ভাৰতীয় স্বাধীনতা আন্দোলনত অসমবাসীৰ ভূমিকা
দেশৰ স্বাধীনতা সংগ্রামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্রিটিছৰ বিৰুদ্ধে প্রতিবাদৰ জুই। পুৰুষ-মহিলা উভয়েই জঁপিয়াই পৰিছিল এই সংগ্রামত। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, থগী সুত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। ব্রিটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্রাণ আহুতি দিয়া অসমৰ কেইগৰাকীমান মহিলা স্বাধীনতা সংগ্ৰামীৰ বিষয়ে কিছু কথা তলত উল্লেখ কৰা হ'ল
কনকলতা বৰুৱা, গহপুৰ
'মৃত্যু বাহিনী'ৰ এগৰাকী সক্রিয় সদস্যা, কনকলতা বৰুৱাই ২০ ছেপ্টেম্বৰ ১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি ব্রিটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল, মাথোঁ ১৮ বছৰ।
মালতী মেম (মাংৰি ওৰাং), লালমাটি, দৰং
চাহ বাগিচাৰ মদ নিবাৰণী আন্দোলনৰ এগৰাকী অন্যতম নেত্রী আছিল মালতী মেম ওৰফে মাংৰি ওৰাং। ব্রিটিছ প্রশাসনৰ বিৰুদ্ধে কংগ্রেছৰ স্বেচ্ছাসেৱকসকলক সহায় কৰাৰ কথা গম পাই মালতী মেমক ১৯২১ চনত দৰং জিলাৰ লালমাটিত চৰকাৰী পক্ষই হত্যা কৰে।
দাৰিকী দাসী বৰুৱা, গোলাঘাট
আইন অমান্য আন্দোলনৰ এগৰাকী অগ্রণী নেত্রী গোলাঘাটৰ দাৰিকী দাসী বৰুৱায়ো নিচাবিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত তেখেতক ব্রিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ৬ মাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্রেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এইগৰাকী সংগ্রামী মহিলাই চৰকাৰে আগবঢ়োবা জামিনৰ সুবিধা অগ্রাহ্য কৰি দেশপ্রেমৰ এক অতুলনীয় চানেকি দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ ২৬ এপ্রিল, ১৯৩২ চনত তেখেতে মৃত্যুৱৰণ কৰে।
ভোগেশ্বৰী ফুকননী, নগাঁও
নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক আছিল ভোগেশ্ববী ফুকননী। ১৯৪২ চনৰ ১৮ ছেপ্টেম্বৰত বঢ়মপুৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যাওঁতে পুলিচৰ গুলীত গুলীবিদ্ধ হয়। গুলীবিদ্ধ হোৱাৰ তিনি দিনৰ পিছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
তিলেশ্বৰী বৰুৱা, ঢেকীয়াজুলি
১৯২০ চনৰ ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা ।
বেৰতী লাহন, টীয়ক
বেৰতী লাহনে ভাৰত ত্যাগ আন্দোলনত সক্রিয়ভাবে অংশগ্রহণ কৰিছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্রহণ কৰি তেখেতে কাৰাবাস খাটিবলগীয়া হয় আৰু এই সময়ছোৱাতেই নিউমনিয়া ৰোগত আক্রান্ত হৈ তেখেতৰ স্বাস্থ্য ভাঙি পৰে। কাৰাৱাসৰ অন্ত পৰাৰ কিছুদিনৰ পিছতেই তেখেতৰ মৃত্যু ঘটে।
পদুমী গগৈ, ঢেকীয়াজুলি
১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ ঢেকীয়াজুলিৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্রহণ কৰা পদুমী গগৈ পুলিচৰ লাঠীচালনাত আঘাতপ্রাপ্ত হৈছিল পিছত তেখেতক গ্রেপ্তাৰ কৰি ছমাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠীৰ দ্বাৰা আঘাতপ্রাপ্ত হৈ শৰীৰ ভাগি পৰাত কাৰাবাসৰ অন্ত পৰাৰ পিছতে মৃত্যুবৰণ কৰে।
গোলাপী চুতীয়ানী, ঢেকীয়াজুলি
১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্রহণ কৰিছিল ঢেকীয়াজুলিৰ গোলাপী চুতীয়ানীয়ে। পুলিচে বাধা দিবলৈ গুলীচালনা কৰাৰ লগতে লাঠীচালনাও কৰিছিল। এই লাঠীচালনাতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল গোলাপী চুতীয়ানী। পিছত এই আঘাতৰ ফলতে তেখেতৰ মৃত্যু ঘটে।
১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ যায়। কিন্তু ইংৰাজৰ কু-শাসনে অতি কম সময়ৰ ভিতৰতে অসমৰ জনসাধাৰণক অসন্তুষ্ট কবি তোলে। অসমীয়াসকলে মানব আক্রমণৰ পিছত ইংৰাজৰ অধীনত ভাল শাসন পাব বুলি আশা কৰিছিল যদিও সেয়া হৈ নুঠিল। ব্রিটিছন, শোষণ নাঁতিয়ে অসমীয়া জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। ফলত ইংৰাজৰ প্রতি অসমৰ জনসাধাৰণৰ মন বিদ্রোহী হৈ উঠে। ফলত ১৮৫৭ চনত সংঘটিত চিপাহী বিদ্রোহত অসমৰ জনসাধাৰণেও যোগ দিয়ে।
ব্রিটিছৰ আমোলত অসমৰ অভিজাত শ্রেণীটোৰ সামাজিক মর্যাদা বহু পৰিমাণে লাঘৱ হৈছিল। সেয়ে অভিজাত আৰু উচ্চ মধ্যবিত্ত শ্রেণীটোবে ইংৰাজ বিদ্বেষী মনোভাৱ পোষণ কৰিছিল। ব্রাহ্মণ, পুৰোহিত এচামেও ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল; কাৰণ ব্রিটিছে তেওঁলোকৰ হাতৰ পৰা পূৰ্বৰে পৰা ভোগ দখল কৰি অহা লাখেৰাজ তথা নিষ্কৰ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল আৰু বাকীখিনিৰ ওপৰত খাজনা বহুৱাইছিল। আনহাতে, আহোম সামন্তীয় শ্রেণীটোৰ কিছুসংখ্যকে অবগুণিৰে পৰা ব্রিটিছ শাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে গৰিষ্ঠসংখ্যকেই নতুন প্রশাসনত অংশ ল'বলৈ সক্ষম হোৱা নাছিল। আনহাতে, ইংৰাজ শাসকে প্রশাসন চলাবলৈ বংগদেশৰ পৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিছিল। ফলত অসমৰ সামন্তীয় শ্রেণীটো ব্রিটিছৰ বিৰুদ্ধে থিয় দিছিল। ১৮৫৭ চনৰ বিদ্রোহে অসমৰ অভিজাত শ্রেণীটোক ব্রিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল। ব্রহ্মপুত্র উপত্যকাত কিছুসংখ্যক লোকে অসমত অবস্থান কৰা ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্রোহৰ উত্থান ঘটাইছিল। কিন্তু ভাৰতৰ অন্য ঠাইৰ দৰে অসমত ১৮৫৭ চনৰ বিদ্রোহে সফলতা লাভকৰিব নোৱাৰিলে।
অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা
যিসকলে সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল। তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছু লোক। তেওঁলোকে অসমৰ পৰা ব্রিটিছ শাসন ওফৰোৱাৰ লগতে প্রাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দর্পেশ্বৰ সিংহক সিংহাসনত প্রতিষ্ঠা কৰি আহোম ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভান্তৰ বৰুৱা, যি মণিৰাম দেৱান নামেৰে জনপ্রিয় আছিল। যেতিয়া মীৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল, মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল।
এজন আহোম বাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্রিটিছ চৰকাৰক এখন আর্জি পেচ কৰিবলৈ গৈছিল। কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্র ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ, মহবিৰ মুক্তিয়াৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দর্পেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব।
১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট মিলছে অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে তেওঁক দুখন আর্জি পেচ কৰিছিল। এখনত তেওঁ ব্রিটিছ চৰকাৰলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি তাৰ কিছু ফল তেখেতক দিবলৈ অনুৰোধ জনাইছিল আৰু আনখনত এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুর্দশাৰ বিষয়ে সবিস্তাৰে লিখিছিল।
মিলছে প্রতিবেদনৰ বিভিন্ন দিশ পর্যালোচনা কৰিছিল যদিও অৱশেষত মণিৰাম দেৱানক সঁহাৰি নজনালে। বৰঞ্চ তেওঁক এজন চক্রান্তকাৰী হিচাপে অভিহিত কৰে। মণিৰাম দেৱান সম্পূর্ণ ইংৰাজবিৰোধী হৈ পৰে। সেই সময়ত মীৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্রোহৰ সূত্রপাত হৈছিল। বিদ্রোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্রিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্রোহ' কৰি ব্রিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্য বিশ্বাসী লোকলৈ প্রেৰণ কৰিছিল। পৰিকল্পনা মতে আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়। কিন্তু দুর্ভাগ্যক্রমে ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত ব্রিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ কথা উল্লেখ আছিল। ইয়াৰ পিছতে কন্দর্পেশ্বৰ সিংহক ব্ৰিটিছে আটক কৰে আৰু কলিকতাৰ আলিপুৰ জেইলত বন্দী কৰি থয়। ইফালে কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়ায় 'আৰু অবশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্রেব্রুবাৰীত 'পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচি দিয়ে।
আমাৰ অসমত হোৱা কিছু সংখ্যক যুদ্ধ
ফুলগুৰি ধেৱা
১৮৫৭ চনৰ বিদ্ৰোহৰ পছত ব্রিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্রয়োজনত অসমত উৎপাদিত প্রায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে। বাইজৰ আক্রোশ বাড়িল- বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰিৰ মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্রীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত। নগাঁও জিলাৰ বহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্রোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া চিংগাৰক ক্ষুব্ধ ৰাইজে কোবাই কোবাই হত্যা - কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্রতিবাদী জনতাৰ ওপৰত সশস্ত্র ইংৰাজ বাহিনীয়ে নির্বিচাৰে গুলীচালনা কৰে। ৩৯জন নিৰীহ কৃষকৰ মৃত্যু হয়। ৬৬জন লোকক আটক কৰি ইয়াবে ৩২জনক কলীয়াপানীলে প্রেৰণ কৰে। ইয়াৰ পিছতো ইংবাজে ফুলগুৰি অঞ্চলৰ আন ১৫জন লোকক নৃশংসভারে হত্যা কৰে।
১৮৯৪ চনৰ উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্রোহ
১৮৬১ চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ - ওপৰত খাজনাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। ১৮৯২ চনত অসমৰ চীফ কমিছনাৰ বার্ডে খাজনাৰ হাৰ পূৰ্বতকৈ ১০০% বৃদ্ধি কৰাত কৃষকসকলব ধৈর্য হেবাল। তাবে পৰিণাম স্বরূপে ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰৰা অসমত এলানি কৃষক বিদ্রোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা আদি কেইবাটাও অঞ্চলৰ লোকে খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজনা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলিও ঘোষণা কৰিছিল। ১৮৯৩ চনৰ ২৪ ডিচেম্বৰ - দিনা ৰঙিয়া বজাৰ লুটপাতেবে বিদ্রোহৰ আবগুণি হয়। ৩০ ডিচেম্বৰত ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু-লাঞ্চনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাত কৰে। সিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রিত হয়। কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে, পুলিচ প্রশাসনে প্রথম অবস্থাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে নিজৰ অভাব-অভিযোগ উপায়ুক্তক জনাবলৈ এখন বাইজমেল অনুষ্ঠিত কৰিছিল। তাৰ পৰা ১৫জন কৃষকক পুলিচে আটক কৰে। ১০ জানুৱাৰীত পুনৰ অনুষ্ঠিত এখন বাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় ৩০০০ কৃষক আহি সমবেত হৈ প্রতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ উপায়ুক্তক দাবী জনায়। উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্রতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ষিত খাজানা দিয়া নহ'ব বুলি জনাই দিয়ে আৰু জোৰ কৰি থানাত প্রবেশৰ চেষ্টা চলায়। উপাযুক্ত মেক কেবে গুলীচালনাৰ নির্দেশ দিয়াত কৃষকসকলে সেই স্থান ত্যাগ কৰে। তাৰ পিছত উপায়ুক্তই এখন জাননী জাৰি কৰি তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও ক'তো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰে। উপায়ুক্তই চক্রান্তৰে কৃষকৰ মাজৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজনা দিবলৈ ৰাজী কৰোৱাৰ লগতে বায়তত শান্তি স্থাপনৰ চেষ্টা চলাইছিল। অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো বাইজমেলবোৰ বন্ধ হোৱা নাছিল। উত্তৰ কামৰূপৰ অন্য প্রান্তত প্রতিবাদ অব্যাহত আছিল।
১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্রোহ
উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ষিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্রতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্রতিবাদী কার্যসূচী মতে মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে তিনিদিনীয়া এক বৃহৎ ৰাইজমেলৰ আয়োজন কৰিলে। ৰাইজমেলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এগুবছনক সেই সম্পর্কে অৱগত কৰালে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে আৰ ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়।
সমাবেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০মান লোকে আগুৰি ধৰে। কোনোতে তেওঁ ৰাইজৰ বোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্রয় লৈ থকা জিলাধিপতিক - ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰে পিছতে প্রায় ২০০০ কৃষকে হাতে হাতে লাঠী আৰু বাহৰ কামী লৈ শিবিৰৰ দিশে ধাৰমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উপস্থিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্রয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাবলৈ নির্দেশ দিয়ে। পুলিচে শক্তি প্রয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠী, কামী, মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয় কিন্তু বেচৰকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০জন আহত হয়। এইদৰে ভাৰতীয় স্বাধীনতা আন্দোলনত আমাৰ ৰাজ্য অসমত প্রচলিত হৈছিল স্বাধীনতাৰ জুই। বিভিন্ন সক-ডাঙৰ যুদ্ধৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ মানুহে যুদ্ধ কৰিছিল আৰু দেশত স্বাধীনতাৰ এক বিশেষ ভূমিকা গ্রহণ কৰিছিল।
Reference
1. বৰুৱা, হেমন্ত কুমাৰ। অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাস। গুৱাহাটী: অসম প্ৰকাশন পৰিষদ, ২০০৪।
2. গগৈ, লক্ষ্মীনাথ। অসমৰ স্বাধীনতা সংগ্রামত মহিলাৰ ভূমিকা। জোরহাট: চেতনা প্ৰকাশন, ২০১২।
3. Goswami, Priyam. The History of Assam: From Yandaboo to Partition, 1826–1947. New Delhi: Orient BlackSwan, 2012.
4. Neog, Maheswar. Assamese Resistance to British Rule (1826–1947). Gauhati: Lawyers Book Stall, 1990.
5. Nath, D. Peasant Resistance in Assam: Cases from 19th Century. New Delhi: Manohar Publishers, 2008.
-মহম্মদ মুশ্বাৰফ