নবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ৰ জীৱন, বাণী আৰু ইয়াৰ অসমীয়া প্ৰাসংগিকতা
আৰম্ভণি
বিশ্বই যেতিয়া অন্ধকাৰত আবৰি আছিল। সমাজত অন্যায়, অত্যাচাৰ, অন্ধবিশ্বাস, অসমতা আৰু অজ্ঞতাৰ ৰাজত্ব আছিল। ঠিক সেই সময়তে মক্কা চহৰত মা আমিনাৰ ঘৰত এই পৃথিৱীক আলোকিত কৰি মহানবী হজৰত মুহাম্মদ (ছাঃ) ৰ জন্ম হয়। তেখেতেই আছিল সেই নবী, অৰ্থাৎ আখিৰী নবী আৰু শেষ ৰাছুল। তেখেতৰ আগমনে মানৱ জাতিক নতুন দিশ দিছিল। তেখেত এজন ধৰ্মীয় নেতাই নহয়, তেখেত দিশাৰী, দয়া, ন্যায় আৰু সম্প্ৰীতিৰ প্ৰতীক।
নবীৰ জীৱন আৰু শৈশৱ
নবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) মক্কা চহৰত জন্ম গ্ৰহণ কৰে। খ্ৰীষ্টাব্দ ৫৭০ চনত তেওঁ যেতিয়া মাকৰ গৰ্ভত আছিল, তেতিয়া তেওঁৰ দেউতা আব্দুল্লাহ ইন্তেকাল কৰিছিল। তেওঁৰ জন্ম হোৱাৰ পিছত তেওঁৰ মা আমিনা বিনতে ৱাহাব তেওঁক মক্কাৰ পৰা মদীনালৈ লৈ গৈ থাকোঁতে আবৱা নামৰ ঠাইত ইন্তেকাল কৰে। তেতিয়া নবীজীৰ বয়স মাত্ৰ ৬ বছৰ আছিল। তেওঁ শৈশৱ কালতে সততা, সত্যবাদিতা আৰু আমানতদাৰীৰ বাবে "আল-আমিন" নামেৰে খ্যাতি লাভ কৰে। শৈশৱৰ পৰাই তেখেতৰ জীৱন বেলেগ লোকসকলৰ বাবে এক প্ৰশংসনীয় আদৰ্শ আছিল।
সম্ৰাট বিশ্বনবীৰ সৰ্বোত্তম সূচৰিত্ৰ আৰু পবিত্ৰ আদৰ্শ।
মহানবী হুজুৰ (ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম) ৰ এই মহান চৰিত্ৰ স্বয়ং আল্লাহ তা'আলাই দিছে। আল্লাহ তা'আলাই পবিত্ৰ কোৰআনৰ ছুৰা আল-কলমত কৈছে-
وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍ
অৰ্থাৎ, হে প্ৰিয় নবী, আৰু নিশ্চয় আপোনাৰ চৰিত্ৰ মহা মৰ্যাদাৰ। (আল-কোৰআন, ছুৰা আল-কলম, আয়াত নং-৪)
ইয়াৰ অৰ্থ এয়ে যে, হে নবী, আপুনি সু-মহান আদৰ্শত প্ৰতিষ্ঠিত আৰু সৰ্বোত্তম চৰিত্ৰৰ অধিকাৰী।
মহানবী হুজুৰ (ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম) ৰ কোমল হৃদয়ৰ কথাও স্বয়ং আল্লাহ তা'আলাই সাক্ষী দিছে। আল্লাহ তা'আলাই পবিত্ৰ কোৰআনত কৈছে,
فَبِمَا رَحْمَةٍ مِّنَ اللَّهِ لِنتَ لَهُمْ ۖ وَلَوْ كُنتَ فَظًّا غَلِيظَ الْقَلْبِ لَانفَضُّوا مِنْ حَوْلِكَ
অৰ্থাৎ, আল্লাহৰ কৰুণাৰ ফলত, হে মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম), আপুনি তেওঁলোকৰ প্ৰতি কোমল হৈছে। আৰু যদি আপুনি ৰুক্ষ আৰু কঠোৰ হৃদয়ৰ হ'লেহেঁতেন, তেনেহ'লে নিশ্চয় তেওঁলোক আপোনাৰ চাৰিওফালৰ পৰা বিচ্ছিন্ন হৈ গ'লহেঁতেন। (পাৰা-৪, ছুৰা আলে ইমৰান, আয়াত নং-১৫৯)
মুছলিম বিশ্বজননী মা আয়েশাৰ বয়ান হ'ল যে, পবিত্ৰ কোৰআনতেই আছিল নবী হুজুৰ (ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম) ৰ জীৱনাদৰ্শ। হেছাবাই কেৰামৰ এটা প্ৰশ্নৰ উত্তৰত মুমিন জগতজননী হজৰত মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তা'আলা আনহা কৈছে যে —
كَانَ خُلُقُهُ الْقُرْآنَ
অৰ্থাৎ, পবিত্ৰ কোৰআনৰ যি শিক্ষা, তেওঁ তাৰ বাস্তৱ আৰু জ্বলন্ত উদাহৰণ আছিল।
মহানবীৰ দয়া, মায়া আৰু ক্ষমা।
খাইবাৰ নামৰ এটা ঠাইত জয়নব নামৰ এক ইয়াহুদী মহিলাই হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) ৰ খাদ্যত বিষ মিহলাই দিছিল। ক্ষমতা থকা সত্ত্বেও স্নেহপৰায়ণ ৰাছুল (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এই ক্ষেত্ৰত কোনো প্ৰতিবাদ নলৈ তাইক ক্ষমা কৰি দিছিল।
লাবিদ বিন আছাম নামৰ এজন ব্যক্তিয়ে প্ৰিয় নবী হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) ৰ ওপৰত যাদুটোনা কৰিছিল। আল্লাহ তা'আলাই অহীৰ জ্ঞানৰ দ্বাৰা ইয়াৰ সমস্ত বিৱৰণ হুজুৰ (আলাইহি ছালাম) ক জনাই দিছিল। ক্ষমতা থকা সত্ত্বেও প্ৰিয় ৰাছুল (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ইয়াৰ কোনো প্ৰতিহিংসা অথবা প্ৰতিশোধ নল'লে, তেওঁকো ক্ষমা কৰি দিছিল।
দয়াৰ ৰাছুল (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এবাৰ এক যুদ্ধৰ পৰত এক গছৰ তলত বিশ্ৰাম কৰি আছিল। গাওৰাছ বিন হাৰিছ নামৰ এজন ব্যক্তি হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) ক হত্যা কৰাৰ উদ্দেশ্যে তাত আহি উপস্থিত হয়, আৰু হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) ৰ তৰোৱালখন হাতৰ পৰা বাহিৰ কৰি লৈ কবলৈ আৰম্ভ কৰে যে, "কোৱা, মোৰ হাতৰ পৰা তোমাক আজি কোনে বচাব?"
তাৰ উত্তৰত বিশ্বনবী হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) কলে যে, "মোক আল্লাহ তা'আলাই ৰক্ষা কৰিব।"
নবুৱত আৰু ৰিছালতৰ দবদবা দেখি লগে লগে তাৰ হাতৰ পৰা এৰি তৰোৱালখন তললৈ পৰি গ'ল। তেতিয়া হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) নিজৰ তৰোৱাল হাতত উঠাই লৈ কলে যে, "এতিয়া তোমাক কোনে ৰক্ষা কৰিব?"
গাওৰাছ নামৰ লোকটোৱে কাকুতি-মিনতি কৰি কবলৈ ধৰিলে যে, "মোৰ জীৱন আপুনি এৰি দিয়ক।" মহামানৱ প্ৰিয় ৰাছুল (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) যাৰ কোনো প্ৰতিশোধ লোৱা নাই, বৰঞ্চ তাক ক্ষমা কৰি এৰি দিলে। পিছত এই লোক নিজৰ জাতিৰ কাষত গৈ প্ৰকাশ কৰিলে যে, "আজি মই গোটেই পৃথিৱীৰ শ্ৰেষ্ঠ মানুহজনৰ ওচৰৰ পৰা আহিলোঁ।"
মক্কাৰ কাফিৰ আৰু মুশ্ৰিক হকলে হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) আৰু ছাহাবায়ে কিৰামৰ ওপৰত বিনা কাৰণে, অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ, যি ধৰণৰ অমানৱীয় নিৰ্যাতন, অত্যাচাৰ, অন্যায় আৰু অবিচাৰ কৰিছিল, পৃথিৱীৰ ইতিহাসত তাৰ নজিৰ বিচাৰি পোৱাটো অতি কঠিন।
যিদিনা মক্কা বিজয় প্ৰাপ্তি হ'ল, সেইদিনা কাফিৰ আৰু মুশ্ৰিক হকলে ভাবিছিল যে, আজি কোনোৱে পলায়ন কৰি বা পলাই থাকিও ৰক্ষা পাব নোৱাৰিব। কিন্তু সেইদিনা প্ৰিয় নবী, স্নেহৰ ৰাছুল, হুজুৰ (আলাইহি ছালাতু ৱাছাল্লাম) ক্ষমা কৰি তেওঁলোক সকলোকে এৰি দিলে। আৰু মক্কাৰ কাফিৰ আৰু মুশ্ৰিক হকলৰ উদ্দেশ্য কৰি এইটো কথা কলে —
لَا تَثْرِيبَ عَلَيْكُمُ الْيَوْمَ ۖ اذْهَبُوا فَأَنتُمُ الطُّلَقَاءُ
অৰ্থাৎ, আজি তোমালোকৰ ওপৰত কোনো তিৰস্কাৰ নাই, কোনো প্ৰতিশোধ কৰা নহ'ব। যোৱা, তোমালোক সকলোৱে মুক্ত।
আধুনিক যুগত নবীৰ শিক্ষাৰ প্ৰাসংগিকতা
নৈতিক সংকটৰ সমাধান — আজিৰ যুগত লোভ, অন্যায় আৰু অনৈতিক কথাৰ সমাহত, নবীৰ নীতি আৰু সত্যবাদিতা মানৱক সঠিক পথ-পথৰ খন প্ৰদৰ্শন কৰে। নবীজীৰ শিক্ষা ধৰ্মীয় নহয়, আধুনিক সমাজৰ বাবে একেবাৰে প্ৰাসংগিক।
মহিলাৰ অধিকাৰ — তেওঁ কৈছিল, "তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেই জন, যি নিজৰ পত্নীৰ সৈতে সৰ্বাধিক উত্তম ব্যৱহাৰ কৰে।" আজিৰ যুগত মহিলাৰ সন্মান আৰু শিক্ষাৰ প্ৰচাৰৰ ক্ষেত্ৰত এই বাণী অতি গুৰুত্বপূৰ্ণ।
নবীজীৰ সময়ৰ আগত সেই যুগৰ পুৰুষ হকলে মহিলাসকলক অতি নিন্দিত অৱস্থাত ৰাখিছিল। তেওঁলোকৰ মতে মহিলাসকল কেৱল তেওঁলোকৰ প্ৰয়োজন হিচাপে এটা বস্তু, আৰু কোনো ঘৰত ছোৱালী সন্তান জন্ম হ'লে তেতিয়া সেই ছোৱালীজনীক জীয়াই মাৰি পেলুৱা হৈছিল। কিন্তু নবীজীয়ে এই প্ৰথাটো বন্ধ কৰি, নাৰীসকলক উচ্চ সন্মান আৰু মৰ্যাদা প্ৰদান কৰিছিল। আৰু নাৰীসকলে কেৱল নবীজীৰ বাবেই এই উচ্চ মৰ্যাদা আৰু সন্মান পাইছে, তেতিয়াৰ পৰা আজিলৈকে।
সাম্প্ৰদায়িক সম্প্ৰীতি
ধৰ্ম, জাতি বা ভাষা যি নহওক, নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ "একেই ঈশ্বৰ আৰু বান্দা" বুলি কৈ শিকাইছিল। আজিৰ বিভাজনমূলক সমাজত এই শিক্ষা অতি প্ৰাসংগিক।
পৰিৱেশ সংৰক্ষণ
নবীজীয়ে গছ-গছনি, সৰু প্ৰাণীৰ প্ৰতি দয়া আৰু প্ৰকৃতি সংৰক্ষণৰ কথা কৈছিল। আধুনিক পৰিৱেশ সংকটৰ সময়ত এই শিক্ষা অতি প্ৰয়োজনীয়।
মানৱ ভ্ৰাতৃত্ব
"সকল মুছলমান এজন আন এজনৰ ভাই" — নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এই বাণী বিশ্বৰ মানৱ জাতিক এক ঐক্যবদ্ধ কৰি ৰাখিছিল।
অসমিয়া প্ৰাসংগিকতা
আজিৰ পৰা প্ৰায় ১৪৫০ বছৰ আগত ইছলাম ধৰ্ম প্ৰথমত আৰব দেশত উলাইছিল, আৰু ই হৈছে আল্লাহৰ একমাত্ৰ ধৰ্ম। এই দিনটো আল্লাহৰ ৰাছুল হজৰত মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ৰ জৰিয়তে ইছলাম বাখ্যা আল্লাহ পাকে পঠাইছে, আৰু আল্লাহৰ আদেশ মতে নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি গোটেই বিশ্বলৈ ইছলামৰ দাওৱাত দিছে।
নবীৰ যুগৰ পিছত ছাহাবা সকলে, তাৰ পিছত তাবিঈন সকলে বিভিন্ন ভাৱে ইছলাম ধৰ্ম প্ৰচাৰ কৰি গৈছে। তাৰ পিছত যিবোৰ ঠাইত ইছলামৰ আহ্বান পোৱা নাছিল, তালৈয়ো মুছলিম উম্মাহৰ ছুফী আৰু উলামা সকলে নিজৰ দায়িত্ব হিচাপে ইছলামৰ আহ্বান জনাবলৈ উপস্থিত হৈছে। এনে কিছু ঠাইৰ মাজত অসম আহে। ইয়ালৈ কিছুমান ছুফীয়ে উপনীত হৈ ইয়াত ইছলাম ধৰ্ম প্ৰচাৰ কৰে।
অসমলৈ বহু ছুফী উপনীত হৈছিল যদিও তাৰে মাজত কিছুমান বিষয়ে হে আমি ঐতিহাসিক তথ্য খুজি পাওঁ। যেনে আজান ফকীৰ, গিয়াছুদ্দিন আউলিয়া, জাহিৰ আউলিয়া, খুৰাছানী পীৰ আদি।
যেতিয়া ১২০৫ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজী কামৰূপ অঞ্চল আক্ৰমণ কৰে, তেতিয়া কিছুমান মুছলমান প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰে।
সামৰনি
মহানবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ৰ জীৱন চিৰন্তন আৰু চিৰপ্ৰাসংগিক। তেখেতৰ দিশা, শিক্ষা আৰু আদৰ্শ আজিও বিশ্বৰ মানৱ জাতিৰ বাবে এক অমূল্য সম্পদ।
আধুনিক যুগত সংঘাত, হিংসা আৰু অনৈতিকতাৰ সময়ত মহানবীৰ আদৰ্শৰ আলোকে বিশ্বৰ মানৱ জাতিক শান্তিৰ পথ প্ৰদৰ্শন কৰিব পাৰি। আৰু তেওঁৰ জীৱন চৰিত্ৰ আৰু বাণী কোনো এক যুগৰ বাবে নহয়, সৰ্বযুগৰ বাবে প্ৰযোজ্য। সততা, দয়া, সহিষ্ণুতা, পৰিৱেশৰ যত্ন, মহিলাৰ সন্মান — সামাজিক নৈতিক শিক্ষা আজিও সমাজৰ বাবে একেবাৰে প্ৰাসংগিক।
তেওঁ কৈছিল, "মানুহৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজন, যি অন্য মানুহৰ বাবে উপকাৰী হয়।" অৰ্থাৎ, নবীজীৰ আদৰ্শ যদি আমি জীৱনত অনুসৰণ কৰোঁ, তেন্তে আমাৰ ব্যক্তিগত জীৱন শান্তিময় আৰু সমাজত একতা আৰু ন্যায় প্ৰতিষ্ঠা হ'ব, আৰু সমাজৰ মিলন আৰু সংস্কৃতি অধিক সমৃদ্ধ হ'ব।
লেখকঃ হেলমিনাৰা আহমেদ