ফাইছাল নিয়াজ হুদাৱীক কালাৱ চৈয়দালৱী মুছলিয়াৰ স্মাৰক বঁটা প্ৰদান কৰা হয়৷
- Assamese Web Desk
- Nov 10, 2023 - 23:22
- Updated: Nov 17, 2023 - 10:04
ইছলামৱনউৱেব ( Islamonweb)ৰ ছিইঅ' (CEO) ফাইছাল নিয়াজ হুদাৱীক উত্তম এটি কিতাপ লিখাৰ কাৰণে আবুদাবী চুন্নী কেন্দ্ৰৰ ফালৰ পৰা বনোৱা কালাৱ চৈয়দালৱী মুছলিয়াৰ স্মৃতি বঁটাৰ বাবে চয়ন কৰা হৈছে।
তেওঁৰ এই কিতাপখন বুক প্লাচৰ পৰা প্ৰকাশ কৰা হৈছে । কিতাপখনৰ নাম হ'ল ইছলামিক ফাইনাঞ্চ: অনুশীলন আৰু কৰ্মশাস্ত্ৰ, আৰু এই ইছলামিক গ্ৰন্থৰ বাবে তেখেত বঁটাটো লাভ কৰিছে। বঁটাটো হ'ল এক লাখ টকা।
এই মাহৰ ১১ তাৰিখত এই বঁটাটো তিৰুৰ এ এছ চি ট্ৰেড এন্ড কালচাৰ কমপ্লেক্সত সংগঠন হোৱা এটা কাৰ্যসূচীত প্ৰদান কৰা হ'ব।
বঁটা বিজয়ীৰ চয়ন এটা জুৰিৰ দ্বাৰা কৰা হৈছে। য'ত ছামাস্তা (সমস্ত) মাৰকজ মুশ্বাৱাৰাৰ সদস্য আব্দুছ ছালাম বাকাৱী, ডঃ এন এম এ আব্দুল কাদিৰ আৰু ৱানামপাল্লী মহম্মদ ফাইজী যুক্ত আছিল।
২০১৫ পৰা মালায়ালম ভাষীত প্ৰকাশিত হোৱা ইছলামী গ্ৰন্থসমূহৰ পৰা নিয়াজ হুদাৱীৰ কিতাপ ইছলামিক ফাইনাঞ্চটো উত্তম গ্ৰন্থ বুলি চয়ন কৰা হৈছে। ফাইছাল নিয়াজ হুদাৱী হ'ল এই বঁটাটোৰ প্ৰথম বিজয়ী, যিটো আবুদাবী চুন্নী কেন্দ্ৰৰ পৰা চৈয়দালৱীৰ স্মৃতিত স্থাপনা কৰা হৈছে।
কোল্লামৰ অন্তৰ্গত ফাইছাল হুদাৱী উছমানীয় ইউনিভাৰছিটিৰ পৰা ৰাজনীতি বিজ্ঞানত বি এ লাভ কৰি অসম ডাউন টাউন ইউনিভাৰছিটিৰ পৰা এম বি এ লাভ কৰিছে। তেখেত এতিয়া কাতাৰৰ গৃহ মন্ত্ৰণালয়ৰ বাবে কাম কৰি আছে। লগতে ইছলামিক ফাইনাঞ্চৰ উপৰত লেকচাৰ দি বিভিন্ন কোৰ্চ চলাই আছে।
নিয়াজ হুদাৱী মিচন ছোফ্ট ফাউনডেচনৰ প্ৰতিষ্ঠাপক আৰু ছি ই ও হয়৷ যি নানান দাৱাতি প্ৰজেক্ট চলাই আছে, য'ত ইছলামোনৱেব নামৰ এটি ৱেবচাইট আছে। ইছলামোনৱেব ইংৰাজী আৰু অসমীয়াক অন্তৰ্ভুক্ত কৰি সাতটা ভাষাত সম্পূৰ্ণৰূপে এটি ৱেবপোৰ্টাল উপলব্ধ হৈ আছে।
Related Posts
Leave A Comment
Popular Posts
Recommended Posts
Voting Poll
কোন ছহাবীজন প্ৰিয় নবী হযৰত মুহাম্মদ (ছাল্লাল্লহু আলাইহি ৱাছাল্লাম)ৰ ব্যক্তিগত আৰু গৃহস্থলী জীৱনৰ বিষয়ে আটাইতকৈ বেছি হাদীছ শ্বৰীফ বৰ্ণনা কৰিছে?
কোনটো ইছলামিক মাহত হজ আদায় কৰা হয়?
আবু তুৰাব কাৰ উপাধি?
কোনটো মছজিদক অসমৰ আটাইতকৈ পুৰণি বুলি গণ্য কৰা হয়?
Get Newsletter
Subscribe to our newsletter to get latest news, popular news and exclusive updates.