ভি. ডি. ছতীশন: বিৰোধী নেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ
ভূমিকা।
কেৰালাৰ সমকালীন ৰাজনীতিত যিসকল নেতাই নিজৰ দূঢ় নেতৃত্ব, তীক্ষ্ণ ৰাজনৈতিক দৃষ্টিভংগী আৰু জনমুখী ভুমিকাৰে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, তাৰে ভিতৰত ভি. ডি. ছতীশন (V. D. Satheesan) অন্যতম। ছাত্ৰ ৰাজনীতিৰ মঞ্চৰ পৰা আৰুম্ভ হোৱা তেওঁৰ ৰাজনৈতিক জীৱনে খাপে খাপে কেৰালাৰ মূলধাৰাৰ ৰাজনীতিত এটা শক্তিশালী স্থান লাভ কৰিছে। বিৰোধী দলৰ নেতা হিচাপে আপোচহীন ভুমিকা, বিধানসভাত তথ্যসমৃদ্ধ বক্তব্য আৰু জনতাৰ সমস্যা লৈ ৰাজপথত কৰা আন্দোলনে তেওঁক এখন গণনেতাৰূপে প্ৰতিষ্ঠা কৰিছে। দুই দশকৰো অধিক সময় ধৰি কেৰালাৰ ৰাজনীতিত সক্ৰিয় ভুমিকা পালন কৰা ছতীশনৰ প্ৰগতি কেৱল এজন ব্যক্তিৰ সফলতাৰ কাহিনী নহয়। এইটো মূলতঃ কংগ্ৰেছ ৰাজনীতিৰ পৰিৱৰ্তন, নতুন নেতৃত্বৰ উত্থান আৰু জনমুখী ৰাজনৈতিক সংস্কৃতিৰ প্ৰতিফলন। দেৱৰাগমৰ পৰা ক্লিফ হাউছলৈ তেওঁৰ সম্ভাৱনাময় যাত্ৰা আজিৰ কেৰালাৰ ৰাজনীতিত এখন নতুন অধ্যায়ৰ সূচক হিচাপে বিবেচিত হৈছে। এইখন প্ৰবন্ধত ভি. ডি. চতীশনৰ ছাত্ৰজীৱনৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ উত্থান, ৰাজনৈতিক সংঘাত, সংগঠনিক দক্ষতা আৰু মুখ্যমন্ত্ৰী পদলৈ আগবঢ়া সম্ভাৱনাময় যাত্ৰা বিভিন্ন দিশ বিশদভাৱে আলচোনা কৰা হ’ব।
দেৱৰাগমৰ পৰা ক্লিফ হাউচলৈ: এখন দীঘল ৰাজনৈতিক যাত্ৰা।
পাৰাভুৰস্থিত নিজৰ বাসগৃহ ‘দেৱৰাগম’ৰ পৰা ভি. ডি. চতীশনে কংগ্ৰেছ বিধায়ক হিচাপে কেৰালা বিধানসভাত প্ৰৱেশ কৰাৰ পঁচিশ বছৰৰ পিছত, এতিয়া তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ‘ক্লিফ হাউছ’লৈ আগবাঢ়িবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি ৰাজনৈতিক মহলত জোৰালো আলোচনা চলিছে। দীর্ঘ ৰাজনৈতিক অভিজ্ঞতা, সংগঠনিক দক্ষতা আৰু বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ শক্তিশালী ভূমিকা চতীশনক কেৰালাৰ ৰাজনীতিত এটা প্ৰভাৱশালী ব্যক্তিত্বত পৰিণত কৰিছে। ছাত্র ৰাজনীতিৰ পৰা আৰম্ভ হোৱা তেওঁৰ যাত্ৰাই লাহে-লাহে ৰাজ্যিক ৰাজনীতিত এখন দৃঢ় স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে।
বিশেষকৈ বিধানসভাত চৰকাৰৰ নীতিৰ ওপৰত তেওঁৰ তীক্ষ্ণ সমালোচনা, জনমুখী বিষয়সমূহৰ ওপৰত স্পষ্ট অৱস্থান আৰু দলীয় সংগঠন শক্তিশালী কৰাৰ প্ৰচেষ্টাই তেওঁক জনতাৰ মাজত অধিক গ্ৰহণযোগ্য কৰি তুলিছে। এই কাৰণেই বহু ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে ছতীশনৰ নেতৃত্বত কেৰালাৰ ৰাজনীতিত এক নতুন অধ্যায় সূচিত হ’ব পাৰে।
চতীশনৰ ৰাজনৈতিক উত্থান
কংগ্ৰেছ বিধায়ক হিচাপে ‘দেৱৰাগম’ৰ পৰা ‘ক্লিফ হাউছ’লৈ ভি. ডি. সতীশানে অতিক্ৰম কৰা এই ৰাজনৈতিক দূৰত্ব কেৱল এজন নেতাৰ ব্যক্তিগত সফলতাৰ কাহিনী নহয়; এইটো মূলতঃ কেৰালাত কংগ্ৰেছ দলৰ কেইটামান দশকৰ ৰাজনৈতিক ইতিহাসৰ প্ৰতিফলন। এই দীঘলীয়া সময়ছোৱাত কেৰেলা ষ্টুডেন্টচ ইউনিয়নৰ প্ৰাক্তন নেতা ভি. ডি. চতীশানে সংগঠনৰ ভিতৰত আৰু বাহিৰত দুয়ো ক্ষেত্ৰতেই নিজৰ নেতৃত্ব, প্ৰভাৱ আৰু ৰাজনৈতিক শক্তি ক্ৰমাৎ বিস্তৃত কৰিবলৈ সক্ষম হয়। ছাত্র ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ৰাজনীতিলৈ তেওঁৰ এই যাত্ৰাই কঠোৰ পৰিশ্ৰম, সংগঠনিক দক্ষতা আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ এটা উজ্জ্বল উদাহৰণ স্থাপন কৰিছে।
ছাত্র ৰাজনীতিৰ পৰা নেতৃত্বৰ পথচলা
দলৰ আন বহু সমসাময়িক নেতাৰ দৰেই ভি. ডি. চতীশনে নিজৰ জনজীৱনৰ কেৰালা ষ্টুডেণ্টছ ইউনিয়নৰ এজন সক্ৰিয় কৰ্মী হিচাপে কৰিছিল। ছাত্র ৰাজনীতিৰ এই পৰ্যায়তেই তেওঁৰ নেতৃত্বগুণ, সংগঠনিক দক্ষতা আৰু জনসম্পৰ্ক গঢ়ি তোলাৰ সামৰ্থ্য স্পষ্টভাৱে প্ৰতিফলিত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ন্যাশনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়াৰো (National Students' Union of India) এজন পদাধিকাৰী হিচাপে দায়িত্ব পালন কৰে। এই দায়িত্বই তেওঁক ৰাজ্যিক সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্র-যুৱ ৰাজনীতিৰ সৈতে অধিক গভীৰভাৱে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ উপৰিও ছতীশনে মহাত্মা গান্ধী বিশ্ববিদ্যালয় ইউনিয়নৰ চেয়াৰপাৰ্ছন হিচাপেও নিৰ্বাচিত হৈছিল। এই পদত থাকোঁতে তেওঁ ছাত্রসমাজৰ সমস্যা, শিক্ষা ব্যৱস্থাৰ উন্নয়ন আৰু গণতান্ত্ৰিক মূল্যবোধৰ পক্ষে দৃঢ় ভূমিকা গ্ৰহণ কৰিছিল। ছাত্রজীৱনৰ এই অভিজ্ঞতাসমূহেই পৰৱৰ্তী সময়ত তেওঁৰ বৃহৎ ৰাজনৈতিক জীৱনৰ শক্তিশালী ভিত্তি গঢ়ি তোলে।
বিৰোধী দলৰ নেতাৰ আসনলৈ
ভি. ডি. চতীশনক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেশ চেন্নিথালাৰ ঘনিষ্ঠ সহযোগী হিচাপেও গণ্য কৰা হৈছিল। কিন্তু পাঁচ বছৰৰ আগতে বিৰোধী দলৰ নেতাৰ পদক কেন্দ্ৰ কৰি হোৱা ৰাজনৈতিক পৰিস্থিতিত চতীশনে চেন্নিথালাক অতিক্ৰম কৰি সেই গুৰুত্বপূর্ণ পদ লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ত এই সিদ্ধান্ত কেৰালা কংগ্ৰেছৰ ৰাজনীতিত এটা উল্লেখযোগ্য টাৰ্নিং পোইন্ট হিচাপে বিবেচিত হৈছিল। বহু বিশ্লেষকে ইয়াক দলৰ ভিতৰত নতুন নেতৃত্বৰ উত্থান আৰু প্ৰজন্মগত পৰিবর্তনৰ সূচনা বুলি অভিহিত কৰিছিল।
তেওঁ কোনো এটা গোটৰ সীমাত আবদ্ধ নাথাকি দলীয় ঐক্য আৰু সংগঠন শক্তিশালী কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। বিগত দশকসমূহত চতীশন ধীৰে ধীৰে এজন তীক্ষ্ণবুদ্ধিসম্পন্ন আৰু অভিজ্ঞ বিধায়ক হিচাপে পৰিপক্ব হৈ উঠে। বিধানসভাত তেওঁৰ তথ্যসমৃদ্ধ বক্তব্য, আইনী জ্ঞান আৰু জনস্বাৰ্থমূলক বিষয়সমূহত সক্ৰিয় অংশগ্ৰহণে তেওঁক আন নেতাসকলৰ পৰা পৃথক পৰিচয় প্ৰদান কৰে। চৰকাৰৰ নীতিৰ ওপৰত যুক্তিসংগত সমালোচনা আৰু বিকল্প দৃষ্টিভংগী উপস্থাপন কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ সুনাম অৰ্জন কৰে। এই ৰাজনৈতিক দক্ষতা আৰু নেতৃত্বগুণৰ স্বীকৃতি স্বৰূপে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে ২০২১ চনৰ মে’ মাহত সতীশানক কেৰালা বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব অৰ্পণ কৰে। এই নিযুক্তিয়ে তেওঁৰ ৰাজনৈতিক জীৱনত এক নতুন অধ্যায় সূচনা কৰে আৰু তেওঁক ৰাজ্যজুৰি অধিক জনপ্ৰিয় আৰু প্ৰভাৱশালী নেতাত পৰিণত কৰে।
শাসক মৰ্চাৰ সৈতে, বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী ৱিজয়নৰ বিপক্ষে ভি. ডি. ছতীশনে মুখামুখি ৰাজনৈতিক সংঘাত গ্ৰহণ কৰে আৰু তেওঁৰ নেতৃত্বৰ দৃঢ়তা আৰু সাহসিকতা বঢ়াবলৈ সক্ষম হয়। বিধানসভাৰ ভিতৰত চৰকাৰৰ নীতি, দুৰ্নীতিৰ অভিযোগ, প্ৰশাসনিক ব্যৰ্থতা আৰু জনবিৰোধী সিদ্ধান্তসমূহৰ ওপৰত তেওঁ যি তীক্ষ্ণ আৰু তথ্যসমৃদ্ধ আক্রমণ চলাইছিল, সেয়া কেৰালাৰ ৰাজনীতিত ব্যাপক আলোচনাৰ বিষয় হৈ পৰে।
ইউডিএফৰ বিজয় আৰু শীৰ্ষ নেতৃত্বত আৰোহণ
বিৰোধী দলৰ নেতা হিচাপে ছতীশনে যি সক্ৰিয়তা, স্পষ্টভাষিতা আৰু জনমুখী ৰাজনীতি প্ৰদৰ্শন কৰিছিল, সেয়াই পৰৱৰ্তী সময়ত তেওঁৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি কৰে। তাৰ পাঁচ বছৰৰ পিছত, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত United Democratic Front ইউডিএফে অভূতপূৰ্ব জয় লাভ কৰাৰ লগে লগে সতীশান দলৰ শীৰ্ষ নেতৃত্বৰ কেন্দ্ৰবিন্দুত উপনীত হয়। এই বিজয়ে কেৰালাৰ ৰাজনীতিত নতুন যুগৰ সূচনা কৰাৰ সংকেত দিছে বুলি বহুতে মত প্ৰকাশ কৰিছে। এতিয়া ছতীশন ১০২ সদস্যবিশিষ্ট ইউডিএফক বিধানসভাত নেতৃত্ব দিব। তেওঁৰ ওপৰত কেৱল চৰকাৰ গঠনৰ দায়িত্বই নহয়, জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বৃহৎ ৰাজনৈতিক দায়িত্বও ন্যস্ত হৈছে। তেওঁৰ নেতৃত্বত কেৰালাৰ ৰাজনীতিত উন্নয়ন, স্বচ্ছতা আৰু জনমুখী শাসনৰ এক নতুন অধ্যায় আৰম্ভ হ’ব বুলি সমৰ্থকসকলে আশা প্ৰকাশ কৰিছে।
ভি. ডি. ছতীশনে ২০০১ চনত প্ৰথমবাৰৰ বাবে কেৰালা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছৰে পৰা দলৰ গোট-উপগোটে বিভক্ত ৰাজ্যিক কংগ্ৰেছ ৰাজনীতিত অত্যন্ত সচেতন আৰু কৌশলীভাৱে নিজৰ স্থান সুদৃঢ় কৰি তুলিছিল। কেৰালাৰ কংগ্ৰেছ ৰাজনীতি বহুদিন ধৰি গোষ্ঠীদ্বন্দ্ব আৰু অন্তঃকলহৰ বাবে পৰিচিত। এনে জটিল পৰিস্থিতিৰ মাজতো ছতীশনে সংযম, দূৰদৰ্শিতা আৰু ৰাজনৈতিক বিচক্ষণতাৰে নিজৰ স্বতন্ত্ৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰী পদলৈ
বৃহস্পতিবাৰে, ২০২৬ চনৰ ১৪ মে’ মাহত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভি. ডি. ছতীশ্বনক কেৰালা বিধানসভাত দলীয় সংসদীয় নেতা হিচাপে ঘোষণা কৰাৰ পিছত, তেওঁ নিশ্চয়েই নিজৰ ৰাজনৈতিক জীৱনৰ আন এক বৃহৎ ৰূপান্তৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। বহু ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, এই লক্ষ্য হয়তো সতীশানে অন্ততঃ পাঁচ বছৰৰ আগতেই সুপৰিকল্পিতভাৱে নিৰ্ধাৰণ কৰি ৰাখিছিল।
বিধানসভাৰ ভিতৰত শাসক পক্ষৰ বিপক্ষে তেওঁৰ তীক্ষ্ণ যুক্তি আৰু বাহিৰত জনতাৰ সমস্যা লৈ চলোৱা আন্দোলনে তেওঁক এক গণনেতাৰ মৰ্যাদা প্ৰদান কৰিছে। এতিয়া সেই বিৰোধী নেতাৰ ভূমিকাৰ পৰা কেৰালাৰ মুখ্যমন্ত্ৰী পদলৈ যাত্ৰা সতীশানৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ অধ্যায় হিচাপে বিবেচিত হৈছে। যদিও এই পথ সহজ নহয়, তথাপিও তেওঁৰ বিগত বছৰৰ ৰাজনৈতিক অভিজ্ঞতা, সংগঠনিক দক্ষতা আৰু ৰাজ্যজুৰি গঢ়ি উঠা জনসমৰ্থনে এই যাত্ৰাক অধিক তাৎপৰ্যপূর্ণ কৰি তুলিছে।
উপসংহাৰ
ভি. ডি. ছতীশনৰ ৰাজনৈতিক জীৱন এটা অধ্যৱসায়, দূৰদৰ্শিতা আৰু জনমুখী নেতৃত্বৰ উল্লেখযোগ্য উদাহৰণ। ছাত্ৰৰাজনীতিৰ পৰা আৰম্ভ কৰি কেৰালাৰ অন্যতম প্ৰভাৱশালী নেতালৈ তেওঁৰ উন্নতি প্ৰমাণ কৰে যে দৃঢ় মনোবল আৰু জনসেৱাৰ মানসিকতাই এজন নেতাক উচ্চস্থৰত উপনীত কৰিব পাৰে। বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ সাহসী ভূমিকা আৰু জনতাৰ সমস্যালৈ কৰা সক্ৰিয় ৰাজনীতিয়ে তেওঁক ডাঙৰ এখন নেতাত পৰিণত কৰিছে।
লেখকঃ মো: জাহিৰ আলী