰামগ্ন হৈ অন্ধকাৰলৈ পশ্চাদগমনহে কৰিছে। যি ইছলামৰ আদৰ্শ, শিক্ষা, তথা জ্ঞান-বিজ্ঞানৰ অন্বেষণে মানৱ সমাজৰ পথ প্ৰদৰ্শকৰ ভূমিকা লৈছিল, সেই ইছলাম ক্রমান্বয়ে আন্তর্জাতিক চক্র, সাম্রাজ্যবাদী ৰাষ্ট্ৰ কিছুমানৰ উদ্দেশ্য সিদ্ধিৰ চক্ৰবেহুত সোমাই পৰি নিজ কক্ষপথৰ পৰা ছিটিকি পৰিছে। বিবেকৰ পৰিবৰ্তে প্ৰৰোচনাৰ বলি হৈ কলমৰ সলনি বন্দুক লৈ ধৰ্মমতৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠাৰ বাবে স্ব-ধৰ্মীয় লোকৰ তেজেৰেই ফাঁকু খেলিবলৈ ধৰিছে। হত্যা-হিংসাত অনবৰতে ব্যস্ত হৈ থকা বাবে ইছলামিক দেশসমূহৰ অৰ্থনৈতিক মেৰুদণ্ডডাল ভাঙি চূর্ণ-বিচূৰ্ণ হৈ পৰে আৰু ক্ৰমে মুছলমান সকল অনুন্নত, অশিক্ষিত, সংস্কৃতিবিহীন হৈ পৰে। তথাকথিত জিহাদৰ নামত কোৰাণ-হাদিছৰ অপব্যাখ্যাৰে সঘনাই বন্দুক- বাৰুদৰ বিভীষিকাৰে জঘন্য নাৰকীয় হত্যাযজ্ঞ সংগঠিত কৰি থকা কাৰ্যই বিশ্বব্যাপী মুছলমান সকল নিন্দিত, ঘৃণীত হবলগীয়া হৈছে। বিজ্ঞান তথা আধুনিক শিক্ষাৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰা বৰ্বৰ, ৰক্ষণশীল সন্ত্রাসবাদীসকলৰ ক্ৰিয়া কৰ্মই ইছলামৰ ভাৱাদৰ্শ, গুণ-গৰিমাক কলুষিত কৰাৰ লগতে ইছলাম শব্দৰ অৰ্থ (শান্তি) যথার্থতাকো নাইকিয়া কৰাৰ উপক্ৰম ঘটাইছে। তালিবানী সন্ত্রাসবাদীয়ে কিছু বছৰ আগতে পাকিস্তানৰ পেছাৱাৰত প্রায় ডেৰ শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ( সম্ভাৱনাময় মানৱ সম্পদ) নৃশংসভাৱে হত্যা কৰা কাৰ্যই বিশ্বৰ মানুহক ভৱাই তুলিছে। ইছলামিক দেশ মাত্রেই যেন সন্ত্রাস, মানৱতাৰ বৈধ্যভূমিত পৰিনত হৈছে। অসহিষ্ণুতা, হত্যা-হিংসাৰ মানসিকতাই ইছলামিক দেশবোৰৰ নৱপ্ৰজন্মৰ লোকসকলৰ জ্ঞান বিকাশৰ পথ ৰুদ্ধ হৈ পৰাৰ ফলত বিশ্বত ইছলামৰ অৱস্থান অৱনমিত হৈ পৰিছে। ভ্ৰাতৃঘাতি মানসিকতাক পৰিহাৰ কৰি সময়ৰ আহ্বানক গুৰুত্ব প্ৰদান কৰি ইছলামৰ নিৰ্দেশ 'ইকৰা' অর্থাৎ পঢ়া, জ্ঞান-বিজ্ঞান চৰ্চাত মনোনিবেশ নকৰিলে অনাগত ভৱিষ্যতত মুছলমানসকলৰ অৱস্থা আৰু অধিক শোচনীয় হোৱাটো নিশ্চিত।

দীৰ্ঘকাল জুৰি ইছলামিক দেশসমূহত সংগঠিত হৈ থকা জাতিধ্বংসী ক্ৰিয়া-কলাপৰ প্ৰভাৱ অকল সেই দেশসমূহতে সীমাবদ্ধ হৈ নাথাকি আমাৰ দেশ ভাৰতবৰ্ষতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে বা পৰাটো স্বাভাৱিক। আৰৱ ৰাষ্ট্ৰ সমূহক অন্ধভাৱে অনুসৰণ কৰি আধুনিক শিক্ষাৰ প্ৰতি ধাউতি কমি অহাত শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় মুছলমান সকল অতি দুখ লগাকৈ পিছপৰি থাকিল। শিক্ষাত পিছ পৰাৰ প্ৰত্যক্ষ পৰিণামস্বৰূপে মুছলমানসকলে আর্থিক দিশতো অনগ্ৰসৰ হৈ থাকিল। শৈক্ষিক, আর্থিক, সামাজিক আদি ক্ষেত্ৰত ভাৰতীয় মুছলমানসকল পিছ পৰি থকাৰ মুখ্য কাৰণ মুছলিম মানসিকতা বা ধর্মীয় সংকীর্ণতা বুলিও সম্পূর্ণ মানি ল'ব নোৱাৰি। বৃটিছ আগমনৰ আগলৈ প্ৰায় ৭০০ বছৰ কাল ধৰি ভাৰতবৰ্ষত মুছলমান সকলে শাসন কৰিছিল। কিন্তু বৃটিছ শাসক আৰু পৰৱৰ্তী সময়ৰ স্বাধীন ভাৰতৰ শাসকসকলৰ কিছু বৈষম্যমূলক শাসন ব্যৱস্থাৰ বাবেও ভাৰতীয় মুছলমানসকল ক্রমে ক্রমে শিক্ষা, নিয়োগ, সামাজিক, ৰাজনৈতিক, আর্থিক ক্ষেত্ৰত পিছ পৰিব লগা হয় । বৃটিছসকলে শাসনভাৰ লোৱাৰ সময়ৰ পৰাই শিক্ষা, নিয়োগ আদিৰ ক্ষেত্ৰত মুছলমানসকলৰ সুযোগ হ্রাস পাই আহিবলৈ ধৰে। মুছলমানসকলৰ মাজত দক্ষ লোক যে নাছিল তেনেকুৱাও নহয়। পুৰুষৰ কথা বাদেই শিক্ষিতা মুছলমান মহিলাৰ সংখ্যাও আছিল অনেকে, যিটো সেই সময়ত আন সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে সম্ভৱ নাছিল। চিকিৎ‍সাবিদ্যা, অভিযান্ত্ৰিক শিক্ষা, সাধাৰণ শিক্ষা, আইনৰ শিক্ষাৰে শিক্ষিতা শ-শ মুছলমান মহিলা আছিল। নাম ল'বলৈ গ'লে দীঘলীয়া তালিকা এখন হ'ব। উদাহৰণ স্বৰূপে দুই চাৰিজনৰ নাম তুলি ধৰা হ'ল। সুগৰা হুমায়ুন মির্জা আছিল এগৰাকী সাংবাদিক ও যশস্বী লেখিকা। মহিমুনা চুলতান স্বাহবানু এগৰাকী পাৰ্চী-ইংৰাজী আৰু ফৰাচী ভাষাৰ পণ্ডিত আছিল। চুলতান জাহান বেগম আছিল বৃটিছ উপাধিপ্রাপ্ত মহিলা। ৰোকেয়া খাতুন, কৰিমুন্নিছা, ৰাবিয়া চুলতানা, ইঞ্জিনিয়াৰ মিছেছ হাচিনা মুৰশিদ, অধ্যাপিকা শ্বামচুন নাহাৰ, লণ্ডনৰ ডিগ্ৰী প্ৰাপ্ত খাদিজান বেগম আছিল আঠটি ভাষাৰ ভাৰতীয় পণ্ডিত। বেগম এম.এ. ফাৰুকী আছিল লণ্ডনৰ পৰা পাছ কৰা ব্যাৰিষ্টাৰ। চিকিৎসাৰ ক্ষেত্ৰত ডা: কে.এন.খানম, মমতাজ জাহান, মিচ জাফল আলী, বিবি মুলুক, কুমাৰী মাহমুদা আদি কৰি অনেক মহিলা চিকিৎসক আছিল। সৰ্বক্ষেত্ৰত মুছলমান নৰ-নাৰীৰ অৱদান আছিল। অপৰিসীম। কোনো ক্ষেত্ৰতে মুছলমানসকল পিছ পৰি থকা নাছিল বৰঞ্চ আন আন সম্প্ৰদায়ৰ বাবে পথ প্ৰদৰ্শক হে আছিল। কিন্তু কালৰ কুটিল ৰাজনৈতিক চক্ৰান্ত আৰু সংখ্যাগুৰু শাসকসকলৰ চাপত আৰু মুছলমান লোকসকলৰ মানসিকতাৰ বিচ্যুতি ঘটাৰ ফলত ভাৰতীয় মুছলমান সকলে শিক্ষা, চাকৰি, ব্যৱসায়, আদি সকলোতে ক্রমে ক্রমে পিছ পৰি প্ৰগতিৰ আলোকৰ পৰা বঞ্চিত হৈ হৈ আজিৰ দুৰৱস্থাত পৰিণত হৈছে। অশিক্ষিত, আর্থিক, অনগ্ৰসৰতা, অসচেতনতা আৰু সংখ্যাত লঘু হোৱাৰ সুযোগ লৈ শাসক শ্রেণীয়ে যিদৰে সৰ্বক্ষেত্ৰত প্ৰতাৰিত, বঞ্চিত কৰিলে। সেইদৰে মুছলমান দৰদী(?), মুছলমানৰ ত্ৰাণকৰ্তা ঘৰিয়ালৰূপী স্ব-গোত্রীয় এচামেও এই জাতিটোৰ উন্নয়নক লৈ ৰাজনীতি কৰি ব্যক্তিগত সম্পত্তি, মান-মর্যাদা, ঐশ্বর্য্য গঢ়িলে যদিও সামগ্ৰিকভাৱে জাতিটোৰ উন্নয়নৰ লেখডাল নিম্নগামী হোৱাতহে প্ৰকাৰন্তৰে ইন্ধন যোগালে।

ভাৰতীয় প্ৰেক্ষাপটৰ তুলনাত আমাৰ অসমৰ মুছলমানসকল বিশেষকৈ চৰ-চাপৰিৰ মুছলমানসকলৰ সার্বিক অৱস্থা আৰু অধিক হতাশাজনক। প্রাক্- স্বাধীনতাৰ কালত অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ববংগৰ পৰা এইসকল লোকৰ প্ৰথম প্ৰজন্মৰ লোকসকলে খাদ্য, বস্ত্র, বাসস্থান আৰু নিৰাপত্তাৰ প্ৰশ্নত প্ৰব্ৰজন কৰি আহি চৰ-চাপৰিত থিতাপি লোৱা দিনৰে পৰাই এই জনগোষ্ঠীটোক লৈ ৰাজনীতিৰ অন্ত নাই। কোনোবাই যদি এই সকলক বৃহত্তৰ অসমীয়া জাতিৰ অপৰিহাৰ্য্য অংগ বুলি স্বীকৃতি দিব খোজে আন কোনোবাই আকৌ অস্তিত্ব বিপন্নৰ ভয়ত নিৰাপদ দূৰত্বত ৰাখিব বিচাৰে। পূৰ্ব পুৰুষৰ অসামর্থতা, বাধ্যবাধকতা, পৰৱৰ্তী প্ৰজন্মৰ লোক কিছুমানৰ সংকীৰ্ণতা, অমনোযোগিতা, সংখ্যাগুৰুৰ অসহযোগিতা ও বহুক্ষেত্ৰত দেখুওৱা জিঘাংসু মনোভাৱৰ বাবেও এই জনগোষ্ঠীটোৰ লোকসকল অধিক পশ্চাদপদ হৈ থাকিবলগীয়া হৈছে। স্বদেশী-বিদেশী, খিলঞ্জীয়া-অখিলঞ্জীয়া, ন্যায়-অন্যায় নামতো ৰাজনীতি কৰি সংখ্যাগুৰু, সংখ্যালঘু উভয় সম্প্ৰদায়ৰ লোক এচামে নায়ক সাজি ধন সম্রাট হ'ল কিন্তু নীপিড়ীত জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক নিৰাপত্তাৰ দিশৰ পৰিৱৰ্তনহে নহ'লে। সংখ্যাগুৰুসকলৰ ৰাজনীতিৰ কথা বাদেই সংখ্যালঘুসকলৰ ৰাজনীতিয়ে আমাক বাৰুকৈয়ে হতাশ কৰিলে। জনগোষ্ঠীটোৰ উন্নয়ন তথা ন্যায় প্ৰদানৰ নামত কুৰিটাৰো অধিক ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ জন্ম হ'ল। অফিচ-আদালত, ৰাজপথ উত্তাল হ'ল, জনসাধাৰণ আবেগিক হ'ল, নেতা জনপ্রিয় হ'ল, পৰিণতি: নেতাৰ ৰাজভোগ, জনসাধাৰণৰ দুর্ভোগ। জাতিটোৰ অনুন্নয়নক পণ কৰি এচাম ৰাজনৈতিক নেতাই যিদৰে উন্নয়নৰ নামত ধনৰ শৰাধ ঘটাই নিজে নোদোকা হ'ল সেইদৰে এচাম অৰাজনৈতিক নেখাও হৃষ্ট-পুষ্ট হ'ল। ন্যায়, সমতা, উন্নয়ন আদি যদিও সকলো দল-সংগঠনৰ উদ্দেশ্য, কিন্তু বাস্তৱত ইয়াৰ প্ৰতিফলন শূন্য। আমাৰ মনত এটি প্রশ্ন হয় সকলোৰে উদ্দেশ্য যদি একেটাই ভেন্তে ভিন্ন মতৰ ভিন্ন দল বা সংগঠনৰ প্ৰয়োজন কিহৰ? জাতিৰ উন্নয়নেই যদি সকলোৰে কাম্য, তেন্তে নেতৃত্বৰ মোহ কিয়? ন্যায়ৰ নামত অন্যায়, শোষণ কিয়? সঁচা অৰ্থত জাতিৰ উন্নয়ন কৰিব বিচাৰিলে আপোন মানুহৰ দ্বাৰা আপোন মানুহৰ তেজপিয়াৰ মানসিকতা পৰিত্যাগ কৰিব লাগিব। নিজৰ অধিকাৰ সম্বন্ধে গণ সচেতনতা সৃষ্টি কৰিব লাগিব। পৰম্পৰাগত ধৰ্মীয় শিক্ষাৰ পৰিবৰ্তে আধুনিক বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰাব লাগিব। বিভিন্ন সম্প্রদায়, জনগোষ্ঠীৰ লোকসকলৰ লগত শান্তিপূর্ণ সহৱাস্থানৰ ব্যৱস্থা কৰিব লাগিব। এই ক্ষেত্ৰত সংখ্যাগুৰু লোকসকলৰ সদিচ্ছা থাকিব লাগিব। মুছলমানসকলৰ ওপৰত অহেতুক সন্দেহ ব্যক্ত নকৰি আস্থাত লৈ সমিলমিলেৰে আগবাঢ়িব লাগিব। তেতিয়াহে বৃহত্তৰ অসমীয়া জাতিৰ ভেটি সবল হ'ব আৰু অসমখনো উন্নতিৰ বাটত আগুৱাই যাব। আমাৰ চৰকাৰৰ ভূমিকাও উল্লেখনীয় হ'ব লাগিব। ৰাজনীতিৰ উৰ্ধত, বিকাশৰ স্বাৰ্থত সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়নত গুৰুত্ব প্ৰদান কৰিব লাগিব । শিক্ষা, নিয়োগ আদিত জনসংখ্যা অনুপাতে মেধাৰ ভিত্তিত সুবিধা প্ৰদান কৰিব লাগিব আৰু তেতিয়াহে এক বৈষম্যহীন অসম তথা সবল অসমীয়া জাতি গঠন সম্ভৱ হ'ব।

 

 

লেখকৰ চমু পৰিচয়ঃ তমিজ উদ্দিন আহমেদ (বৰপেটা, অসম), এজন চৰকাৰী ফাৰ্মাচিষ্ট, সমাজ সেৱক আৰু লেখক। তেওঁ অসমৰ আগশাৰীৰ বাতৰি কাকতঅসমীয়া খবৰ' ‘দৈনিক গণ-অধিকাৰ', 'আজিৰ অসম' আদি কাকতৰ ওপৰিও বিভিন্ন আলোচনী আদিত গল্প, নিৱন্ধ, প্ৰৱন্ধ আদি লিখিছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter