বিজেপি ৰাজনীতিৰ বজাৰত ধৰ্মীয় অনুভূতি এটা ডাঙৰ উপকৰণ।

 

বাবৰি মছজিদ ধবংশ এক ডাঙৰ আঘাত যিটো ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ হৃদয়ৰ পৰা কেতিয়াও মুছি নাযায়। কোনো এজন সাধাৰণ ব্যাক্তিয়েই পাহৰিব নোৱাৰে ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ ইতিহাস। ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ বাবৰি মছজিদ ধৱংশৰ সেই ঘোৰ অন্দকাৰৰ আমানিশাৰ ৰাতিটো। যেতিয়া বাবৰি মছজিদৰ বগা ৰঙৰ গম্বুজ সমূহ সাম্প্রদায়িকতাৰ ক'লা হাতোৰাৰ আঘাতত আক্রান্ত হয়। যিয়েই নহওক আমালোক ছোচিয়াল মেডিয়া আৰু প্ৰেছ মেডিয়াৰ পৰা যি অৱাঞ্চিত খবৰ দেখিছোঁ আৰু শুনিছো, সেই সময়ত যদিও কংগ্ৰেছৰ চৰকাৰ চলি আছিল তাৰ আৰত নিশ্চিয়কৈ সেয়া কংগ্রেছৰ সহযোগিতাই সকলোখিনি কাম বিজেপি গভীৰ ভাৱে জড়িত হৈ কৰি গৈছিল।

আগন্তুক ২২ জানুৱাৰীত হবলৈ গৈ আছে ৰামমন্দিৰৰ উদ্ধোধনক কেন্দ্ৰ কৰি এক বৃহৎ ৰাজনৈতিক চাঞ্চলকৰ হুৱা-ধোৱা আৰু আলোচনা-বিলোচনা। আজি বিজেপি আৰু আৰ. এচ. এচ নেতাৰ লগত স্বয়ং প্রধানমন্ত্রী ভাৰতীয় সংবিধানৰ মূল নীতি-নিয়ম উলঙ্গা কৰি সংবিধান অৱমাননা কৰি ৰাম মন্দিৰ মুখ্যত ৰাজনীতি কৰণ কৰাৰ পৰিকল্পনা বাস্তবায়িত কৰিব বিচাৰিছে, য'ত কোনো চৰকাৰে কোনো ধৰ্মৰ প্রতি কোনো ধৰণৰ পক্ষপাতিত্ব কৰা সমিচিন নহয়। এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী যদি চৰকাৰী ভাৱে ৰাম মন্দিৰৰ ভূমি পুজাৰ কাৰণে আহিব পাৰে আৰু এটা ধর্মীয় সম্প্রদায়ক আনন্দিত কৰে আৰু তাৰ বিপৰীতত আন ফালে বাবৰি মছজিদ ধংশত আঘাত প্রাপ্ত সকলৰ জ্বলা-জুইত গী ডালি দিয়াৰদৰে কাৰ্যকৰা প্ৰধান মন্ত্রী এজন কিমান জগণ্য হ'ব পাৰে। যিটো এটা নিকৃষ্টতম ঘৃননীয় কাম। বিজেপি প্রধান নৰেন্দ্ৰ মদী এটা ধর্মক ৰাষ্ট্ৰীয় ধৰ্মৰ মৰ্য্যদা দিবলৈ অপচেষ্টাৰ অকণো ত্রুটি নকৰাকৈ আগবাঢ়িব খুজিছে। যাৰ জৰিয়তে ২০২৪ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজিছে।

বিজেপি আৰ. এচ. এচ. ৰ নিচিনা সাম্প্রদায়িক সংগঠন সমূহক নিজৰ ভোট সুৰক্ষিত কৰাৰ কাৰণে সংখ্যা ঘৰিষ্ঠ হিন্দু, জনতাৰ, ধর্মীয় অনুভূতিক ব্যৱহাৰ কৰিব বিচাৰিছে। যিদৰে ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত প্রধান মন্ত্রী নৰেন্দ্ৰ মদী পলওৱামাৰ হত্যা কাণ্ডৰ সাহসী যোৱান সকলৰ শহিদৰ বিনিময়ত ভোট ভিক্ষা কৰি শাসনৰগাদি দখল কৰিছে এই বেলিও ২০২৪ চনৰ ৰাম মন্দিৰ উদ্ধোধন কাৰ্য্য ব্যৱহাৰ কৰি শাসনৰ বাঘজৰি হাতত লোৱাৰ যন্ত কৰিব বিচাৰিছে।

এই লক্ষ্য আগত ৰাখি অযোধ্যায় এক বৃহৎ ৰাজনৈতিক প্ৰচাৰ আৰু কাৰ্য্যসূচী হাতত লৈছে। বার্তা অনুসৰি নৰেন্দ্ৰ মদী নিজেই ইয়াৰ অনুসাৰী সকলক ৰাম মন্দিৰৰ ধৰ্মীয় প্রতিক দেখুওৱাৰ আহ্বান কৰি ভাৰতৰ ৫০ শতাংশ ভোট লাভ কৰাৰ চেষ্টা কৰিছে। ৯০ৰ দশকত যদি এল. কে. আদৱানী ক্ষমতাত অহাৰ মাধ্যম হিচাপে ৰথ যাত্ৰা কৰিছিল, তেতিয়া হ'লে আমি বুজি পাব লাগিব যে প্রশাসনৰ ওচৰে-পাজৰে এক ডাঙৰ ৰোড শ্বো কৰি সংখ্যা ঘৰিষ্ঠ মানুহৰ ধৰ্মীয় স্বার্থ চৰিতাৰ্থ কৰাৰ যত্ন কৰিছে। বিজেপিয়ে বিশ্বাস কৰে যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যিটো ক্ষমতা বিৰুধী মনোভাৱ বৃদ্ধি পাইছে সেইটো এই ধৰণৰ প্ৰচাৰ আৰু কাৰ্য্যকলাপৰ মাজেৰে কিছু পৰিমাণৰ হলেও নিয়ন্ত্ৰণ কৰিব পৰা যাব।

ৰাম মন্দিৰ এই বিষয়টো অধিক উজ্বল কৰি বিজেপিৰ প্ৰচাৰিত সাম্প্রদায়িক ৰাজনীতিত বিকল্প হিচাপে ভাৰতবৰ্ষৰ মানচিত্ৰত ভাৰতজোট গঢ়ি উঠিছে সেয়া চেৰ পেলোৱাৰ চেষ্টা কৰিছে। এই কাৰণে মন্দিৰ ট্ৰাষ্ট কমিটি কংগ্ৰেছৰ লগত আৰু অন্যান্য দলীয় নেতা সকলক ৰাম মন্দিৰ উদ্ধোধন অনুষ্ঠানত আমন্ত্রণ কৰিছে। কংগ্ৰেছৰ নেতা সকল এই বিষয়টো লৈ কেনে অৱস্থান কৰিব সেইটো লৈ বেলেগ বেলেগ মত প্রকাশ কৰিলেও অৱশেষত সিহত অংশ গ্রহণ নকৰাৰ সিদ্ধান্ত লয়। মুছলিমলীগৰ নিচিনা সংগঠন সমূহ কংগ্রেছক সতর্ক কৰি দিবলৈ আগবাঢ়ি আহিছিল। চি. পি. এম., চি.পি. আই., আৰ. জে. ডি., জে. ডি. ইউ. আৰু তৃণমূল কংগ্ৰেছৰ দৰে সংগঠন সমূহে ঘোষণা কৰিছে যে সিহত অনুষ্ঠান পৰিত্যাগ কৰিব। বর্তমান কংগ্ৰেছ বৰকৈ উদ্বিগ্ন যে এনেধৰণৰ এটা অনুষ্ঠানত সহযোগিতা নকৰা হ'লে এই সংখ্যা ঘৰিষ্ঠ হিন্দু জনগোষ্ঠীৰ সমৰ্থনৰ পৰা বঞ্চিত হ'ব। তথাপিও এইটো এটা ভাল খবৰ এই যে কংগ্ৰেছে ৰাজনৈতিক লাভৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ লগত দৃঢ়তাৰে থিয় দিবলৈ প্রস্তুত।

এইটো হয়তো কংগ্রেছক বুজাব লাগিব যে নৰম হিন্দুত্বৰে চৰম হিন্দুত্বক পৰাজিত কৰিব নোৱাৰি আনকি সকলোকে লৈ ঐক্যবদ্ধ ভাৱে থিয় দিব লাগিব আৰু তাত লাগি থাকিব লাগিব। অন্যথায় এই ধৰণৰ কাৰ্যক অস্ত্র হিচাপে ব্যৱহাৰ কৰি সাম্প্রদায়িক দল বিলাকে ৰাজনীতি কৰি যাব। ধৰ্মনিৰপেক্ষ দল সমূহে বিশেষ পৰিকল্পনা তৈয়াৰ কৰি এওঁলোকৰ সন্মুখত থিয় দিব পাৰিব লাগিব। নহলে স্বাধীনতাৰ পিছত আমাৰ দেশখন নিৰাপদহীন দৰিদ্ৰ দেশত পৰিণত হোৱা দেখিবলৈ পোৱা যাব। য'ত ক্ষুধার্ত আৰু বেকাৰত্বৰ সৰ্বোচ্চ ৰাজত্ব, লুট-পাট, ডকাইতি, খুন-খাৰাবি আৰু নিৰ্যাতনৰ খবৰত পৰিণত হ'ব। গোটেই ভাৰতীয় সমাজ ব্যৱস্থা ভাঙি পৰিব। ধর্ম, ধর্মীয় প্রতীক আৰু ধর্মীয় অনুভুতি ৰাজনীতিৰ ক্ষেত্ৰত জনসাধাৰণক আকৰ্ষণ কৰাৰ উপকৰণ। দেশখন যিমান দিন ইয়াৰ পিছত পৰি থাকিব সিমান দিন সাধাৰণ নাগৰিক দৰিদ্ৰতাৰ ফলত অনাহাৰত মৃত্যুবৰণ কৰিব।

 

 

লেখকৰ পৰিচয়ঃ আব্দুৰ ৰৌফ ফাৰুকী, তেখেতৰ ঘৰ বৰপেটা জিলাৰ বলাইপাথাৰ গাওঁত। কবিৰ জন্ম ১৯৭২ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখ। পিতৃ ইউছুব আলী আৰু মাতৃৰ নাম ৰহিমা খাতুন। তেখেত বর্তমান অসমীয়া সাহিত্য সম্মিলনীৰ কলগাছিয়া শাখাৰ সদস্য হৈ থকাৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ কলগাছিয়া মহকুমা শাখাৰ সভাপতি হিচাপে কার্য্য নির্বাহ কৰি আছে। তেখেতৰ বহু ৰচনা আৰু কবিতা আলোচনী, স্মৃতিগ্রন্থ আৰু বাতৰি কাকতত প্রকাশিত হৈছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor