মহানবী (ছঃ)-ৰ নাৰীসকলৰ প্ৰতি আচৰণ: এক বিশদ বিশ্লেষণ
ইছলাম ধৰ্মৰ শেষ নবী হজৰত মুহাম্মদ (ছল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)-ৰ জীৱন-দৰ্শন মানৱ জাতিৰ বাবে এক পূৰ্ণাংগ আদৰ্শ। বিশেষকৈ নাৰীসকলৰ প্ৰতি তেওঁৰ ব্যৱহাৰ, সম্মান আৰু ন্যায়পূৰ্ণ আচৰণে এটা শান্তিপূৰ্ণ সমাজ গঠনৰ ৰূপৰেখা আগবঢ়ায়। আজিৰ যুগত নাৰীসকলৰ অধিকাৰ, মর্যাদা আৰু সুৰক্ষাৰ বিষয়ে আলোচনা কৰোঁতে নবীজী (ছঃ)-ৰ শিক্ষা এক গুৰুত্বপূৰ্ণ প্ৰসংগ। তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নাৰীসকলক সমান মর্যাদা দিয়াৰ উদাহৰণ পোৱা যায়। কুৰআন আৰু হাদীছত নাৰীৰ অধিকাৰৰ বিষয়ে স্পষ্ট বর্ণনা থকাৰ উপৰিও, নবীজীয়ে নিজৰ জীৱনত ইয়াৰ প্ৰায়োগিক ৰূপ দাঙি ধৰিছিল। এই প্ৰবন্ধত আমি নবীজীৰ নাৰীসকলৰ প্ৰতি আচৰণৰ বিভিন্ন দিশ বিশদভাৱে আলোচনা কৰিম।
নবীজীয়ে নাৰীৰ মর্যাদা এক অভূতপূৰ্ব উচ্চতালৈ উন্নীত কৰিছিল। জাহিলী যুগত নাৰীসকলক হেয় চকুৰে চোৱা হৈছিল, কিন্তু নবীজীয়ে মাতৃৰ মর্যাদা সর্বোচ্চ স্থানলৈ উন্নীত কৰিলে। এজন চা হাবীয়ে সুধিলে, "হে আল্লাহৰ ৰাছুল! মোৰ সন্মানৰ সবাতোকৈ যোগ্য ব্যক্তি কোন?" নবীজীয়ে তিনিবাৰ ক'লে, "তোমাৰ মা", আৰু চতুৰ্থ বাৰত ক'লে, "তোমাৰ দেউতা" (বুখাৰী, ৫৯৭১) । এই হাদীছটোৱে ইছলামত মাতৃৰ স্থান কেনেকৈ সর্বোচ্চ তাক স্পষ্ট কৰে। আনহাতে, আৰব সমাজত কন্যা সন্তানক জীয়াই পুতি মৰাৰ নিষ্ঠুৰ ৰীতি আছিল। নবীজীয়ে ইয়াক বন্ধ কৰি ক'লে, "যিয়ে তিনিটা কন্যা সন্তানক লালন-পালন কৰে, তেওঁক জান্নাতত মোৰ সৈতে এনেদৰে থকাৰ সুবিধা দিয়া হ'ব" (আবু দাউদ, ৫১৪৬) । গতিকে ইয়াৰে পৰা আপুনি বুজিব পাৰে যে ইছলামত নাৰী শিশুৰ মূল্য কিমান।
বিবাহিত জীৱনত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰাত নবীজী (ছঃ)-ৰ ভূমিকা অতুলনীয়। তেওঁৰ পত্নীসকলৰ সৈতে সম্পৰ্ক আছিল আন্তৰিকতা আৰু সম্মানপূৰ্ণ। খাদীজা (ৰাঃ)-ৰ প্ৰতি তেওঁৰ গভীৰ মৰম আছিল। তেওঁৰ মৃত্যুৰ পিছতো নবীজীয়ে সদায় খাদীজাৰ গুণ কঢ়িয়াইছিল (মুছলিম, ২৪৩২)। আনহাতে, আয়েশা (ৰাঃ)-ৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল বন্ধুত্বপূৰ্ণ। নবীজীয়ে আয়েশাৰ সৈতে দৌৰ খেলিছিল আৰু তেওঁৰ মতামতক গুৰুত্ব দিছিল (আবু দাউদ, ২৫৭৮)। ইছলামে নাৰীৰ যৌতুকৰ অধিকাৰ সুৰক্ষিত কৰে। কুৰআনত কোৱা হৈছে: "আৰু তোমালোকে নাৰীসকলক সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা;" (৪:৪)। গতিকে স্ত্ৰীসকলক সন্তুষ্ট মনে মহৰ দিয়াটো ফৰজ। নবীজীয়ে কৈছিল: "তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজন যি পত্নীৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ" (ইবনে মাজাহ, ১৯৭৭)। সেয়ে উত্তম, শ্ৰেষ্ঠ আৰু ভাল এজন ব্যক্তি হবলৈ হ'লে পোনপ্ৰথমে নিজৰ স্ত্ৰীৰ লগত ভাল ব্যৱহাৰ কৰিব লগিব। কোৰআন আৰু হাদীছৰ এইবোৰ শিক্ষাই আমাক বিবাহিত জীৱনত নাৰীৰ অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব লাগে তাক দেখুৱায়।
সমাজত নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত নবীজী (ছঃ)-ৰ নীতি আছিল অগ্ৰগামী। তেওঁ নাৰীসকলক জ্ঞান আহৰণ কৰিবলৈ উৎসাহিত কৰিছিল: "জ্ঞান শিক্ষা কৰা প্ৰতিগৰাকী মুছলমানৰ ওপৰত ফৰজ" (ইবনে মাজাহ, ২২৪)। আয়েশা (ৰাঃ) হাদীছ, ফিকহ, আৰু কবিতাৰ গুৰুত্বপূৰ্ণ বৰ্ণনাকাৰী আছিল। ৰাজনৈতিক ক্ষেত্ৰত উম্মে ওৱাৰাকা (ৰাঃ)-ক নবীজীয়ে ইমাম (নেতৃস্থানীয়) হিচাপে নিযুক্তি দিছিল (আবু দাউদ, ৫৯২)। অৰ্থনৈতিক ক্ষেত্ৰত খাদীজা (ৰাঃ) এগৰাকী সফল ব্যৱসায়ী আছিল। নবীজীয়ে বিধৱা আৰু অসহায় নাৰীসকলৰ সহায় কৰিবলৈ বিশেষ গুৰুত্ব দিছিল: "যিয়ে বিধৱা আৰু দুখীয়াৰ সহায় কৰে, সি আল্লাহৰ পথত জিহাদকাৰীৰ দৰে" (বুখাৰী, ৫৩৫৩)। এই নীতিসমূহে সমাজত নাৰীৰ সক্ৰিয় ভূমিকাক স্বীকৃতি দিয়ে।
নাৰীৰ সুৰক্ষা আৰু ন্যায়ৰ ক্ষেত্ৰত নবীজী (ছঃ)-ৰ পদক্ষেপ আছিল যুগান্তকাৰী। তেওঁ নাৰীৰ গোচৰ ধৈৰ্য্যৰে শুনিছিল। খৌলা বিনতে ছাখৰ নামৰ এগৰাকী নাৰীয়ে বিবাহ-বিচ্ছেদৰ গোচৰ দাঙি ধৰিছিল। নবীজীয়ে ধৈৰ্য্যৰে শুনি ন্যায় বিচাৰ কৰিছিল (আবু দাউদ, ২২২৮)। শাৰীৰিক শাস্তিৰ ক্ষেত্ৰত তেওঁ কঠোৰ নীতি গ্ৰহণ কৰিছিল: "তোমালোকে তোমাৰ পত্নীক কেতিয়াও মাৰিব নালাগে" (ইবনে মাজাহ, ১৮৫০)। বিবাহৰ ক্ষেত্ৰত তেওঁ কন্যাৰ সম্মতি ল'বলৈ নিৰ্দেশ দিছিল: "বিধৱাক বিবাহ কৰোতে তেওঁৰ অনুমতি ল'ব লাগে, আৰু কুমাৰীয়ে নিজৰ মতামত দিব লাগে" (বুখাৰী, ৪৮৪৩)। এইবোৰ নীতিয়ে নাৰীৰ সুৰক্ষা আৰু স্বায়ত্তশাসনৰ অধিকাৰক সুৰক্ষিত কৰে।
নবীজী (ছঃ)-ৰ নাৰী শিক্ষাৰ প্ৰতি অগ্ৰাধিকাৰ
মহানবী (ছঃ)-এ নাৰী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ সময়ত নাৰীসকলক জ্ঞান আহৰণৰ পৰা বঞ্চিত কৰা হৈছিল, কিন্তু নবীজীয়ে এই পৰম্পৰা ভংগ কৰি নাৰীসকলক শিক্ষা গ্ৰহণৰ সুযোগ দিছিল। তেওঁ কৈছিল, "জ্ঞান অন্বেষণ কৰা প্ৰতিগৰাকী মুছলমানৰ ওপৰত ফৰজ" (ইবনে মাজাহ, ২২৪)। এই আদেশ নাৰী-পুৰুষ উভয়কে সমানে প্ৰযোজ্য আছিল। আয়েশা (ৰাঃ)-ৰ জীৱনই ইয়াৰ উৎকৃষ্ট উদাহৰণ - তেওঁ হাদীছ, ফিকহ, কবিতা আৰু ঔষধ বিজ্ঞানত পাৰদৰ্শী হৈ পৰিছিল। নবীজীয়ে নিজে তেওঁৰ পত্নীসকলক লিখা-পঢ়া শিকাইছিল আৰু তেওঁলোকৰ বুদ্ধিমত্তাক সদায় উৎসাহিত কৰিছিল। এই শিক্ষানীতিৰ ফলত ইছলামী স্বৰ্ণযুগত অসংখ্য মহিলা পণ্ডিত, ডাক্তৰ আৰু কবিৰ জন্ম হৈছিল।
নাৰীৰ অৰ্থনৈতিক স্বাধীনতাৰ প্ৰতি নবীজীৰ দৃষ্টিভংগী
ইছলামৰ পূৰ্বে জাহিলী যুগত নাৰীসকলৰ কোনো অৰ্থনৈতিক স্বাধীনতা নাছিল, কিন্তু নবীজী (ছঃ)-এ এই অৱস্থাৰ পৰিৱৰ্তন ঘটাইছিল। তেওঁৰ প্ৰথম পত্নী খাদীজা (ৰাঃ) এগৰাকী সফল ব্যৱসায়ী আছিল আৰু নবীজীয়ে তেওঁৰ ব্যৱসায়িক সিদ্ধান্তসমূহক সন্মান জনাইছিল। ইছলামী আইনে নাৰীসকলক সম্পত্তিৰ মালিকানা, উত্তৰাধিকাৰ আৰু ব্যৱসায় কৰাৰ অধিকাৰ প্ৰদান কৰে। নবীজীয়ে কৈছিল, "এগৰাকী নাৰীয়ে নিজৰ সম্পত্তিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে" (বুখাৰী, ২৫৮৫)। তেওঁ নাৰীসকলক ঘৰুৱা কামৰ উপৰিও উদ্যোগিক কামত নিয়োজিত হ'বলৈ উৎসাহিত কৰিছিল। মদিনাৰ বহুতো মহিলাই বয়ন শিল্প, কৃষি আৰু বাণিজ্যত জড়িত হৈ আত্মনিৰ্ভৰশীল হৈ পৰিছিল। এই নীতিয়ে নাৰীসকলক আৰ্থিকভাৱে সৱল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
নাৰীৰ ৰাজনৈতিক অংশগ্ৰহণ আৰু নেতৃত্বৰ ক্ষেত্ৰত নবীজী (ছঃ)-ৰ অগ্ৰদূত ভূমিকা
মহানবী (ছঃ)-এ নাৰীসকলক ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল আৰু ইয়াৰ বহুতো ঐতিহাসিক উদাহৰণ আছে। উম্মে ওৱাৰাকা (ৰাঃ)-ক নবীজীয়ে তেওঁৰ ঘৰৰ মহিলাসকলৰ ধৰ্মীয় বিষয়ৰ বাবে ইমাম নিযুক্তি দিছিল (আবু দাউদ, ৫৯২), যিয়ে ইছলামত নাৰীৰ নেতৃত্বৰ এক উল্লেখযোগ্য নজিৰ স্থাপন কৰে। নবীজীয়ে উম্মে ছুলাইম (ৰাঃ)-ক যুদ্ধৰ সময়ত সৈনিকসকলক পানী যোগান ধৰাৰ দায়িত্ব দিছিল (মুছলিম, ১৮০৯)। হুদাইবিয়াৰ সন্ধিৰ সময়ত উম্মে ছুলাইমকে ধৰি বহুতো মহিলাই সন্ধিৰ চৰ্তসমূহৰ ওপৰত মতামত দিছিল। এই সকলোবোৰ উদাহৰণে দেখুৱায় যে নবীজীয়ে নাৰীসকলক ৰাজনৈতিক আৰু সামাজিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশ ল'বলৈ উৎসাহিত কৰিছিল। তেওঁৰ এই নীতিয়ে এটা অন্তৰ্ভুক্তিমূলক সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, য'ত নাৰীয়ে কেৱল ঘৰুৱা জীৱনতেই নহয়, ৰাজহুৱা জীৱনতো সক্ৰিয় ভূমিকা পালন কৰিব পাৰিছিল।
উপসংহাৰ
উপসংহাৰত কব পাৰি যে, মহানবী (ছঃ)-ৰ নাৰীসকলৰ প্ৰতি আচৰণ আছিল সহানুভূতিশীল, ন্যায়পূৰ্ণ আৰু পৰিবৰ্তনমুখী। তেওঁ নাৰীক মাতৃ, পত্নী, কন্যা, আৰু সমাজৰ সক্ৰিয় সদস্য হিচাপে প্রতিষ্ঠা কৰি এক আদৰ্শ সমাজ গঠন কৰিছিল। আজিৰ যুগত নাৰীসকলৰ মর্যাদা আৰু অধিকাৰৰ আলোচনা কৰোঁতে নবীজীৰ শিক্ষাই এক পথনিৰ্দেশক হৈ আছে। তেওঁ কৈছিল: "সৰ্বশ্ৰেষ্ঠ মুমিন সেইজন যাৰ ব্যৱহাৰ সকলোতকৈ উৎকৃষ্ট, আৰু যাৰ পৰিয়ালৰ প্ৰতি সদয়" (তিৰমিজী, ২৬১২) এই শিক্ষাসমূহ আজিও সমাজৰ বাবে প্ৰাসংগিক।
লিখক: মহম্মদ মুশ্বাৰফ