ধৰ্মীয় সহিষ্ণুতা আৰু ইছলামৰ সুমধুৰতা

ইছলাম হৈছে আল্লাহ ছুবহানাহু ৱা তাআলাৰ ওচৰত মনোনিত ধৰ্ম, যাৰ অৰ্থই হল শান্তি আৰু সুৰক্ষা। ইছলাম ধৰ্ম এখন সামাজিক মেলৰ প্ৰবচন দিয়ে যিটো ধৰ্মীয় মেল পৃথিৱীৰ মাজত অতি প্ৰয়োজনীয়। আজি আমাৰ এই ধৰণীখন শিক্ষা আৰু সকলো ক্ষেত্ৰতে উন্নয়ণ হোৱাৰ পিছতো এখন বিশাল আন্দোলন কৰা উচিত, যাৰ বাবে আমালোকৰ মাজত চলি থকা ধৰ্মীয় অসহিষ্ণুতাক আতৰ কৰিব পাৰি। ইছলাম ধৰ্ম ইয়াৰ বাবে এনে এখন প্ৰেৰণাদায়ক নমুণা দেখাই দিয়ে, যিটো হজৰত মুহাম্মদ (ছাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ দ্বাৰা বাস্তবিকতে পৰিপালন হৈ আহিছে।

পৱিত্ৰ কুৰআন শ্বৰিফত আল্লাহ তাআলাই ধৰ্মীয় সহিষ্ণুতাৰ বিষয়ে কৈ আছে – লাকুম দ্বীনুকুম ৱা লিয়া দ্বীন, অৰ্থাত তোমালোকৰ ধৰ্ম, তোমালোকৰ বাবে, মোৰ ধৰ্ম মোৰ বাবে। গতিকে কোনোবাৰ প্ৰতি জুলুম-অত্যাচাৰ চলাই ইছলামত দিক্ষান্ত কৰা এই পৱিত্ৰ ধৰ্মত কেতিয়াও বৈধ নহয়। আজি ইছলাম ধৰ্ম গোটেই বিশ্বতে বিয়পি পৰিছে, কিন্তু সেয়া ইমান ডাঙৰ বিজয় এখন অশ্ৰৰ দ্বাৰা বা কোনো যুদ্ধৰ জয় লাভত কৰা নাই। মাত্ৰ এয়া একমাত্ৰ নবী (ছাঃ)ৰ সততা, নিষ্ঠা, আৰু ন্যায় উপাস্থাপণৰ বাবে হে বিয়পি পৰিছিল। আৰু যেতিয়া নবী (ছাঃ)ৰ ছাহাবা সকল পৃথিৱীৰ ইমুৰৰ পৰা সিমুৰ লৈ গৈছিল লগতে মাত্ৰ নবী (ছাঃ) এ শিকাই দিয়া সুন্দৰ বাণী (হাদীছ) আৰু জ্ঞান লৈ গৈছিল। তেতিয়া সেইবোৰৰ প্ৰতি আকৰ্ষিত হৈ বিশ্ববাসীয়ে ইছলাম ধৰ্মক জীৱন সংগী কৰি লৈছিল। মহান আল্লাহ তাআলাই কৈ আছে যে, সিহতঁক হিকমত (বুদ্ধি) আৰু ভাল চৰিত্ৰৰে আল্লাহৰ পিনে মাতা।

নবেল জয়ী (২০১৪) মালালা ইউছুফজাই কৈ ফূৰে যে, কোনোবাৰ মূৰত যদি তেওঁলোকে (সন্ত্ৰাসবাদী সকল) বন্দুকৰ সহায়ত ইছলাম কবুল কৰিবলৈ কয়, তেনেহলে সেইজন মানুহে সত্য ৰূপে ইছলাম ধৰ্মক গ্ৰহণ কৰিবনে? নহয়! কেতিয়াও নহয়, আল্লাহ তাআলা পুনৰাই কুৰআন শ্বৰিফত কই আছে – লা ইকৰাহা ফিদ দ্বীন, অৰ্থাত ইছলাম ধৰ্মত কোনো জবৰদস্তী নাই।

ইমান হল এনেকোৱা এটা আত্মাধিক চিন্তাধাৰা, যিটো মাত্ৰ বুদ্ধি আৰু আত্ম্যাধিক অৰ্জন কৰিব পাৰি। ইয়াৰ উপৰিও আমি জনাটো বাধ্যতামূলক যে (কুফৰ) অবিশ্বাসতাৰ গুনাহ সিহঁতৰ প্ৰতি যিসকলে বাস্তবিক বাবে ইমান অনা নাই, মুছলমান সকলৰ বাবে নহয়। আল্লাহ তাআলাই ধৰ্মীয় সহিষ্ণুতা অটুট ৰাখিবলৈ নবী (ছাঃ)ক আদেশ দিছে আৰু বিশ্বসী মুছলমান সকলৰ বাবে কুৰআনত ফৰমান জাৰি কৰিছে, সিহঁতে যিসকলক আল্লাহৰ বাহিৰে ঈশ্বৰ বুলি মাতে তেওঁলোকক অপমান নকৰিবা।

 

নবী (ছাঃ)এ নাজৰানত থকা খ্ৰীষ্টান সকলৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ হৈছিল যে, তেওঁলোকৰ কোনো খতি কৰা নহব, আৰু ইয়াৰ উপৰিও মুছলমান সকলৰ মছজিদত তেওঁলোকৰ ধৰ্মীয় ইবাদত কৰিবলৈ দিছিল। হিজৰী ৫ চনৰ পৰাই নবী (ছাঃ)এ খ্ৰীষ্টান সকলৰ বাবে সকলো ধৰ্মীয়, সামাজিক নীতি, অৰ্থনৈতিক আৰু সকলো ফালৰ পৰা ৰক্ষণাবেক্ষণ দি আহিছিল, আৰু কোনো মুছলমান যদি এই নীতি ভংগ কৰে তেন্তে ডাঙৰ গুনাহ হব বুলি ঘোষণা কৰি দিছিল আৰু ইয়াৰ উপৰিও উপযুক্ত শাস্তিৰ সন্মূখীন হব বুলি জনাই দিছিল।

নবী (ছাঃ)এ কেতিয়াও মুছলমান আৰু অমুছলিমৰ মাজত প্ৰাৰ্থক্য কৰা নাছিল। সচাকৈ যে ইছলাম এক অদ্বিতীয় ধৰ্ম, ইয়াত কোনো হিংসাৰ বাবে ঠাই নাই এই উদাহৰণৰ পৰাই পাই যাব যে এবাৰ বিশ্ব নবী হজৰত মুহাম্মদ (ছাঃ) তেওঁৰ প্ৰিয় ছাহাবা সকলৰ মাজত বহি আছিল আৰু সেই ৰাস্তাৰে লৈ গৈ আছিল এখন ইহুদি শৱদেহ। তৎক্ষণাৎ নবী(ছাঃ)এ থিয় হলে আৰু যেতিয়া মানুহ বোৰ ৰাস্তাৰে পাৰ হৈ গল ছাহাবা সকলে প্ৰশ্ন কৰিলে, আপুনি কিয় এখন ইহুদি মৃত্যুকৰ কাৰণে থিয় হলে, তেতিয়া হজৰত মুহাম্মদ (ছাঃ)মে উত্তৰ দিলে যে, মানৱ জাতি প্ৰকৃতত সকলোৱে সমান আৰু ইয়াক সন্মান জনোৱা সকলোৰ কৰ্তব্য ।

যায়েদ এজন ইহুদি সৰু লৰা, যুদ্ধত পোৱা এই শিশুজনক নবী (ছাঃ)ক পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছিল। নবী(ছাঃ)এ কিছু দিন মানৰ ভিতৰতে সেই লৰা জনক মাক-দেউতাকৰ ঘৰলৈ উভতি যাবলৈ অনুমতি দিলে, আৰু যথা সময়ত মা-দেউতা আহি হাজিৰ হল। কিন্তু আশ্চৰ্য্যৰ বিষয়টো এয়াই আছিল যে মাত্ৰ এইকেই দিনমান ভিতৰত নবী (ছাঃ)ৰ আচৰণ দেখি ইমানে মুগ্ধ হৈ গৈছিল যে ঘৰলৈ উভতি যাবলৈ মান্তি নহল। নবী (ছাঃ)এ লৰাজনক নিজ পুত্ৰৰ ধৰে ব্যাৱহাৰ কৰিছিল পিছত সেই লৰাজনে ইছলাম ধৰ্মত দিক্ষা লৈছিল।

নবী (ছাঃ)মে আমাৰ মাজত এৰি যোৱা আদব-কাইদা, আদৰ্শ আৰু আচৰণ পৃথিৱীৰ মাজত সকলো সময়তে বিৰাজ কৰি থাকিব আৰু ই এক প্ৰেৰণাদায়ক উৎসহ হৈ থাকিব। তেওঁ সকলোৰ মাজত ধৰ্মৰ ভেদাভেদ নাৰাখি শান্তি আৰু মিলাপ্ৰিতিৰে থাকিবলৈ আহ্বান জনাইছিল। তেওঁ কু-সংস্কাৰ, দুখীয়াৰ প্ৰতি অত্যাচাৰ বোৰক দমন কৰা আৰু মহিলা সকলৰ ন্যায়ৰ বাবে আপ্ৰাণ চেষ্টাৰ হৈতে যুদ্ধ কৰি গৈছিল। হিংসা সকলোকে পৰিহাৰ কৰিবলৈ কৈছিল। তেওঁৰ সুন্দৰ বাণীত আছে যে, তোমালোকে হিংসা নকৰিবা, নিশ্চয় হিংসাই এজন মানুহৰ ভাল গুণবোৰক এনেধৰে নষ্ট কৰে যি ধৰে জুই শুকান কাঠ পুৰি খায়।

নবী (ছাঃ)ৰ সংগী ছাহাবা সকলেও নবী (ছাঃ)ৰ পৰা শিক্ষা অৰ্জন কৰা আদৰ্শ বোৰ নিজৰ জীৱনত সুন্দৰ ভাবে সজাই লৈছিল। সেয়েহে তেওঁলোকে নবী (ছাঃ)ৰ পৰলোক গমনৰ পিছতো জাতি, ধৰ্ম, বৰ্ণৰ ভেদাবেদ নাৰাখি সকলোৰ লগত সত ব্যাৱহাৰ সৈতে চলিছিল।

 

ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বৰ্ণিত যে, তেওঁ এবাৰ এটা ছাগলীক জবেহ কৰিলে আৰু তাৰ পিছত তেওঁৰ দেউতাই আহি পাই কলে, চুবুৰীয়াৰ ঘৰখনৰ বাবে যেন তেওঁ অলপ মাংস দি আহে। এই কথা কিছু সময় যোৱাৰ লগতেই বাৰে বাৰে একেই কথা কৈ থাকে, তেতিয়া ইবনে আব্বাছ (ৰাঃ)ই কলে, মই মোৰ দেউতাকক ইমান বাৰ কিয় কৈ আছে বুলি প্ৰশ্ন সুধাত মোৰ দেউতাই উত্তৰ দিলে, নবী (ছাঃ) আমালোকক ওচৰ চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ কাৰণে কঠোৰ বাবে নিৰ্দেশ দিছে। যদিও সেই চুবুৰীয়াৰ ঘৰ খন ইহুদি লোকৰ আছিল ইবনে আব্বাছ (ৰাঃ) ভাল কৈ ৰান্ধি তেওঁক দি আহিছিল।

আজি যদিও ছছিয়াল মিডিয়াত (social media), ইছলাম ধৰ্মক সন্ত্ৰাস বাদেৰে তুলনা কৰি আছে, কিন্তু আচলতে ইছলাম ধৰ্ম হল এখন অতুলনীয় ধৰ্ম। ই সদায় সমগ্ৰ পৃথিৱী বাসীক শান্তিৰ পিনে মাতি আছে। ইছলাম ধৰ্ম ভাতৃত্ত বোধৰ কাৰণে সকলোকে আহ্বান জনাই আছে।

 

 

লেখক : শাহিনুৰ আলম।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter