বাবৰি নামা
বাবৰি মছজিদ ১৫২৮ চনত অযোধ্যাত (বৰ্তমান অযোধ্যা) নিৰ্মাণ কৰা হৈছিল। বাবৰৰ কমাণ্ডাৰ মীৰ বাকি মছজিদটো নিৰ্মাণ কৰিছিল আৰু ইয়াক তেওঁৰ ৰজা বাবৰৰ নামেৰে নামাকৰণ কৰিছিল। এইটো সেই সময় আছিল যেতিয়া মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা জহিৰ উদ্দিন মহম্মদ বাবৰে ইব্ৰাহীম লোদি আৰু ৰানা সাঙ্গাক পৰাজিত কৰি মোগল সাম্ৰাজ্যৰ ভিত্তি স্থাপন কৰিছিল।
বাবৰৰ বয়স বেছি নাছিল, সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ চতুৰ্থ বছৰ ১৫৩০ চনত বাবৰৰ মৃত্যু হৈছিল। অৰ্থাৎ ভাৰতত বাবৰে প্ৰায় চাৰিবছৰ সময় অতিবাহিত কৰিছিল। এই চাৰিবছৰৰ ভিতৰত বাবৰে চাৰিটা ডাঙৰ যুদ্ধ কৰিছিল, য’ত পানিপটৰ যুদ্ধ, খানোৱাৰ যুদ্ধ, চন্দিৰীৰ যুদ্ধ আৰু ঘাঘৰাৰ যুদ্ধ অন্তৰ্ভুক্ত। বাবৰৰ চাৰিবছৰীয়া ভাৰতবাসৰ অধিকাংশ সময় যুদ্ধতেই পাৰ হৈছিল, কিন্তু বাবৰৰ যুদ্ধকৌশলে মাত্ৰ চাৰিবছৰতে তেওঁক এটা ডাঙৰ এলেকাৰ ৰজা বনাইছিল।
১৫৩০ চনত বাবৰৰ মাত্ৰ ৪৮ বছৰ বয়সত মৃত্যু হৈছিল, কিন্তু কোনো হিন্দু ৰাজাই এই অভিযোগ কৰা নাছিল যে বাবৰি মছজিদ কোনো মন্দিৰ ভাঙি বনোৱা হৈছিল। সেই সময়ৰ কোনো উৎস-মাধ্যমত এই কথাৰ উল্লেখ নাই।
বাবৰৰ পিছত তেওঁৰ পুত্ৰ হুমায়ুন সিংহাসনত উঠিছিল। কিন্তু দশ বছৰ পিছতেই চ্বেৰ শ্বাহ ছূৰিয়ে হুমায়ুনক পৰাজিত কৰি সাম্ৰাজ্যত অধিকাৰ কৰিবলৈ সক্ষম হৈছিল, এইদৰে প্ৰায় পাঁচ বছৰ ধৰি মোগল সাম্ৰাজ্য ভাৰতৰ পৰা গায়েব হৈ আছিল। যদি বাবৰি মছজিদ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল, তেন্তে সেই পাঁচ বছৰত এই কথাটো নিশ্চয় সামৰণি আহিলেহেঁতেন কাৰণ মোগল ৰাজত্ব শেষ হৈছিল আৰু মোগল চৰকাৰৰ শক্ৰৰ হাতত ক্ষমতা আছিল। কিন্তু সেই পাঁচ বছৰত হিন্দু সমাজত এনেকুৱা কোনো কথা প্ৰচলিত নাছিল।
প্ৰাৰম্ভিক সমস্যাসমূহ আৰু পৰীক্ষা-নিৰীক্ষাৰ পাছতো জালাল উদ্দিন মহম্মদ আকবৰে মোগল সাম্ৰাজ্যক শক্তিশালী কৰি তুলিছিল। স্থানীয় ৰাজাসকলক পৰাজিত কৰি তেওঁৰ শক্তি প্ৰতিষ্ঠা কৰিছিল। আকবৰে সেই ৰজা হৈছিল যিয়ে তেওঁৰ পিতামহৰ বিপৰীতে গৈ ধৰ্মতকৈ সাম্ৰাজ্যক অধিক গুৰুত্ব প্ৰদান কৰিছিল, যাৰ বাবে হিন্দু ৰাজাসকলৰ ছোৱালীসকলৰ সৈতে বিনা ধৰ্মান্তৰণৰ বিবাহৰ প্ৰথা আৰম্ভ হৈছিল।
আকবৰৰ ধৰ্ম-বিমুখিতা তেতিয়া চূড়ান্ত হৈ পৰিছিল যেতিয়া তেওঁ ইছলামী ধৰ্মৰ বিপৰীতে এটা নতুন ধৰ্ম, "দ্বীন ইলাহি" মুকলি কৰিছিল। তেওঁৰ পত্নী যোধা বাইৰ প্ৰেমত পৰি ঘৰখনৰ ভিতৰতে এটা মন্দিৰ নিৰ্মাণ কৰিছিল। প্ৰতিদিনে জৰুখা দর্শনৰ নামত মূৰ্তিপূজা আৰম্ভ কৰিছিল। এইটো সেই সময় আছিল যেতিয়া আকবৰৰ দরবারত হিন্দু ৰাজাসকল, পণ্ডিতসকলৰ প্রভাব আৰু উচ্চ স্থান লাভ কৰিছিল। আকবৰীৰ নৱৰত্নৰ ভিতৰত চাৰিজন লোক হিন্দু আছিল, যাৰ ভিতৰত ৰাজা টোডৰমল, ৰাজা মান সিংহ, ৰাজা বীৰবল আৰু তানসেন। এইসকলক আকবৰীৰ দরবারত উল্লেখযোগ্য স্থান দিয়া হৈছিল। যদি সঁচাকৈয়ে বাবৰি মছজিদ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল, তেন্তে আকবৰৰ দৰে এক অধাৰ্মিকৰ সৈতে আলোচনা কৰি মন্দিৰৰ দাবী দাখিল কৰাটো হিন্দু ৰাজাসকলৰ বাবে আটাইতকৈ সহজ হ'লহেঁতেন। কিন্তু আচৰিতৰ কথা এই যে, কোনো ৰাজা বা পণ্ডিতেও কেতিয়াও এই বিষয়ত আকবৰৰ সৈতে কোনো অভিযোগ বা দাবী কৰা নাছিল, ইমান পৰ্যন্ত কেতিয়াও এই কথাৰ উল্লেখ কৰা নাছিল যে বাবৰি মছজিদ মন্দিৰৰ ঠাইত নিৰ্মাণ কৰা হৈছিল। এই কথা বুজা কঠিন যে, সেইসকল হিন্দু ৰাজাসকল আৰু জ্ঞানী পণ্ডিতসকল অজ্ঞ আছিল বা আকবৰৰ দৰে অধাৰ্মিকৰ পৰা এতিয়া বেছি ভয় পোৱা আছিল?
ৰজা আকবৰৰ পৰা জাহাঙ্গীৰ, শ্বাহজাহান আৰু ঔৰঙজেব আলমগীৰৰ সময়লৈকে মোগল সাম্ৰাজ্য যথেষ্ট শক্তিৰ সৈতে চলি আছিল। ঔৰঙজেবৰ মৃত্যু (১৭০৭)ৰ পিছত মোগল শাসনদণ্ড দৰ্বল হৈ পৰিছিল, ইমান পৰ্যন্ত যে ১৮০৩ চনত ইংৰাজসকলে ভাৰত অধিকাৰ কৰিছিল, মাত্ৰ প্ৰতীক হিচাপে ৰাজত্ব বাকী আছিল। অন্তিম মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ (১৮৬২ চন) জীৱনকালত ১৮৫৭ চনত মোগল সাম্ৰাজ্যৰ সম্পূর্ণ অন্ত পৰিছিল। এই অন্ত পৰাৰ পৰ্যন্ত কোনো হিন্দু ঐতিহাসিকেও বাবৰি মছজিদৰ ওপৰত কোনো দাবী কৰা নাছিল, বা মন্দিৰ হোৱাৰ কোনো বিষয় প্ৰচলিত হোৱা নাছিল। যদিও সেই সময়লৈ বাবৰি মছজিদক নিৰ্মাণ কৰা প্ৰায় ৩৩৪ বছৰ পাৰ হৈ গৈছিল।
লেখকৰ চমু পৰিচয়ঃ আশ্ৰাফুল ফাৰুকী (বৰপেটা, অসম) তেওঁ কেৰেলাত অৱস্থিত দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ এজন গৱেষণা পণ্ডিত, তেওঁ ইয়াত ইছলামী সভ্যতা অধ্যয়ন বিভাগত গৱেষণা কৰি আছে।