মদীনা ভ্ৰমণ আৰু নবীজীৰ ৰৌজাৰ যিয়াৰতৰ শিষ্টাচাৰ।

মদিনা- নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পবিত্ৰ নগৰ- ভ্ৰমণ (যিয়াৰাত) কৰাটো এজন মুছলমানৰ বাবে এটা আধ্যাত্মিক অভিজ্ঞতা, যি এটা বিশ্বাসীজনৰ অন্তৰৰ গভীৰতা স্পৰ্শ কৰে। ই মৰম আৰু নিষ্ঠাৰ এটা প্ৰৱল বহিঃপ্ৰকাশ, যি নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সান্নিধ্যত থকাৰ আন এটা নাম। নবীজী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম কৈছিলঃ

«لا تُشَدُّ الرِّحالُ إلَّا إلى ثلاثةِ مساجدَ: المسجدِ الحرامِ، ومسجدي هذا، والمسجدِ الأقصى»

“তিনিটা মছজিদৰ বাহিৰে ক'ৰো ফালে ভ্ৰমণৰ বাবে সাজু হোৱা উচিত নহয় — মছজিদুল হাৰাম, মোৰ এই মছজিদ (মছজিদে নবৱী), আৰু মছজিদুল আক্ছা।” (ছহীহ বুখাৰী)

এই হাদীছৰ পৰা ওলামা-মাশায়েখ সকল মত দিয়ে যে, নবীজীৰ মছজিদ (মছজিদে নববী) ভ্ৰমণ কৰাটো এটা সুন্নত আৰু পূণ্যৰ কাম (ইবাদত মুস্তাহাব্বাহ) । ই এটা বিনয়, মৰম আৰু শ্রদ্ধাৰে ভৰপূৰ পবিত্ৰ যাত্ৰা।

যদি আল্লাহ কাকো মদীনালৈ ভ্ৰমণৰ সৌভাগ্য দান কৰে, তেন্তে এইটো আল্লাহৰ পৰা প্ৰাপ্ত এটা বিশেষ অনুগ্ৰহ। এজন বিশ্বাসীয়ে এই অনুগ্রহক দুয়ো আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে স্বীকাৰ কৰিব লাগিব, কিয়নো এই নগৰটো আন চহৰৰ দৰে নহয়। এইটো নবী (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ৰ পবিত্ৰ স্থান — তেওঁৰ প্ৰৱজনৰ স্থান, প্ৰথম ইছলামিক ৰাজ্যৰ জন্মস্থান, ৱাহীৰ অধিবাস স্থান, আৰু নবীজীৰ বিশ্ৰাম স্থান।

এই নগৰীৰ পৰা সঁচাকৈয়ে পোহৰ পৃথিৱীলৈ প্ৰসাৰিত হৈছিল। মদীনাৰ ফজিলত অগণন। নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) এ কৈছিলেঃ

«من أرادَ أهلَ المدينةِ بسوءٍ أذابَهُ اللَّهُ كما يذوبُ الملحُ في الماءِ»

“যি ব্যক্তি মদীনাৰ বাসিন্দাসকলৰ ওপৰত অকল্যাণৰ মনোবাঞ্ছা ৰাখে, আল্লাহ তাৰ লগত এইদৰে ব্যৱহাৰ কৰিব যেনে লোণ পানীত গলি যায়।” (ছহীহ মুছলিম)

এই হাদীছ মদীনাৰ পবিত্ৰতা বুজাই দিয়ে। নবীজীয়ে এই নগৰক পবিত্ৰ বুলি ঘোষণা কৰি কৈছিলেঃ

«إنَّ إبراهيمَ حرَّمَ مكةَ، وإنِّي حرَّمتُ المدينةَ ما بين لابتَيها، لا يُقطَعُ عضاهُها، ولا يُصادُ صيدُها»

“ইব্রাহীম (আলাইহিছ ছালাম) মক্কাক পবিত্ৰ বনাইছিল, আৰু মই মদীনাৰ দুটা লাভা সমভূমিৰ মাজত থকা ঠাইক পবিত্ৰ ঘোষণা কৰিলোঁ। ইয়াৰ গছ-গছনি কাটি পেলোৱা নাযাব, ইয়াৰ প্ৰাণী চিকাৰ কৰা নহ’ব।” (ছহীহ মুছলিম)

সেয়ে, মদীনাৰ পবিত্ৰতা মক্কাৰ দৰে, আৰু আন কোনো স্থান এই গৌৰৱত অংশীদাৰ নহয়।

নবীজীৰ মছজিদত ইবাদত

মদীনাত উপস্থিত হৈ মছজিদে নবৱীত সময় কটোৱাৰ পৰা বেছি ফজিলতপূৰ্ণ কাম খুব কমেই আছে। ইয়াত কৰা প্ৰত্যেক ইবাদতত বহুগুণে ছোৱাব লাভ কৰা যায়। নবী (ছাল্লাল্লাহু

‘আলাইহি ওৱাছাল্লাম) এ কৈছিলেঃ

صلاةٌ في مسجدِي هذا خيرٌ من ألفِ صلاةٍ في ما سواه إلا المسجدَ الحرامَ

“মোৰ এই মছজিদত এটা নামায আদায় কৰা মছজিদুল হাৰামৰ বাহিৰে আন যিকোনো মছজিদত হাজাৰবাৰৰ নামাজতকৈ উত্তম,” (ছহীহ বুখাৰী)

মছজিদে নববীৰ পবিত্ৰতা গভীৰ অন্তৰচেতনা আৰু শিষ্ট আচৰণৰ দাবী ৰাখে। আব্বাছী খলিফা আবু জাফৰ আল-মানছূৰ এটা সময়ত ইমাম মালিকৰ সৈতে কথা পাতোঁতে স্বৰ উচু কৰে। তেতিয়া ইমাম মালিকে তেওঁক নম্ৰভাৱে সাবধান কৰি কৈছিলেঃ

“হে আমীৰুল মু’মিনীন! এই মছজিদত আপোনাৰ স্বৰ উচু নকৰিব। আল্লাহ পবিত্ৰ কুৰআনত শিষ্টতা শিকাইছে:

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَرْفَعُوْۤا اَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِیِّ وَلَا تَجْهَرُوْا لَهٗ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ اَنْ تَحْبَطَ اَعْمَالُكُمْ وَاَنْتُمْ لَا تَشْعُرُوْنَ ۟

হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব। [ছুৰাহ হুজুৰাতঃ ২]

আল্লাহ তেওঁলোকৰ প্রশংসা কৰিছে, যি নবীক সন্মান দিয়ে:

اِنَّ الَّذِیْنَ یَغُضُّوْنَ اَصْوَاتَهُمْ عِنْدَ رَسُوْلِ اللّٰهِ اُولٰٓىِٕكَ الَّذِیْنَ امْتَحَنَ اللّٰهُ قُلُوْبَهُمْ لِلتَّقْوٰی ؕ— لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ عَظِیْمٌ ۟

নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ। [ছুৰা হুজুৰাতঃ৩]

আৰু যি সকলে অভদ্ৰতা কৰে তেওঁলোকক ধিক্কাৰ দিছে,

اِنَّ الَّذِیْنَ یُنَادُوْنَكَ مِنْ وَّرَآءِ الْحُجُرٰتِ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟

নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে। [ছূৰাহ হুজুৰাতঃ ৪]”

তেতিয়া আবু জাফৰে সুধিলে, “মই কেব্লালৈ মুখ কৰি দুআ কৰিম, নে নবীৰ ফালে মুখ কৰি?”

ইমাম মালিকে উত্তৰ দিলে:

“আপুনি কিয় নবীৰ পৰা মুখ ঘূৰাব, যেতিয়া তেওঁ আপোনাৰ বাবে আৰু আপোনাৰ পিতা আদমৰ বাবে আল্লাহৰ ওচৰত ওয়াছীলাহ আছিল? না, তেওঁৰ ফালে মুখ কৰি দুআ কৰক, আৰু তেওঁৰ ওাছিলাহ বিচাৰক— (আপুনি যি সুধে) আল্লাহ আপোনাক দিব। কিয়নো আল্লাহ কৈছে:

وَلَوْ اَنَّهُمْ اِذْ ظَّلَمُوْۤا اَنْفُسَهُمْ جَآءُوْكَ فَاسْتَغْفَرُوا اللّٰهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُوْلُ لَوَجَدُوا اللّٰهَ تَوَّابًا رَّحِیْمًا ۟

এতেকে যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল তেতিয়া যদি সিহঁত তোমাৰ ওচৰলৈ আহিলহেঁতেন, আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে ৰাছুলেও যদি সিহঁতৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পালেহেঁতেন। [ছূৰাহ নিছাঃ ৬৪]

 

আগতীয়া পীড়িৰ আবেগী সন্মান

নবী (ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম)ৰ বিনম্ৰতা আৰু সুলভতা থকা সত্ত্বেও,ছাহাবা সকলে তেখেতৰ  উপস্থিতিত সৰ্বোচ্চ সন্মানিত আৰু শিষ্টাচাৰিতাৰে ভৰা আছিল।

চৈয়দুনা আমৰ ইবন আল-আছ (ৰজিয়াল্লাহু আনহু) কৈছিল: “মই কেতিয়াও পূৰ্ণৰূপে নবীজী (সাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)ক তেওঁৰ প্ৰতি অগাধ ভক্তি আৰু সন্মানৰ বাবে চাব পৰা নাই। আৰু যদি আপুনি মোক তেওঁক বৰ্ণনা কৰিবলৈ কয়, মই তেওঁক পূৰ্ণৰূপে বৰ্ণনা কৰিব নোৱাৰো, কাৰণ মই কেতিয়াও তেওঁৰ চেহেৰা পূৰ্ণৰূপে চাব পৰা নাই।” (ইমাম মুছলিমৰ ৰিৱায়াত)

তেওঁৰ দেহাৱসান পাছতো, সিহঁতৰ শিষ্টাচাৰ আৰু সন্মান অব্যাহত আছিল। নবীজীৰ ৰৌজাক পৰিদৰ্শন কৰোঁতে, সিহঁতে বিনম্ৰতাৰ সৈতে তেওঁৰ সমীপলৈ যাই তেওঁক ছালাম জনাব, তেওঁলৈ দৰুদ পঠাব, লগতে দৃষ্টি আৰু কণ্ঠ এনেকে কমাই ৰাখিব যেন তেওঁ সঁচাকৈ তেওঁলোকৰ মাজত উপস্থিত। এনে শিষ্টাচাৰ আজি খুব কম দেখা পোৱা যায়, কিন্তু প্ৰতিটো সঁচা বিশ্বাসী ব্যক্তিয়ে ইয়াক পুনঃপ্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিব লাগে।

প্ৰাৰম্ভিক প্ৰজন্মবোৰ যেনে ইমাম মালিক, ইমাম যাফৰ আছ-ছাদিক, আয়্যুব আছ-ছাখ্তিয়ানী, ইবন আল-মুনকদিৰ আৰু আন বহুতে হৃদয়ৰ পৰা নবীজীৰ (ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম) অনুপস্থিতিতেও সন্মান কীভাৱে পালন কৰিব লাগে সেইটোৰ উদাহৰণ বাস্তৱতাৰে দেখুৱাইছে। তাৰ নাম উল্লেখ হ'লেই সিহঁতে কান্দিছিল, তেওঁলোকৰ মুখৰ ৰং সলনি হৈ পৰিছিল, মাত তললৈ নামি আহিছিল আৰু হৃদয় কঁপিছিল।

 

ইমাম মালিক কৈছিল: “মই কেতিয়াও কোনো হাদীস বৰ্ণনা নকৰো যেতিয়ালৈকে মই অজু অৱস্থাত নাথাকো।”

তেওঁৰ বিষয়ে কোৱা হৈছিল যে যেতিয়াই নবীজীৰ (ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম) নাম তেওঁৰ সন্মুখত উল্লেখ কৰা হৈছিল, তেওঁৰ মুখৰ ৰঙে সলনি হৈছিল আৰু তেওঁ মূৰটো নত কৰিছিল। যেতিয়া ইয়াৰ বিষয়ে সোধা হৈছিল, তেওঁ উত্তৰ দিয়াছিল, ‘যদি আপুনি মোৰ দৰে দেখা, তেনেহ’লে আপুনি মোৰ পৰা যি দেখা পায়, সেই বিষয়ে আপত্তি নকৰিব।’

Related Posts

Leave A Comment

Voting Poll

Get Newsletter