হজৰত মুহাম্মদ (ছাঃ)ৰ আদৰ্শ আৰু অসমৰ ইছলামিক ঐতিহ্য

ইছলাম ধৰ্মৰ ইতিহাস ১৪০০ বছৰতকৈও অধিক সময় ধৰি বিস্তৃত। এই ইছলাম ধৰ্মৰ আৰম্ভণি ঘটিছিল বিশ্বৰ এখন শক্তশালী দেশ আৰৱত।ইছলাম ধৰ্মত ঈশ্বৰ এজনেই সেয়া হল “আল্লাহ"। ইছলামত আল্লাহক একমাত্ৰ সত্য ঈশ্বৰ , বিশ্বব্ৰাম্ভণ্ডৰ সৃষ্টি কৰ্তা আৰু সকলো জীৱনৰ ধাৰনকাৰী বুলি গণ্য কৰা হয়। ইছলাম ধৰ্মত আল্লাহৰ ওচৰত সমৰ্পণ কৰা লোককেই মুছলমান বুলি কোৱা হয়। হজৰত মহম্মদৰ (ছ) হৈছে আল্লাহৰ অন্তিম গৰাকী ৰছূল আৰু নবী।

৫৭০ খ্ৰীষ্টাব্দত আৰবৰ মক্কা চহৰত ৰবিউল আৱালৰ ১২ তাৰিখে সোমবাৰে ছুবহে ছাদিকৰ সময়ত প্ৰিয় নবী হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আব্দুল্লাহ. আৰু মাতৃৰ নাম আমিনা আছিল। জন্মৰ আগতেই তেওঁৰ পিতৃৰ ইন্তেকাল হৈছিল আৰু ৬ বছৰ বয়সতেই তেখেতৰ মাতৃ আমিনাৰো ইন্তেকাল হৈছিল। পিতৃ মাতৃহীন মুহাম্মাদক ককাক আব্দুল মূত্তালিব আৰু খুৰায়েক আবুতালিবে ডাঙৰ দীঘল কৰিছিল। ২৫ বছৰ বয়সতে নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) -এ আৰবৰ ৪০ বছৰীয়া ধনী মহিলা খাদিজা (ৰঃ) সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। যুগ্ম জীৱনৰ আৰম্ভনি অৰ্থাত প্ৰায় ৩০ বছৰ বয়সৰ পিছৰ পৰাই মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জীৱনত পৰিবৰ্তন পৰিলক্ষিত হৈছিল। প্ৰায় ৪০ বছৰ বয়সত নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)–ৰ লগত কিছুমান চমৎকাৰী ঘটনা ঘটিছিল আৰু ইয়াৰ পৰা কোনো পৰিত্ৰাণ নোপোৱাত নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)–এ মক্কাৰ ওচৰৰ হীৰা পৰ্বতত আশ্ৰয় লৈছিল।তাতেই সৰ্বশক্তিমান আল্লাহে মূস্তফা কৰিম (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ওচৰত জিব্ৰাইল ফেৰেস্তাৰ যোগেদি প্ৰথম ওহী অৱতীৰ্ণ কৰিছিল। ঈশ্বৰ বা আল্লাহ একেজনেই - এয়াই হৈছে ইছলাম ধৰ্মৰ মূল। কিন্তু এই কথা যেতিয়া মুহাম্মদ‌ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম এই আৰৱৰ লোকসকলৰ মাজত প্ৰচাৰ কৰিছিল তেতিয়াই নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) দোষৰ হৈ পৰিল। তেখেতক মক্কাৰ পৰা বহিস্কৃত কৰা হয় আৰু শেষত তেওঁ মক্কাৰ পৰা মদিনালৈ প্ৰস্থান কৰে । মদিনাৰ যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু লাহে লাহে তেওঁৰ অনুগামীৰ সংখ্যা বাঢ়ি গৈ থাকিল এনেকৈ গৈ গৈ প্ৰায় ৬৩০ খৃঃত মক্কাত পুনৰ অতিপাত্ত স্থাপন হয়। নবী (ছ)–এ সমগ্ৰ জীৱন আল্লাহৰ ৰাছুল তথা পয়গাম্বৰ হৈ আল্লাহৰ প্ৰতিটো বাণী প্ৰচাৰ কৰিছিল আৰু এনেকৈ ৰচিত হৈছিল ইছলামৰ মূল ধৰ্মগ্ৰন্থ “কোৰাআন “শ্বৰীফ। অবশেষত ৬৩২ খ্ৰীঃত মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ইন্তেকাল হৈছিল।

নবী মুহাম্মাদ (ছাঃ) যুৱ সমাজৰ বাবে এজন শ্ৰেষ্ঠ আদৰ্শ: 

পবিত্ৰ হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) বিশ্বৰ সকলো শ্ৰেণী আৰু ব্যাক্তিৰ বাবে এক শ্ৰেষ্ঠ আদৰ্শ আছিল। শিশুৰ আদৰ্শ, যুৱকৰ আদৰ্শ, পিতৃৰ আদৰ্শ, দাদাৰ আদৰ্শ, ব্যৱসায়ৰ, সৈনিকৰ, সেনাপতিৰ আদৰ্শ, স্বামিৰ আদৰ্শ,শিক্ষকৰ আদৰ্শ আৰু ৰাষ্ট্ৰ নেতাৰ আদৰ্শ তেওঁৰ আছিল। মানৱ জীৱনৰ চুৰান্ত সফলতা নিহিত হৈ আছে নবী মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ অনুসৰি কৰা আৰু অনুকৰণ কৰাত। নবী (ছাঃ)ৰ চৰিত্ৰৰ সন্দৰ্ভত স্বয়ং মহান আল্লাহ’তালাই পৱিত্ৰ কোৰানত কৈছে ,” আপুনি সঁচাকৈয়েই মহান চৰিত্ৰৰ অধিকাৰী “(ছুৰা আল-কালাম,আয়াত ৪) অৰ্থাৎ আপুনি নিজকে নৈতিক চৰিত্ৰৰ উচ্চতম মানদণ্ডত ধৰি ৰাখে আৰু আপুনি সু-মহান আদৰ্শত প্ৰতিষ্ঠিত আৰু সৰ্বোত্তম চৰিত্ৰৰ অধিকাৰী।

হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-এ আল্লাহক সকলো সময়তে স্মৰণ কৰিছিল তেওঁ শিকাইছিল যে এজন মুছলমানৰ জীৱনত আল্লাহক স্মৰন কৰাটো এটা গুৰুত্বপূৰ্ণ কথা। আমাৰ জীৱনত চলিবলৈ হলে আল্লাহক স্মৰন কৰাটো অতি প্ৰয়োজনীয়। ৰাছুল (ছা) আমাক তেওঁৰ কথা আৰু কামৰ দ্বাৰা আল্লাহক স্মৰন কৰাৰ নিৰ্দেশ দিছে। নামাজ আৰু কোৰান আছিল তেওঁৰ নিত্ব দিনৰ সংগী । তেওঁ নৈতিক গুণৰ অধিকাৰী আছিল মানুহক দয়া, ক্ষমা ,সততা , নম্ৰতা,মানুহক সেৱা কৰা ইত্যাদি নৈতিক গুণ আছিল । মানুহৰ আগত ছালাম দিয়াৰ অব্যাস আছিল। পৰিয়াল সমাজ আৰু সকলোৰে প্ৰতি তেওঁৰ আচৰণ বিনয়ী আছিল । ক্ষমতা থকাৰ সত্ত্বেও সত্ৰুক মাফ কৰি দিছিল। কোনোবাই কোনো মজলিচত কথা কবলৈ বহিলে সেই ব্যক্তিজন থিয় নোহোৱালোকে তেওঁ বহি থাকিছিল। তেওঁ বেছিভাগ সময়তে নীৰৱ থাকিছিল প্ৰয়োজন নোহোৱালৈকে কথা কোৱা নাই আৰু যেতিয়া কথা কৈছিল সদায় স্পষ্টকৈ কথা কৈছিল যাতে সকলোৱে সহজে বুজিব পাৰে। মহম্মদৰ ওচৰত অহা কোনো ব্যক্তিকো অবহেলা কৰা নাছিল সকলোকে সন্মান কৰিছিল। কোনো খাদ্য – সামগ্ৰী দোষ দৰা নাছিল ঈশ্বকৰিলে খাইছিল আৰু নহলে খোৱাৰ পৰা বিৰত থাকিছিল। তেওঁ সদায় ধাৰ্য্য ধৰি ভাল পাইছিল ।তেওঁৰ কাষত কিবা উপহৰ আহিলে সেইবোৰ আল্লাহৰ পথত দান কৰিছিল । 

সমাজৰ যুৱক-যুবতীসকলক আচৰণ , বাক্য সাজ-পোছাকৰ বিনয়ৰ গুৰুতত্ব শিকাইছিল, নম্রতা, ক্ষমা, দানহিলতা ,দয়া আৰু বাহ্যিক অনুগ্ৰহৰ ওপৰত গুৰুত্ব দিছিল। হজৰত মহম্মদ (ছ) মানৱতাৰ বাবে প্ৰেৰণা আৰু পথ প্ৰদৰ্শনৰ বাবে চিৰন্তন উৎস। তেওঁৰ সমগ্ৰ জীৱনত ভাল গুণেৰে ভৰপুৰ আছিল,যিবোৰ শেষলৈকে লখিব বা ক’ব নোৱাৰি। যদি কোনো ব্যক্তিয়ে নিজৰ জীৱনত হজৰত মহম্মদ (ছা)- ৰ উল্লেখ কৰা আদৰ্শসমূহ অনুসৰি কৰে তেন্তে তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তি হ’ব।

নবী মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) বিশ্বৰ বাবে দয়াঃ  

প্ৰিয় হজৰত মুহাম্মাদ (ছাঃ) সকলো বিশ্বৰ বাবে দয়া হৈ আহিছিল। মহান আল্লাহ’তালাই পৱিত্ৰ কোৰআনত কৈছে, ৰাছূল (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ক জগতৰ প্ৰতি দয়া হিচাপে পঠিয়াইছে। পৱিত্ৰ নবী মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ উম্মতৰ প্ৰতি থকা প্ৰেম পিতৃৰ দৰে আছিল। সিহঁতক নিজৰ সন্তানৰ দৰে ভাল পাইছিল। নিজৰ উম্মাহৰ আনন্দত আনন্দিত হৈছিল আৰু তেওঁলোকৰ যন্ত্ৰণাত কষ্ট পাইছিল। তেওঁ জীৱ জন্তুৰ প্ৰতি দয়া আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল উম্মাতক আদেশ দিছিল শিশুসকলৰ প্ৰতি বিশেষ ভাৱে দয়া আছিল।মহিলাসকলৰ লগত মৰ্যদা আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। যেতিয়া কন্যা সন্তানক জন্ম হোৱাৰ লগে লগে কবৰ দিয়া হৈছিল তেতিয়া মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম সমাজৰ কুসংস্কাৰ দুৰ কৰি নাৰীসকলক সন্মানিত কৰিছিল।সমাজত মূৰ্তি পূজা, মাদক দ্ৰব্যপান, জুৱা ,সুদ, ব্যবিচাৰ ইত্যাদি বেয়া কামত লিপ্ত আছিল তেতিয়াই দয়াৰ নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ কানিৰ সকলক সঠিক পথ দেখোৱাইছিল। মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ক মহান আল্লাহে দয়া হিচাপে পঠিয়াইছিল নহ’লে আজিও আমাৰ সমাজ সংস্কাৰক জাহিলিয়াতৰ যুগৰ নিচিনা থাকিল হেঁতেন। ৰাছূল (ছাঃ)-এ প্ৰতিটো নামাজতে উম্মাতৰ পাপৰ কাৰণে ক্ষমাৰ বাবে দুৱা কৰিছিল। তেওঁ কৈছিল , ‘হে আল্লাহ মোৰ উম্মাহক তেওঁলোকৰ অতীত আৰু ভৱিষ্যতৰ সকলো পাপ, তেওঁলোকৰ দেখা আৰু নেদেখা পাপ ক্ষমা কৰা।‘ বিশ্বৰ সকলো উম্মতক নেদেখাকৈ যি মৰম ,ভালপোৱা ,দয়া আছিল সেয়া বৰ্ণনা কৰিব নোৱাৰোঁ। প্ৰতিজন নবীৰ বাবে এটা বিশেষ দোৱা আছিল। প্ৰত্যেক নবিয়েই এই পৃথিৱী খনত দোৱা কৰিছে। কিয়ামতৰ দিনা হিচাপ লোৱা হব তেতিয়া মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-এ সেই সময়ত জাহান্নামৰ পৰা মুক্তিৰ বাবে উম্মতৰ কাৰণে বিশেষ দোৱা কৰিব। 

নবীৰ চৰিত্ৰ যুৱ সমাজৰ বাবে পথ নিৰ্দেশক:

হজৰত মহম্মদ (ছা) আছিল ফুলৰ দৰে কোমল আৰু লোৰ দৰে কঠিন ।তেওঁৰ চৰিত্ৰই যুৱ সমাজৰ বাবে এক কালজয়ী পথ প্ৰদৰ্শক হিচাপে কাম কৰে, তেওঁৰ সততা, বিশ্বাসযগ্যতা আৰু উদাৰতা মূল্যবান শিক্ষা দিয়ে । হজৰত মহম্মদ (ছ) ৰ বিশ্বাসযোগযতা আৰু সততাই বিশ্বত সন্মান আৰু প্ৰসংসা লাভ কৰিছে। ব্যৱসায়িক আৰু সামাজিক যোগাযোগকে ধৰি জীৱনৰ সকলো দিশতে তেওঁৰ সত্যতা প্ৰকাশ পাইছিল। তেওঁৰ চৰিত্ৰই যুৱক যোবতীসকলৰ বাবে এক ইতিবাচক আদৰ্শ প্ৰদান কৰে।

হজৰত মহম্মদ (ছ) ৰ সামাজিক ন্যায় , সমতা দয়া, ক্ষমা সকলো প্ৰকাৰৰ নৈতিক গুনে আমাৰ আধুনিক সমাজ গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। নবী মুহাম্মাদ (ছ) এ দয়ালু আৰু ক্ষমাৰ চৰিত্ৰৰ আছিল,আনৰ লগত সহানুভূতি আৰু স্পষ্ট ভাষাৰে বুজাবুজিৰে ব্যৱহাৰ কৰিছিল। তেওঁ শত্ৰুক ক্ষমা কৰি মিলনক উৎসাহিত কৰিছিল, বিশ্ববাসীক ক্ষমা আৰু শান্তি নিৰ্মাণৰ মূল্য শিকাইছিল। তেওঁৰ অনুসৰণ কৰি আধুনিক নৈতিক সমাজ গঠন কৰিব পাৰি। তেওঁৰ প্ৰতিষ্ঠা কৰা নীতি সমতা, বিনয়, নম্রতা আৰু সত্যৰ গুৰুত্ব আদিয়ে আধুনিক যুগৰ জটিলতাক দূৰ কৰি থাকোঁতে কালজয়ী জ্ঞান আৰু পথ প্ৰদৰ্শনে আক্ষা আৰু প্ৰেৰনাৰ পোহৰ প্ৰদান কৰে।

 হুদাইববীয়া সন্ধিৰ আধুনিক ব্যক্তিগত শিক্ষাঃ হজৰত মহম্মদৰ (ছ) আৰু কুৰাইশসকলৰ লগত যি সন্ধিৰ ফলত চুক্তি হৈছিল সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ শিক্ষা। হুদাইবিয়াৰ সন্ধিৰ পৰা সহনশীলতা, প্ৰজ্ঞা আৰু ককৌশলগত চিন্তাৰ উল্লেখযোগ্য পাঠ আছে , যি আধুনিক ৰাজনীতি আৰু ব্যক্তিগত শিক্ষাৰ বাবে অতি মূল্যবান। সন্ধিখনে সমস্যা সমাধানৰ বাবে আৰ্হি আগবঢ়োৱাৰ লগতে বন্ধু-বান্ধবীৰ সম্পৰ্ক স্থাপন আৰু শান্তিপূৰ্ণ সমাজগঠন বজায় ৰাখে। সন্ধিৰ সফলতাই আধুনিক কূটনৈতিক প্ৰচেষ্টাক অৱগত কৰিব পাৰে। ইয়াৰ পৰা আধুনিক সমাজত শান্তি আৰু স্থিতিশীলতাক অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰে। এই সন্ধিখনে ব্যক্তিক জটিল সমস্যাৰ সন্মুখীন হৈ ধৈৰ্য আৰু অধ্যৱসায়ৰ গুৰুত্ব শিকাইছে। দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই শিক্ষা অতি গুৰুত্বপূৰ্ণ। 

নবী মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) আৰু মহিলাৰ অধিকাৰ: 

ইছলামে নাৰীৰ প্ৰতি সৰ্ব্বোচ্চ সন্মান নিশ্চিত কৰিছে । কেতিয়াবা মাতৃ হিচাপে , ভনী হিচাপে আৰু কেতিয়াবা স্ত্ৰি হিচাপে। জাহিলিয়াতৰ যুগত নাৰী অৱহেলিত আছিল । মহিলাৰ কোনো উত্তৰাধিকাৰীৰ অধিকাৰ নাছিল, তেওঁ লোক আছিল সমাজৰ উপভোগ মাথোঁ। কন্যা সন্তানক জীৱন্ত কবৰ দিয়া হৈছিল। হজৰত মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-এ মহিলাসকলৰ পিতৃ , স্বামীৰ সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে। সমাজত কুসংস্কাৰ দূৰ কৰি মহিলাৰ মৰ্যাদা আৰু সুৰক্ষা ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যাৱস্থা প্ৰদান কৰিছে।

আয়েশা (ৰাঃ) -ৰ পৰা বৰ্ণিত ,ৰাছূল ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম এ কৈছে, যিজনক কন্যা সন্তান ডাঙৰ কৰাৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁ ধৈৰ্যৰে সেই কাম কৰিলে, সেই ছোৱালীজনী তেওঁৰ বাবে জাহান্নাম যোৱাত বাধা হৈ পৰিব। (তিৰমিজি,-১৯১৩)

আল্লাহৰ ৰাছুল (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ কৈছিল যে প্ৰতিজন মুছলমানৰ বাবে জ্ঞান আহৰণ কৰাটো ব্যাধতামূলক।“ (ইবনে মাজাহ) পুৰুষ আৰু মহিলা উভয়ৰে মাজত ন্যায় উপস্থাপন কৰিছে । মহিলাসকলে পৰ্দাত থাকিও শিক্ষা প্ৰতিষ্ঠানত যাই জ্ঞান আহৰণ কৰিব পাৰিব। আধুনিক যুগত শিক্ষিত মাতৃয়ে ল’ৰা ছোৱালীক সঠিক ব্যৱহাৰ শিক্ষা দিয়ে। বৰ্তমান সমাজত মহিলা দৰ্জী, ডক্টৰ এজনী ধাৰ্মিক নাৰীৰ বাবে পৰ্দা ৰক্ষা কৰে। নাৰীক সন্মান কৰা উচিত কাৰণ এগৰাকী মাতৃৰ ভৰিৰ তলত জান্নাত , নাৰীৰ দুৱাই এটা পৰিয়ালৰ ভাগ্য পৰিবৰ্তন কৰিব পাৰে ।

ছিৰাতৰ পোহৰত পৰিৱেশ সংৰক্ষণ: 

হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-এ আমাক সকলো দিশতে শিক্ষা দিগৈছে । প্ৰাণী, গছ-গছনী, পৰিবেশৰ বিষয়েও শিক্ষা দিছে । প্ৰাণীৰ প্ৰতি কঠোৰ ব্যৱহাৰ কৰিব নিষেধ কৰিছে । অতিৰীক্ত বোজা সিহঁতৰ লগত বেয়া আচৰণ কৰা এই দিশ সমূহ ইছলামৰ আদৰ্শত নপৰে। নবী মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম এ কৈছে যে কোনো ব্যক্তি যদি কাৰণ অবিহনে চৰাই বা কোনো জন্তুক হত্যা কৰে ,আল্লাহে তেওঁক কীয়ামতৰ দিনত জবাবদিহিন কৰিব।

হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ গছ-গছনী ৰোপণৰ আদেশ দিছে ,হাদিছ শ্বৰীফত উল্লেখ আছে যে ,যি ব্যক্তিয়ে গছ ৰোপন কৰিব ,আল্লাহে সেই গছৰ ফলৰ পুৰস্কাৰ দিব।‘ কোনোবাই যদি গছ ৰোপন কৰে আৰু তাৰ পৰা যদি চৰাই ,কোনো ব্যক্তি বা জন্তুৱে খায় তেন্তে ইটো তেওঁৰ বাবে দান বুলি গণ্য কৰা হব। গতিকে আমি বেছি বেছি গছ ৰোপন কৰিব লগে। মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম এ পানী অপচয় কৰাত নিষেধ কৰিছে । ৰাস্তাৰে গৈ থাকোঁতে যদি কোনো বেয়া পৰিবেশ দেখে তেনেহলে সেইটো পৰিষ্কাৰ কৰাটো আমাৰ কৰ্তব্য।

সামাজিক ন্যায় আৰু দয়া: 

হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) বিশ্বৰ সকলো জীৱৰ প্ৰতি দয়া , সহানুভূতি আৰু মায়াক উৎসাহিত কৰিছিল । তেওঁৰ সকলো কৰ্মৰ জৰিয়তে প্ৰদৰ্শন কৰিছিল যে দুখীয়াক সহায় কৰা ,ৰোগীক লগ কৰা ,দুৰ্বল লোকক সহায় কৰা , ন্যায় আৰু সমতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল । তেওঁ উম্মতক শিকাইছিল যে , সকলো ব্যক্তিৰ পটভূমি, সামাজিক মৰ্যদা বা বিশ্বাস , সন্মানেৰে ব্যৱহাৰ কৰিব লাগে । মুছলমান অমুছলমান সকলো জাতী মানুহৰ বাবে ন্যায্য ব্যৱহাৰ নিশ্চিত কৰিছিল । সকলো সৃষ্টিৰ প্ৰতি তেওঁৰ সমতা আৰু দয়াই আমাক সহানুভূতি, সহনশীলতা আৰু শান্তিৰ সমাজ গঠনৰ গুৰুত্বৰ কথা মনত পেলাই দিয়ে। যেতিয়া মানুহে আল্লাহক পাহৰি ডাঙৰ ডাঙৰ গছ গছনী, পাথৰ দেৱতাক পূজা কৰিছিল কাবাৰ ভিতৰত মূৰ্তি পূজা স্থাপন কৰিছিল, মানুহৰ মাজত ৰক্ত পাত , যুদ্ধ লুণ্ঠন দৈনন্দিন ঘটনা আছিল, নাৰীৰ সন্মান নাছিল, ধনী মানুহে দুখীয়াক মানুহ বুলি গন্য কৰা নাছিল, যেতিয়া পৃথিৱী অন্ধকাৰ অৱস্থাত আছিল, সত্য আৰু ন্যায় সমাজত প্ৰায় নোহোৱা হৈ গৈছিল তেতিয়াই আমাৰ প্ৰিয় নবী হজৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ বিশ্বৰ মাজত সত্য আৰু সঠিক পথ দেখাইছিল।

ইছলাম ধৰ্ম আৰু অসমীয়া ঐতিহ্য: 

ইছলাম ধৰ্ম আমাক শিকাইছে যে সকলো প্ৰকাৰৰ জাতি ,জন গোষ্ঠীৰ লগত কোনো ভেদাভেদ নকৰি আমাৰ সমাজৰ লগত মিলা প্ৰিতিৰে থাকিব লাগে। আমাৰ অসমত বিভিন্ন ধৰণৰ ধৰ্ম সংস্কৃতি আছে। হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) আমাক শিক্ষা দি গৈছে যে সমাজত চলাফিৰা কৰিব হলে শান্তি প্ৰতিষ্ঠা কৰা ব্যাধতামূলক। আমাৰ অসমত বিভিন্ন ধৰণৰ ব্যবিচৰ, মাদকদ্ৰব্য আসক্তি, দূৰ্নীতি ইত্যাদি সমস্যা আজিও আছে এই বোৰ সমস্যা দূৰ কৰাৰ কাৰণে আমাৰ প্ৰিয় হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ শিক্ষা আৰু তেওঁৰ বাণী সম্পৰ্কে জানিব লাগিব আৰু সেই মতে অনুসৰণ কৰিব লাগিব।  

অসমৰ মুছলমানে নিজৰ ইছলামিক সংস্কৃতি আৰু আচাৰ ব্যৱহাৰৰ,অনুষ্ঠান প্ৰতিষ্ঠানৰ জ্ঞান কম থকাৰ কাৰণে তেওঁলোকে অসমীয়া মানুহৰ সংস্কৃতিৰ মতে জীৱন পদ্ধতিৰ পিনে আকৰ্ষিত হৈছিল । মুছলমান সকল সঠিক পথত চলিব কাৰণে আল্লাহ পাকে তেওঁলোকৰ মাজত বহুত ছুফী সন্ত সকলক পঠিয়াই দিছিল আৰু তেওঁলোকে নিজৰ দায়িত্বটো সম্পূৰ্ণ কৰিছিল। ছুফী সকলৰ ভিতৰত যিসকলে আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিল, তেওঁলোক হ’ল – পীৰ গিয়াছুদ্দীন আউলীয়া, হজৰত শ্বাহ মীৰান,আজান ফকীৰ , হজৰত জাহিৰ আউলিয়া, হজৰত জালালুদ্দিন তবলিগী, খোৰাছানী পীৰ, বগা বাবা ইত্যাদি। আজান ফকীৰে প্ৰথমে অসমীয়া মানুহৰ সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে অসমীয়া ভাষা শিকিছিল আৰু তাৰ পিছত ব্ৰক্ষ্মপুত্ৰ উপত্যকা এই অঞ্চলবোৰত ইছলামৰ প্ৰচাৰ আৰম্ভ কৰিছিল। নিজৰ জ্ঞান ব্যৱহাৰ কৰি আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰী ৰচনা কৰি মানুহৰ মাজত আবৃত্তি কৰিছিল। এনেকৈয়ে অসমত ইছলাম প্ৰচাৰ কৰিছিল। 

হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ সামাজিক সংস্কাৰ আৰু ব্যক্তিগত আচৰণৰ বাবে এক কালজয়ী আৰ্হি আগবঢ়াইছে, যিটো ধৰ্মীয় কাঠামোৰ বাহিৰৰ আধুনিক পৃথিৱীৰ জটিলতা আৰু সমস্যাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এই আমাক যি শিক্ষা দি থৈ গৈছে সেয়া আমাৰ বাবে অমূল্য সম্পদ। তেওঁ গোটেই বিশ্বৰ বাবে এক পোহৰ হৈ ৰৈছে আৰু থাকিব। প্ৰায় ১৪০০ বছৰতকৈ বেছি সময় পাৰ হৈ গৈছে তথাপিও বিশ্বৰ মাজত তেওঁৰ কাৰণে ভাল পোৱা কমি যোৱা নাই । তেওঁৰ শিক্ষা আমাৰ বাবে চিৰস্থায়ী।

সমৰণিত কব পাৰি যে হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) সঁচাকৈয়ে আমাৰ আধুনিক যুগৰ বাবে এক চিৰন্তন পোহৰ, যিয়ে সকলো বয়সৰ লোকক সঠিক পথ প্ৰদৰ্শন কৰিছে। সকলোৰে বাবে এখন উন্নত পৃথিৱী তোলাৰ ক্ষেত্ৰত সমতা ,প্ৰেম, ভালপোৱা, ন্যায় ,বিনয় আৰু প্ৰজ্ঞাৰ গুৰুত্বৰ কথা আমাক সোৱৰাই দিছে।

---

লেখকঃ ছেলিমা খাতুন 

Related Posts

Leave A Comment

Voting Poll

Get Newsletter