বিশ্ব পৰিবৰ্তনৰ ৰাতি: নবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ মক্কাৰ পৰা মদিনালৈ হিজৰত

হজৰত মুহাম্মদ (ছঃ)এ যেতিয়া ৪০ বছৰ বয়সত আল্লাহৰ পৰা অহি (ওহী) লাভ কৰে আৰু নবী হিচাপে স্বীকৃতি লাভ কৰে। হজৰত মুহাম্মদ (ছঃ) নবী হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত তেখেতে লোকসকলক তাওহীদ (একেশ্বৰবাদ) আৰু ইছলামী নীতিত বিশ্বাস কৰিবলৈ আহ্বান জনাবলৈ আৰম্ভ কৰে। তেখেতক মক্কাৰ কুৰাইশ গোত্রই পূৰ্বে "আল-আমিন" (বিশ্বস্ত) বুলি ক'লেও, তেখেতৰ নতুন বাণীৰ বাবে তেখেতক বিৰোধিতা কৰিব ধৰিলে। ইয়াৰ ফলত মুছলমানসকলে অত্যাচাৰৰ সন্মুখীন হ’ব লগা হয়। বিলাল (ৰাঃ)ক প্ৰচণ্ড গৰম বালিত শুৱাই থৈ পাথৰেৰে চেপি ধৰি ৰখা হয় ।আম্মাৰ, ইয়াছিৰ আৰু ছুমাইয়া (ৰাঃ)-ক  বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হয়। ছুমাইয়া (ৰাঃ)ক বহুত যন্ত্ৰণা দি শহীদ কৰা হয়। তেখেতেই হল ইছলামৰ প্ৰথম শহীদ।

তিনিবছৰীয়া বর্জন (বয়কট):

নবী (ছঃ) আৰু তেখেতৰ গোত্রৰে বনু হাশিম-ক সামাজিক, ব্যৱসায়িক আৰু বৈবাহিক তনাদিক্ষেত্ৰত মক্কাৰ ওচৰত শেবে আবু তালিব নামৰ এখন ঠাইত ৩ বছৰৰ কাৰণে বয়কট বা বর্জন কৰা হয়। তেওঁলোকে মক্কাৰ ওচৰত শেবে আবু তালিব নামৰ ঠাইত ৩ বছৰৰ বাবে বন্দী জীৱন কটায়। খাদ্য, পানী, আৰু ঔষধ নোপোৱা অৱস্থাত বহুত কষ্ট সহ্য কৰিবলগা হয়। সেই সময়ত নবী (ছঃ)এ তেখেতৰ দুই  গুৰত্বপূর্ণ সহায়ক  বা তেখেতৰ খুৰা, (যিয়ে তেখেতক সুৰক্ষা কৰিছিল) আবু তালিব আৰু (তেখেতৰ পত্নী, আৰু প্ৰথম ইছলামী বিশ্বাৰ্ধী) খাদিজা (ৰাঃ) এই দুয়ো জনৰ মৃত্যু হয়। এই বছৰটোৱেই ‘আমুল হুযন’ (দুখৰ বছৰ) বুলি পৰিচিত।

 সেই সময়ত নবী (ছঃ)ৰ ইছলামৰ বাণী তায়িফসকলে গ্ৰহণ কৰিব বুলি আশা কৰি ‘তায়িফ’ নগৰলৈ যায়। কিন্তু তায়িফৰ লোকসকলে তেখেতক অপমান আৰু লগতে তীব্ৰভাৱে শীল নিক্ষেপ কৰে। তেতিয়া তেখেতৰ শৰীৰ তেজেৰে ভিজি যায়। এই যাত্ৰা তেখেতৰ কাৰণে অতি  দুর্ভাগ্যজনক ঘটনা আছিল।এইবিলাক হোৱাৰ পিছতো তেখেতে তায়িফবাসি সকলক কেতিয়াও অভিশাপ নকৰিলে—এইটো আছিল ধৈৰ্য আৰু শহনশীলতা।

 সেই দুখৰ দিনবোৰৰ পিছতেই আল্লাহ তাআলাই নবী (ছঃ)-ক  সান্ত্বনা দিয়াৰ বাবে ‘ইছৰা আৰু মিৰাাজ’ নামৰ এখন ভ্ৰমণৰ সুযোগ দিয়ে। তেখেতে মক্কাৰ পৰা বায়তুল মুকাদ্দাছ (জেৰুছালেম)লৈ যায় আৰু ইয়াকে ‘ইছৰা’  বুলি কোৱা হয়। যত নেকি তেখেতে সকলো নবি আৰু ফিৰিস্তাৰ ইমাম হৈ নামাজ পঢ়াইছিল। আৰু তাৰ পিছত সপ্তম আকাশলৈ উঠি আল্লাহৰ সৈতে দেখা কৰে । আৰু সেই সময়তে তেখেতে বহুত নবীৰ লগত দেখা কৰে যেনে- প্ৰথম আকাশত আদম(আঃ),  দ্বিতীয় আকাশত ইয়াহয়া(আঃ) আৰু ইছা(আঃ), তৃতিয় আকাশত ইউছুফ(আঃ), চতুর্থ আকাশত ইদৰিছ(আঃ), পঞ্চম আকাশত হাৰুন(আঃ),  ষষ্ঠম আকাশত মুছা(আঃ), আৰু সপ্তম আকাশত  ইব্ৰাহিম(আঃ)ক, আৰু ইয়াকে ‘মিৰাজ’ বুলি কোৱা হয়। ইয়াতে  প্ৰথমে ৫০ ওয়াক্ত নামাজ আল্লাহ তাআলাই আমাৰ কাৰণে ফৰজ কৰি দিয়ে তাৰ পিছত লাহে লাহে ৫ ওয়াক্ত  নামাজ ফৰজ কৰা হয়। যি ভ্ৰমণৰ কথা আল্লাহ তাআলাই তেওৰ কিতাপ কুৰআনত উল্লেখ কৰিছে। আৰু সেইটো হ’ল:

"سُبْحَانَ الَّذِي أَسْرَى بِعَبْدِهِ لَيْلاً مِّنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ" (سورة الإسراء الآية: 1 )

অনুবাদঃ পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছো, যাতে আমি তেওঁক আমাৰ নিদৰ্শন দেখুৱাব পাৰো; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

এই ঘটনাৰ পিছতে হজৰ সময়ত ইয়াছৰিবৰ ( মদিনাৰ পুৰনি নাম) কেইজনমান মানুহে ইছলাম গ্ৰহণ কৰে আৰু নবী (ছঃ)-ক মদিনালৈ আহিবলৈ আহ্বান জনায়। তেওঁলোকে আক্বাবাৰ পাহাৰত ‘আক্বাবাৰ প্ৰথম আৰু দ্বিতীয় চুক্তি’ত নবী (ছঃ)-ক সহায় আৰু সুৰক্ষা দিব বুলি প্রতিশ্ৰুতি দিয়ে।

এই সকলো ঘটনাৰ পৰা প্ৰমাণ  পোৱা যায় যে-মক্কাত ইছলাম প্ৰচাৰ কৰা অতি কষ্টজনক আছিল। ইয়াৰ উপৰিও মহানবী (ছঃ)-এ সম্পূর্ণ ধৈৰ্য, আৰু আল্লাহৰ ওপৰত বিশ্বাস ৰাখি সকলো বিপদ সহ্য কৰিছিল। আৰু ইছলাম প্ৰচাৰ কৰাৰ পৰা পিছলৈ যোৱা নাছিল।

মদিনালৈ হিজৰত হৈছে নতুন যুগৰ আৰম্ভণি – য'ত ইছলাম এখন সংগঠিত সমাজ ৰূপে গঢ় লৈ উঠে।

মক্কাত ইছলামৰ ১৩ বছৰ দাওয়াতৰ পিছতো কুৰাইশবোৰ নবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) আৰু তেখেতৰ চাহাবাসকলক কঠোৰভাৱে অত্যাচাৰ আৰু শাস্তি প্ৰদান কৰিছিল। চাহাবাসকলৰ ওপৰত অত্যাচাৰ আৰু হিংসা আদি দিনে-দিনে বৃদ্ধি পাইছিল। সেই সময়তে ইয়াছ্ৰিব (মদিনা)ৰ পৰা কিছু মানুহ নবীৰ ওচৰলৈ আহি ইছলাম গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ চহৰখনলৈ নবীক আমন্ত্ৰণ জনালইছিল। এই মতে নবীয়ে মক্কাৰ চাহাবাসকলক এজন- এজনকৈ মদিনালৈ হিজ্ৰত কৰিবলৈ অনুমতি দিলে। মক্কাত ইছলাম গ্ৰহণ কৰা প্ৰায় সকলোয়ে মদিনালৈ স্থানান্তৰ কৰিলে। কেৱল নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)  আৰু কেইজনমান চাহাবাহে মক্কাত বাকি থাকি গলে । ঠিক তেতিয়াই মক্কাৰ কুৰাইশবোৰে নবী মুহাম্মদ (ছল্লাল্লাহু আলাইহি ৱাছাল্লাম)ক হত্যা কৰাৰ বাবে এক গভীৰ ষড়যন্ত্ৰ চলাইছিল। আৰু এদিন ৰাতি তেওঁলোকে নবী (ছল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ ঘৰ ঘেৰি ধৰিছিল যাতে পুৱা তেখেতক সহজতে মাৰি পেলাব পাৰে। কিন্তু আল্লাহৰ হুকুমত নবী (ছঃ)এ হজৰত আলী(ৰাঃ)ক নিজৰ বিচনাত শুৱাই ৰাখে আৰু তেখেতে ঘৰৰ পৰা বাহিৰ হৈ হাতত এমুঠি বালি লয় আৰু কুৰআনৰ আয়াত (ছুৰা ইয়াছিনৰ ১ ৰ পৰা ১২) নম্বৰ আয়াতলৈ পঢ়ি কুৰাইশসকলৰ পিনে দৌলাই  দিয়ে। তেতিয়া কুৰাইশসকলে একোকে চাব নোৱৰাত  তেওলোকৰ মাজেৰে তেওলোকক এৰি আল্লাহৰ আদেশত মহানবী (ছঃ)-এ তেখেতৰ সৰ্বশ্ৰেষ্ঠ বন্ধু হযৰত আবু বকৰ (ৰাঃ)ৰ সৈতে ৰাতিৰ  অন্ধকাৰত মক্কা এৰি  গুচি যায়।  নবী(ছঃ)এ হজৰত আবু বকৰ (ৰাঃ)ৰ সৈতে লগ হৈ মদিনালৈ যাত্ৰা আৰম্ভ কৰিলে। আমি ইয়াৰ পৰা বুজিব পাও যে আমিও যদি এনেদৰে বিপদৰ সময়ত এনেদৰে ছুৰা ইয়াছিনৰ ১ৰ পৰা ১২   নম্বৰ আয়াতলৈ  পঢ়ো  তেন্তে আমিও বিপদৰ পৰা মুক্তি পাব পাৰো।

তেখেতসকলে প্ৰথমে মক্কাৰ পৰা দক্ষিণ ফালে গৈ (ছাওৰ) গুহাত তিনিদিন লুকাই থাকিলে। সেই সময়ত হজৰত আবু  বকৰ (ৰাঃ) বৰকৈ চিন্তিত হৈছিল, কিন্তু নবী (ছঃ)এ তেখেতক সান্ত্বনা  দিয়ে আৰু কয় : “‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’।।” (সুৰা তাওবা: ৪০)

আল্লাহৰ কুদ্ৰত এজন মকৰাই গুহাৰ মুখত জাল বনাইছিল, আৰু এযোৰ পাৰচৰায়ে  তাত  কণী দিছিল। তাৰ পিছত কুৰাইশসকলে আহি গুহাৰ মুখত এই সকলো দেখা পাই ভাবিলে, “ইয়াত কোনো মানুহ সোমাব নোৱাৰে।” সেয়ে তেওঁলোকে তাৰ পৰা আঁতৰ হৈ গ’ল।

লগতে সেই গুহাত আগৰ পৰাই এডাল শাপে নবি (ছাঃ)ক দেখাৰ কাৰণে বাস কৰি আছিল। আৰু সেই গুহাত চাৰিওফালৰ পৰা গাত সাজিছিল  আৰু সেই গাততে আবু বকৰে নিজৰ কাপোৰ ফাৰি  দিছিল আৰু   শেষত কাপোৰ কম হোৱাৰ বাবে এটা গাঁতত নিজৰ ভৰি ৰাখে। তেতিয়া তেখেতৰ ভৰিত সাপখনে ধংসন কৰে। সেই সময়ত ৰছুল (ছঃ)এ তেখেতৰ ভৰিত শুই আছিল। সেই কাৰণে তেখেতে ৰছুলক মতা নাছিল আৰু বিষতে কান্দি আছিল। তেতিয়া তেখেতৰ চকুৰ পানী ৰছুলৰ শৰীৰত পৰে আৰু ৰছুলে সাৰ পায় আৰু আবু বকৰক কান্দা ছাই শুধে কি হইছে। তেতিয়া আবু বকৰে গোটেই কাহীনী কয় তেতিয়া ৰছুলে তেখেতৰ মুবাৰক মুখৰ থু সাপে কটা  ঠাইত লগাই দিয়ে আৰু তেতিয়া আল্লাহৰ  কুদ্ৰত  সাপে কটা বিষ কমি যায় ছুবাহানআল্লাহ।

মদিনালৈ প্ৰৱেশ আৰু আনন্দময় স্বাগতম

৩ ৰাতিৰ পিছত, তেখেতসকলে দক্ষিণ দিশত গৈ, এবিধ বিকল্প পথেৰে উত্তৰ-পশ্চিমৰ দিশত মদিনালৈ যাত্ৰা আৰম্ভ কৰে। তেখেতসকলৰ সৈতে এজন দক্ষ পথ প্ৰদৰ্শক আছিল, আবদুল্লাহ ইবন উৰাইকিত। (মৰুভুমি)ৰ উষ্ণ বালিচৰা আৰু কঠিন পৰিস্থিতিৰ মাজেৰে তেখেতসকলে যাত্ৰা কৰি গৈছিল। পথত  আৰু বহুত বিপদ আছিল, কিন্তু আল্লাহৰ সহায়ে তেখেতসকলক ৰক্ষা কৰিলে। তেখেতসকলে ৮  দিনমানত ৪৫০ কিঃমিঃ বাট পাৰ হৈ ১২ ৰবিউল আওৱাল তাৰিখে মদিনাত উপস্থিত হয়। মদিনাৰ লোকসকলে নবী (ছঃ) আৰু চাহাবাসকলক আশীৰ্বাদ আৰু আনন্দৰে আদৰণি জনালে। সৰু-ডাঙৰ সকলোয়ে ৰাস্তাত ওলাই আহি গালে:

“তালাআল বাদৰু আলাইনা… মিন ছানি য়্যাতিল ৱাদা’...”

(পূৰ্ণিমাৰ চন্দ্ৰ আমাৰ ওপৰত উদিত হৈছে)

মদিনাৰ মানুহবোৰে তেখেতসকলক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনালে, তাৰ পিছত নবীয়ে নিজৰ উটনীক ফুৰিবলৈ দিলে আৰু কলে যে মোৰ উটনী য’ত থিয় হব সেই ঠাইতে এখন মছজিদ নিৰ্মাণ কৰা হব । তেতিয়া নবী (ছঃ)ৰ কথামতে সেই ঠাইত মছজিদ (নবৱী) নিৰ্মাণ কৰা হয় ।আৰু সকলো জাতি-ধৰ্মৰ লোকৰ সৈতে মদিনাৰ সন্ধি (treaty of Medina) ৰূপে এক সামাজিক চুক্তি কৰে।

ইছলামৰ ইতিহাসত হিজৰতৰ গুৰুত্ব

এই হিজৰতে ইছলামৰ বাবে এক নতুন যুগ আৰম্ভ কৰিলে। মদিনা ইছলামৰ ৰাজনৈতিক আৰু ধৰ্মীয় কেন্দ্ৰ হ’ল । এই ঘটনাই ইছলামিক চন্দ্ৰ-পঞ্জিকাৰ আৰম্ভণি চিহ্নিত কৰিলে আৰু সমগ্ৰ বিশ্বৰ ইতিহাস পৰিৱর্তন কৰিলে।

মুহাম্মদ (ছঃ)ৰ মক্কাৰ পৰা মদিনালৈ এই হিজৰত কেৱল এটা স্থানান্তৰ নহয়, এইটো আছিল ইমান, ত্যাগ আৰু আল্লাহৰ ওপৰত পূৰ্ণ বিশ্বাসৰ এক জ্বলন্ত প্ৰতীকৰুপ । অৱশ্যে, ইয়ে হৈছে মুহাম্মদ (ছাঃ)ৰ মক্কাৰ পৰা মদিনালৈ হিজ্ৰতৰ কাহিনী। এই ঘটনাৰ পৰা ইছলামী চন্দ্ৰ-পঞ্জিকা (হিজৰী কেলেণ্ডাৰ) আৰম্ভ হয়।

এই কাহিনীৰ পৰা আমাৰ শিক্ষা হ'ল,বা আমি শিকিবলৈ পাও যে—সত্যৰ পথ কঠিন হ'লেও ধৈৰ্য, আৰু আল্লাহৰ ওপৰত পূৰ্ণ বিশ্বাসেৰে যিকোনো বাধা পাৰ কৰা যায়।

লেখকঃ ছানিৰুল ইছলাম।

উচ্চতৰ মাধ্যমিক ছাত্ৰ, দাৰুল হুদা অসম কেন্দ্ৰ

Related Posts

Leave A Comment

Voting Poll

Get Newsletter