মুছলমান সকল ইউনিফৰ্ম ছিভিল কোডৰ বিৰুদ্ধে কিয়?

মুছলমান সকল ইউনিফৰ্ম ছিভিল কোডৰ বিৰুদ্ধে কিয়?

 

ইউনিফৰ্ম ছিভিল কোডৰ ধাৰণাটো ২৭ জুনৰ পিছত আকৌ পোহৰলৈ আহিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদি, ভূপালে বি.জে.পি. কৰ্মীৰ এখন জনসভায় UCC ৰ পক্ষত বক্তব্য দিছিল যে, দেশত বিভিন্ন শ্ৰেণীৰ নাগৰিক সকলৰ কাৰণে পৃথক আইন থাকিব নোৱাৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদি আৰু যোগ কৰিছে যে, এটা পৰিয়াল যেন ভালকৈ কাম নকৰে যদি ইয়াত প্ৰতিটো সদস্যৰ কাৰণে পৃথক নিয়ম থাকে, একে দৰে দেশটো এই জাতীয় দ্বৈত পদ্ধতিৰ অধীনত মসৃণ ভাবে কাম নকৰে।

তেতিয়াৰ পৰাই ধাৰণাটো বিতৰ্ক জ্বলিছে। UCCৰ প্ৰৱক্তা সকল দাবি কৰিছে যে, এই বিধানটো সমতা, সামাজিক ন্যায় বিচাৰ আৰু জাতীয় সংহতিকে উন্নীত কৰিব যিটো দেশৰ কাৰণে ডাঙৰ জয়  হব। যোত বিৰোধী সকল বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ উপৰত একীভূত আইনৰ ধাৰণাৰ দ্বাৰা আঘাত পোৱা বুলি মনত হয়, কাৰণ এইটো তেওঁলোকৰ অধিকাৰ লঙঘন কৰিব আৰু সাংস্কৃতিক স্বায়ত্তশাসন আৰু ধৰ্মীয় স্বাধীনতাৰ এটা অবিচ্ছেদ্য অংশক ক্ষুন্ন কৰিব। এতেকে জনগণৰ সৰ্ব্বোত্তম স্বাৰ্থ ক’ত থাকে সেইটো উপলব্ধি কৰা উভয় অংশৰ বাবেই বিতৰ্কৰ বিষয় হৈ থিয় দিছে।

 

যদিও এই বিষয়ত মুছলমান সকলৰ বিৰোধীতাৰ মুখ হিচাপে দেখা হৈছে, তৰ্কাতীত ভাবে ধৰি লোৱা হয়। যিটো বিষয় কেৱল মাত্ৰ মুছলিম অংশৰ কাৰণে, কিন্তু প্ৰকৃত পক্ষত, এইটো মুছলিম ইচু হিচাপে চিত্ৰিত কৰা সচাকৈ অযুক্তিক, যিহেতু এইটো শ শ উপজাতীয় সম্প্ৰদায় সহ যি সকলৰ নিজস্ব সামাজিক, সাংস্কৃতিক পৰিচয় আছে, সমগ্ৰ দেশৰ সমগ্ৰ সামাজিক স্তৰক প্ৰভাবিত কৰিব বুলি আশা কৰা হৈছে। ইউনিফৰ্ম ছিভিল কোডক ভাৰতৰ নিচিনা এটা বিশাল বহু ধৰ্মীয় দেশৰ কাৰণে উপযুক্ত বা উপযোগী নহয় বুলি উল্লেখ কৰি All India Muslim Personal Law Board কৈছে ভাৰত এটা বহু বিশ্বাসৰ দেশ আৰু প্ৰত্যেক নাগৰিকক তাৰ বিশ্বাস আৰু ধৰ্মীয় বিশ্বাসৰ অনুশীলন আৰু প্ৰচাৰ কৰাৰ আনকি সেই অনুযায়ী কৰ্ম ও প্ৰচাৰ কৰাৰ নিশ্চিত দিয়া হৈছে।

 

তদুপৰি সকলো প্ৰধান মুছলিম সংগঠন সমূহে সন্মিলিত ভাবে এটা যৌথ বিবৃতি জাৰি কৰিছে আৰু UCC আৰোপৰ বিৰুদ্ধে সৰব হৈছে যে, চৰকাৰৰ উচিত সংবিধান বৰ্ণিত ধৰ্মীয় স্বাধীনতাক সন্মান কৰা আৰু মুছলমান সকলক তেওঁলোকৰ আপত্তি সমূহ ১৪ জুলাইৰ আগত আইন কমিশনত পঠোৱাৰ বাবে আবেদন কৰা হৈছে। এই যোগদানৰ বিবৃতিত All India Muslim Personal Law Board ৰ সভাপতি মৌলানা খালিদ ছাইফুল্লাহ, অহলে হাদিছৰ সভাপতিঃ মোহাম্মদ আজগৰ আলী, ইমাম মেহেদী, জামাত উলামায়ে ই হিন্দৰ সভাপতি মৌলানা আৰশাদ মাদানী, জামায়াতে উলেমা ই হিন্দেৰ সভাপতি মৌলানা মাহমুদ মাদানী আৰু জামায়াতে ইছমালীৰ সভাপতি ছাদাতুল্লাহ হুছাইনি সহ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিত্ব আৰু সংগঠনৰ দ্বাৰা স্বাক্ষৰিত হৈছিল।

 

মুছলমান সকলৰ খণ্ডনৰ ভিত্তি

দীৰ্ঘ দিন ধৰি বিভিন্ন জাতি উপ-জাতি আৰু ধৰ্মৰ লোক সকলৰ বাসস্থান এনেকুৱা এটা জাতিৰ কাৰণে নাগৰিকৰ আইন হিচাপে UCCৰ উপযুক্ততা লৈ আলোচনা হৈছএ। সাধাৰণ ভাবে সকলো সংখ্যালঘু আনকি নিৰ্দ্দিষ্চ ভাবে মুছলিম সকল অভিন্ন দেৱানী বিধিৰ এই ধাৰণাৰ বিৰুদ্ধে কাৰণ এটা সংবিধানৰ মৌলিক অধিকাৰৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ ২৫ ৰ পৰা ২৮ অনুচ্ছেদৰ নিশ্চিত কৰি যি প্ৰত্যেক ভাৰতীয়ৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে। অনুচ্ছেদ ২৫ ৰ অধীনত প্ৰতিটো নাগৰিকৰ বিবেকৰ স্বাধীনতাৰ অধীকাৰ আছে। তাৰ সৈতে তেওঁলোকৰ বিশ্বাসৰ দাবি, অনুশীলন আৰু প্ৰচাৰৰ অধিকাৰ আছে, অনুচ্ছেদ ২৬ৰ অধীনত প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ক নৈতিকতা, স্বাস্থ্য আৰু পাবলিক অৰ্ডৰ, অনুচ্ছেদ ২৭ ৰ অধীনত এটা ট্যাক্স লোৱা নিষিদ্ধ যিটো পোন পটিয়া এটা নিৰ্দ্দিষ্ট ধৰ্ম বা ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰচাৰ অথবা ৰক্ষণাবেক্ষনক সমৰ্থন কৰা আৰু অনুচ্ছেদ ২৮ ৰ অধীনত এটা ধৰ্মীয় সংগঠনৰ দ্বাৰা পৰিচালিত শিক্ষা প্ৰতিষ্ঠানত ধৰ্মীয় শিক্ষাৰ প্ৰচাৰক সক্ষম কৰে। এইটো কি স্বভাৱগত ভাবে বিৰোধীতামূলক নহয়। যি চৰকাৰ সমতাৰ ধাৰণা নিশ্চিত কৰাৰ কাৰণে অভিন্ন দেৱানী বিধি আৰোপ কৰিছে যিটো ধৰ্মৰ স্বাধীনতাৰ মূল্য ১৪....১৮ অনুচ্ছেদৰ মৌলিক অধিকাৰ সমূহত অন্তৰ্ভুক্ত কৰা হৈছে। যিটো সমৰ্থন কৰিছে সংবিধানৰ অনুচ্ছেদ ২৫...২৮ ৰ অধীনত ভাৰতৰ সংবিধানৰ তৃতীয় অংশৰ অধীনত সংবিধান, সেয়ে সংবিধান যদি সম্পূৰ্ণ ভাবে ধৰ্ম পালন নিশ্চিত কৰে, তেনেহলে অভিন্ন দেৱানী বিধি প্ৰৱৰ্তনৰ মাধ্যমত এওঁলোক কি ধৰণৰ সমতাৰ কথা কৈছে।

 

ইউনিফৰ্ম ছিভিল কোডৰ বিৰুদ্ধে মুছলমান সকলৰ খণ্ডনক সাঙুৰি আৰু এটা বিষয় হল- শৰীয়া আইনৰ সৈতে সমঞ্জস্যৰ অনুপস্থিতি। যদি শৰীয়া আইন মুছলমান সকলৰ জীৱনক নিয়ন্ত্ৰীত ধৰ্মীয় বিধি বিধানৰ এটা ছেট, ইছলামৰ ধৰ্মীয় অনুশাসনৰ উদ্ভূত আৰু ধৰ্মৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ, বিশেষ কৰি পৱিত্ৰ কোৰাণ আৰু আল্লাহৰ ৰছুলৰ ছুন্নাতৰ ওপৰত প্ৰতিষ্ঠিত মুছলমান সকল কেতিয়াও সেইটো নকৰে যে ইয়াৰ অনুশীলন বা পৱিত্ৰতাৰ সৈতে আপোচ কৰিবলৈ সন্মত হয়। এইটো কেতিয়াও মুছলমান সকলৰ ওচৰত সহনীয় হব যে, কোৰাণ আৰু ছুন্নাহ নহয় এনেকুৱা কোনো বিশেষ সম্প্ৰদায়ৰ কোনো ৰীতি নীতি বা আচাৰ অনুষ্ঠান কোনো মানৱিক ভিত্তিৰ কাৰণে কাঢ়িলোৱা হৈছে। কিন্তু মুছলমান সকলে এইটো সহ্য কৰিব নোৱাৰে যে, কোনোৱাই সিহঁতৰ শৰীয়তক লৈ ধেমালী কৰিছে।

শৰীয়া আইনৰ ধাৰণাটি সৰ্বজনীন আৰু এইভাবে যতেই উল্লেখ কৰা হৈছে, সেয়া কোৰাণ আৰু ছুন্নতৰ পৰাই প্ৰাপ্ত সেয়া বুজোৱা হৈছে, কিন্তু যেতিয়া এইটো ভাৰতৰ পক্ষে ব্যৱহাৰ হয়, তেতিয়া এইটো কিছু নিৰ্দিষ্ট বিধান আৰু সেয়াও দেৱানী আইনৰ অন্তৰ্ভূক্ত। ভাৰতত শৰীয়া আইন বুলিবলৈ মুছলিম ব্যক্তিগত আইন (শীয়য়ত) আবেদন আইন, ১৯৩৭ বুজাই যিয়ে ভাৰতত সমূহ মুছলমানৰ বিবাহ, বিবা বিচ্ছেদ, উত্তৰাধিকাৰ আৰু উত্তৰাধিকাৰ সংক্ৰান্ত বিষয় সমূহকে নিয়ন্ত্ৰণ কৰে আৰু দণ্ডবিধি বা শাস্তিৰ বিষয় সমূহক বিবেচনা কৰা নহয়, যিয়ে শৰীয়া আইনত সাধাৰণ ভাবে উল্লেখ কৰা হয় সেইখিনিত মুছলমান সকল অভিন্ন দেৱানী বিধিৰ ধৰ্মীয় ৰাজনৈতিক ধাৰণাৰ বিৰুদ্ধে। কাৰণ এইটো শৰীয়া আইনৰ বিৰুদ্ধে যায় আৰু মুছলমান সকলৰ সাম্যৰ অধিকাৰৰ আৰত তেওঁলোকৰ লক্ষ্যভ্ৰষ্ট কৰে যাতে তেওঁলোকৰ ধৰ্মীয় অনুশীলনৰ নিজস্ব সত্তা/পৰিচয় হেৰাবলৈ বাধ্য কৰা হয়।

 

কিছু অপবাদৰ জবাব

এই সময়ত যেতিয়া ইউনিফৰ্ম ছিভিল কোডৰ ধাৰণাক প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত মুছলিম সকল বিৰোধিতাৰ মুখে, তেতিয়া হয়তো কেইবাটাও প্ৰশ্ন উল্লেখ কৰা হয় যে, UCC বিৰোধি কৰা সকল নাৰী আৰু পুৰুষৰ প্ৰতি অসম দৃষ্টি ভঙ্গিৰ মাধ্যম হিচাপে ইছলাম আনকি মুছলমান সকলৰ অপমান কৰিবলৈ কোৱা হৈছে। মুছলিম সকলৰ খণ্ডন বিষয় সমূহ বুজাৰ পিছতো ইছলামৰ সামাজিক নিৰাপত্তা পদ্ধতি আৰু মুছলমান সকলৰ আপত্তিৰ ভিত্তি সমূহৰ এটা সঠিক চিত্ৰ অংকন কৰাৰ কাৰণে আৰু কেইবাটাও বিষয়ৰ উত্তৰ দিব লাগিব।

 

অস্পৃশ্যতা হলে UCC কিয় নহয় ?

UCC সম্পৰ্কে কথা কোৱাৰ সময়ত অভিন্ন দেৱানী বিধি বিৰুধী সকলে প্ৰায় শই এটা প্ৰধান প্ৰশ্নসোধে সেয়া হল যদি মানৱিক ভিত্তিৰ অস্পৃশ্যতা বিলুপ্ত কৰিব পৰা গলে কিয় একেই কাৰণত UCC অনা নাযায়। এই সকলে কয় যে, অস্পৃশ্যতা বৰ্ণ প্ৰথাৰ অন্তৰনিহিত বিশ্বাস হয়, যিটো হিন্দু ধৰ্মৰ বিষয়টো সম্পৰ্কত পঢ়াৰ সময়ত এজনে জানিব পাৰিব যে, হিন্দু ধৰ্মৰ চাৰিটা বৰ্ণ আছে, ব্ৰাহ্মণ (পণ্ডিত), ক্ষত্ৰিয় (যোদ্ধা), বৈশ্য (ব্যৱসা, চাষ বা গৰু পালন) আৰু শূদ্ৰ (সেৱামূখী) এই চাৰিটাৰ বৰ্ণৰ মাজত শূদ্ৰ সকল হল অশিক্ষিত আৰু নূন্যতম চাকৰি কৰাৰ কাৰণে অস্পৃশ্য বুলি বিবেচিত হয়। কিন্তু এইটোৰ প্ৰতি লক্ষ্য কৰিলে, এজনে আৰু জানিব পাৰিব যে, এইটো পোন পটিয়া কোনো উল্লেখ নাই আৰু এইটো তেতিয়াই অস্তিত্ব আহিছে যেতিয়া তেওঁলোকৰ অনুশীলনৰ মাধ্যমত বৰ্ণ প্ৰথাৰ প্ৰচাৰ কৰা হৈছিল। আনকি শাস্ত্ৰত যি পোৱা যায় সেয়া হল- শূদ্ৰসকলক সন্মান কৰা আৰু সিহঁতক অপমান নকৰিবা।

            মনুস্মৃতিৰ তৃতীয় অধ্যায়ত উল্লেখ কৰা আছে

            অতিথি যিয়ে বৈশ্য বা শূদ্ৰ হব পাৰে তেওঁলোককো সন্মান সহকাৰে ব্যৱহাৰ কৰা উচিত আৰু আন্তৰিক ভাবে খুওৱা উচিত।

            য’ত চতুৰ্থ অধ্যায়ত উল্লেখ কৰা হৈছে

            অক্ষমতা, জ্ঞান, বয়স, সম্পদ বা জন্মগত অৱস্থাৰ অভাৱৰ ভিত্তিত কাকো অপমান কৰা কঠোৰ ভাৱে নিষিদ্ধ।

 

ৰবাৰ্ট ডেলিজ তেওঁৰ গৱেঘণাত ভাৰতীয় অস্পৃশ্য সকল উত্‍পত্তিৰ মিথি কৈছে যে শূদ্ৰ বিশ্বাস কৰিছিল যে, সিহঁত এটা সময়ত সন্মানিত ব্যক্তি আছিল, যি সকল অতীতত ভুল বুজা বুজিৰ পিছত সিহঁতক প্ৰান্তিক অৱস্থানলৈ লৈ যোৱা হৈছে।

“সামগ্ৰীক ভাৱে ভাৰতীয় সমাজত অস্পৃশ্য সকলৰ কাৰণে এই ধৰণৰ অস্পষ্টতা সাধাৰণ” তেখেত আৰু কৈছিল, এতিয়া এইটো স্পষ্ট যে এইটো এটা নিছক ছিল সামাজিক প্ৰথা এনেকোৱা যে ধৰ্মীয় শাস্ত্ৰও সিহঁতক সমৰ্থন নকৰে, তেতিয়াহলে অস্পৃশ্যতা হলে UCC কিয় নহয় কোৱাৰ কোনো অৰ্থ নাই।

 

শৰীয়া আইনত দণ্ড বিধি কিয় নাই ?

আৰু এটা বিষয় যিটো প্ৰায়শই প্ৰশ্ন কৰা হয় যে, মুছলমান সকল যদি শৰীয়া আইনত নিহিত তেওঁলোকৰ নাগৰিক অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিচাৰে তেতিয়া হলে কিয় সিহঁত শৰীয়া আদেশ অনুসৰি দণ্ডবিধি অনুসৰণ নকৰে। পূৰ্ব উল্লেখিত হিচাপে ভাৰতত শৰীয়া আইন মুছলিম ব্যক্তিগত আইন (শৰীয়ত) আবেদন আইন ১৯৩৭ ক উল্লেখ কৰিছে যিটো কেৱল মাত্ৰ বিবাহ আৰু উত্তৰাধিকাৰৰ নিচিনা নাগৰিক বিষয় সমূহক অন্তৰ্ভূক্ত কৰে। আনকি, যদি তেওঁলোক (মুছলিম) মুছলমান হব পাৰে আৰু শৰীয়াৰ দণ্ডবিধি অনুসৰণ নকৰে সিহঁতক আঘাত নকৰা হয়, তেতিয়াহলে সিহঁত অৱশ্যই মুছমান হব যদিও সিহঁত দেৱানী বিধি অনুকৰণ নকৰে আৰু তাৰ পিছতো সিহঁতক আঘাত কৰা উচিত নহয়।

দণ্ডবিধি সম্পৰ্কে কথা কোৱাৰ সময়, এজনক বুজিব লাগিব যে, পেনেল কোৰ্ডৰ প্ৰয়োগ কেৱল মাত্ৰ এটা ইছলামী ৰাষ্ট্ৰত মসৃণভাবে কাৰ্যকৰ কৰিব পৰা যাব পাৰে তেতিয়া দেৱানী কাৰ্যবিধি হ’ল ব্যক্তিগত মৃত্যুদণ্ডক নিয়ম আৰু কোনো মুছলিম শাসক বা ইছলামী ৰাষ্ট্ৰৰ জড়িত নোহোৱাকৈ কৰিব পৰা যাব পাৰে।

 

যদি আৰু প্ৰশ্ন কৰা হয় কিয় কাজী বা আলেম সকল সিহঁতৰ তত্বাৱধানত এইটো প্ৰয়োগ কৰিব পৰা নাযায়। বুজি পোৱাৰ কাৰণে এজনক নিশ্চিত কৰিব লাগিব যে, Civil Court আৰু Panel Court ৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। Civil Court ত, বিবাহ, উত্তৰাধিকাৰী আৰু বিবাহ বিচ্ছেদৰ নিচিনা আদান প্ৰদান সমূহ মুছলমান সকল জড়িত বিষয়। যিকোনো পৰিস্থিতিত এই বিষয়ত কোনো অমুছলিম থাকিব এনে কোনো পৰিস্থিতি থাকিব নোৱাৰে, তেতিয়া দণ্ড বিধিত আনকি অমুছলিম সকলো থাকিব পাৰে। ধৰা হ’ল- কোনো মুছলমান যদি ভূলবশত কোনো অমুছলিমক হত্যা কৰে, কোনোৱাক শাৰীৰিক ক্ষতি কৰে বা সম্পত্তিৰ ক্ষতি কৰে, তেনেহলে আইন অনুযায়ী তেওঁক দিয়াত দিব লাগিব। নিহত সকলৰ বা সিহতৰ উত্তৰাধিকাৰী। কিন্তু এজন অমুছলিম কি এই ধৰণৰ অপৰাধৰ কাৰণে দিয়াত লবলৈ মান্তি হব কাৰণ সিহতৰ ধৰ্ময় এই ধৰণৰ শাস্তি অনুমোদন নকৰে। নাইবা সিহঁত এইটোৰ পৰিৱৰ্তে মৃত্যুদণ্ড বিচাৰিব। অনুৰূপ ঘটনা ঘটিব যেতিয়া এজন অমুছলিম এজন মুছলমানৰ কোনো কিছু চুৰি কৰে, তেতিয়াহলে কিন্তু ইছলামিক আইন অনুযায়ী তেওঁৰ হাত কাটি পেলোৱা উচিত। কিন্তু এই ধৰণৰ অনুশীলনৰ কাৰণে কি ইছলামী আইন প্ৰয়োগ কৰা সঠিক হব নে ভাৰতীয় আইন জাৰী কৰা সঠিক হব। এই ধৰণৰ আৰু অনেক অসুবিধা হব পাৰে আনকি সেই কাৰণেই মুছলমান সকলে ভাবে যে ভাৰতত দণ্ড বিধি প্ৰযোজ্য সেয়ে সিহঁত এইটোৰ দাবীও নকৰে।

           

মুছলিম সকল সমতা নিবিচাৰে নেকি ?

ইউনিফৰ্ম ছিভিল কোডৰ বিৰুধী সকল এনেকোৱা কিছুমান প্ৰশ্ন উত্থাপন কৰিছে আৰু সিহঁত কৈছে যে, মুছলমান সকল সমতাৰ পৰিৱেশ সৃষ্টি কৰিব নিবিচাৰে। য’ত পুৰুষৰ ওচৰা ওচৰি মহিলা সকলেও সমান ভাৱে বসবাহ কৰিব পাৰে। আনকি সংবিধানৰ বিধান অনুসৰি সিহঁত অধিকাৰ নিশ্চিত কৰিব পাৰে। ইয়াত আকৌ বিষয়টো হব ইছলামৰ শৰীয়তৰ, যদি ইছলামী আইন কাৰো বাবে কিছু নিৰ্ধাৰণ কৰি থয়, তেতিয়াহলে সেইটো হব এনেকুৱা কিছু প্ৰজ্ঞাৰ অধীনত যিটো আমালোকে হয়তো নাজানো আৰু সেইটোৰ অৰ্থ এই নহয় যে, ইছলামে সমতা নিশ্চিত কৰিব নিবিচাৰে। উত্তৰাধিকাৰৰ ক্ষেত্ৰত উদাহৰণ স্বৰূপে এটি পুত্ৰ সন্তানে এটি কণ্যা সন্তানৰ দ্বিগুণ উত্তৰাধিকাৰী হব, কাৰণ পৰিয়ালৰ আনকি ব্যক্তিগত জীৱনত তাৰ কান্ধত বহুতো বাধ্য বাধকতা থাকিব, প্ৰকৃতপক্ষে ইছলাম ইক্যুইটি অনুযায়ী বিধান নিৰ্ধাৰণ কৰিছে। ইকুয়ালিটি অনুযায়ী নহয়।

 

বহু বিবাহৰ ক্ষেত্ৰত যেনে, বিৰোধীসকলে দাৱি কৰিছে যে, মুছলিম সকলে এই আইনৰ পক্ষত এই বাবেও নহয় কাৰণ পুৰুষ সকলৰ বাবে বহু বিবাহৰ বিধান কাঢ়িলোৱা হব। কিন্তু National Family Health Survey (NFHS) ৰ Report অনুসৰি বহু বিবাহৰ প্ৰথা অন্যান্য সম্প্ৰদায়ৰ মাজতো মুছলমান সকলৰ দৰে প্ৰচলিত। ২০১৯-২০ বৰ্ষৰ  NFHS ৰ এই তথ্য অনুসৰি বহু বিবাহৰ প্ৰৱনতা আছিল মুছলমান সকলৰ মাজত ১.৯ শতাংশ, হিন্দু সকলৰ মাজত ১.৩ শতাংশ, আনকি অন্যান্য ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ১.৬ শতাংশ। সংবিধান অনুসৰি অন্যান্য সম্প্ৰদায়ৰ মাজত বহু বিবাহৰ প্ৰথা নিষিদ্ধ হোৱাৰ পিছতো এইটো মুছলমান সকলৰ দৰেই ব্যৱহাৰ কৰা হৈছে। তেতিয়া হলে কিহৰ ভিত্তিত এই বিৰোধী সকল মুছলমান সকলৰ ওপৰত প্ৰশ্ন তুলিছে যে, সিঁহত বহু বিবাহ প্ৰথাৰ লাভ অৰ্জন কৰে বাবেই UCCৰ বিৰুদ্ধে একো কোৱা নাই। তেতিয়াহলে যদি UCC আহে তেতিয়া কি এই প্ৰথা বাতিল কৰা হব ?

           

উপ সংহাৰ নোট

সংবিধানত যি জাতিৰ সমতা নিশ্চিত কৰা হৈছে তাত কোনো দোষ নাই, তেতিয়া সেইটো ধৰ্মীয় স্বাধীনতাৰ মূল্যত হলে অনুভূতিত আঘাত লাগে আৰু মানুহে এইটোক অস্বাস্থ্য বুলি মন্তব্য কৰে। বিষয়টো বৰ গুৰুত্ব পূৰ্ণ হৈ উঠে যেতিয়া এইটো ৰাজনৈতিক এজেণ্ডাৰ ভাবে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰা হয়। আগন্তক দিনত বিশাল ভোট ব্যঙ্ক নিশ্চিত কৰাৰ বাবে বি.জে.পি চৰকাৰ ইছলাম আৰু মুছলিম সকলক কলঙ্কিত কৰিবলৈ কোনো কচৰত এৰি নিদিয়ে আৰু অভিন্ন ছিভিল কোডৰ সৈতে সিহঁতৰ আধা অংশ কাম ইতিমধ্যে ২০২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ বাবেই কৰা হৈছে। অন্যান্য সম্প্ৰদায়ৰ কাৰণে এইটো উপলব্ধি কৰাৰ সময় আহি পৰিছে যে, UCC কেতিয়াও নিজক মুছলিম ইস্যু নহয়। আনকি এইটো সামগ্ৰীক ভাবে দেশৰ সমগ্ৰ সামাজিক স্তৰক প্ৰভাৱিত কৰিব। দৈবক্ৰমে যদি এইটো দেশত প্ৰয়োগ কৰা হয় তেতিয়াহলে ধৰ্মীয় স্বাধীনতা দিয়া নহব বুলি কোৱাৰ কোনো সুযোগ অৱশিষ্ট নাথাকিব। সৰ্বোপৰি ঘৰৰ মা (সংবিধান) যদি পৰিয়ালৰ বিভিন্ন সদস্য সকলৰ (ধৰ্ম) প্ৰয়োজন অনুসৰি নিজ নিজ বিধান (ব্যক্তিগত আইন) প্ৰদান কৰিবলৈ প্ৰস্তুত থাকিব। তেতিয়া বাহিৰৰ লোক সকলৰ (বি.জে.পি চৰকাৰ) কোৱা উচিত নহব যে ঘৰটো বেছিদিন নচলিব বা এই ভাবে সকলোৰ সৈতে সমান আচৰণ কৰা আইৰ উচিত আনকি বাহিৰৰ লোক সকল একো নোকোৱাই ভাল হব অন্যথাই এইটো কেতিয়াবা ঘৰ মসৃণভাবে চলমান পৰিবেশক ভাঙি দিয়ে।

 

 

লেখকৰ চমু পৰিচয়ঃ আব্দুৰ ৰৌফ ফাৰুকী (অসম ৰাজ্যৰ বৰপেটা জিলাৰ নিবাসী) এজন শিক্ষক, লেখক আৰু প্ৰবক্তা। তেখেতে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম এ ডিগ্ৰী লাভ কৰিছে। তেখেত এতিয়া ঘৰুৱা শিক্ষগতা হিচেপে কৰ্ম কৰি আছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor