আমেৰিকাৰ সুবিখ্যাত অভিনেতা জিয়ানকাৰ্লো এছপ'জিটোৰ ছৌদি আৰৱত অৱস্থানৰ সময়ত ইছলাম গ্ৰহণ।

 

পুৰস্কাৰপ্ৰাপ্ত আমেৰিকান অভিনেতা জিয়ানকাৰ্লো এছপ'জিটো, যি ব্ৰেকিং বেড (Breaking Bad) আৰু (বেটাৰ কল চ’ল (Better Call Saul) ধাৰাবাহিকত অভিনয়ৰ বাবে বিশ্বজুৰি সুপৰিচিত, তেওঁ ছৌদি আৰৱত অৱস্থানৰ সময়ত ইছলাম গ্ৰহণ কৰিছে। এয়া জনা গৈছে ২১ জুনত কৰা ৰাজহুৱা ঘোষণা অনুসৰি।

Breaking Bad আৰু Better Call Saul হৈছে বিশ্বৰ চিনেমা আৰু টেলিভিছন জগতৰ আটাইতকৈ বিখ্যাত আৰু প্ৰশংসিত দুখন আমেৰিকান ধাৰাবাহিক (TV Series)। ইয়াৰ মুখ্য ধাৰা হৈছে ক্ৰাইম ড্ৰামা (Crime Drama) আৰু থ্ৰীলাৰ (Thriller)।

এই খবৰ প্ৰথমে প্ৰকাশ কৰে ছৌদি আৰৱৰ জেনেৰেল এণ্টাৰটেইনমেণ্ট কর্তৃপক্ষৰ অধ্যক্ষ তুৰ্কী আল-শ্বাইখ-এ। তেওঁৰ মতে, জিয়ানকাৰ্লো এছপ'জিটোৱে শাহাদাহ (ইছলামৰ ঈমানৰ ঘোষণা) উচ্চাৰণ কৰি আনুষ্ঠানিকভাৱে ইছলাম গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰৰ নিৰ্মাণদলৰ সদস্যসকলৰ সৈতে ছৌদি আৰৱৰ এখন মছজিদত জামাআতৰ সৈতে নামাজতো অংশগ্ৰহণ কৰে।

Saudi Gazette-ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ছৌদি আৰৱৰ অন্যতম বৃহৎ চলচ্চিত্ৰ প্ৰকল্প Seven Dogs-ৰ চিত্ৰগ্ৰহণৰ বাবে ৰাজ্যখনত অৱস্থান কৰি থকা সময়তে এছপ'জিটোৱে ইছলাম গ্ৰহণ কৰে। এই চলচ্চিত্ৰখনত বিশ্বৰ কেইবাজনো খ্যাতনামা অভিনেতাই অভিনয় কৰিছে আৰু ছৌদি আৰৱৰ দ্ৰুত বিকাশমান মনোৰঞ্জন খণ্ডৰ বিস্তৃত সহায়ত ইয়াৰ নিৰ্মাণকাৰ্য চলি আছে।

Okaz-কে ধৰি কেইবাটাও আৰবী সংবাদমাধ্যমেও এই খবৰ প্ৰকাশ কৰিছে। সংবাদসমূহত উল্লেখ কৰা হৈছে যে তুৰ্কী আল-শ্বাইখে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ঘোষণা আৰু ভিডিঅ'ৰ ভিত্তিত এই তথ্য পোহৰলৈ আহে। প্ৰতিবেদনসমূহ অনুসৰি, শাহাদাহ পাঠ কৰাৰ পিছত এছপ'জিটোৱে নিৰ্মাণদলৰ সদস্যসকলৰ সৈতে মছজিদত একেলগে জামাআতৰ নামাজ আদায় কৰে।

১৯৫৮ চনত জন্মগ্ৰহণ কৰা জিয়ানকাৰ্লো এছপ'জিটো হলিউডৰ অন্যতম সন্মানীয় অভিনেতা। Breaking Bad আৰু Better Call Saul ধাৰাবাহিকত গুস্তাভো ফ্ৰিং চৰিত্ৰত তেওঁৰ অনবদ্য অভিনয়ে তেওঁক বিশ্বব্যাপী খ্যাতি অৰ্জন কৰাইছে আৰু একাধিক সন্মানীয় বঁটাৰ বাবে মনোনয়ন লাভ কৰাইছে। ইয়াৰ উপৰিও তেওঁ দা মেণ্ডেল’ৰিয়ান (The Mandalorian), দা বয়জ (The Boys) আৰু আন বহু সমালোচকৰ প্ৰশংসিত চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰিছে।

Gustavo Fring (যাৰ চুটি নাম ‘Gus Fring’—গেছ ফ্ৰীং) হৈছে বিখ্যাত আমেৰিকান টিভি ধাৰাবাহিক Breaking Bad আৰু ইয়াৰ প্ৰিকুৱেল Better Call Saul-ৰ আটাইতকে জনপ্ৰিয় আৰু ভয়ংকৰ খলনায়ক (Villain) বা কুখ্যাত চৰিত্ৰসমূহৰ অন্যতম। চিনেমা জগতত এই চৰিত্ৰটোক অন্যতম শ্ৰেষ্ঠ ‘মেথডিকেন খলনায়ক’ (Methodical Villain) হিচাপে গণ্য কৰা হয়। এই চৰিত্ৰটোৰ অভিনেতাগৰাকী হৈছে জিয়ানকাৰ্লো এস্প’জিট’।

এই প্ৰতিবেদন লিখা সময়লৈকে, জিয়ানকাৰ্লো এছপ'জিটোৰ ইছলাম গ্ৰহণ সম্পৰ্কীয় মূল উৎস হৈছে তুৰ্কী আল-শ্বাইখে প্ৰকাশ কৰা ভিডিঅ' আৰু ঘোষণা, যিটো পিছত ছৌদি আৰু আঞ্চলিক সংবাদমাধ্যমসমূহে প্ৰকাশ কৰে। অৱশ্যে, ইছলাম গ্ৰহণৰ সিদ্ধান্তৰ কাৰণ বা তেওঁৰ ব্যক্তিগত অনুভৱ সম্পৰ্কে অভিনেতাজনে এতিয়ালৈকে কোনো বিস্তৃত ৰাজহুৱা বক্তব্য প্ৰকাশ কৰা নাই।

 

তথ্যসূত্ৰ

  • Saudi Gazette: Giancarlo Esposito embraces Islam during stay in Saudi Arabia
  • Okaz (আৰবী): তুৰ্কী আল-শ্বাইখৰ ঘোষণাসংক্ৰান্ত প্ৰতিবেদন আৰু মছজিদ ভ্ৰমণৰ খবৰ।
  • তুৰ্কী আল-শ্বাইখৰ চৰকাৰী সামাজিক মাধ্যমত প্ৰকাশিত ঘোষণা আৰু ভিডিঅ' (যি ছৌদি সংবাদমাধ্যমসমূহে উদ্ধৃত কৰিছে)।
  • ইছলাম অন ৱেব ইংৰাজি।

 

Related Posts

Leave A Comment

Voting Poll

Get Newsletter