ইছলামত ন্যায় বিচাৰ আৰু সু-শাসন প্রতিষ্ঠাৰ গুৰুত্ব আৰু ইতিহাস

ইছলামত ন্যায় বিচাৰ আৰু সু-শাসন প্রতিষ্ঠাৰ গুৰুত্ব অপৰিসীম। ন্যায়নিষ্ঠ বিচাৰকৰ অনন্য মর্যাদা দান কৰিছে ইছলামে। কিয়নো ন্যায়নিষ্ঠ বিচাৰকে সমাজত অবিচাৰৰ পৰিৱৰ্তে সু-বিচাৰ, অপৰাধৰ পৰিৱর্তে শৃংখলা, অন্যায়ৰ পৰিৱর্তে ন্যায় প্রতিষ্ঠাৰ কামত নিয়োজিত কৰে।

হাদীছত ৰাছুল (চাঃ)-এ কৈছে, ‘'বিচাৰক তিনি প্রকাৰৰ। এক প্রকাৰ বিচাৰক জান্নাতী আৰু দুই প্রকাৰ বিচাৰক জাহান্নামী। জান্নাতী হৈছে সেই বিচাৰক, যি সত্যক জানি-বুজি সেই অনুযায়ী বিচাৰ-ফয়চালা কৰে, আৰু যি বিচাৰকে সত্যটো জনাৰ পাছতো বিচাৰত জুলুম কৰে, সেই বিচাৰক জাহান্নামী। আকৌ যি বিচাৰকে অজ্ঞতাবশতঃ ফয়চালা দিয়ে, সিও জাহান্নামী।" (আবু দাউদঃ ৩৫৭৩)

'The history of Umar'-ৰ এক বৰ্ণনাত উল্লেখ আছে, মুহাম্মাদ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামৰ পাছত ওমৰ ইবনুল খাত্তাব ৰাজি আল্লাহ আনহু আছিল আটাইতকৈ প্ৰভাৱশালী ৰাষ্ট্ৰনেতা। তেওঁৰ ৰাজত্ব কালত মিছৰ (বৰ্তমান যাক ইজিপ্ত বুলি জনা যায়)-ৰ গভৰ্ণৰ আছিল চাহাবী আমৰ ইবনুল আছ ৰাজি আল্লাহ আনহু। এবাৰ আমৰ ইবনুল আছৰ পুত্ৰ মুহাম্মাদে এজন খ্ৰীষ্টানক চাবুকেৰে কোবাই কোবাই কৈ আছিল, ‘'তুমি চিনি পোৱা মই কোন?

মই এজন সন্মানীয় পিতৃৰ পুত্ৰ।"

পাছত এই খ্ৰীষ্টানজনে অভিযোগ লৈ পোনে পোনে ওমৰ ইবনুল খাত্তাবৰ ওচৰলৈ আহিল। ওমৰৰ ওচৰ পাই মানুহজনে ক’লে, "মাননীয় খলিফা, মই আপোনাৰ ওচৰত মোৰ এটা অভিযোগ লৈ আহিছোঁ।"

ওমৰ ৰাজি আল্লাহু আনহুৱে ক’লে, "কোৱা, তোমাৰ অভিযোগ কি?"

মানুহজনে ক’লে, "এবাৰ মিছৰত মই মোৰ ঘোঁৰা লৈ গৈ আছিলোঁ। বাটত মোক লগ পালে গভৰ্ণৰ আমৰৰ পুত্ৰ মুহাম্মাদে। মোক দেখি তেওঁ ক’লে, হেৰা, এই ঘোঁৰাটো মোৰ! মই ক’লোঁ, অৱশ্যেই নহয়। এইটো মোৰ ঘোঁৰা। আমাৰ দুয়োৰে মাজত তৰ্ক আৰম্ভ হ’ল আৰু এটা পৰ্যায়ত মুহাম্মাদে মোক চাবুকেৰে কোবাই কোবাই ক’লে, যোৱা! এই ঘোঁৰাটো মই তোমাকেই দি দিলোঁ। কাৰণ, মই হৈছোঁ সন্মানীয় পিতৃৰ পুত্ৰ।"

এই কথা কোৱাৰ পাছত খ্ৰীষ্টান মানুহজনে ক’লে, “মই বিচাৰৰ উদ্দেশ্যে সুদূৰ মিছৰৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ বিশ্বাস — আপুনি ন্যায় কৰিব।"

ওমৰ ইবনুল খাত্তাব ৰাজি আল্লাহ আনহুৱে সকলো শুনাৰ পাছত মানুহজনক থকাৰ ব্যৱস্থা কৰি দিলে আৰু মিছৰৰ গভৰ্ণৰ আমৰ ইবনে আল-আছ ৰাজি আল্লাহু আনহুলৈ এখন চিঠি পঠিয়ালে। চিঠিখনত লিখিছে, "এই চিঠিখন আপোনাৰ ওচৰ পোৱাৰ লগে লগে আপুনি আৰু আপোনাৰ পুত্ৰ মুহাম্মাদ মোৰ ওচৰলৈ আহিব।"

আমৰ ইবনে আছ পুত্ৰৰ সৈতে মদীনালৈ আহিল। তেওঁলোক অহাৰ পাছত খলিফা ওমৰ ইবনুল খাত্তাবে ক’লে, "মিছৰৰ পৰা অহা মানুহজন ক’ত?"

খ্ৰীষ্টান মানুহজনে উত্তৰ দিলে, "মই ইয়াত উপস্থিত আছোঁ।"

ওমৰ ইবনুল খাত্তাব ৰাজি আল্লাহ আনহুৱে আমৰ ইবনুল আছৰ পুত্ৰক দেখুৱাই ক’লে, “ইয়াত চাবুক আছে।” যোৱা, তুমি তোমাৰ প্ৰতিশোধ লোৱা।"

মানুহজনে তেনেকৈয়ে কৰিলে। আমৰ ইবনুল আছ ৰাজি আল্লাহ আনহুৰ পুত্ৰক চাবুকেৰে আঘাত কৰিলে আৰু যেতিয়া মানুহজন ৰৈ গ’ল, তেতিয়া ওমৰ ইবনে আল-খাত্তাব তেওঁৰ ওচৰলৈ আহি ক’লে, “এতিয়া এই চাবুকেৰে মোৰ মূৰত আঘাত কৰা। মোৰ বাবেই তোমাৰ লগত এই আচৰণ ঘটিছিল। মই তোমাক খলিফা হিচাপে ৰক্ষা কৰিব নোৱাৰিলোঁ।" মানুহজনে আচৰিত হৈ খলিফালৈ চালে।

ইয়াৰ পাছত ওমৰ ইবনুল খাত্তাবে আমৰ ইবনুল আছ ৰাজি আল্লাহু আনহুৰ পুত্ৰৰ ফালে ঘূৰি ক’লে, "তুমি কেতিয়াৰ পৰা মানুহক নিজৰ দাস বুলি ভাবিবলৈ আৰম্ভ কৰিলা?"

ওপৰত উল্লেখিত ঘটনা অথবা ইছলামৰ মহান খলিফাৰ জীৱনৰ পৰা এই শিক্ষা আমি পাওঁ যে ন্যায় বিচাৰৰ ক্ষেত্ৰত, অধিকাৰৰ ক্ষেত্ৰত আৰু এজন অমুছলমানৰ ক্ষেত্ৰতো সামান্যতম অন্যায় কৰিব নোৱাৰি।

আকৌ পৱিত্র ক্বুৰআনৰ ছুৰাহ মায়িদাৰ ৮ নম্বৰ আয়াতত উল্লেখ আছে, "হে মু'মিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সু-বিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সু-বিচাৰ কৰিবা। (ছুৰাহঃ মায়িদা, আয়াতঃ ৮)

 

অন্য আয়াতত আকৌ উল্লেখ আছে, "হে মু'মিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষী স্বৰূপে, যদিও সেয়া তোমালোকৰ নিজৰ বিৰুদ্ধে বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওক কিয়, সি ধনীয়ে হওক অথবা দুখীয়া, আল্লাহ উভয়ৰেই ঘনিষ্ঠতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি ঘূৰাই-পকাই কথা কোৱা আৰু অমনোযোগী হোৱা, তেন্তে তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। (ছুৰাহঃ নিছা, আয়াতঃ ১৩৫)

আৰু এটা উল্লেখ কৰিবলগীয়া বিষয় এই যে মূর্খ আৰু অযোগ্যসকলৰ বাবে বিচাৰক পদ গ্রহণ কৰা বৈধ নহয়। বিশেষকৈ ন্যায় বিচাৰক নিযুক্ত ব্যক্তিয়ে অৱশ্যেই ক্বুৰআন, ছুন্নাহ, ইছলামী আইনৰ ব্যাখ্যা আৰু বিশ্লেষণত পূর্বৱর্তী উলামাসকলৰ মতামত আৰু কিয়াছ (অন্য বিধানৰ পোহৰত বিধান উদ্ভাৱন) কৰাৰ কাৰণে প্রয়োজনীয় যোগ্যতা অর্জন কৰা আৱশ্যক। (আছ-চুলতাতুল কাদায়িয়া, পৃষ্ঠাঃ ১৪৩)

গতিকে, আমাৰ মনত ৰখা উচিত, এক সুন্দৰ সমাজৰ মেৰুদণ্ড শক্তিশালী থাকে ন্যায় বিচাৰৰ ওপৰত আৰু ন্যায় বিচাৰ নিশ্চিত কৰিব আল্লাহৰ বিধানে। আল্লাহ তাআলাই ক্বুৰআনৰ ছুৰাহ হাদিদৰ ২৫ নম্বৰ আয়াতত কৈছে, "নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ, আৰু তেওঁলোকৰ লগত দিছোঁ কিতাপ আৰু ন্যায়ৰ মানবৈশিষ্ট্য, যাতে মানুহে সু-বিচাৰ প্ৰতিষ্ঠা কৰে।" সেয়ে বিচাৰ কৰিবলৈ ক্বুৰআন, হাদীছ আৰু ৰাষ্ট্ৰীয় আইনৰ ওপৰত দৃষ্টি আৰোপ কৰিব লাগে।

 

 

✍ শাহিনুৰ আলম

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor