মোহাম্মদ (ছঃ) এজন অপূর্ব আদর্শজনক পুৰুষ।

পয়গাম্বৰ মোহাম্মদ (ছঃ)ৰ বিষয়ে হযৰত আয়ীশ্বা ৰাযিআল্লাহু আনহা (তেখেতৰ সৰ্বশেষ পত্নী) যি কথা কৈছিল তাৰ পৰা আমি আৰম্ভ কৰিম। তেখেতৰ চৰিত্র পবিত্র কোৰআন শ্বৰীফ আছিল। তেখেতৰ দৈনিক জীবন কোৰআন শ্বৰীফৰ শিক্ষণৰ পৰিচয় দিয়ে (মুছলিম 746)।

হযৰত আয়ীশা (ৰঃ)ৰ উপযুক্ত কথাৰ পৰা এইটো স্পষ্ট হৈ যায় যে- প্রকৃত তথা সঁচা মুছলিম কোন হয় আৰু কেনে হয়? হযৰত আয়ীশা (ৰঃ)ৰ কথাৰ প্রত্যেক্ষ ত্যাৎপর্য এইটোৰে যে- প্রকৃত মুছলমান হযৰত মোহাম্মদ (ছঃ)ৰ নিচিনা ব্যক্তি। নবী কৰিম (ছঃ) য়ে কোৱা নাছিল যে- মোৰ জীৱনেই মোৰ সন্দেশ। বৰং তেখেত এক আদর্শ জীৱন ব্যতিত/ বা কটাই দেখুৱাইছে। ইছলাম ধৰ্মৰ মাথোন নাম, ৰূপ, বেশ, ধৰণ আৰু আচৰণ মাত্ৰৰ পৰা কোনোৱে মুছলমান হ'বই নোৱাৰে। আৰু এনে মুছলমানক নামদাৰী বা বেশ্বদাৰী মুছলমান বুলি কোৱা হ'ব। যিজনে নবী (ছঃ) ৰ জীৱনক অনুসৰণ কৰিব তেওঁ সেই নামৰ অধিকাৰী হৈ পৰিব। এইটো অতি ভাল কথা যে পবিত্র কোৰআনৰ আয়াতক কণ্ঠস্থা কৰা আৰু বাৰে বাৰে পৰায়ণ বা তিলাৱাত কৰা ইয়াৰ ব্যাখ্যা কৰা আৰু তাৰ ওপৰত ঘন্টালৈ ভাষণ দিয়া। কিন্তু মাথোন ভাষাটোক মুখত কৰা পৰায়ণ কৰা, ব্যাখ্যা ভাষণ আদি তেতিয়াই স্বার্থক হ'ব যেতিয়া সেইবোৰক নিজৰ জীৱনত প্রয়োগ কৰা হ'ব। যদি তেওঁলোকৰ হৃদয়ত কোনোধৰণৰ প্রভাৱ নহয়, এই সকলো কর্ম নিস্বার্থক হৈ পৰিব। কোনোবা এজনক উপদেশ দিয়া যে তুমি কৰা তাতকৈ ভাল যে সেইটো তুমি নিজৰ জীৱনত প্রয়োগ কৰা। আৰু এনে মানুহেই পয়গাম্বৰ হব পাৰে। আৰু ইয়াৰ বাবে হযৰত মোহাম্মদ ছঃ য়ে সকলোতকৈ উত্তম উদাহৰণ। হযৰত মোহাম্মদ (ছঃ) সৰুৰে পৰাই অতি নেক তথা ভাল ব্যক্তিৰ নামেৰেই জনাজাত হৈ পৰিছিল। আৰু সেই সময়ত তেখেতে পয়গাম্বৰ হোৱাৰ কোনোধৰণৰ চিহ্ন দেখা পোৱা যোৱা নাছিল। মধুৰ ব্যৱহাৰৰ সহায়ৰ দ্বাৰাই তেখেত আমীন নামেৰে সর্বপ্রিয় হৈ পৰিছিল। এতিয়া আমি দেখিম যে- সেইটো কোন আদর্শ জীৱন আছিল যাক পয়গাম্বৰ মোহাম্মদ (ছঃ) য়ে আমাৰ সন্মুখত প্রস্তুত কৰিছিল।

 

নবী কৰীম (ছঃ)ৰ জীৱনৰ কিছু সন্দৰ্ভত অৱলোক কৰিম তেন্তেই আমি তেখেতৰ আদৰ্শৰ উদাহৰণ পাই যাম। কুৰাইশ সকলে যি ৰাতিত নবী (ছঃ) ক হত্যা কৰিবলৈ মনস্থ কৰে সেই ৰাতিত পয়গাম্বৰ (ছঃ) আৰু হযৰত আবু বক্কৰ (ৰাঃ) ই কুৰাইশসকলৰ চকুৰ সন্মুখৰ পৰা মদিনালৈ ভ্ৰমণ আৰম্ভ কৰিছিল। বহুত বছৰৰ কঠিন যন্ত্রণা সহ্য কৰাৰ পিছতেই তেখেতে যাত্ৰা কৰাৰ বাবে প্রস্থান কৰিছিল। শত্ৰুৰ চকুত ধূলা দি তেখেতে তৰোৱালৰ মাজেৰে ভাগি যাই আছিল। তেখেতৰ যাত্ৰা মৰুস্থলৰ গৰম মাটিৰ ওপৰেদি আছিল। খোৱা লোৱাৰ বাবে তেখেতৰ ওচৰত একোৱেই নাছিল। অদম্য ভোক আৰু পিয়াহৰ ফলত ছট্‌ফটাই আছিল। যাত্ৰাৰ ফলত হোৱা অবসন্নতাও আছিল। আৰু যদি অলপ সময়ৰ কাৰণে জিৰণি ল'ব বিচাৰে তেন্তে বিপদত পৰাৰ সম্ভাৱনা অতি বেছি আছিল। তৰোৱাল লৈ ঘূৰি ফুৰি থকা দুছমন যিকোনো সময়ত সন্মুখত আহি থিয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে ভয়াবহ যাত্রাৰ সময়ত পথৰ দাতিত চোৱা এক নির্জন ঘৰলৈ তেখেত আৰু হযৰত আবু বক্কৰ (ৰাঃ) ই যায়। ঘৰত কোনেও নাছিল। মাথোন ঘৰত এজনী তিৰোতা আছিল। সেইটো এজন দুখীয়াৰ ঘৰ আছিল। খোৱাৰ বাবে কেনো বস্তুৱেই নাছিল। অতিথিক সৎকাৰৰ বাবে একো বস্তুৱেই তাইৰ ওচৰত নাছিল। পয়গাম্বৰ (ছঃ) আৰু আবু বক্কৰ (ৰাঃ) দুয়োজনে ভোকত জ্বলি পুৰি আছিল। একো খোৱা অবিহনে জীয়াই থকাটো কষ্টকৰ হৈ পৰিছিল। ঘৰত মহিলাজনৰ অনুমতি লৈ পয়গাম্বৰ (ছঃ)য়ে ছাগলীৰ গাখীৰ ওলাইছিল। আৰু যিমান গাখীৰ পোৱা গৈছিল তাক ভগাই লৈছিল। আৰু ইয়াৰ পিছত ভোক আৰু যাত্ৰাৰ ফলত হোৱা ক্লান্তি অলপ দূৰ হৈছিল। পিছত পুনৰ নিজৰ যাত্ৰা আৰম্ভ কৰিলে।

 

সন্ধিয়াৰ সময়ত যেতিয়া স্বামীয়ে ঘৰত উপস্থিত হৈছিল তেতিয়া উম্মু মাছউদে অতিথিৰ বিষয়ে কৈ শুনাইছে। পত্নীৰ বৰ্ণনা শুনি তেখেতৰ সন্দেশ হৈছিল যে- এইজন ব্যক্তি সেইজনেই যিয়ে নতুন ধর্ম বনাইছে আৰু যাক হত্যা কৰাৰ বাবে কুৰাইশসকলে পিছপৰি আছে। আবু মাছওদে পত্নীক সুধিছিল যে- যিজন অতিথি আমাৰ ঘৰত আহিছিল, সেইজনৰ ৰূপ, নক্সা আৰু আকাৰ কেনেকুৱা? আৰু তেতিয়া উম্মু মাছউদে এইদৰে বর্ণনা কৰিছে যে- তেওঁলোকৰ মাজত যিজন প্রমুখ্য আছিল তেখেতৰ নাম আছিল হযৰত মোহাম্মদ (ছঃ) যাৰ মুখত নিষ্কপটতা আৰু সহমতিত্ব প্রতিফলন হৈছিল। তেখেতে এজন অতি ভদ্র লোকৰ নিচিনা ব্যৱহাৰ কৰিছিল। তেখেতৰ উদগত হোৱা পেট নাছিল। তেখেতৰ চকু তৰাৰ নিচিনা চমকি আছিল আৰু চিলাউৰি খিলানৰ নিচিনা আছিল। ডাঙৰ ডাঙৰ চুলি, ক'লা ৰঙৰ সুকোমল আৰু চনকা; আছিল। তেখেতৰ আৱাজ বা শব্দ 'অনুশাসন' তথা নির্দেশনা মূলক আছিল। তেখেতৰ কথা অতি অকলশৰীয়া আৰু প্রশান্ত বিচাৰোওজক আৰু উদাও আছিল তেখেতৰ ব্যক্তিত্ব চুম্বকীয়া আছিল। যেতিয়া তেখেতে ঘৰৰ ভিতৰত সোমাইছিল তেখেতৰ কাৰণে মোৰ সন্মান আদৰি পৰিছিল। কতবাৰ তেখেতে উঠিত আৰু মধুৰ শব্দৰে প্ৰয়োগ কৰিছিল। কথা বতৰাত তেখেতে উচিত আৰু মধুৰ শব্দৰে প্রয়োগ কৰিছিল। তেখেতৰ সকলো কথাত সত্যতা আছিল।

এই সকলোবোৰ গুণৰ কথা শুনাৰ পিছত আবু মাছওদ বুজিব পাৰিছিল যে- তেখেতে নিশ্চয় মক্কাত জন্ম হোৱা নতুন পয়গাম্বৰ। তেখেতে সেই সময়তেই পয়গাম্বৰ (ছঃ) ৰ নেতৃত্বক স্বীকাৰ কৰিবলৈ নিশ্চিত কৰিছিল। আৰু এইটোৱেই আছিল পয়গাম্বৰ (ছঃ) ৰ ব্যক্তিত্বৰ বিশিষ্টতাৰ প্ৰমাণ যাৰ ফলত আবু মাছওদ নিজৰ পত্নীৰ মুখৰ পৰা বৰ্ণনাবোৰ শুনাৰ পিছতেই নবী (ছঃ)ক দেখিবলৈ তথা তেখেতৰ অনুগামী ৰ'ব বিচাৰিছিল। তেখেতৰ মাথোন গুণ শুনাৰ পিছতেই যদি এজন মানুহৰ এনে অবস্থা হয়, তেন্তে যিসকলে তেখেতৰ লগত থাকে উঠা বহা কৰে তেওঁলোকৰ কেনে অৱস্থা হ'ব? উম্মু মাছওদৰ বৰ্ণনাৰ পিছত পাঠকসকলৰ মনতো নবী (ছঃ)ৰ বাবে প্রেম, মমতা, আদৰ আদি জাগি নুঠেনে? যিকোনো মানুহৰ মনক আকৃষ্ট কৰাৰ এজন ব্যক্তিত্বৰে বিভূষিত আছিল পয়গাম্বৰ (ছঃ)। তেখেত (ছঃ)ৰ এনে আকৰ্ষণৰ ফলত কুৰাইশ সকলে অতি ঈর্ষা কৰিছিল। তেখেতে ভয় কৰিছিল যে যদি অলপ সময়ৰ কাৰণে তেওঁলোকে নবী (ছঃ)ৰ ওচৰত গৈ কথা পাতে তেন্তে নিশ্চয় তেওঁলোকে তেখেতৰ অনুগামী হৈ যাব। আৰু এনে ভয় পোৱাৰ কাৰণ হ'ল যে- তেওঁলোকে এনে বহুত ধৰণৰ ঘটনাৰ সন্মুখীন আগতেই হ'বলগীয়া হৈছিল। তেখেতে চাইছিল যে- কুৰাইশ কলৰ প্ৰমূখ্য তথা বীৰ হযৰত ওমৰ (ৰঃ) যিয়ে কিছুদিন আগত পয়গাম্বৰ (ছঃ)ক হত্যা তথা বধ কৰিবলৈ ফুৰি আছিল কিন্তু যেতিয়া তেখেতে কোৰআনৰ কিছু আয়াত শুনিছিল তেতিয়াই তেখেতে ইছলাম ধর্ম গ্রহণ কৰি তেখেতৰ শ্রেষ্ঠতম অনুগামীলৈ পৰিবর্তিত হৈ গৈছিল। আৰু তাৰ পিছত তেখেতে নবী (ছঃ)ৰ ওচৰত গৈয়ো ইছলাম ধৰ্মক স্বীকাৰ কৰিছিল। এই প্ৰকাৰে যিসকলে নবী (ছঃ) ক হত্যা কৰাৰ উদ্দেশ্য লৈ ঘুৰি ফুৰি আছিল। তেখেতেই এসময়ত এজন ভাল অনুগামী হৈ পৰিছিল। এইটো এটা অতি আশ্চর্যজনক কথা নহয় জানো?

 

এই ঘটনাবোৰৰ পৰা নবী (ছঃ)ৰ ব্যক্তিত্বৰ বিশিষ্টতা আৰু চৰিত্ৰৰ মহিমা প্রকট হয়। যিকোনো মানুহকে নিজৰ পিনে আকৃষ্ট কৰাজনৰ কথাকেই উম্মু মাঅবাদ (ৰাঃ)ই বর্ণনা কৰিছিল। তেখেতৰ ব্যক্তিত্বৰ ভাল চৰিত্ৰবোৰ যেনে- নিষ্কপটতা, উদাৰ দৃষ্টি, শিষ্ট্য-ব্যৱহাৰ, প্রশান্ত আৰু বিচাৰো জনক সংবাদ আকর্ষক ব্যক্তিত্ব আদি। স্মৰণীয় এইটো যে- দীর্ঘকালীন যন্ত্রণা ও অত্যাচাৰক সহ্য কৰি দীঘ সময় ধৰি কঠিন যাত্ৰাৰ পিছত আৰু এনে কঠিন পৰিস্থিতিৰ সময়ত যদি এনে ব্যৱহাৰ হয় তেন্তে আমি ইয়াৰ পৰা বুজিব পাৰিম যে- যেতিয়া নবী (ছঃ) সুস্থ তথা ভাল অৱস্থাত থাকে তেন্তে তেতিয়া তেখেতৰ চৰিত্ৰ, ব্যৱহাৰ, আচৰণ নিশ্চয় কিমান যে- ভাল তথা আকৃষ্টজনক হ'ব?

 

উম্মু মাঅবাদৰ কথাৰ পৰা এটা কথা স্পষ্ট হয় যে- এজন উত্তম তথা ভাল নেতা হ'বলৈ আপেক্ষিত সকলো গুণ পয়গাম্বৰ হযৰত মোহাম্মদ (ছঃ)ৰ ব্যক্তিত্বৰ মাজত বিদ্যামান আছিল। তেখেতে সদায় সৎদেৱতাক বিশ্বাস তথা অতি উদ্যোগী আৰু আগ্রহপূর্ণ অনুগামীৰে ঘেৰি থাকিছিল। যেতিয়া তেখেতে কথা কৈছিল, তেতিয়া সকলোৱে অতি মনোযোগেৰে শুনিছিল, তেখেতে যি আদেশ দিছে তাক তেতিয়াই অনুপালন কৰিছিল। তেখেতে জীৱনৰ আদিৰ পৰা অন্তলৈ নেতা আৰু আদর্শ পুৰুষৰ সম্ভন্ধিত ব্যক্তিত্বক মানুহৰ মাজত দেখাইছিল। তেখেতে মক্কাৰ পৰা মদিনালৈ যেতিয়া হিজৰত কৰিছিল তাত তেখেতৰ নেতৃত্ব নিপুণতা আৰু আদর্শ-গৰিমা দর্শনীয়। যদি মোহাম্মদ (ছঃ) নিজৰ সংৰক্ষণ বিচাৰিছিলহেতেন তেন্তে তেখেতে য়াছৰিবৰ পৰা অহা তীর্থযাত্রীসকলৰ লগত যাব পাৰিলেহেতেন বা তাৰ এবছৰ পিছতেই ইছলাম স্বীকাৰ কৰিবলৈ বহুতো মানুহৰ লগত যাব পাৰিলেহেতেন। কিন্তু তেখেতে নবী (ছঃ) তেওঁলোকৰ লগত হিজৰত কৰা নাছিল। যদি তেখেতে এনে কৰিলেহেতেন তেন্তে তেখেতে এই পৃথিৱীৰ দৃষ্টিত যথার্থ নেতা আৰু এজন আদর্শ নেতা হ'ব নোৱাৰিলেহেতেন।

 

তেখেতে আত্ম ৰক্ষা কৰাৰ বিপৰীতে নিজৰ অনুগামী সকলক ৰক্ষা কৰাটো কৰ্তব্য বুলি গণ্য কৰিছিল। মক্কাৰ সকলো মুছলমানসকলক সংৰক্ষিত স্থানত লৈ যোৱাৰ পিছতেই তেখেতে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিছিল। এইটোৱেই হৈছে নেতাসকলৰ গুণ। যেতিয়া এটা কথা নিশ্চিত হৈ গৈছে যে- কুৰাইশ্ৱসকলে যিকোনো পৰিস্থিতিতেই নবী (ছঃ) ক হত্যা কৰিব তেতিয়াই তেখেতে হিজৰত কৰিছিল। আৰু যদি সেইদিন তেখেতে পলায়ন তথা হিজৰত নকৰিলেহেতেন তেন্তে এইটো কৰ্তব্যৰ পৰাজয় তথা ভূল বুজাবুজি হ'লহেতেন।

 

বিশ্বৰ ধার্মিক নেতা তথা ৰাজনীতিক, সামাজিক, সাংস্কৃতিক, কার্য-কর্তাকেই লাগে কিয়নো তেওঁলোকে যিমান বাৰ পাৰে সিমান বাৰেই হযৰত মোহাম্মদ (ছঃ) ছাহেবৰ নেতৃত্ব পটুতাক অতি মনোযোগেৰে নিৰিক্ষণ কৰে আৰু বুজি লয় যে নেতা মানেই হ'ল জনতাৰ লগে লগে থকা অনুগামীসকলৰ সমর্থনেই হৈছে নেতাসকলৰ শক্তি। এনে বহু নেতা আছিল যিসকলে নিজৰ জনপ্ৰিয়তাক কৈ ফুৰিছিল কিন্তু তেওঁলোকৰ জনপ্রিয়তা মুখতেই সীমিত আছিল। নবী (ছঃ)ৰ  জনপ্রিয়তা মুখত নাছিল, বৰং তেখেতৰ কৰ্মৰ ওপৰত দেখা পোৱা গৈছিল।

 

মদিনালৈ যাত্ৰাৰ সন্মুখত পয়গাম্বৰ (ছঃ)য়ে কুবা নামৰ এক ঠাইত কিছুদিন থাকিছিল। সেইটো এটা সুৰক্ষিত স্থান আছিল। তাতেই তেখেতে অলপ সময় বিশ্রাম লৈছিল। আৰু তাত তেখেতে এখন মছজিদ বনোৱাৰ ইচ্ছাও কৰিছিল। আৰু তেখেতে ইয়াক অতি তাৰাতাৰি বনাব বিচাৰিছিল। যেতিয়া নবী ছঃ ৰ অনুগামীসকলৰ সংখ্যা প্ৰচুৰ বাঢ়ি গৈছিল; কিন্তু তথাপিও তেখেতৰ দ্বাৰা আজ্ঞানপালনৰ মাজত অলপো কম হোৱা নাছিল। আৰু তথাপিও তেখেতৰ ব্যৱহাৰ অতি সাধাৰণ আছিল। তেখেতে মছজিদ বনোৱাৰ বাবে অনুগামীসকলৰ লগত নিজে শিল- পাহাৰ জমা কৰিছিল। তেখেতেও আন মানুহৰ লগত মছজিদ বনোৱা কাৰ্যত/কর্মত ভাগ লৈছিল। সামায়িক যুগত এনে আদর্শমান ব্যক্তি কিমান পোৱা যাব? আৰু এনে আদর্শ কাম কিমানে কৰিব পাৰিব? ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক নেতাসকলৰ কথা থাকিবলৈ দিয়ক, কিমান ধর্ম নেতাই এনে আদর্শ প্রস্তুত কৰিব পাৰিব? নোৱাৰে, কোনেও নোৱাৰিব। যিকোনো ধর্মনেতা অতি ভালদৰে জীৱন-যাপন কৰি আছে, তেখেতে শাৰীৰিক শ্ৰমৰ পৰা বাচি আছে, তেখেতৰ অলপো শ্রম তথা কষ্ট কৰাৰ মনেই নাই আৰু এইটো ৰাজনীতিক ক্ষেত্ৰতেই হওক বা সামাজিক, সাংস্কৃতিক, সাম্প্রদায়িকত দুয়োটা কাম, কথা আৰু কাম কৰা পোৱাটো অতি দুর্লভ। কুবাৰ মছজিদ নির্মাণৰ কাৰ্যত নবী (ছঃ)এ  সক্রিয় ৰূপত ভাগ লৈছিল। মদীনাৰ মছজিদ নির্মাণ কার্যতেও তেখেতে ভাগ লৈছিল। অর্থাৎ ইয়াতেই নবী (ছঃ) মছজিদ বনোৱাৰ বাবে অগ্রপংক্তি হৈ থিয় হৈছিল। নবী (ছঃ)ৰ অৱস্থা চাই অনুগামীসকলে নিজেই বিচাৰ কৰিছিল যে- আমি কেনেকৈ কাম কৰাৰ পৰা বিৰত থাকিম? কোনোধৰণৰ প্ৰেৰণাৰ বাহিৰেই তেখেতে উৎসাহেৰে নির্মাণ কার্যত ভাগ লৈছিল, হাতে-হাতে কাম কৰিছিল। আৰু সেই সময়ত অনুগামীসকলৰ ওচৰত এইটো এটা কষ্টকৰ তথা ক্রান্তঃ মনে হোৱা নাছিল বৰং তেখেতৰ ওচৰত এইটো এটা উৎসৱৰ নিচিনা হৈ পৰিছিল।

 

ওপৰত দিয়া উদাহৰণটোৰ পৰা এটা কথা অতি স্পষ্টভাবে জানিব পাৰি যে- ইছলাম ধর্ম কিয় সফল হ'ব পাৰিছে আৰু আন আন আন্দোলন কিয় পৰাস্ত হৈছিল? বর্তমান যুগৰ ৰীতি-নীতি এইধৰণৰ যে- যেতিয়ালৈকে তেওঁলোকে নেতা নহয় তেতিয়ালৈকে মানুহৰ পিছে পিছে পৰি থাকে আৰু যেতিয়া তেওঁলোকে নেতা হৈ যায়, মানুহক নিজৰ পৰা দূৰ কৰি দিয়ে। অনুগামীসকলৰ পৰা ভিন্ন দেখিবৰ, হোৱাৰ বাবে স্বয়ং মূৰত তাক পিন্ধা নেতাসকলৰ বাবেহে আজিৰ পৃথিৱী। আৰু যদিও তেওঁলোকৰ ওচৰত তাজ নহয় তেন্তে নিশ্চয় তেওঁলোকৰ ওচৰত অতি দামী তথা ভাল গাড়ী হ'ব। তেওঁলোকে দুখীয়া তথা দৰিদ্ৰ মানুহৰ চকুলো মুচিবলৈ/ অভিনয় কৰে, ইয়াৰ উপৰিও তেওঁলোকে দুখীয়া মানুহৰ পজা ঘৰত যাই ভাত খোৱাৰ নাট কৰে। এই সকলোবোৰ বস্তু তেওঁলোকে নিজে জনাজাত হোৱাৰ বাবেহে কৰে, তেওঁলোকৰ বিচাৰ-আচাৰ, মন-মস্তিষ্ক আন কোনো কামত ব্যস্ত হৈ থাকে। তেওঁলোকৰ আচল চেহেৰাটো অতি ভিন্ন। কিন্তু পয়গাম্বৰ হযৰত মোহাম্মদ (ছঃ) এনে এজন নেতা নাছিল।

মুহাম্মদ মুশাৰফ (দাৰুল হুদা, অসম কেন্দ্ৰ)

Related Posts

Leave A Comment

Voting Poll

Get Newsletter