প্ৰৱক্তা মুহাম্মদ (ছাঃ): মানৱতাৰ সংকটকালৰ স্থায়ী সমাধান
ভূমিকা: এক বিশ্বজনীন আদৰ্শ
মানৱ সভ্যতাৰ ইতিহাসত অসংখ্যক দাৰ্শনিক, সমাজ সংস্কাৰক, চিন্তাবিদ আৰু নেতা আহি গৈছে। কিছুমানে সমাজত সৰু-ডাঙৰ সংস্কাৰ আনিছে, কিছুমানে বিপ্লৱৰ চিন্তা আগবঢ়াইছে। কিন্তু তেওঁলোকৰ প্ৰভাৱ সময় আৰু পৰিস্থিতিৰ সীমাৰ ভিতৰতেই সীমাবদ্ধ হৈ পৰিছে। কিন্তু প্ৰৱক্তা মুহাম্মদ (ছাঃ)-ৰ আদৰ্শ আৰু শিক্ষা এইবোৰৰ ভিন্ন। তেওঁ কোনো বিশেষ জাতি বা অঞ্চলৰ বাবে নহয়, সকলো মানৱজাতি, সকলো সময় আৰু সকলো যুগৰ বাবে প্ৰেৰণাৰ দীপশিখা। সেইবাবে আধুনিক যুগৰ বহুতো ধৰণৰ সমস্যাৰ মাজতো তেওঁ এক নিৰবচ্ছিন্ন পোহৰ হিচাপে প্ৰকাশ পাইছে। আজিৰ দিনত যেতিয়া নৈতিক অধঃপতন, সামাজিক বৈষম্য আৰু মূল্যবোধৰ সংকটত সমাজ ভুগি আছে, তেতিয়া নবীজীৰ আদৰ্শ অমূল্য সম্পদৰ দৰে অনুভূত হৈ আছে।
সামাজিক ন্যায় আৰু সমতাৰ নীতি
মুহাম্মদ (ছাঃ)-ৰ জীৱনৰ এক বিশেষ বৈশিষ্ট্য আছে ন্যায় আৰু সমতাৰ প্ৰতি তেওঁৰ দৃঢ়তা। তেওঁ ঘোষণা কৰিছিল যে আল্লাহৰ সন্মুখত সকলো মানুহ সমান। কোনো মানুহে নিজৰ বংশ, ধন বা ৰঙৰ আধাৰত আনক মৰ্যাদা দিয়ে নোৱাৰিব। ইমানৰ ওপৰেই মানুহৰ সঠিক মূল্য নিৰ্ভৰ কৰে। আজিৰ বিশ্বখনত জাতি, ধৰ্ম, ভাষা বা মানুহৰ ৰঙৰ আধাৰত যি বৈষম্য, হিংসা আৰু বিভাজন দাঙি উঠিছে, সেইক্ষেত্ৰত নবীজীৰ এই শিক্ষা অতি প্ৰাসংগিক। তেখেতে কৈছিল — তোমালোক সকলোৱে আদমৰ (অৰ্থাৎ প্ৰথম নবী হজৰত আদম আঃ ৰ) সন্তান আৰু আদম (আঃ) মাটিৰ পৰা সৃষ্টি। এই বাক্যটোৱেই দেখুৱায় যে সমতা হৈছে মানৱতাৰ মূল ভিত্তি।
কুৰআনৰ দৃষ্টিত মানৱীয় মৰ্যাদা
কুৰআন:
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُم مِّن ذَكَرٍ وَأُنثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِندَ اللَّهِ أَتْقَاكُمْ
"হে মানুহ! আমি তোমাক এজন পুৰুষ আৰু এজন স্ত্ৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক জাতি-গোষ্ঠীত বিভক্ত কৰিছোঁ যাতে পৰস্পৰে তোমালোকে চিনি পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ সন্মানীয় হৈছে সেইজন যি আটাইতকৈ তাকৱাদাৰ।" (ছুৰা হুজুৰাত, ৪৯:১৩)
আল্লাহৰ দৃষ্টিত ধন, জাতি বা বংশ নহয়, কেৱল তাকৱাই মূল্য। এই আয়াতৰ জৰিয়তে আল্লাহ তা'আলাই কৈছে যে সকলো মানৱজাতিক একেই উৎসৰ পৰা সৃষ্টি কৰা হৈছে। আৰু কৈছে যে ধন, জাতি, ভাষা বা চামৰাৰ ৰঙৰ ভিত্তিত মানুহৰ মাজত কোনো বৈষম্য নাই। আধুনিক সমাজত আজিও জাতিবাদ, ধৰ্মীয় সংঘাত আৰু অৰ্থনৈতিক অসমতা দেখা যায়। সেইক্ষেত্ৰত এই আয়াতে মানৱতাক এক গভীৰ শিক্ষাৰে অনুপ্ৰাণিত কৰিছে। তাকৱা অৰ্থাৎ আল্লাহৰ প্ৰতি গভীৰ বিশ্বাস আৰু নীতিনৈতিকতাৰ অনুসৰণেই মানৱ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰে। এই শিক্ষাই সমাজত সত্যিকাৰৰ সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰে। তথাপিও সমাজত বৰ্তি থকা বিভাজন দূৰ কৰিবলৈ সকলোৱে তাকৱা অনুসৰণ কৰিব লাগিব। নবীজীয়ে এই বাণীক সমাজত প্ৰচাৰ কৰি সকলোকে সমঅধিকাৰৰ কথা স্মৰণ কৰাইছে। সমতা আৰু ন্যায়ৰ ভিত্তিত সমাজ গঢ়িলে শান্তি স্থাপন কৰা সহজ হয়। আজিৰ মানৱতাই এই আয়াতৰ দিশ-নিৰ্দেশ অনুসৰণ কৰি অধিক সহনশীল সমাজ গঢ়ি তুলিব পাৰিব।
দয়া আৰু সহানুভূতি: এক বিশ্বজনীন আদৰ্শ
আন এক গুৰুত্বপূৰ্ণ দিশ আছে তেখেতৰ দয়া আৰু সহমৰ্মিতা। তেখেতে শত্ৰুৰ ওপৰতো দয়া প্ৰকাশ কৰিছিল। যিজনী মহিলাই প্ৰতিদিনে তেখেতৰ ওপৰত ধূলি বা জাবৰ-জোঁথৰ নিক্ষেপ কৰিছিল, সেই মহিলাজনী অসুস্থ হোৱাৰ দিনত তেখেত নিজে তাইৰ খবৰ ল'বলৈ গৈছিল। ইমান গভীৰ দয়া আৰু উদাৰতাৰ দৃষ্টান্ত বিশ্ব ইতিহাসত সঘনাই দেখা নোপোৱা যায়। আজিৰ সমাজত যেতিয়া হিংসা আৰু প্ৰতিহিংসাই প্ৰধান স্থান লৈছে, সেইক্ষেত্ৰত নবীজীৰ শিক্ষা মানৱতাক এক নতুন দিশ দিব পাৰে। তেখেতে কৈছিল যে — এই পৃথিৱীত থকা সকলো বস্তুৰ কাৰণে মোক দয়া হিচাপেই পঠোৱা হৈছে। এই বক্তব্যই আমাক দয়া আৰু প্ৰেমৰ সাৰাংশ প্ৰকাশ কৰি দিয়ে।
وَمَا أَرْسَلْنَاكَ إِلَّا رَحْمَةً لِّلْعَالَمِينَ
"আমি তোমাক সকলো জগতৰ বাবে দয়া হিচাপে পঠাইছো।" কুৰআন: (ছুৰা আম্বিয়া, ২১:১০৭)
নবীজীৰ মূল নিয়ম আছে দয়া আৰু মৰমৰ ভিত্তিত বিশ্বমানৱক একত্ৰিত কৰা। এই আয়াতৰ জৰিয়তে নবীজীৰ প্ৰধান নিয়ম দয়া আৰু প্ৰেমৰ ওপৰত নিৰ্ভৰ কৰা বুলি উল্লেখ কৰা হৈছে। "আমি তোমাক সকলো জগতৰ বাবে দয়া হিচাপে পঠাইছো" — এই বাক্য মানৱতাৰ প্ৰতি নবীজীৰ গভীৰ মৰমৰ প্ৰমাণ। শত্ৰুৰ ওপৰতো দয়া দেখুৱাবলৈ তেখেতে আহ্বান কৰিছিল। কেৱল নিজৰ লোকৰ প্ৰতি নহয়, সকলো মানৱজাতিৰ প্ৰতি। আজিৰ সমাজত প্ৰতিহিংসা আৰু হিংসাৰ বিস্তাৰ দেখিবলৈ পোৱা যায়। এই আয়াতে সেই আচৰণৰ বিপৰীতে এক উচ্চ মানদণ্ড স্থাপন কৰে। দয়া আৰু সহমৰ্মিতাৰ ভিত্তিত সমাজ গঢ়িলে সংঘাতৰ পৰিবৰ্তে সম্প্ৰীতি বৃদ্ধি হয়। নবীজীৰ এই শিক্ষা সকলো ধৰ্ম, জাতি আৰু সংস্কৃতিৰ লোকৰ বাবে এক চিৰন্তন আলো।
নৈতিক চৰিত্ৰ আৰু সত্যতা
নৈতিকতা আৰু আখলাকৰ ক্ষেত্ৰতো তেখেতে আছে অদ্বিতীয়। ইছলাম গ্ৰহণ কৰাৰ পূৰ্বেই মক্কাৰ মানুহে তেখেতক "আল-আমিন" বা সৰ্বাধিক বিশ্বাসযোগ্য আৰু "ছাদিক" বা সৰ্বাধিক সচাঁকথা কোৱা বুলি মানি লৈছিল। সত্যতা, বিশ্বস্ততা, সৰলতা আৰু সত্যবাদিতা তেখেতৰ জীৱনৰ প্ৰতিটো স্তৰত স্পষ্ট আছে। আজিৰ যুগত ৰাজনীতি, ব্যৱসায়, শিক্ষা সকলোক্ষেত্ৰতে যি নৈতিক সংকট দেখা দিছে, সেইক্ষেত্ৰত নবীজীৰ আখলাকে এক চিৰবহনীয় আদৰ্শ হৈ থাকিব। তেখেতে কৈছিল যে — সৰ্বোত্তম মানুহ হৈছে সেইজন মানুহ যিজন মানুহ আখলাকত সৰ্বোত্তম। ইয়াৰ জৰিয়তে নৈতিকতাৰ মাহাত্ম্য আৰু মূল্যবোধৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি দিছে।
হাদিছ:
أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا
"তোমালোকৰ মাজত আটাইতকৈ উৎকৃষ্ট হৈছে সেইজন যিজনৰ আখলাক আটাইতকৈ উৎকৃষ্ট।" (বুখাৰী, মুসলিম)
ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে সমাজৰ উন্নতি মানৱ সম্পদ বা শক্তিত নহয়, নৈতিক আচৰণতহে।
জ্ঞান চৰ্চা আৰু শিক্ষাৰ গুৰুত্ব
জ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰতো নবীজীৰ শিক্ষা বৰ জোৰেৰে প্ৰতিধ্বনিত হৈছে। প্ৰথম ৱাহী 'ইকৰা'ৰ দ্বাৰাই অৰ্থাৎ শিক্ষা আৰু জ্ঞানৰ গুৰুত্ব ঘোষণা কৰা হৈছে। তেখেতে কৈছিল যে — "জ্ঞান অন্বেষণ কৰক, যদিও তাক বিচাৰি চীনলৈ যাব লগা হয়।" এই কথাটোৱে প্ৰমাণ কৰি দিয়ে যে জ্ঞান সীমাহীন আৰু সকলো সময়তে সকলোৱে ইয়াক অৰ্জন কৰিব পাৰে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগতো শিক্ষা, গৱেষণা আৰু জ্ঞানেই হৈছে অগ্ৰগতিৰ মূল। তেখেতৰ শিক্ষা আজিও আমাৰ বাবে চিৰন্তন আহ্বান হৈ আছে আৰু চিৰদিনেই থাকিব ইনশাআল্লাহ। ইয়াৰ দ্বাৰা সমাজত অজ্ঞতা, কুসংস্কাৰ আৰু পশ্চাদপদতা আঁতৰাই বৈজ্ঞানিক চিন্তা-চেতনাৰ দিশে আগুৱাই যাব পাৰে।
কুৰআন:
اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ
"তোমাৰ প্ৰভুৰ নামত পঢ়া, যিয়ে সকলোক সৃষ্টি কৰিছে।" (ছুৰা আলাক, ৯৬:১)
এই আয়াতৰ জৰিয়তে শিক্ষা, গৱেষণা আৰু জ্ঞানৰ ওপৰত ইছলামে জোৰ দিছে, যাৰ প্ৰয়োজন আধুনিক বিজ্ঞান-প্ৰযুক্তি যুগতো সমান দেখিব পাৰি।
শান্তি আৰু ক্ষমাৰ সংস্কৃতি
আধুনিক বিশ্বখন যুদ্ধ-বিগ্ৰহ আৰু হিংসাত জড়িত হৈ আছে। প্ৰতিটো মহাদেশত সংঘাত, দ্বন্দ্ব, ৰক্তপাত বৰ্তি আছে। কিন্তু মহান নবীজীৰ আদৰ্শ আছে শান্তি, ক্ষমা আৰু ভ্ৰাতৃত্ব। তাৰ বুজিবলৈ হুদাইবিয়াৰ চুক্তিক আমি এক তাৰ উজ্জ্বল উদাহৰণ হিচাপে লব পাৰো। তেখেতে যুদ্ধক বাধ্যতামূলক পৰিস্থিতিতহে গ্ৰহণ কৰিছিল আৰু যুদ্ধৰ সময়তো শিশু, মহিলা, বৃক্ষ, গৃহ আদি ধ্বংস কৰিবলৈ নিষেধ কৰিছিল। আধুনিক আন্তৰ্জাতিক আইনসমূহত এই ধৰণৰ মানৱিক মূল্যবোধৰ ছাপ স্পষ্ট দেখা যায়। "তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ মুছলিম হ'ল সেইজন যাৰ হাত আৰু জিভাৰ পৰা আন মানুহ নিৰাপদ থাকে।" এই হাদিছৰ বাণী আজিও শান্তি প্ৰতিষ্ঠাৰ মূল নীতি হিচাপে শিক্ষা দি আছে।
হাদিছ:
الْمُسْلِمُ مَنْ سَلِمَ الْمُسْلِمُونَ مِنْ لِسَانِهِ وَيَدِهِ
"তোমালোকৰ মাজত সেইজনেই সৰ্বোত্তম মুছলিম যাৰ হাত আৰু মুখৰ পৰা আন মানুহে নিৰাপদ থাকে।" (বুখাৰী, মুসলিম)
কাৰণ শান্তি স্থাপন আৰু অযথা কষ্ট নিদিয়াটোৱেই হৈছে ইছলামৰ মূল নীতি।
মহিলাৰ মৰ্যাদা আৰু অধিকাৰ
তেখেতে নাৰীৰ অধিকাৰ পুনঃস্থাপন কৰিছিল। ইছলামৰ পূৰ্বৰ যুগত কন্যা সন্তান জন্ম হ'লেই তাক মাটি খান্দি পুতি মাৰি পেলোৱা হৈছিল। নবীজীয়ে এই অমানৱিক প্ৰথা আৰু কামক আঁতৰাই নাৰীক মৰ্যাদা আৰু অধিকাৰৰ স্থান কৰি দিছে। নাৰীয়ে শিক্ষাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, বৈবাহিক অধিকাৰ আৰু সামাজিক মৰ্যাদা লাভ কৰিলে। আধুনিক যুগতো নাৰীৰ ওপৰত হিংসা আৰু বৈষম্য অতিকৈ প্ৰচলিত হৈ আছে। সেইক্ষেত্ৰত নবীজীৰ শিক্ষা এক যুগান্তকাৰী দিশ হিচাপে কাম কৰি আছে। তেখেতে কৈছিল যে — যিজন মানুহ নাৰীৰ প্ৰতি সদায় দয়া কৰে, তেওঁৱেই হৈছে মহৎ চৰিত্ৰৰ অধিকাৰী। তেখেতৰ এই বাণীৰ পৰা এইটো আমি বুজিব পাৰো যে — ইয়াৰ দ্বাৰা তেখেতে লিংগ সমতাৰ এক চিৰন্তন আদৰ্শ প্ৰতিষ্ঠিত কৰি থৈ গৈছে।
কুৰআন:
وَإِذَا الْمَوْءُودَةُ سُئِلَتْ بِأَيِّ ذَنبٍ قُتِلَتْ
"আৰু যেতিয়া প্ৰোথিত কৰা জীয়কক সোধা হ'ব, 'তাইক কোন অপৰাধৰ কাৰণে হত্যা কৰিছিলা?'" (ছুৰা তাকৱীৰ, ৮১:৮-৯)
এই আয়াতৰ জৰিয়তে কন্যাসন্তানক হত্যা কৰা নিষিদ্ধ কৰা হৈছে। আৰু এইটো জানিবলৈ দিছে যে কন্যাসন্তান জন্ম হোৱাটো কোনো ধৰণৰ অপৰাধ নহয়। নবীজীয়ে এই আয়াতৰ ভিত্তিত নাৰীৰ অধিকাৰ প্ৰতিষ্ঠা কৰিছিল। পূৰ্বৰ যুগত কন্যাসন্তান জন্ম হ'লে তাক হত্যা কৰা হৈছিল। নবীজীয়ে এই অমানৱিক প্ৰথা বন্ধ কৰি নাৰীক শিক্ষাৰ, সম্পত্তিৰ আৰু সামাজিক অধিকাৰৰ সুযোগ দিছে। আজিও বহু সমাজত নাৰীৰ ওপৰত বৈষম্য দেখিবলৈ পোৱা যায়। এই আয়াতৰ জৰিয়তে সমাজক স্মৰণ কৰায় যে কন্যাসন্তানৰ জন্ম হোৱাটো হৈছে এক ধৰণৰ আশীৰ্বাদ। নাৰীৰ সন্মান প্ৰতিষ্ঠা কৰাটো সভ্য সমাজৰ মূল্যবোধ আৰু এই শিক্ষাই লিংগ সমতাৰ ভিত্তি স্থাপন কৰে।
পৰিৱেশ সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা
নবীজীৰ আন এখন শিক্ষা আছে পৰিৱেশৰ প্ৰতি দায়িত্ববোধ হোৱা। তেখেতে বৃক্ষ ৰোপণক ছদকা (অৰ্থাৎ এটা ভাল কাম ও নেকী) বুলি ঘোষণা কৰিছিল আৰু তেখেতে পানী অপচয় নকৰিবলৈ সতৰ্ক ও আদেশ কৰিছিল। আজিৰ যুগত যেতিয়া লোকে উষ্ণায়ন আৰু পৰিৱেশ সংকটে বিশ্বমানৱক চিন্তিত কৰি তুলিছে, এই সময়ত নবীজীৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰকৃতি সংৰক্ষণক তেওঁ ঈমানৰ অংশ হিচাপে গণ্য কৰিছিল। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে জীৱনৰ মূল আধাৰ — পানী, বায়ু, বন আদি সংৰক্ষণ কৰাটো মানুহৰেই দায়িত্ব।
হাদিছ:
إِذَا قَامَتِ السَّاعَةُ وَفِي يَدِ أَحَدِكُمْ فَسِيلَةٌ فَإِنِ اسْتَطَاعَ أَنْ لَا يَقُومَ حَتَّى يَغْرِسَهَا فَلْيَغْرِسْهَا
"যেতিয়া কিয়ামত আহে আৰু তোমাৰ হাতত এটা গছৰ পুলি থাকে, যদি সম্ভৱ হয় তেতিয়াও তাক ৰোপণ কৰি লোৱা।" (আহমদ) কাৰণ পৰিৱেশ সংৰক্ষণক ঈমানৰ অংশ হিচাপে গণ্য কৰা হৈছে।
ধৈৰ্য আৰু সহিষ্ণুতা: এখন জীৱন দৰ্শন
তেখেতৰ জীৱনৰ আন এক বিশেষ সুন্দৰ দিশ আছে ধৈৰ্য আৰু সহিষ্ণুতা। মক্কাত কঠোৰ অত্যাচাৰ ভোগ কৰিও তেখেতে প্ৰতিহিংসা ও প্ৰতিশোধ নলোৱা নাছিল। তাইফৰ ঘটনাত পাথৰেৰে আঘাত খোৱাৰ পাছতো তেখেতে আল্লাহৰ ওচৰত সেই শত্ৰুৰ কল্যাণৰ বাবে দোআ কৰিছিল। এই শিক্ষা আজিৰ মানৱতাৰ বাবে এক অমূল্য সম্পদ। ধৈৰ্যৰ দ্বাৰা তেওঁ সমাজত প্ৰকৃত শান্তি স্থাপন কৰিছিল। পবিত্ৰ কোৰআনত মহান আল্লাহ তা'আলাই কৈছে যে — "নিশ্চয় আল্লাহ ধৈৰ্যশীল সকলৰ সৈতে থাকে" — আৰু এই কুৰআনৰ আয়াতেই আছে তেখেতৰ জীৱনৰ প্ৰতিফলন।
কুৰআন:
إِنَّ اللَّهَ مَعَ الصَّابِرِينَ
"নিশ্চয় আল্লাহ তা'আলাই ধৈৰ্যশীল সকলৰ সৈতে থাকে।" (ছুৰা বাক্বাৰা, ২:১৫৩)
ধৈৰ্যক সমাজত শান্তি আৰু একতা স্থাপনৰ মূল উপায় হিচাপে দৰ্শোৱা হৈছে। তাইফত পাথৰেৰে আঘাত খোৱাৰ পাছতো তেখেতে শত্ৰুৰ কল্যাণৰ বাবে দোআ কৰিছিল। কাৰণ ধৈৰ্য মানেই হ'ল কষ্ট সহ্য কৰি আল্লাহৰ ওপৰত বিশ্বাস বজাই ৰখা। সমাজে এই মূল্যবোধ অনুসৰণ কৰিলে সংঘাতৰ পৰিবৰ্তে সহানুভূতিৰ পৰিৱেশ সৃষ্টি হ'ব। আজিৰ বিশ্বত যুদ্ধ, দ্বন্দ্ব আৰু অসহিষ্ণুতাই বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰি আছে। এই আয়াতৰ জৰিয়তে সমাজক স্মৰণ কৰাই দিয়ে যে — ধৈৰ্য হৈছে শান্তিৰ এক মুখ্য উপায়। ব্যক্তিগত আৰু সামাজিক জীৱনত ধৈৰ্য অনুসৰণ কৰিলে সম্পৰ্ক দৃঢ় হয়।
সামৰণি
এই সকলোবোৰ কথা চাই আমি ক'ব পাৰো যে, প্ৰৱক্তা মুহাম্মদ (ছাঃ)-ৰ জীৱন কেৱল সপ্তম শতিকাৰ এজন সমাজসংস্কাৰকৰ কাহিনী নহয়। বৰং তেখেত হৈছে সকলো যুগৰ বাবে এক পূৰ্ণাঙ্গ দিশ প্ৰদৰ্শক। ন্যায়, দয়া, নৈতিকতা, শিক্ষা, শান্তি, পৰিৱেশ সংৰক্ষণ, নাৰীৰ অধিকাৰ — প্ৰতিটো ক্ষেত্ৰত তেখেতৰ শিক্ষা আধুনিক বিশ্বৰ সমস্যাৰ সমাধানৰ এক চাবিকাঠি। আজিৰ যুগত যেতিয়া মানৱতা অনিশ্চয়তাৰ আৰত ডুবিছে, যুদ্ধ, বৈষম্য আৰু অনৈতিকতাৰ আঁচলে আৱৰ্তিত হৈছে, সেইক্ষেত্ৰত নবীজীৰ শিক্ষা এক চিৰন্তন পোহৰ হিচাপে আলোকিত হৈ আহিছে। তেখেতৰ আদৰ্শত জীৱন গঢ়িলে আধুনিক বিশ্বও শান্তি, ভ্ৰাতৃত্ব আৰু প্ৰগতিৰ পথত আগুৱাই যাব পাৰিব।
প্ৰামাণিক তথ্যসূত্ৰসমূহ (References)
১. পবিত্ৰ কুৰআন মাজীদ — উদাহৰণস্বৰূপ ছুৰা হুজুৰাত (৪৯:১৩), ছুৰা আম্বিয়া (২১:১০৭), ছুৰা আলাক (৯৬:১), ছুৰা তাকৱীৰ (৮১:৮-৯), ছুৰা বাক্বাৰা (২:১৫৩) আদি।
২. ছাহীহ বুখাৰী — হাদিছ: "তোমালোকৰ মাজত আটাইতকৈ উৎকৃষ্ট হৈছে সেয়া যিজনৰ আখলাক আটাইতকৈ উৎকৃষ্ট।"
৩. ছাহীহ মুছলিম — হাদিছ: "সেইজনেই সৰ্বোত্তম মুছলিম যাৰ হাত আৰু মুখৰ পৰা আন মানুহ নিৰাপদ থাকে।"
৪. W. Montgomery Watt, Muhammad: Prophet and Statesman — আধুনিক যুগৰ পৰিপ্ৰেক্ষিতত নবীজীৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় ভূমিকা।
৫. আৰ-ৰাহীকুল মাখতূম (Ar-Raheeq al-Makhtum) — ছফিউৰ ৰহমান মুবাৰকপুৰী (Darussalam) — নবীজীৰ জীৱন, দয়া, পাৰস্পৰিক দৃষ্টান্ত, সামাজিক সংস্কাৰ।
৬. Fazlun M. Khalid, Signs on the Earth: Islam, Modernity and the Climate Crisis (Kube) — পৰিৱেশ সংৰক্ষণ, গছ ৰোপণ, প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ।
লেখক: মুহাম্মদ মুশাৰফ
দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়, কেৰালা