শান্তি, ন্যায় আৰু মানৱতাৰ পোহৰ: হজৰত মুহাম্মদ (ছঃ)-ৰ চিৰস্থায়ী আদৰ্শ আৰু অসমৰ সম্প্ৰীতিৰ ঐতিহ্য
আৰম্ভণি:
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম) আছিল সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশেষ নবী, আল্লাহ তাআলাৰ প্ৰিয় ৰাছুল। তেখেত কেৱল এজন ধৰ্মীয় নেতা নাছিল, বৰং তেওঁ আছিল মানৱ ইতিহাসৰ এক মহান সংস্কাৰক, এজন ৰাষ্ট্ৰনেতা, এজন আদৰ্শ শিক্ষক আৰু এক চিৰস্থায়ী প্ৰভাৱৰ অধিকাৰী। তেখেত আধুনিক যুগৰ লগতে ভৱিষ্যতৰ সকলো যুগৰ বাবে এক চিৰস্থায়ী পথ প্ৰদৰ্শক আৰু আদৰ্শ। তেখেতৰ জীৱন আদৰ্শ সমগ্ৰ মানৱ জাতিৰ বাবে অনুসৰণীয়। তেখেতৰ জীৱন কাহিনীৰ পৰা আমি ন্যায়, সত্য, দয়া আদি শিকো, তেখেতৰ শিক্ষা আৰু জীৱনশৈলীয়ে মানৱ জাতিৰ সকলো দিশত পথ প্ৰদৰ্শন কৰে। এই ১৫০০তম মিলাদুন্নবী উপলক্ষে তেখেতৰ গুৰুত্ব আৰু অধিক প্ৰাসংগিক হৈ পৰিছে। তেখেতৰ দিয়া বাণী, নিৰ্দেশনা আদিয়ে সমগ্ৰ বিশ্বত এটা নবজাগৰণ আনিছে। আধুনিক যুগত তেখেতৰ আদৰ্শ আৰু শিক্ষাই বিশ্বৰ কোটি কোটি মানুহক পথ প্ৰদৰ্শন কৰি আছে। তেখেতৰ জীৱন আৰু শিক্ষাই মানৱ সমাজৰ প্ৰতিটো ক্ষেত্ৰত প্ৰভাৱ পেলাইছে, যি আজিও সমানে প্ৰাসংগিক।
জন্ম আৰু মৃত্যু:
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)এ জন্ম গ্ৰহণ কৰিছিল ৫৭০ খ্ৰীষ্টাব্দত মক্কা নগৰত। তেখেতৰ পিতৃৰ নাম আছিল আব্দুল্লাহ আৰু মাতৃৰ নাম আছিল আমিনা। জন্মৰ আগতে পিতৃৰ মৃত্যু হয় আৰু জন্ম গ্ৰহণৰ ৬ বছৰ পিছত মাতৃৰ মৃত্যু হয়। পিছে তেখেতক দাদা আব্দুল মুত্তালিবে লালন পালন কৰে। ৮ বছৰ বয়সত দাদাৰ মৃত্যু হয়। তাৰ পিছত পিতৃব্য আবু তালিবে তেখেতক লালন পালন কৰে। তেখেতৰ মৃত্যু হৈছিল ৬৩২ খ্ৰীষ্টাব্দৰ ৮ জুনত মদীনাত।
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ জীৱন আৰু আখলাক —
সমাজ গঠনৰ বাবে দিয়া নিৰ্দেশ:
সামাজিক ন্যায় আৰু দয়া এক শান্তিপূৰ্ণ সমাজ গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ। হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)এ দাৰিদ্ৰতা, বৈষম্য আৰু সামাজিক সংঘাতৰ দৰে আধুনিক সমাজৰ সমস্যাসমূহৰ বাবে এক সুন্দৰ পথ দেখুৱাইছিল। নবীয়ে দৰিদ্ৰ সকলক সহায় কৰিবলৈ, ন্যায় প্ৰতিষ্ঠা কৰিবলৈ আৰু মানৱ সমাজত ভাতৃত্ববোধ গঢ়ি তুলিবলৈ আহ্বান জনাইছিল। তেওঁৰ মতে দয়া আৰু ন্যায়ৰ যোগেৰে এক সুস্থ আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিব পাৰি। তেখেতৰ বাণী সমূহে আমাক এই শিক্ষা দিয়ে যে সকলো মানুহ সমান আৰু কাৰো ওপৰত কোনো ধৰণৰ অন্যায় বা অত্যাচাৰ কৰিব নালাগে। এই শিক্ষা সমূহ আজিও আমাৰ সমাজৰ বাবে অতি প্ৰাসংগিক।
মহিলাৰ অধিকাৰ:
নবী হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)এ ইছলামত মহিলাৰ মৰ্যাদা আৰু অধিকাৰৰ ক্ষেত্ৰত যুগান্তকাৰী সংস্কাৰ সাধন কৰিছিল। তেখেতৰ আগে আৰবদেশত মহিলাৰ স্থান নিম্ন আছিল আৰু তেওঁলোকক বহু ক্ষেত্ৰত বঞ্চনা কৰা হৈছিল। তেওঁ মহিলা সকলক সেই সময়ৰ সমাজত প্ৰচলিত বহুতো অন্যায় আৰু শোষণৰ পৰা মুক্ত কৰিছিল। তেওঁলোকক সম্পত্তিৰ অধিকাৰ, বিবাহ অধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু সামাজিক সন্মান প্ৰদান কৰিছিল। তেওঁ কন্যা সন্তানক জীৱন্তে পুতি পেলোৱাৰ প্ৰথা নিষিদ্ধ কৰিছিল। তেখেতে শিক্ষা দিছিল যে পুৰুষ আৰু মহিলা উভয়ে আল্লাহৰ দৃষ্টিত সমান। তেখেতে কৈছিল যে -
الجنة تحت أقدام الأمهات
অৰ্থাৎ (জান্নাত - স্বৰ্গ- মাতৃৰ চৰণৰ তলত)। এই নিৰ্দেশনাৰে মহিলা সকলক সামাজিক অধিকাৰ, সন্মান আৰু স্বাধীনতা প্ৰদান কৰিছিল, যি সেই সময়ৰ বাবে এক বিপ্লৱী পদক্ষেপ আছিল। তেওঁৰ শিক্ষাই নাৰীৰ অধিকাৰ আৰু মৰ্যাদাৰ এক নতুন যুগৰ সূচনা কৰিছিল।
সামাজিক সমস্যা সমাধানত নবীৰ বাণীৰ প্ৰাসংগিকতা:
আধুনিক সমাজত অৰ্থনৈতিক প্ৰগতিৰ আঁৰতো ড্ৰাগছৰ আসক্তি, অসহিষ্ণুতা আৰু দুৰ্নীতিৰ দৰে সামাজিক সমস্যা সমূহ গুৰুতৰ ৰূপত দেখা দিছে। এই সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত নবী হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাণীসমূহ গভিৰ প্ৰাসংগিক।
নবী হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ শিক্ষাই নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু সেৱনৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল। তেওঁৰ বাণীত আত্ম নিয়ন্ত্ৰণ, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু সমাজৰ প্ৰতি দয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যি ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তি পাবলৈ সহায় কৰিব পাৰে।
তেওঁৰ শিক্ষাই সহিষ্ণুতা, ভাতৃত্ববোধ আৰু মানৱতাৰ প্ৰতি মৰমৰ ওপৰত জোৰ দিছিল। বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত শান্তি আৰু বুজাবুজিৰ বাৰ্তাই আমাৰ সমাজত দেখা দিয়া অসহিষ্ণুতাৰ সমস্যা সমাধান কৰিব পাৰে।
নবী হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)এ সততা, ন্যায়পৰায়ণতা আৰু সত্যতাক প্ৰাধান্য দিছিল। তেওঁৰ আদৰ্শ অনুসৰণ কৰি ব্যক্তি আৰু সমাজ দুৰ্নীতিৰ বিৰুদ্ধে বুজিবলৈ অনুপ্ৰাণিত হ'ব পাৰে।
জ্ঞান আৰু বিজ্ঞানৰ প্ৰতি উৎসাহ:
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)এ জ্ঞান আহৰণৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। তেওঁ কৈছিল যে জ্ঞান আহৰণ কৰা প্ৰতিজন ব্যক্তিৰ বাবে ফৰজ, অৰ্থাৎ বাধ্যতামূলক। তেওঁৰ শিক্ষাই জ্ঞান-বিজ্ঞানৰ বিকাশৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল, যি পৰৱৰ্তী সময়ত ইছলামিক সভ্যতাৰ সোনালী যুগৰ জন্ম দিছিল। আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ সমান্তৰালকৈ নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ গুৰুত্ব অনুধাৱন কৰাটো অত্যাৱশ্যক।
মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ শান্তিৰ বাণী আৰু অসমৰ ঐতিহ্যবাহী মিলন আৰু সংস্কৃতি:
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম) আছিল বিশ্ব শান্তিৰ প্ৰতীক আৰু তেওঁৰ শিক্ষাই মানৱ সমাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল। অসমৰ ইতিহাস আৰু সংস্কৃতিও বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন আৰু সহাবস্থানৰ এক সুন্দৰ নিদৰ্শন। এই দুয়োটা ধাৰণাৰ মাজত এক গভীৰ সংযোগ আছে। নবীৰ শান্তিৰ বাণীয়ে অসমৰ এই ঐতিহ্যবাহী মিলন আৰু সংস্কৃতিৰ সৈতে এক সুন্দৰ সংযোগ স্থাপন কৰে। ই আমাক শিকায় যে শান্তি, সহনশীলতা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰি। মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ আদৰ্শ আৰু অসমৰ সংস্কৃতিৰ মিলনৰ এই ধাৰণাটোৱে আমাক এক শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ দিশে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ দ্বাৰা এক সুস্থিৰ আৰু সম্প্ৰীতিপূৰ্ণ সমাজ গঢ়াত সহায়ক হয়।
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাণী অসমত প্ৰচাৰ আৰু সুফী সন্ত তথা ব্যক্তি সকলৰ ভূমিকা:
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)ৰ দ্বাৰা প্ৰচাৰিত ইছলাম ধৰ্মৰ বাণী অসমত প্ৰচাৰ কৰাটো এটা দীঘলীয়া আৰু ক্ৰম বিকাশশীল প্ৰক্ৰিয়া আছিল, য'ত ছুফী সন্ত সকল আৰু স্থানীয় ব্যক্তি সকলৰ অৱদান গুৰুত্বপূৰ্ণ।
ছুফী সকলৰ ভূমিকা:
অসমত ইছলাম ধৰ্মৰ প্ৰচাৰত সুফী সন্ত সকলৰ ভূমিকা অপৰিসীম। তেওঁলোকে শান্তি প্ৰেম আৰু মানৱতাৰ বাণী কঢ়িয়াই আনিছিল, যিয়ে স্থানীয় লোক সকলক আকৃষ্ট কৰিছিল। এই ছুফী সন্ত সকলে বিভিন্ন ঠাইত খানকাহ আৰু মছজিদ স্থাপন কৰিছিল, যিবোৰ ধৰ্মীয় শিক্ষাৰ কেন্দ্ৰ হৈ পৰিছিল। তেওঁলোকৰ সৰল জীৱনশৈলী, আধ্যাত্মিক জ্ঞান আৰু আলৌকিক শক্তিয়ে বহু লোকক ইছলামৰ প্ৰতি আকৰ্ষিত কৰিছিল। আজান ফকীৰ, শাহ মিলন, গিয়াচুদ্দিন আউলিয়া, নাছিৰ উদ্দিন উলিয়া আদিৰ দৰে বহু ছুফী সন্তই অসমৰ সামাজিক আৰু ধৰ্মীয় জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁলোকে স্থানীয় ভাষা আৰু সংস্কৃতিৰ সৈতে মিলি গৈছিল, যাৰ ফলত ইছলাম ধৰ্মৰ বাণী সহজলভ্য হৈ পৰিছিল।
স্থানীয় ব্যক্তি সকলৰ অৱদান:
ছুফী সন্ত সকলৰ ওপৰিও বহু স্থানীয় ব্যক্তিয়েও ইছলাম গ্ৰহণ কৰি এই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল। তেওঁলোকে ছুফী সন্ত সকলৰ শিক্ষা আৰু আদৰ্শক জনসাধাৰণৰ মাজলৈ লৈ গৈছিল। বিভিন্ন ৰজা আৰু হাকিমৰ পৃষ্ঠপোষকতাও ইছলামৰ প্ৰচাৰত সহায়ক হৈছিল। এই স্থানীয় ব্যক্তি সকলে ইছলাম ধৰ্মৰ মূল নীতি সমূহক অসমীয়া সমাজত খাপ খুৱাবলৈ চেষ্টা কৰিছিল, যাৰ ফলত এক সমন্বয়ৰ ধৰ্ম হিচাপে গঢ়ি উঠিছে।
ছুফী সন্ত সকলৰ প্ৰচেষ্টাৰ ফলস্বৰূপে অসমত ইছলাম ধৰ্মই শান্তি আৰু সমন্বয়ৰ বাৰ্তালৈ আহিছিল। ইয়াৰ ফলত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সহনশীলতা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাইছিল।
সামৰণি:
হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি অছাল্লাম)এ মানৱ জাতিৰ বাবে এক পূৰ্ণাংগ জীৱন বিধান প্ৰদান কৰিছিল, যি সকলো যুগৰ আৰু সকলো পৰিস্থিতিৰ বাবে প্ৰযোজ্য। তেওঁৰ জীৱন আৰু শিক্ষাই আধুনিক যুগৰ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আৰু এক শান্তিপূৰ্ণ আৰু ন্যায়পৰায়ণ সমাজ গঢ়ি তুলিবলৈ আমাক অনুপ্ৰাণিত কৰে। তেখেতক আজিও আধুনিক যুগৰ বাবে এক চিৰস্থায়ী পোহৰ বুলি গণ্য কৰা হয়।
লেখকঃ দিলৰুবা বেগম