শ্বৰীয়তত হিজাবৰ গুৰুত্ব কি ?

সূচনা

ইছলামী শ্ৱৰিয়তে ইয়াৰ সকলো আইন পৰিষ্কাৰভাৱে চৰ্চা কৰিছে এয়া পুৰুষৰ বাবে হওক বা মহিলাৰ বাবে। এনেদৰে হিজাবৰ গুৰত্ৱতা আৰু ইপকাৰিতাৰ কথা স্পষ্টভাৱে তুলি ধৰা হৈছে। হিজাবৰ ইমান গুৰত্ৱ হয় যে আমি যিমানেই ইয়াৰ বিষয়ে লিখোঁ কম হ’ব। ইয়াৰ প্ৰমান আমি কোৰান-হাদীছ চালেই গম পাম। মহিলা সকলে মূৰৰ পৰা ভৰিলৈকে ঢাকিবলৈ ব্যৱহাৰ কৰা  কাপোৰৰ টুকুৰাক হিজাব বা পৰ্দা বুলি কোৱা হয়। হিজাব হল মুছলমান মহিলা সকলৰ পৰিচয়ৰ প্ৰতীক, যিটো তেওঁলোকৰ ঈমান প্ৰতি নম্ৰতা, ভদ্ৰতা আৰু বিনয়ক প্ৰতিফলিত কৰে। হিজাব পিন্ধা মহিলা সকলৰ শ্বৰিয়তৰ প্ৰতি আগ্ৰহকো দেখুৱায়, লগতে ই ভাল নৈতিকতা, চৰিত্ৰতা আৰু স্বভাৱৰ প্ৰদৰ্শন কৰে। এয়া অচিনাকিৰ পৰা তেওঁলোকক সুৰক্ষা দিয়ে। বিশেষকৈ তথাকথিত অভদ্ৰ মানুহৰ পৰা হিফাজত কৰি ৰাখে। ইয়াৰ পৰা বুজা যায় যে যিবোৰ নাৰিয়ে পৰ্দা নকৰে বা ওৰণি নলয় সেইবোৰ কিমান অবৈশিষ্ট্য, স্বভাবহীন, গুণহীন, বেয়া লক্ষণ আৰু নিলাজ নাৰী। আল্লাহ পাকে আমাৰ মা-ভনীবোৰক হিফাজত কৰক- আমীন।

হিজাবৰ অৰ্থ কি ?

হিজাব হ’ল আৰবী ভাষাৰ এটা শব্দ। ইয়ীৰ ভাষিক অৰ্থ হ’ল লুকুৱাই থোৱা বা ঢাকি ৰখা। আৰু এইটো ওৰণি লোৱা বা পৰ্দা কৰাৰো আহে। হিজাবক বিনয় আৰু নৈতিক মূল্যবোধৰ সুৰক্ষাৰ বাবে দায়বদ্ধ বুলি গণ্য কৰা হয়। 

আৰু ইছলামী শ্বৰিয়তত ইয়াৰ ব্যাখ্যা হয় যে গোটেই অচিনাকি মানুহ অথবা যাৰ লগত বিয়া বাৰু কৰা নিষেধ নহয় তাৰ সনমুখত বা ঘৰৰ বাহিৰত যিকোনো ঠাইত মুছলিম মহিলা সকলৰ চেহেৰা, হাত দুখন গাঠীলৈকে আৰু ভৰি দুখন গোৰোহালৈকে এৰি গোটেই শৰীৰটো ঢিলা কাপোৰেৰে ঢাকি ৰাখিব লাগে, পৰ্দা কৰিব লাগে। এনেকুৱাই ইছলামী ন্যায় বিজ্ঞানত উল্লিখিত আছে।

হিজাব কিয় পিন্ধিব লাগে? 

ইছলাম ধৰ্মৰ লকল নিয়ম নিতি কোৰান শ্ৱৰীফ আৰু নবী ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মহত বাণী – হাদীছবোৰত বৰ্ণনা কৰা হৈছে। সেয়েহে  হিজাবৰ গুৰত্ৱ, প্ৰয়োজনীয়তা আৰু ইয়াৰ গুণৰ ব্য়াখ্যা আমি কোৰান আৰু হাদীছত চাব পাৰোঁ। আৰু ইয়াত যি কোৱা হৈছে সি মানি চলা আমাৰ উপৰত ফৰজ ইয়াৰ  বাহিৰে আমাৰ অন্ন্য কোনো বিকল্প নাই।

আল্লাহ তাআলাই কোৰান শ্ৱৰীফত কৈছে- (ছুৰা আন-নূৰ আয়াত নং ৩১) 

২৪:৩১

وَقُلْ لِلْمُؤْمِنَاتِ يَغْضُضْنَ مِنْ أَبْصَارِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا ۖ وَلْيَضْرِبْنَ بِخُمُرِهِنَّ عَلَىٰ جُيُوبِهِنَّ ۖ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوْ آبَائِهِنَّ أَوْ آبَاءِ بُعُولَتِهِنَّ أَوْ أَبْنَائِهِنَّ أَوْ أَبْنَاءِ بُعُولَتِهِنَّ أَوْ إِخْوَانِهِنَّ أَوْ بَنِي إِخْوَانِهِنَّ أَوْ بَنِي أَخَوَاتِهِنَّ أَوْ نِسَائِهِنَّ أَوْ مَا مَلَكَتْ أَيْمَانُهُنَّ أَوِ التَّابِعِينَ غَيْرِ أُولِي الْإِرْبَةِ مِنَ الرِّجَالِ أَوِ الطِّفْلِ الَّذِينَ لَمْ يَظْهَرُوا عَلَىٰ عَوْرَاتِ النِّسَاءِ ۖ وَلَا يَضْرِبْنَ بِأَرْجُلِهِنَّ لِيُعْلَمَ مَا يُخْفِينَ مِنْ زِينَتِهِنَّ ۚ وَتُوبُوا إِلَى اللَّهِ جَمِيعًا أَيُّهَ الْمُؤْمِنُونَ لَعَلَّكُمْ تُفْلِحُونَ

অনুবাদ- আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয়া কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।

আল্লাহ পাকে আৰু কৈ আছে (ছুৰা- আল- আহজাব, আয়াত নং ৫৯) 

৩৩:৫৯

يَا أَيُّهَا النَّبِيُّ قُلْ لِأَزْوَاجِكَ وَبَنَاتِكَ وَنِسَاءِ الْمُؤْمِنِينَ يُدْنِينَ عَلَيْهِنَّ مِنْ جَلَابِيبِهِنَّ ۚ ذَٰلِكَ أَدْنَىٰ أَنْ يُعْرَفْنَ فَلَا يُؤْذَيْنَ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا

অনুবাদ- হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটোৱে তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

এতিয়া আমি গম পালোঁ যে আল্লাহ পাকে কিমান গুৰত্ৱৰে হিজাব অথবা পৰ্দাৰ কথা উল্লেখ কৰিছে। সেই কাৰণে যিবোৰ মহিলা সকল আল্লাহৰ উপৰত বিশ্ৱাস ৰাখিছে তেওঁলোকে এয়া নিশ্চই মানি চলিব, কাৰণ তেওঁলোকে জানে যে আল্লাহৰ আদেশ অমান্য কৰিলে ইয়াৰ শাস্তি কি হ’ব পাৰে। 

ইছলামে কেৱল মাত্ৰ তিৰোতা সকলকেই পৰ্দা কৰিবলৈ আদেশ দিয়া নাই বৰং মতা মানুহকও ইয়াৰ আদেশ বজাই ৰাখিবলৈ কোৱা হৈছে কিন্তু সকলোৰে বাবে পৰ্দা কৰাৰ পৰিমাণ নিদিৰ্ষ্ট কৰি দিয়া হৈছে যে কোনে কলৈ পৰ্দা কৰিব লাগে। গতিকে ন্যায় সংবিধানত দুয়োৰে বাবে পৰ্দা কৰাৰ পৰিমাণ নিদিৰ্ষ্ট কৰিছে যে মহিলা মাইকি মানুহ নাৰী ছোৱালী এয়া লৈ  পৰ্দা কৰিব লাগে আৰু মতা মানুহ পুৰুষ লৰা যুৱক এয়া লৈ পৰ্দা কৰিব লাগে। ইতিমধ্যে ইছলামে পুৰুষকো চকু তল কৰি দিবলৈ আদেশ দিছে।

পৰ্দা হল মহিলাৰ বাবে সুৰক্ষা যিয়ে বেয়া নজৰ  আৰু কু-সংস্পৰ্শৰ পৰা ৰক্ষা কৰে যেনে ধূলি বালিৰ পৰা হিফাজতত ৰাখে। উদাহৰণস্বৰূপে আপুনি ভাবক যদি আপুনাক দুটা চকলেট দিয়া হয় এটাৰ লগত আৱৰণ আছে আন এটাৰ আৱৰণ খুলি দিয়া হৈছে যাৰ ফলত লেতেৰা লাগিছে, তেন্তে আপুনি কোনটো চয়ন কৰিব ?  অৱশ্যেই ঢকা চকলেটবিধ লব তেনেকুৱাই হল পৰ্দা কৰা আৰু নকৰা গৰাকীৰ এটি জীৱন্ত দলিল বা উদাহৰণ।

হিজাব বাধ্যতামূলকৰ মূল কাৰণ সমূহ

ইছলামে বিভিন্ন কাৰণত হিজাব বাধ্যতামূলক কৰিছে- 

১) মুমিন (বিশ্বাসী) নাৰী জাতক ৰক্ষা কৰিবলৈ।

২) সতীত্ব প্ৰদৰ্শন কৰিবলৈ।

৩) অনৈতিকতাক প্ৰতিৰোধ কৰিবলৈ।

৪) নিষিদ্ধ আবেগ ৰোধ কৰিবলৈ।

৫) বেয়া দৃষ্টিৰ পৰা সংৰক্ষণ 

৬) মানসিক কামনাৰ পৰা সুৰক্ষা ৰাখিবলৈ ইত্যাদি।

ইয়াৰ ইপৰিও, হিজাব মহিলা সকলৰ বাবে এই কাৰণে ফৰজ কৰা হৈছে যে তেওঁলোক পুৰুষৰ দৃষ্টিৰ বিষয়বস্তু যিসকলকো ইছলামত নিজৰ দৃষ্টি তললৈ নমাবলৈ আদেশ দিয়া হৈছে, আৰু যাতে বিদেশী পুৰুষৰ নাৰীৰ সৈতে ব্যৱহাৰ তেওঁৰ চেহেৰা আৰু সৌন্দৰ্য্য অনুসৰি নহয়, বৰঞ্চ তাইৰ মানৱতা আৰু নৈতিকতা অনুসৰি হয় যেন। আৰু এয়া হৈছে মহিলাৰ বাবে অধিকাৰ সহজ ইপায়।

উপসংহাৰঃ

ইছলাম ধৰ্মই মহিলা সকলক তেওঁলোকৰ সুৰক্ষাৰ বাবে হিজাব অৰ্থাত পূৰা পৰি পৰ্দ্ধা কৰাৰ হুকুম দিছে। ছুৰা আন-নূৰ আয়াত নং ৩১ আৰু  ছুৰা- আল- আহজাব, আয়াত নং ৫৯ত হিজাবৰ কথা বহলাই উল্লেখ কৰা হৈছে। হিজাব হল মুছলিম মহিলা সকলৰ প্ৰতিক। যিহেতু মহিলা সকল হল দুনিয়াৰ অমূল্য সম্পদ, সেয়ে ইয়াৰ সুৰক্ষা অমূল্যভাৱে হব লাগে।




লেখকৰ চমু পৰিচয়ঃ আশ্ৰাফুল ফাৰুকী (বৰপেটা, অসম) তেওঁ কেৰেলাত অৱস্থিত দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ এজন গৱেষণা পণ্ডিত, তেওঁ ইয়াত ইছলামী সভ্যতা অধ্যয়ন বিভাগত গৱেষণা কৰি আছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor