বাবৰি মছজিদৰ সমষ্টিগত ইতিহাস

 

বাবৰি মছজিদ নির্মাণৰ তাৰিখ অনিশ্চিত। বাবৰি মছজিদৰ প্রতিটো শিলালিপি বিশ শতিকাত খুজি পোৱা গৈছে সেই অনুযায়ী এই মছজিদৰ নিৰ্মাণৰ তাৰিখ হৈছে ৯৩৫ হিজৰী আৰু ১৫২৮ খ্রিষ্টাব্দত। মোগল ৰজা জহিৰ উদ্দিন মুহাম্মদ বাবৰৰ আদেশত অযোধ্যা নামক ঠাইত তেখেতৰ সেনাপতি মীৰ বাকিৰ দ্বাৰা এই মছজিদৰ নিৰ্মাণ কৰা হয়। এই শিলালিপি সমূহ আধুনিক ইতিহাস অনুযায়ী লিপিবদ্ধ কৰা হৈছে। দিল্লীৰ ছালতানাত আৰু তেখেতৰ উত্তৰাধিকাৰী মোগল সকল ভাৰতৰ শিল্প স্থাপত্যবিদ্যাৰ আৰু বিভিন্ন সুন্দৰতম নির্মাণকৃত সমাধি মছজিদ আৰু মাদ্ৰাছা সমূহৰ মহান পৃষ্ঠপোষক আছিল। এই শিল্প এক বিশেষ ধৰণৰ শিল্প হিচাপে চিহ্নিত যিটোৰ প্রভাৱ পৰে তুগলক ৰাজত্ব কালৰ শিল্পৰ পৰা। গোটেই ভাৰতত বিভিন্ন ধৰণৰ মছজিদ যিবোৰ ৰকমাৰি আর্কিটেকচাৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। যিবোৰ আধুনিক যুগত পর্যটন স্থান ৰূপে ব্যৱহাৰিত হয়। আটাইতকৈ খুব সুন্দৰ ধৰণৰ উন্নতি হৈছিল সেই ঠাই যত আদিবাসী শিল্পৰ ঐতিহ্য খুব শক্তিশালী আছিল আৰু য'ত দক্ষতাপূর্ণ কলিগোৰ বসবাস কৰিছিল।

 

বাবৰি মছজিদৰ আর্কিটেকচাৰ অনুসৰণ কৰা হৈছিল জৌনপুৰ ৰাজত্বৰ পৰা। এই মছজিদটোক পশ্চিম দিশৰ পৰা দেখিলে জৌনপুৰ আতলা মছজিদৰ অনুৰূপ। মছজিদৰ যি আর্কিটেকচাৰ সমূহ আছিল সেই সমূহ দিল্লী ৰাজত্ব কালৰ যি সমূহ মছজিদ আছিল সেইবোৰৰ প্ৰতিৰূপ। বৈশিষ্ট্যপূর্ণ আৰু স্বতন্ত্র ৰীতিৰ মাজত বাবৰি মছজিদ খুবই গুৰুত্বপূৰ্ণ মছজিদ, দিল্লীত ৰাজত্ব প্রতিষ্ঠাৰ পিছত এই মছজিদ উন্নতি হয়। এই মছজিদৰ আৰ্কিটেকছাৰ বেঙ্গলৰ মালদাৰ গৌড় মছজিদ আনকি জামালি কামালি মছজিদ যিটো শ্বেৰশ্বাহ ছুৰি প্রতিষ্ঠা কৰিছিল। সেইঠাইৰ আর্কিটেকচাৰ এই মছজিদতে দেখা যায়।

 

১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখত এল কে আডৱানী আৰু মুৰলি মনোহৰ যোশিৰ কৌতুহলী বক্তব্যত কৰ সেৱকসকলৰ অন্তৰত উৎসাহ জগাই দিয়ে আনকি সিহঁত এল কে আদোৱানীৰ ৰথ যাত্ৰাৰ দিন এই মছজিদক ধ্বংস কৰে। এই মছজিদৰ ধ্বংস স্বাধীন ভাৰতৰ ইতিহাসত এইটো এটা গুৰুত্বপূর্ণ বিন্দু হিচাপে চিহ্নিত হৈ থাকি গৈছে। এয়া ভাৰতৰ এক ঐতিহ্যময় আর্কিটেকচাৰক বিনষ্ট কৰি দিয়া হৈছে। আনকি এইটো ভাৰতৰ এটা দুখজনক ঘটনা। ইয়াৰ ওপৰিও প্রশ্ন থাকি যাব যে ধৰ্মনিৰপেক্ষ দেশ আৰু প্ৰজাতন্ত্ৰৰ ভৱিষ্যৎ হিচাপে।

 

বাবৰি মছজিদ সম্পর্কিত ঐতিহাসিক ঘটনাঃ

১৫২৮ খ্রিষ্টাব্দত, সুলতান বাবৰৰ সেনাপতি মীৰ বাকি এই মছজিদ নির্মাণ কৰে। ১৮৫৩ খ্রিষ্টাব্দত বাবৰি সংলগ্ন অঞ্চলত প্রথম ধর্মীয় হিংসা আৰম্ভ হয়। ১৮৫৯ খ্রিষ্টাব্দত প্রথম বিবাদ সৃষ্টিৰ কাৰণে ব্রিটিশ প্রশাসক মছজিদচত্বৰ পৃথক কৰি দিয়ে। মছজিদৰ ভিতৰৰ অংশ মুছলিমসকল প্রার্থনা কৰাৰ কাৰণে আৰু বাহিৰৰ অংশ হিন্দু সকলৰ ব্যৱহাৰ কৰাৰ কাৰণে স্থায়ী কৰি দিয়ে। ১৮৮৫ খ্রীষ্টাব্দত জন্মস্থান যিটো মহান ৰাঘূব দাসৰ দ্বাৰা পৰিচালিত সংগঠন সিহঁত মছজিদৰ বাহিৰৰ অংশত ব্রিটিছ চৰকাৰৰ স্থায়ী কৰা ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে অনুমতি বিচাৰিলে। কিন্তু ব্রিটিছ চৰকাৰে সেইটো অগ্রায্য কৰু দিয়ে।

 

১৯৪৯: মছজিদৰ দর্জা ভাঙি বাম মূর্ত্তি প্রতিষ্ঠা কৰে আৰু সেই কাৰণে কেন্দ্রীয় চৰাকাবে মছজিদত তলা লগাই দিয়ে আৰু পহৰা দিয়াৰ কাৰণে পুলিচ নিয়োগ কৰি দিয়ে। ভুমি বিছিভাবহঁতৰ হাতৰ দ্বাৰা মূৰ্ত্তি আতৰাই দিয়াৰ নিদের্শ দিয়া সত্বেও নিদের্শ মতে কাম নকৰিলে।

 

১৯৫০: ৰাম লীলাৰ মূৰ্ত্তি ৰাখি পূজা কৰাৰ ইচ্ছা প্রকাশ কৰি ফৌজদাৰী আদালতত দুটা মামলা চলায়। আদালতৰ অন্তর্বর্তী নিদের্শ যিমান দিন মছজিদত নামাজ বন্ধ থাকিব সিমান দিন ৰাম মূর্ত্তি দর্শনৰ অনুমতিও নাই।

 

১৯৫৯: ভুমি বিচাৰি আদালতত আবেদন কৰা হ'ল।

১৯৬১- ছুন্নি ওকাফ বোর্ডৰ তৰফৰ পৰাও আবেদন জনায়।

১৯৬৪: সকলো গোচৰ একত্র।

১৯৮৪: বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰে।

১৯৮৬: ফাইজাবাদ জিলা আদালতৰ ৰায় মানি মছজিদৰ তলা খোলা হ'ল আৰু ৰামলালাৰ দৰ্শন আৰম্ভ হয়। এই ৰায়ৰ বিৰুদ্ধে এলাহাবাদ হাই কোর্টত ছুন্নি ওকাফ বোর্ডে মামলা কৰে আনকি বাবৰি মছজিদ একশন কমিটিৰ সদস্য সকলৰ সকলো মামলা একত্র কৰি লক্ষ্ণৌ হাই কোর্টৰ বেঞ্চত হাজিৰ কৰা হয়।

 

১৯৮৯: ৰাম মন্দিৰৰ শিলান্যাস।

১৯৯০: বিজেপিৰ সভাপতি এল কে আডৱানীৰ চেষ্টাই অযোধ্যালৈ ৰথ যাত্ৰাৰ আয়োজন কৰা হয়। তেতিয়া আডৱানীৰ বক্তব্যত যাত্রী সকল উৎসাহিত হৈ মছজিদৰ ওপৰত আক্রমণ চলায়। মছজিদ আক্রমণ কৰা কৰ সেৱক সকলৰ সৈতে অর্ধ সামৰিক বাহিনীৰ সংর্ঘষ হয়। তাত পুলিচে লাঠি চার্জ আৰু গুলি চালনা আৰম্ভ কৰে আৰু তাত বহুতৰ মৃত্যু হয়। বহুত মানুহ আহত হয়।

 

১৯৯১ : উত্তৰ প্ৰদেশত বিজেপি ক্ষমতাই অধিষ্ঠিত হয় আৰু ৰাজ্য চৰকাৰে মছজিদৰ মাটি অধিগ্রহণ কৰে। উক্ত ভূমিত নির্মাণ কার্য বন্ধ ৰাখিবৰ বাবে বাবৰি মছজিদ একশন কমিটিৰ সদস্য ছুপ্রিম কোর্টত হাজিৰ হয় কিন্তু ছুপ্রিম কোর্ট পুনৰায় হাই কোর্টলৈ ঘুৰাই পঠায়।

 

১৯৯২: বাবৰী মছজিদ ধ্বংস। গেটেই দেশত মুছলিম আৰু হিন্দু ধৰ্মৰ মাজত সংর্ঘষ আৰম্ভ হয়। হাজাৰ হাজাৰ মানুহ আহত হয় আৰু বহুতো লোকৰ মৃত্যু হয়, তাত মুছলিম সকলৰ সংখ্যা বেছি। ইয়াৰ ফলত এল কে আডৱানী, মূৰলী মনোহৰ যোসী আদি সকলৰ বিৰুদ্ধে চার্জচিট।

 

১৯৯৩: কেন্দ্রীয় চৰকাৰ গোটেই ভূমি অধিগ্রহণ কৰে।

 

২০০১- পদ্ধতিগত কাৰণত এল কে আদোৱানী সহ ১৩ জনৰ বিৰুদ্ধে যি ষড়যন্ত্রৰ মামলা লগোৱা হৈছিল সেয়া প্রত্যাহাৰ কৰে।

 

২০০২: গুজৰাটৰ গোধৰায় অযোদ্যা যাত্ৰা কৰি সেৱক সকল ট্রেনত জুই লগায়। তাৰ ফলত মুছলিম আৰু হিন্দুৰ মাজত সংর্ঘষ আৰম্ভ হয়। সেই সময়ত মুছলিম সকলৰ ঘৰত হিন্দু সকল আক্রমণ কৰে আৰু মুছলিম সকলৰ ওপৰত অধিক অত্যাচাৰ কৰে, তাত হাজাৰ মানুহ মৃত্যুৱৰণ কৰে।

 

২০০৫: বিস্ফোৰক ভৰ্ত্তি গাড়ী গৈ বিতর্কিত যোনিৰ পাঁচিল উৰুৱাই দিয়াৰ চেষ্টা চলাই তাত মুঠ ছটা জঙ্গি নিহত হয়।

 

৩০ ছেপ্টেম্বৰ ২০১০ বিতর্কিত ২.৭৭ একৰ ভূমি ছুন্নি ওকাফ বোর্ড,  নির্মোহী আখড়া আৰু ৰামলালাৰ মাজত সমান ভাগ কৰাৰ নিদের্শ দিয়ে এলাহাবাদ হাই কোর্ট।

 

মে, ২০১১ হাই কোর্টৰ ৰায় স্থগিত কৰা হয়।

 

মার্চ, ২০১৭: আদালতৰ বাহিৰত বুজা পৰাৰ প্রস্তাব চুপ্রিম কোর্টৰ তৎকালীন প্রধান বিচাৰপতি যে, এস খেহৰৰ।

 

এপ্রিল ২০১৭: আডবানীহঁতৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ মামলা চলাই নিয়াৰ নিদের্শ দিলে ছুপ্রিম কোর্টে।

 

৮ জানুৱাৰী ২০১৯: পাঁচ জন বিচাৰপতিৰ সাংবিধানিক বেঞ্চ গঠন হয় উচ্চতম ন্যায়ালয়ত। পিছত পুনৰ গঠন কৰা হয়।

 

৮ মার্চ ২০১৯: আদালতৰ বাহিৰত মধ্যস্থতাৰ বাবে প্যানেলক দায়িত্ব দিয়ে উচ্চতম ন্যায়ালয়ে।

 

২ আগষ্ট, ২০১৯- মধ্যস্থতাত ব্যার্থ হয় আৰু ছয় আগষ্টৰ পৰা প্রতিদিনে শুনানিৰ সিদ্ধান্ত লয়।

 

১৬ অক্টোবৰ ২০১৯: শুনানি শেষ।

 

৯ নৱেম্বৰ ২০১৯: উচ্চতম ন্যায়ালয় ৰায়, ২.৭৭ একৰ ভূমি দিয়া হওঁক সেই ট্রাষ্টক যিটো ভাৰত চৰকাৰে ৰাম জনম ভূমি মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে তৈয়াৰ কৰিছিল। আৰু ৫ একৰ ভূমি বেলেগ কৰি উত্তৰ প্ৰদেশ ছুন্নি ছেন্ট্ৰেল ওকাফ বোর্ডক দিয়া হওঁক মছজিদ ধ্বংসৰ পৰিবর্তে আৰু এটা মছজিদ নির্মাণ কৰাৰ উদ্দেশ্যে।

 

 

লেখকৰ পৰিচয়ঃ আব্দুৰ ৰৌফ ফাৰুকী, তেখেতৰ ঘৰ বৰপেটা জিলাৰ বলাইপাথাৰ গাওঁত। কবিৰ জন্ম ১৯৭২ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখ। পিতৃ ইউছুব আলী আৰু মাতৃৰ নাম ৰহিমা খাতুন। তেখেত বর্তমান অসমীয়া সাহিত্য সম্মিলনীৰ কলগাছিয়া শাখাৰ সদস্য হৈ থকাৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ কলগাছিয়া মহকুমা শাখাৰ সভাপতি হিচাপে কার্য্য নির্বাহ কৰি আছে। তেখেতৰ বহু ৰচনা আৰু কবিতা আলোচনী, স্মৃতিগ্রন্থ আৰু বাতৰি কাকতত প্রকাশিত হৈছে।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor