হানাফী মাযহাবৰ প্ৰতিষ্ঠাপক হজৰত ইমাম আবু হানীফা

ভুমিকাঃ ইছলামী আইন শাস্ত্ৰত যিসকলে যোগদান দিছে সেইসকলৰ মাজত ইমাম আবু হানীফা অন্যতম। ইছলামৰ চাৰিটা চিন্তাধাৰাৰ মাজত আটাইতৈ বেছি প্ৰচলিত আৰু বিখ্যাত হানাফী মাজহাবৰ প্ৰতিষ্ঠাপক হজৰত ইমাম আবু হানিফা এজন মহান আদৰ্শৱান আৰু জ্ঞানৰ ভাণ্ডাৰ আছিল। আহলুছ ছুন্নাহ ওৱালজামাতৰ কাষত চাৰিজন ইমামৰ মাজত পোন প্ৰথম ইমাম হ'ল হজৰত আবু হানিফা ৰহমাতুল্লাহি আলাইহি। তেখেতে আল ইমাম আল-আজম বুলিও জনাজাত। আল্লাহ তাআলায় তেওঁৰ ওপৰত অসিম ৰহমত নাজিল কৰিছে। আখিৰি নবীৰ দ্বীন ও আদৰ্শ প্ৰচাৰ কৰাৰ সৌভাগ্য পাইছে। ইছলামি জগতত তেওঁ এজন গুৰুত্বপূর্ণ ব্যক্তিত্ব। হানাফী ফিকহশাস্ত্রৰ মুল। তেওঁৰ পৰা ওলোৱা মাজহাবটো সকলোতকৈ বেছি অনুসাৰী থকা মাজহাব। তেখেতৰ ব্যতিক্ৰমী জ্ঞান, গভীৰ দৃষ্টিভংগী, সাধুতা, আৰু সত্যৰ পক্ষে অটল থকাৰ মনোবলৰ প্ৰশংসা কেৱল তাৰ সময়ৰ নহয়, বরঞ্চ আগন্তুক যুগৰ বিশিষ্ট পণ্ডিতসকলেও কৰিছে।

এই প্ৰবন্ধত আমি ইমাম আবু হানীফা আৰু তেওঁৰ হানাফী মাজহাবৰ বিষয়ে কিছু তথ্য তুলি ধৰিম।

বংশ পৰিচয়ঃ-  তেখেতৰ নাম হৈছে- নুমান বিন ছাবিত বিন যোত্বী আল তায়মী। ৮০ হিজৰী বৰ্ষত ইমাম আবু হানিফা ইৰাকৰ কূফা নামৰ ঠাইত জন্ম গ্ৰহণ কৰে। কোৱা হয় যে তেওঁৰ বংশধৰ ফাৰিছিৰ পৰা সম্পৰ্কীত আৰু এইটোৱেই বহুমত। আন কিছুমান উলামা সকলে তেখেতক আৰব উৎসৰ বুলি দাবি কৰিছে। যিয়েই হওক তেখেত ডাঙৰ এটা দায়িত্ব আদায় কৰাৰ লক্ষ্য লৈ আহিছিল।

তেওঁৰ উপনাম আছিল আবু হানিফা। এই নামৰ কাৰণ সম্পৰ্কে বিভিন্ন মতামত আছে। কিছুমানে মত ৰাখিছে যে  বিদ্যমান। কিছুমানৰ মতে, "হানিফ" শব্দৰ অৰ্থ হৈছে সৎপথলৈ থকা এক নিষ্ঠাবান মুছলমান, অৰ্থাৎ যিজনে সত্য ধৰ্মৰ দিশে আগবাঢ়ে সেয়ে তেওঁৰ এইটো উপনাম ৰখা হৈছিল। আন এটা মত অনুসৰি, "হানিফা" শব্দৰ অৰ্থ হৈছে চিয়াঁহী দোৱাত (কালি-পত্ৰ) — ইৰাকৰ উপভাষাত ইয়াক হানিফা বুলি জনা গৈছিল। আৰু তেওঁ সদায় ইয়াৰ কামৰ লগত জৰিত থাকিছিল সেয়ে তেওঁৰ উপনাম আবু হানিফা হৈছিল। আৰু আন এক মত অনুসৰি, তেওঁক এই নাম দিয়া হৈছিল কাৰণ তেওঁৰ এখন জীয়াৰী আছিল যাৰ নাম আছিল হানিফা। গতিকে তেওঁ আছিল আবু হানিফা মানে হানিফা পিতৃ।

 

শিক্ষাঃ-হজৰত ইমাম আবু হানিফাই বেছিভাগ সময় কুফাত জীৱন জাপন কৰে। তেওঁৰ বংশ আছিল এটা শিক্ষিত বংশ সেয়েহে তেওঁ জ্ঞানৰ পৰিবেশত লালন পালন পায়। তেওঁৰ পিতা ছাবিত জন্মগতভাৱে ইছলাম ধৰ্মৰ অনুসাৰী আছিল। কোৱা হয় যে হজৰত আলী ইবন আবি তালিবে তেওঁৰ পিতাৰ আৰু তাৰ বংশধৰৰ বাবে আশীৰ্বাদ প্ৰাৰ্থনা আৰু দোৱা কৰিছিল। তেখেতৰ পিতৃ ছাবিত এজন ধনী পৰিয়ালৰ সদস্য আছিল। তেওঁ ব্যৱসায় বানিজ্য কৰি আছিল, আৰু এজন উত্তম আৰু দৃঢ় বিশ্বাসী মুছলমান আছিল। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে ইমাম আবু হানিফাৰ জন্ম আৰু বিকাশ হৈছিল এটা খাটি ইছলামী পৰিয়ালৰ ভিতৰত।

প্ৰথমতে আবু হানিফা ব্যৱসায় বেপাৰী কৰিছিল। এদিনাখন শ্বাআ'বী নামৰ ব্যক্তিৰ লগ হয়। শ্বাবীয়ে তেওঁৰ জ্ঞান গুণ দেখি তেওঁক সুধিলে- তুমি কাৰ ওচৰত যোৱা? মই উত্তৰ দিলোঁ: ‘মই বজাৰৰ ফালে যাওঁ। (ব্যৱসায়ৰ বাবে)।’

তেওঁ ক'লে: ‘মই বজাৰৰ কথা কোৱা নাই মই গম ল’ব বিচাৰিছোঁ তুমি কোনো পণ্ডিতৰ ওচৰত যোৱানে।’

মই কৈছিলোঁ: ‘মই খুব কমহে পণ্ডিতসকলৰ ওচৰত যাওঁ।’

তেওঁ ক'লে: ‘অমনোযোগী নহ’বি, তই বিদ্যাৰ সন্ধানত যোৱা আৰু উলামাসকলৰ সংগতত বেছিভাগ সময় কটাবি, কিয়নো মই তোৰ ভিতৰত এক সজাগতা আৰু সচলতা দেখিছোঁ।’

আবু হানিফা ক'লে: ‘তেওঁৰ এই কথা মোৰ অন্তৰত গঢ়ি পৰিল, তাৰ পিছতে মই বজাৰলৈ যোৱা এৰি দিলোঁ আৰু বিদ্যাৰ সন্ধান আৰম্ভ কৰিলোঁ। আল্লাহে তেওঁৰ এই কথাৰ জৰিয়তে মোক উপকাৰ কৰিলে।’

এই ঘটনা পিছত আবু হানিফায় উলামাসকলৰ সভাত যাব লাগিলে আৰু তেওঁলোকৰ সংগতত বেছিভাগ সময় কটাব লাগিলে। তেওঁ ফিকহী বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিলে। আৰু এনেকৈ তেওঁ ফিকহীৰ জগতত বিখ্যত হৈ পৰিল।

আবু হানিফাৰ শ্বেইখ হাম্মাদ বিন আবু ছুলাইমানঃ- আবু হানিফায় শ্বেইখ হজৰত হাম্মাদ ইবন আবি ছুলাইমানৰ ওচৰত নিয়মিতভাৱে বিদ্যা অৰ্জন কৰিছিল আৰু তেওঁৰ লগত দহ বছৰমান শিক্ষাৰ বাবে কটাইছিল। বেলেগ এটা ঠাইত বৰ্ণন কৰা হৈছে যে তেখেতেৰ উস্তাদ হাম্মাদৰ লগত উঠৰ বছৰ সমপৰ্কত থাকে।  য’ত তেখেতে ফিক্‌হ (ইছলামিক আইনশাস্ত্ৰ)ত শিক্ষালাভ কৰে। আবু হানিফায় বহুবিলাক নবীৰ বাণী আৰু হাদিছ নিজৰ শ্বেইক হাম্মাদৰ জৰিয়তে ৰিৱায়াত কিৰিছিল।

হানাফী মাজহাব

তেখেতৰ শিক্ষা ইমানেই প্ৰচাৰ হৈছিল যে ই এটা মাজহাবৰ ৰুপ ধাৰণ কৰিছিল। যি মাজহাব ১২ শতিকা পাৰ হোৱাৰ পাছত আজিও প্ৰচিলত হৈ আছে। হানাফী মাজহাবৰ পিছত আৰু কেইটামান মাযহাব উভৰী আহিছিল তাৰে মাজত চাৰিটা মাজহাব হানাফী, মালিকী, শ্বাফায়ী, হামবালী আজিলৈকে প্ৰচলিত হৈ আছে যাৰ মাজত ইমাম আযমৰ হানাফী মাজহাব সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছে।

হানাফী মাজহাবৰ নীতি

আবু হানিফায় তেখেতৰ মাজহাবৰ নীতি বোৰ ছয়টা উৎসসমূহ পৰা লৈছে- যিবোৰ হ'ল কোৰান পাক, হাদীছ শ্বৰীফ, ইজমাআ (উলামাসকলৰ এক মত), কিয়াছ, ইছতিহছান, আৰু উৰ্ফ ৱা আদাত। এই উৎপত্তিবোৰ যোগকৰি তেওঁৰ মাজহাবৰ চিন্তাধাৰা ফুলি উঠে।

গতিকে তেখেতৰ মাজহাবৰ নীতিৰ মুল ও প্ৰধান উৎস হ'ল কোৰান, যদি কোনো বিষয়ে স্পষ্টভাৱে বা কোনো সমস্যাৰ সমাধানত কোৰানত উল্লেখ কৰা হৈছে তেন্তে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমল ও ক্ৰিয়া কৰা হ'ব। যদিহে কোৰানত সেই বিষয়ে কিবা উল্লেখ নাথাকে তেনেহ’লে দ্বিতীয় উৎস হাদীছৰ পিনে চোৱা হ'ব। যদিহে সেইটোৰ বিষয়ে এয়াতেও পোৱা নাযায় তেন্তে তৃতীয় উৎস কিয়াছ (উপমা)ৰ জড়িয়তে ইয়াৰ সমাধান কৰা হ'ব। আকৌ যদি উপমা কৰা নাযায় তেন্তে চতুৰ্থ উৎস ইছতিহছানৰ সহায় লোৱা হয়। হানাফী মাজহাবত (আইন শাস্ত্ৰ)ত ইস্তিহছান হৈছে  উপমাৰ নিয়ম (মূল)ৰ পৰা আন এটা নিয়মলৈ যোৱা যিটো অধিক শক্তিশালী আইনী প্ৰমাণৰ ওপৰত ভিত্তি কৰি যিটোৱে সেই নিৱমলৈ যোৱা অনিবার্য কৰে অৰ্থাৎ বিচ্যুতিৰ প্ৰয়োজন হয়। তাৰ পিছত যদি কোনো মাছাইলৰ সমাধান পোৱা নযায় তেন্তে পঞ্চম অনুকল্প হ'ল উৰ্ফ অৰ্থাৎ প্রচলিত নিয়ম ৰীতি আৰু দতস্তুৰ।

ব্যৱসায় বাণিজ্য

ইমামে আযম ইমাম আবু হানিফা নুমান বিন ছাবিতে নিজৰ শিক্ষা আৰু শিক্ষা প্ৰচলন ও বিস্তাৰ কৰাৰ লগে লগে নিজৰ ব্যৱসায় বাণিজ্যকো চলাই আছিল। তেখেতৰ ব্যক্তিগত জীৱনৰ পৰা এক উল্লেখযোগ্য দিশ আছিল তেওঁৰ ব্যৱসায় বাণিজ্য। তেখেতে খাজৰ ব্যৱসায় কৰিছিল। খাজ হৈছে এধৰণৰ কাপোৰ। তেওঁ এই কাপোৰৰ ব্যৱসায়টো দাদা আৰু বাপেকৰ পৰা উত্তৰাধিকাৰী পাইছিল। তেওঁ কামত ন্যায় আৰু সততা বজাই ৰাখিছিল, আৰু ইৰূপে সকলোৰে সৈতে সৎ আৰু ন্যায়সঙ্গত ব্যৱহাৰ কৰিছিল। তেওঁৰ এই ব্যৱসায়িক দৃষ্টিভংগী সকল ব্যৱসায়ীৰ বাবে এক শিক্ষাৰূপ ধাৰণ কৰে য'ত সৎতা উজ্জল হয় আৰু ন্যায় ঝলমল কৰে।

তেওঁৰ ফজিলত আৰু উলামাসকলৰ প্ৰশংসাঃ- ইমাম আবু হানীফাৰ ফজিলতৰ বিষয়ে এনে আমি অনুমান কৰিব পাৰোঁ যে কিছুমান বৰ্ণনাৰ পৰা আমি পাওঁ যে হাদীছত তেওঁৰ বিষয়ে  সুসংবাদ দিয়া হৈছে ।

"ইমাম আবু হানীফাৰ ফজিলত সম্পৰ্কে আমি এইটো অনুমান কৰিব পাৰোঁ যে, কিছুমান বৰ্ণনাৰ পৰা স্পষ্ট হৈ উঠে — হাদীছত তেওঁৰ বিষয়ে সুসংবাদ দিয়া হৈছে।" ইমাম আবু হানীফাৰ গুণ-মৰ্যাদা সন্দর্ভত কিছুমান হাদীছৰ বৰ্ণনাই এইটো প্ৰমাণ কৰে যে, মহানবীয়ে (সঃ) তেওঁৰ বিষয়ে সুসংবাদ প্ৰদান কৰিছে। আৰু ইয়াৰে পৰা আমি আবু হানীফা (ৰহঃ)ৰ ফজিলতৰ বিষয়ে অনুমান কৰিব পাৰোঁ। তেওঁলোকে তেখেতৰ ফজিলতৰ ওপৰত একমত হৈছে। হানাফী মাযহাবত তেওঁক আল ইমাম আল আযাম অৰ্থাৎ শ্ৰেষ্ঠ ইমাম বুলি জনা যায়।

শাফিঈ মাযহাবৰ প্ৰতিষ্ঠাতা আল ইমাম মুহাম্মদ ইবনে ইদ্রিস আশ শাফিঈয়ে কৈছে যে - যিয়ে ইছলামী আইনশাস্ত্ৰ (ফিকাহ)ত বিশেষজ্ঞ হ’ব বিচাৰে, তেওঁ ইমাম আবু হানীফাৰ উপৰত নিৰ্ভৰশীল, আবু হানীফা তেওঁলোকৰ এজন যিসকলক ফিকাহৰ জ্ঞান প্ৰদান কৰা হৈছে।  ইমাম শাফিঈৰ ওস্তাদ অকীঈয়ে ইমাম আবু হানীফাৰ বিষয়ে কৈছে- “আবু হানীফা এজন মহান ইমানদাৰ ব্যক্তি আছিল। তেওঁ সদায় সকল বস্তুৰ মাজৰ আল্লাহৰ সন্তুষ্টিক উচ্চ পৰ্যায়ত ৰাখিছিল। আৰু যদি তেওঁক আল্লাহৰ পথত তৰোৱালেৰে কৰা হয় তেন্তেও তেওঁ সেইটোকো সহ্য কৰিলেহেঁতেন।”

ইয়াৰ উপৰিও ইমাম আবু হানীফাৰ বিষয়ে বহু উলামাসকলৰ প্ৰসংশা আছে। আমি উল্লেখ কৰিব বিচাৰিলে শেষ নহব।

সামৰণিঃ- ইমাম আবু হানীফা ইছামৰ ইতিহাসত এজন মহান ব্যক্তি হিচাপে প্ৰচালিত। তেওঁৰ চিন্তাধাৰা লাখ লাখ মানুহক প্ৰভাৱ কৰিছে। কেৱল এয়াই নহয় তেওঁৰ চিন্তাধাৰা ইছলামৰ চাৰিটা মাজহাবৰ মাজত এটা মাজহাবৰ ৰূপ ধৰিছে। লগতে তেওঁৰ মাজহাবটোৱেই সৰ্বোচ্চ স্থান লাভ কৰিছে।

যিবোৰ উলামাসকলে তেওঁৰ সমসাময়িক আছিল, তেওঁলোকে ইমানদাৰভাৱে তেওঁৰ গুণাবলী স্বীকাৰ কৰিছিল, আৰু পিছত অহা যুগবোৰতো পূৰ্ণ সন্মানৰ সৈতে তেখেতক স্মৰণ কৰা হৈছে। আজিও ফিকাহ শিক্ষাৰ ক্ষেত্ৰত ইমাম আবু হানীফা এক নিৰ্ভৰযোগ্য পথপ্ৰদৰ্শক হিচাপে গণ্য।

ইমাম আবু হানীফায় দেখুৱা পথ আৰু আদৰ্শয় আমাক ইছলামৰ সঠিক পথত চলাব সেয়ে আমাৰ দায়িত্ব হয় যে আমি তেখেতে দেখুৱা পথত চলি আগবাঢ়া আৰু সেই পথৰ প্ৰচাৰ কৰা।

লেখকঃ আশ্ৰাফুল ফাৰুকী

Related Posts

Leave A Comment

Voting Poll

Get Newsletter