ভাৰত আৰু পাকিস্তানত হোৱা বানপানীত ৩০০তকৈ অধিক নিহত।
জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা আকস্মিক বানে পাকিস্তানৰ উত্তৰ-পশ্চিমত অতি কমেও ৩৩৭ জন লোকৰ প্ৰাণ লৈছে বুলি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষয়ে জনাইছে। কিছুমান লোক এতিয়াও নিখোজ হৈ আছে।
কিশ্তৱৰ জিলাত, দুৰন্ত গ্ৰাম চিছতি-ত ৰবিবাৰে উদ্ধাৰ দলে অভিযান চলাইছিল। এই স্থানত অতি কমেও ৬০ জন লোক নিহত আৰু প্ৰায় ১৫০ জন আহত হৈছে, প্ৰায় ৫০ জন গুৰুতৰ অৱস্থাত।
আপতকালীন সেৱাৰ মুখপাত্ৰ মহম্মদ ছুহাইলে কৈছিল যে খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পাহাড়ীয়া অঞ্চল বুনেৰ-ত প্ৰচণ্ড বৰষুণ আৰু মেঘফুটিৰ ফলত অহা বানে গ্ৰাম ধ্বংস কৰিছে। বহু ঘন্টাৰ অভিযানৰ পিছত ৫৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁ ক’লে যে বহু গ্ৰামবাসী এতিয়াও নিখোজ। উদ্ধাৰ অভিযান মূলত সেই অঞ্চলবোৰত কেন্দ্ৰিত কৰা হৈছে য’ত পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড পানীয়ে বিশাল শিলখণ্ড সহ ঘৰৰ ওপৰত আঘাত কৰি বিস্ফোৰণৰ দৰে ধ্বংস ঘটাইছিল।
কর্তৃপক্ষই এতিয়াও অধিক বৰষুণ আৰু সম্ভাৱ্য ভূমিস্খলনৰ সতৰ্কবাণী দি, মঙলবাৰলৈকে স্থানীয় প্ৰশাসনক সতৰ্ক অৱস্থাত থাকিবলৈ আহ্বান জনাইছে। জুন ২৬ৰ পৰা সধাৰণতকৈ বেছি বৰষুণৰ ফলত দেশত ৬০০ৰো অধিক লোক নিহত হৈছে। মেঘফুটি (একেটা সৰু স্থানত অতি সোনকালতে অধিক বৰষুণ নামি অহাৰ কাৰণে বিগত কিছুমান দিনত ভাৰত অধিকৃত কাশ্মীৰতো ধ্বংস দেখা গৈছে।
শুকুৰবাৰে ভাৰতীয় উদ্ধাৰ দলে এখন হিমালয়ীয় গাঁওত আকস্মিক বানপানীয়ে বিধ্বস্ত কৰাৰ পিছত বোকা আৰু ধ্বংসাৱশেষৰ মাজৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছিল। এই ঘটনাত অতি কমেও ৬০ জন নিহত আৰু বহু লোক ধুই লৈ গ’ল।
কর্তৃপক্ষই জনাইছিল যে চিছোতিত ১০০তকৈ অধিক তীৰ্থযাত্রী থকা এটা বৃহৎ অস্থায়ী ৰন্ধনশালা সম্পূৰ্ণৰূপে ধুই গ’ল। ভাৰত অধিকৃত কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আবদুল্লাহই এই ঘটনাক আকস্মিক “মেঘফুটি বৰষুণ” বুলি বৰ্ণনা কৰিছে।
শনিবাৰে নিশা ভাৰত অধিকৃত কাশ্মীৰৰ কাঠুৱা জিলাৰ দুটা গাঁওত অহা আকস্মিক বানে অতি কমেও ৭ জন নিহত আৰু ৫ জন আহত কৰে বুলি ৰবিবাৰে কৰ্তৃপক্ষই জনাইছিল।
আল-জাজিৰাৰ কামাল হাইদৰে পাকিস্তানৰ মিঙ্গোৰাৰ পৰা খবৰ দি কৈছিল যে উদ্ধাৰ অভিযান এতিয়াও চলি আছে। তেওঁ ক’লে — “উত্তৰ পাকিস্তানৰ দূৰবর্তী গাঁও কদৰ নগৰ-ত বন্ধুবান্ধৱ আৰু আত্মীয়-স্বজন এক পৰিয়ালৰ বিবাহ উৎসৱৰ সাজসজ্জাৰ অন্তিম পৰ্যায়ত আছিল, ঠিক তেতিয়াই কাদো আৰু পানীৰ প্ৰচণ্ড ঢৌ ঘৰত সোমাই পৰে।”
এজন ঘনিষ্ঠ আত্মীয়ই আল-জাজিৰাক জনালে যে বিবাহ উপলক্ষে একত্ৰিত হোৱা পৰিয়ালৰ ২৮ জন সদস্য এতিয়া মৃত।
হাইদৰে আৰু ক’লে — “কর্তৃপক্ষই কয় যে পথ-ঘাট পৰিষ্কাৰ কৰিবলৈ সপ্তাহ লাগিব আৰু তাৰ পিছতহে মেৰামতিৰ কাম আৰম্ভ হ’ব। গঠনগত ক্ষতি ব্যাপক, আৰু অধিক বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে।”
ৰবিবাৰে ৰাষ্ট্ৰসংঘৰ মহাসচিব আন্তোনিও গুতেৰেছৰ কাৰ্যালয়ে এক বিবৃতিত কৈছিল যে ভাৰত আৰু পাকিস্তানত অহা আকস্মিক বানে হোৱা মৃত্যুৰ বাবে তেওঁ গভীৰ দুঃখ প্ৰকাশ কৰিছে।
গুতেৰেছৰ মুখপাত্ৰ ষ্টেফান দ্যুজাৰিকে ক’লে — “মহাসচিব নিহতসকলৰ পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে আৰু এই দুৰ্যোগত ক্ষতিগ্ৰস্তসকলৰ সৈতে সংহতি প্ৰকাশ কৰিছে।” তেওঁয়ে আৰু ক’লে — “ৰাষ্ট্ৰসংঘৰ দেশীয় দলসমূহ চৰকাৰৰ প্ৰয়োজনীয় সহায়ৰ বাবে সদায় উপলব্ধ।”
চৰকাৰী সমালোচনা
পাকিস্তানৰ বুনেৰত ৰাগান্বিত বাসিন্দাসকলে অভিযোগ কৰিছে যে প্ৰচণ্ড বৰষুণ আৰু মেঘফুটিৰ ফলত হোৱা ভয়াৱহ বান আৰু ভূমিস্খলনৰ আগতে তেওঁলোকক উচ্ছেদ কৰিবলৈ সতৰ্ক কৰা হোৱা নাছিল। দূৰৱৰ্তী অঞ্চলত পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা মছজিদৰ লাউডস্পীকাৰে কোনো ধৰণৰ সতৰ্কবাণী প্ৰকাশ কৰা নাছিল।
পীৰ বাবা গাঁওৰ এজন বিদ্যালয় শিক্ষক মহম্মদ ইকবালে এছ’চিয়েটেড প্ৰেছ সংবাদ সংস্থাক কৈছিল যে সময়োপযোগী সতৰ্কবাণীৰ অভাৱত বহু লোকৰ মৃত্যু ঘটিল আৰু বহুতে অন্তিম মুহূর্তত ঘৰছাড়া হ’বলগীয়া হ’ল।
তেওঁ ক’লে — “জীৱিতসকলে একো নোলোৱাকৈ পলায়ন কৰিব লাগে। যদি আগতেই জনোৱা হ’লহেঁতেন, তেতিয়া জীৱন ৰক্ষা কৰিব পাৰিল হেঁতেন আৰু বাসিন্দাসকলে অধিক সুৰক্ষিত স্থানলৈ সৰিব পাৰিলহেঁতেন।”
চৰকাৰে ক’লে যে আগতীয়া সতৰ্কবাণী প্ৰণালী ব্যৱস্থা আছিল যদিও, বুনেৰত অহা বৰষুণ অতিমাত্রাত হৈ পৰিল, ফলত বানে আঘাত কৰাৰ আগতে লোকসকলক সতৰ্ক কৰিব পৰা নহ’ল।
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (National Disaster Management Authority )ৰ সভাপতি লেফ্টিনেণ্ট জেনেৰেল ইনাম হাইদাৰ মালিকে ইছলামাবাদত এক সংবাদ সম্মেলনত কৈছিল যে জলবায়ু পৰিৱৰ্তনৰ ফলত পাকিস্তানত বৰ্তমান হাওঁফাওঁ পৰিৱৰ্তনৰ ধাৰা সলনি হৈ আছে। তেওঁ যোগ কৰিলে - যেতিয়াৰ পৰা এইবছৰৰ বৰষুণৰ ৰজুৱাই আৰম্ভ হৈছে (জুন মাহত), পাকিস্তানে ইতিমধ্যে যোৱা বছৰ এই সময়ত পোৱা তুলনায় ৫০ শতাংশ অধিক বৰষুণ পাইছে। তেওঁ সতৰ্ক কৰি ক’লে যে অহা দিনত আৰু অধিক তীব্ৰ হাওঁফাওঁ হব পাৰে, আৰু এই মাহজুৰি ভাৰী বৰষুণ অহাৰ সম্ভাৱনা আছে।
প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (the Provincial Disaster Management Authority)ৰ মহাপৰিচালক আছফান্দইয়াৰ খানে কৈছিল — “পৃথিৱীৰ কোনো ঠাইতেই এনে কোনো পূৰ্বাভাস প্ৰণালী নাই যিয়ে ঠিক কেতিয়া আৰু ক’ত মেঘফুটি হ’ব সেয়া আগতকৈ কব পাৰে।”
দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অন্য এজন বিষয়া, ইদ্ৰিছ মাহচুদে ক’লে যে পাকিস্তানৰ আগতীয়া সতৰ্কবাণী প্ৰণালী উপগ্ৰহ চিত্ৰ আৰু আবহাওয়াগত তথ্যৰ আধাৰত স্থানীয় কৰ্তৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰে। এইবোৰ সংবাদ মাধ্যম আৰু সমাজৰ নেতৃবৃন্দৰ যোগেদি জনসাধাৰণলৈ প্ৰেৰণ কৰা হয়। তেওঁ ক’লে যে যোৱা সময়ত কেৱল নদ-নদীত পানী বাঢ়ি আছিল এতিয়া বৰষুণে চহৰ অঞ্চলতো আকস্মিক বান সৃষ্টিকৰিছে।
পাকিস্তানত প্ৰতিবছৰে জুনৰ পৰা ছেপ্টেম্বৰলৈ চলা বৰষুণৰ ঋতুত পাহাড়ীয়া উত্তৰ-পশ্চিম অঞ্চলত বান আৰু ভূমিস্খলন নিয়মীয়াকৈ হয়। এই অঞ্চলৰ বহু গাঁও খাড়া পাহাৰৰ ঢালত আৰু নদীৰ কাষত অৱস্থিত হোৱাৰ বাবে বিশেষকৈ বিপদজনক।
বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনে দক্ষিণ এছিয়াত এনে চূড়ান্ত হাওঁফাওঁ ঘটনাসমূহৰ সংখ্যা আৰু তীব্ৰতা দুয়ো বৃদ্ধি কৰিছে। পাকিস্তানে পৃথিৱী উষ্ণ কৰি তোলা গেছসমূহৰ উৎপাদনত ১ শতাংশো কম অৱদান দিয়া সত্ত্বেও, ই তীব্ৰ তাপদাহ, অতিবৰষুণ, হিমবাহৰ ধ্বংসৰ ফলত হোৱা বান আৰু মেঘফুটিৰ দৰে বিপৰ্যয়ৰ সন্মুখীন হৈ আছে, যিবোৰে কেৱল কেইঘণ্টাৰ ভিতৰতে স্থানীয় জনগোষ্ঠী ধ্বংস কৰি পেলায়।
সত্ৰ — আল-জাজীৰা