ৰাছুল সম্ৰাট বিশ্ব নবী হুযূৰ আলাইহিছ ছালাতু ৱাছ ছালামৰ পবিত্ৰ আদৰ্শ আৰু মহান সু-চৰিত্ৰৰ কিছু নমুনা।

মই আজি ৰবিউল আওৱাল মাহৰ উপলখ্যে সকল বিশ্বৰ নবী হজৰত মুহাম্মদ ছাঃৰ বিষয়ে দু এষাৰ কথা কোৰান আৰু হাদীছৰ পৰা উল্লেখ কৰিলোঁ। যিটো মাত্ৰ মহা সাগৰৰ পৰা দু-এটা বিন্দুৰ নিচিনা। গোটেই বিশ্ৱৰ নবী হজৰত মুহাম্মদ আলাইহিছ ছালাতু ৱাছ ছালামৰ চৰিত্ৰ হল স্বয়ং কোৰআন, এজন ছাহাবীয়ে উম্মুল মুমিনীন মা আয়েশ্বা ৰাদিয়াল্লাহু আনহাক নবী আলাইহিছ ছালাতু ৱাছ ছালামৰ চৰিত্ৰৰ বিষয়ে সোধাত মা আয়েশা তাক ক ক’লে – "নবী ছাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লামৰ চৰিত্ৰ আছিল আল-কোৰআন।" ছুবহানাল্লাহ। গতিতে নবী ছাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লামৰ চৰিত্ৰ জানিবলৈ হলে আমি নিশ্চয় কোৰআনক ব্যাখ্যাৰ জৰিয়তে পঢ়িব লাগিব।

সম্ৰাট বিশ্ব নবীৰ সর্বোত্তম সচ্চৰিত্ৰ আৰু পবিত্ৰ আদৰ্শ

মহা নবী হুযূৰ আলাইহিছ ছালামৰ পবিত্র ও সু-মহান চৰিত্ৰৰ চাৰ্টিফিকেট স্বয়ং আল্লাহ তায়ালাই দিছে।

১/ আল্লাহ তায়ালা পবিত্র কোৰআনৰ ছৰা আল-ক্বলমত কৈছে যে, - وانك لعلى خلق عظيم

অর্থাৎ - (হে প্রিয় নবী) আৰু নিশ্চয় আপুনাৰ চৰিত্রটো মহা মর্যাদাৰ-ই।

(আল-কোৰআন, পাৰা- ২৯, ছুৰা- আল- ক্বলম, আয়াত নং - ৪

ইয়াৰ মানে এই যে - হে নবী  আপনি সু-মহান আদর্শত প্রতিষ্ঠিত আৰু সর্বোত্তম চৰিত্রৰ অধিকাৰী।

(ছুবহানাল্লাহ ছুবহানাল্লাহ)

মহা নবী হুযূৰ আলাইহিছ ছালাতু ৱাছ ছালামৰকমল (নৰম) হৃদয়ৰ সাক্ষীটোকো স্বয়ং আল্লাহ তায়ালাই দিছে।

২/  আল্লাহ তায়ালা পবিত্র কোৰআনত কৈছে,

فبما رحمة من الله لنت لهم ولو كنت فظا غليظ القلب لانفضوا من حولك

অর্থাৎ -  অতঃপৰ আল্লহৰ কৰুণাৰ ফলত (হে মুহাম্মদ ছাঃ) আপুনি সিহঁতৰ প্ৰতি কোমল হৈছিলে। আৰু যদি আপুনি ৰুক্ষ আৰু কঠোৰ হৃদয় হ'লহেঁতেন তেনেহ'লে নিশ্চয় সিহঁত আপুনাৰ চাৰিওফালৰ পৰা বিচ্ছিন্ন হৈগ'লহেঁতেন।  (পাৰা- ৪, ছুৰা - আলে ইমৰান, আয়াত নং - ১৫৯)

(ছুবহানাল্লাহ ছুবহানাল্লাহ)

৩/  মুছলিম বিশ্বজননী মা আয়েশাৰ বয়ান হ'ল যে, পবিত্র কোৰআনই হৈছে নূৰ নবী হুযূৰ আলাইহিছ ছালাতু ৱাছ ছালামৰ জীৱনাদর্শ। সেয়েহে, চাহাবায়ে কেৰামৰ এটা প্ৰশ্নৰ উত্তৰত মুমিন জগতজননী হযৰত মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তায়ালা আনহা কৈছে যে - كان خُلقُه القرآنَ

অর্থাৎ - পবিত্র কোৰআনৰ যি শিক্ষা, সেইটোৰ বাস্তৱ আৰু জ্বলন্ত উদাহৰণ আছিল মহা নবীৰ চৰিত্র আৰু আদর্শ।

মহা নবীৰ দয়া, মায়া আৰু ক্ষমা।

৪/ খায়বৰ নামক এটা জাগাত, জয়নব নামক এক ইহুদী মহিলা, হুযূৰ আলাইহিছ ছালাতু ৱাছালামৰ খাদ্যত বিষ মিহলাই দিছিল।

ক্ষমতা থাকা সত্ত্বেও স্নেহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লাম এইটোৰ কোনো প্ৰতিঘাত নলৈয়েই তাইক ক্ষমা কৰি দিছিল।

(ছুবহানাল্লাহ ছুবহানাল্লাহ)

৫/ লাবীদ বিন আ'চাম নামক এক ব্যক্তি প্রিয় নবী হুযূর আলাইহিছ ছালামক জাদু টোনা কৰিছিল। 

আল্লাহ তায়ালা ওহী জ্ঞানৰ দ্ৱাৰা সেইটোৰ সমস্ত বিৱৰণ হুযূৰ আলাইহিছ ছালাতু ৱাছালামক জনাই দিছিল।  ক্ষমতা থাকা সত্ত্বেও প্ৰিয় ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লাম ইয়াৰ কোনো প্ৰতিহিংসা অথবা প্ৰতিশোধ লোৱা লাছিল। আৰু তেওঁকো ক্ষমা কৰি দিছিল।

(ছুবহানাল্লাহ ছুবহানাল্লাহহ)

৬/ দয়াৰ ৰছূল ছাল্লাল্লাহু তা‘আলা আলাইহি ৱাছাল্লাম এবাৰ এখন ছফৰ অর্থাৎ ভ্ৰমনত এটা গছৰ তলত বিশ্ৰাম কৰি আছিল। গাওৰাছ বিন হাৰিছ নামৰ এজন ব্যক্তিয়ে হুযূৰ আলাইহিছ ছালাতু ৱাছালামক হত্যা কৰাৰ উদ্দেশ্যে তাত আহি উপস্তিত হয়। আৰু হুযূৰ আলাইহিছ ছালাতু ৱাছালামৰ তৰবাৰি খাপ পৰা বাহিৰ কৰি লয়। সি কবলৈ আৰম্ভ কৰে যে, কোৱা? মোৰ হাতৰ পৰা আপুনাক আজি কোনে বচাব?

তাৰ উত্তৰত বিশ্ব নবী হুযূৰ আলাইহিছ ছালাতু ৱাছালাম ক’লে যে, মোক আল্লাহ  তা‘আলাই ৰক্ষা কৰিব।

নবুয়াত আৰু ৰিছালতৰ দবদবা দেখি লগে লগে তাৰ হাতৰ পৰা ঐ তৰোৱালটো তলত পৰি গল।

তেতিয়া হুযূৰ আলাইহিছ ছালাতু ৱাছালাম নিজৰ তৰবাৰি হাতত উঠাই লৈক’লে যে, এতিয়া তুমি কোৱা, মোৰ হাতৰ পৰা এতিয়া তোমাক কোনে ৰক্ষা কৰিব? গাওৰাছ নামৰ লোকটি কাকুতি মিনতি কৰি কবলৈ ধৰিলে যে, মোৰ জীৱন আপুনি এৰি দিয়া হে মহামানব।

প্ৰিয় ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইয়াৰ কোনো প্ৰতিশোধ লোৱা নাই। বৰঞ্চ তাক আৰু ক্ষমা কৰি এৰি দিলে।

পিছত সেই লোক নিজৰ জাতিৰ কাষত উভতি যাই প্ৰকাশিত যে, আজ মই গোটেই পৃথিৱীৰ শ্ৰেষ্ঠ মানুহ জনৰ নিকটৰ পৰা আহিলোঁ।

(ছুবহানাল্লাহ ছুবহানাল্লাহ)

 

৭/ মক্কাৰ কাফিৰ আৰু মুশ্ৱৰিকসকল হুযূৰ আলাইহিছ ছালাম আৰু চাহাবায়ে কিৰামৰ ওপৰত বিনা কাৰণে অর্থাৎ কোনো কাৰণ নোহোৱাকৈ (অকাৰণতে) যি ধৰণৰ অমানৱীয় নিৰ্য্যাতন, অত্যাচাৰ অন্যায় আৰু অবিচাৰ কৰিছিল পৃথিৱীৰ ইতিহাসত তাৰ নজিৰ বিচাৰি পোৱাটো অতি কঠিন।

 তা সত্ত্বেও যে দিন মক্কা বিজয় হলো, সে দিন কাফির ও মুশরেকেরা ভেবেছিল যে, আজ মনে হয় আর রিহাই পাওয়া যাবে না।

তথাপিও যিদনা মক্কা বিজয়প্ৰাপ্তি হ'ল, কাফিৰ আৰু মুশ্বৰিকসকলে ভাবিছিল যে আজি কোনো পলায়ন বা পলাই বচা না যাব। কিন্তু সেইদিনাখন প্ৰিয় নবী স্নেহৰ ৰাছূল হুজুৰ আলাইহিছ ছালামে সকলোকে ক্ষমা কৰি দিয়ে আৰু মক্কাৰ কাফিৰ আৰু মুশ্বৰিকসকলক উদ্দেশ্যে কৰি এই কথা ক’লে-

 لا تثريب عليكم اليوم فاذهبوا انتم الطلقاء

অর্থাৎ - আজি তোমালোকৰ ওপৰত কোনো তিৰস্কাৰ কৰা নাই (কোনো প্ৰতিঘাত কৰা নহব)। সেয়েহে যোৱা তোমালোক সকলো মুক্ত (খোলোচা, স্ৱাধীন)।

(ছুবহানাল্লাহ ছুবহানাল্লাহ)

 

৮/ এবাৰ চাহাবায়ে কিৰাম এজন কাফিৰক ধৰি হুযুৰ আলাইহিছ ছালাতু ৱাছ ছালামৰ কাষত লৈ আহিলে আৰু ক’লে যে, অ হুজুৰ, এই মানুহজনে আপুনাক হত্যা কৰিবলৈ সাজু হৈছিল। তাক কি কৰিব কৰা। দয়াৰ অৱতাৰ কৰুণাৰ ভাণ্ডাৰ হুযুৰ  আলাইহিছ ছালাতু ৱাছ ছালাম তাক ক’লে যে, "তুমি ভয় নকৰিবা, তুমি ভয় নাপাবা। তুমি মোক হত্যা কৰাৰ ইচ্ছা কৰিছিলা যদি কি হৈছে? তুমি মোক হত্যা কৰিবলৈ নোৱাৰিবা। কিয়নো, স্বয়ং আল্লাহ মোৰ জীৱন ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰিছে।" ৰাছুল ছাল্লাল্লাহু তা‘আলা আলাইহি ৱাছাল্লামে তেওঁক এৰি দিলে আৰু ক্ষমা কৰিলে।

(ছুবহানাল্লাহ ছুবহানাল্লাহ)

 

৯/ হযৰত আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তায়ালা আনহা বর্ণনা করেছেন যে,

وما انتقم رسول الله صلى الله تعالى عليه وسلم لنفسه

অর্থাৎ - দয়াৰ ৰাছুল ছাল্লাল্লাহু তাআলা আলাইহি ৱাছাল্লামে নিজৰ ব্যক্তিগতৰ কাৰণে কেতিয়াও প্ৰতিশোধ লোৱা নাই। 

(বোখাৰী শৰীফ, ১ ম খন্ড, ৫০৩ পৃষ্ঠা।, শিফা শৰীফ, ১ ম খন্ড, ৬১ পৃষ্ঠা)

(ছুবহানাল্লাহি ৱাবিহামদিহী ছুবহানাল্লাহিল আযীম)

 

বিঃ দ্রঃ - আৰু বিস্তাৰিত জানিবলৈ পঢ়ক, এশিয়া উপ-মহাদেশৰ বিখ্যাত লেখক ও গবেষক জামিয়া আশৰাফীয়া মুবাৰাকপুৰ আ'যামগড়ৰ প্রাক্তন শাইখুল হাদীছ উস্তাযুল ওলামা ওয়াল খোতাবা আল্লামা আলহাজ্ব আব্দুল মুস্তাফা আ'যমী মুজাদ্দেদী আলাইহিৰ ৰহমাৰ "ছীৰাতুল মুস্তাফা" নামক কিতাবটোৰ ৪৪৮ পৃষ্ঠাত অষ্টাদশ অধ্যায়ত "আখলাকে নবুয়াত"।

 

অনুবাদকঃ আশ্ৰাফুল ফাৰুকী, স্নাতকোত্তৰ গৱেষক, সভ্যতা অধ্যয়ন বিভাগ, দাৰুল হুদা ইছলামিক ইউনিভাৰ্ছিটি, কেৰালা।

 

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor