মুছলিম নাৰীৰ পৰ্দা: কুৰআন আৰু হাদীছৰ আধাৰত।
ভূমিকা
ইছলাম ধৰ্মত শালীনতা (হায়া) আৰু সংযমক ঈমানৰ এটা অন্যতম অংগ হিচাপে গণ্য কৰা হৈছে। হাদীছত কোৱা হৈছে, "লাজ-শালীনতা ঈমানৰ অংশ।" এই শালীনতাৰ বিধানৰ এখন গুৰুত্বপূৰ্ণ দিশ হ'ল পৰ্দা। "পৰ্দা" শব্দটো ফাৰ্ছী/উৰ্দু ভাষাৰ, যাৰ অৰ্থ "আৱৰণ" বা "ঢাকনি"। ইছলামী পৰিভাষাত পৰ্দা বুলিলে নাৰীয়ে নিজৰ শৰীৰ ঢাকি ৰখা আৰু অ-মাহৰাম (বিবাহ বৈধ হোৱা) পুৰুষৰ সন্মুখত শালীন আচৰণ বজাই ৰখাক বুজায়। সঁচা অৰ্থত পৰ্দা কেৱল এখন কাপোৰৰ কথা নহয়; ই দৃষ্টি, আচৰণ, কথা-বতৰা আৰু পোছাক-সকলোকে সামৰি লোৱা এডাল সামগ্ৰিক জীৱনধাৰা। লগতে এই ধৰণৰ শালীনতা আৰু পৰ্দা কৰাৰ কথা কেৱল নাৰীৰ বাবেই নহয়, বৰঞ্চ এয়া পৰুষৰ বাবেও সমান সেয়া আমি প্ৰবন্ধত পাম। সেয়ে এই শালীনতাৰ বিষয়ে কুৰআন আৰু হাদীছৰ আধাৰত মই এই প্ৰবন্ধত চমুকৈ উপস্থাপনা কৰাৰ চেষ্টা কৰিছোঁ।
পৰ্দাৰ উদ্দেশ্য
ইছলামত পৰ্দা কৰাৰ কথা এনেই কোৱা নাই, যেনে আল্লাহ তাআলাই সকলো বস্তুৰ আৰাঁলত কিবা কিবি উদ্দেশ্য ৰাখিছে তেনে পৰ্দাৰো কিবা উদ্দেশ্য আছে। সেয়ে ক'ব বিচাৰিছোঁ যে পৰ্দাৰ বিধানৰ কিছু মূল উদ্দেশ্য কেইটামান হ'ব পাৰে- শালীনতা, নম্ৰতা আৰু আত্মসংযম বৃদ্ধি কৰা। অশ্লীলতা আৰু ব্যভিচাৰৰ দুৱাৰ বন্ধ কৰা। মানৱ প্ৰকৃতিৰ চাহিদা বিবেচনা কৰি ইছলামে আগতেই সতৰ্কতামূলক ব্যৱস্থা লৈছে। নাৰীক অবাঞ্ছিত দৃষ্টি আৰু উৎপীড়নৰ পৰা সুৰক্ষা দিয়া। বহুতে এতিয়াও পৰ্দাক জনসমক্ষত নাৰীৰ নিৰাপত্তা আৰু সন্মান ৰক্ষাৰ উপায় হিচাপে দেখে। নাৰীৰ মৰ্যাদা আৰু চৰিত্ৰৰ পবিত্ৰতা ৰক্ষা কৰা, যাতে তেওঁক কেৱল বাহ্যিক সৌন্দৰ্যৰ মাপকাঠিৰে বিচাৰ নকৰি ব্যক্তিত্বৰে মূল্যায়ন কৰা হয়।
কুৰআনৰ নিৰ্দেশনা
এতিয়া আহক আমি পৰ্দাৰ সম্পৰ্কে কুৰআন শ্বৰীফত কি নিৰ্দেশনা দিয়া আছে সেয়া চাই লও। যেতিয়া আমি পৰ্দাৰ বিষয়ে কুৰআনত চাও তেতিয়া আমি পাওঁ যে পৰ্দা সম্পৰ্কীয় বিধান কুৰআন মজীদৰ মূলতঃ তিনিটা আয়াতত পোৱা যায়। আৰু লগতে আন এটা আয়াতত সাজ-সজ্জা প্ৰদৰ্শন কৰি বাহিৰলৈ ওলাই নোযোৱাৰ কথা।
১. দৃষ্টি সংযমৰ নিৰ্দেশ (ছূৰা আন-নূৰ, ২৪:৩০-৩১)
আল্লাহ তা'আলাই প্ৰথমে পুৰুষক সম্বোধন কৰি কৈছে:
قُلْ لِلْمُؤْمِنِيْنَ يَغُضُّوْا مِنْ أَبْصَارِهِمْ وَ يَحْفَظُوْا فُرُوْجَهُمْ، ذَلِكَ أَزْكَى لَهُمْ
অৰ্থাৎ, "মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে হৈছে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ।"
তাৰ পিছতে একেধৰণৰ নিৰ্দেশ মুমিন নাৰীসকলকো দিয়া হৈছে। অৰ্থাৎ, শালীনতাৰ দায়িত্ব দুয়ো পক্ষৰ ওপৰত সমানে বৰ্তায়। ইয়াকে "দৃষ্টিৰ পৰ্দা" বুলি কোৱা হয়। কোনো মুছলমানে বিপৰীত লিংগৰ কাৰোবাৰ সৈতে কথা কওঁতে দৃষ্টি অৱনত ৰখাটো অভদ্ৰতা বা আত্মবিশ্বাসৰ অভাৱ নহয়; এয়া হৈছে কুৰআনৰ নিৰ্দেশ পালনৰহে প্ৰতিফলন। গতিকে আল্লাহ তাআলাই কৈছে-
وَقُلْ لِلْمُؤْمِنَاتِ يَغْضُضْنَ مِنْ أَبْصَارِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ
অৰ্থাৎ, "আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত ৰাখে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; "
২. মূৰ আৰু বুকু ঢাকিবলৈ নিৰ্দেশ (২৪:৩১)
একেটা আয়াততে নাৰীসকলৰ পোছাকৰ বিষয়ে কোৱা হৈছে:
وَ لاَ يُبْدِيْنَ زِيْنَتَهُنَّ إِلاَّ مَا ظَهَرَ مِنْهَا وَ لْيَضْرِبْنَ بِخُمُرِهِنَّ عَلىَ جُيُوْبِهِنَّ
অৰ্থাৎ, "আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয়া কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে।"
এই আয়াতত ব্যৱহৃত "খুমুৰ" শব্দটো "খিমাৰ"ৰ বহুবচন। আৰবী অভিধান যেনে আল-মুনজিদ আৰু মজমাউল বাহৰাইনত খিমাৰ বুলিলে এনে কাপোৰ বুজোৱা হৈছে, যিটোৱে নাৰীৰ মূৰ ঢাকে। আয়াতৰ প্ৰসংগ সম্পৰ্কে মুফাচ্ছিৰসকলে কয়, ইছলামৰ আগতে মদিনাৰ নাৰীসকলে মূৰত ওৰণি লৈ তাৰ দুটা মূৰ পিছফালে বান্ধি থৈছিল, ফলত কান আৰু ডিঙি খোলা থাকিছিল। আল্লাহে ওৰণিৰ মূৰ দুটা বুকুলৈকে নমাই দিবলৈ নিৰ্দেশ দিলে, যাতে কান, ডিঙি আৰু বুকুৰ ওপৰৰ অংশ ঢাকা পৰে।
হযৰত আয়িশা (ৰাঃ)ৰ পৰা বৰ্ণিত আছে যে এই আয়াত নাযিল হোৱাৰ পিছত আনছাৰ নাৰীসকলে নিজৰ চাদৰ ফালি তাৰে মূৰ ঢাকিছিল। এই ঘটনাই প্ৰমাণ কৰে যে ছাহাবী নাৰীসকলে এই নিৰ্দেশ কেনেকৈ বুজিছিল। যুক্তিগতভাৱেও, "খিমাৰ" মূৰ ঢকা কাপোৰক বুজায়; গতিকে ইয়াক কেৱল বুকুতহে ব্যৱহাৰ কৰি মূৰ খালী ৰখাটো আয়াতৰ অৰ্থৰ লগত খাপ নাখায়। আয়াতৰ শেষত মাহৰাম (পৰ্দা নালাগা ঘনিষ্ঠ আত্মীয়) যেনে স্বামী, পিতৃ, শহুৰ, পুত্ৰ আদিৰ তালিকা দিয়া হৈছে। যাৰ অৰ্থ হৈছে -তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে আন কাৰো সন্মুখতেই তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে।
৩. জিলবাব পিন্ধিবলৈ নিৰ্দেশ (ছূৰা আল-আহযাব, ৩৩:৫৯)
يَا أَيُّهَا النَّبِيُّ، قُلْ لأَزْوَاجِكَ وَ بَنَاتِكَ وَ نِسآءِ الْمُؤْمِنِيْنَ: يُدْنِيْنَ عَلَيْهِنَّ مِنْ جَلاَبِيْبِهِنَّ
অৰ্থাৎ, "হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়াৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়।"
"জিলবাব"ৰ অৰ্থ হ'ল বহল, ঢলঢলীয়া বাহ্যিক পোছাক। এই আয়াতৰ পৰা বুজা যায় যে ইছলামী পোছাক কেৱল মূৰ ঢকা ওৰণিতে সীমাবদ্ধ নহয়; সমগ্ৰ পোছাক দীঘল আৰু ঢিলা হ'ব লাগে। গতিকে আঁট-সাঁট চুটি পোছাকৰ সৈতে কেৱল ওৰণি লোৱাই এই নিৰ্দেশৰ চৰ্ত পূৰণ নকৰে।
৪. ঘৰত অৱস্থান আৰু জাহিলিয়াত যুগৰ প্ৰদৰ্শনী পৰিহাৰ (৩৩:৩৩)
وَقَرْنَ فِىْ بُيُوْتِكُنَّ وَلَا تَبَرَّجْنَ تَبَرُّجَ الْجَاهِلِيَّةِ الْاُوْلٰى
অৰ্থাৎ, "তোমালোকে নিজৰ ঘৰত স্থিৰ হৈ থাকা, আৰু আগৰ জাহিলিয়াত যুগৰ দৰে সাজ-সজ্জা প্ৰদৰ্শন কৰি ওলাই নাযাবা।"
জাহিলিয়াত যুগত আৰবৰ নাৰীসকলে সাজ-সজ্জা কৰি ওলাই আহি বজাৰ-মেলাত পুৰুষৰ মাজত ঘূৰি ফুৰিছিল। ইছলামে এই পৰ্দাহীন প্ৰদৰ্শনীক নিষেধ কৰিলে। আলিম উলামা সকলৰ ব্যাখ্যা মতে ইয়াৰ তাৎপৰ্য হৈছে যে নাৰীসকলে অকাৰণে বাহিৰলৈ নোলোৱা উচিত। প্ৰয়োজনত ওলালেও জাহিলিয়াত যুগৰ দৰে সাজ-সজ্জা প্ৰদৰ্শন নকৰিব। বৰঞ্চ শালীন পৰ্দাৰ সৈতে ওলাব। এয়াই হৈছে কুৰআনৰ নিৰ্দেশনা। এতিয়া তলৰ ভাগত হাদীছৰ নিৰ্দেশনা চাই লও।
হাদীছৰ নিৰ্দেশনা
প্ৰিয় নবী (ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম)ৰ হাদীছতো পৰ্দাৰ গুৰুত্ব স্পষ্ট:
১. শালীনতা ঈমানৰ অংশ: নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম-এ কৈছে যে- "লাজ-শালীনতা ঈমানৰ এটা অংশ।"
২. নাৰী আৱৰণযোগ্য: ৰাছুলুল্লাহ (ছাঃ)এ কৈছে, "নাৰী হ'ল আৱৰণযোগ্য (আওৰাহ); যেতিয়া তেওঁ ঘৰৰ বাহিৰলৈ ওলায়, তেতিয়া চয়তানে তেওঁক উঁকি মাৰি চায়।" (জামে' তিৰমিযী, কিতাবুৰ ৰাদা', হাদীছ ১১৭৬)
৩. আছমা বিনতে আবী বকৰৰ বৰ্ণনা: আছমা (ৰাঃ)ই ক'লে, "আমি পুৰুষৰ পৰা নিজৰ মুখ ঢাকি লৈছিলোঁ, আৰু তাৰ আগতে ইহৰামৰ অৱস্থাত আমি চুলি আচঁৰিছিলোঁ।" ল-মুস্তাদৰাক লিল হাকিম (১৬৮৬, ৰিছালা সংস্কৰণ), ছহীহ ইবনে খুজাইমা (২৬৯০)।
ফিকহী মতামত: মুখ আৰু হাতৰ প্ৰসংগ
পৰ্দাৰ পৰিসীমাৰ বিষয়ে চাৰিওটা মাজহাবৰ আলিমসকলৰ মাজত কিছু মতপাৰ্থক্য আছে:
জমহুৰ (অধিকাংশ) ফকীহৰ মত: আ-মাহৰাম পুৰুষৰ সন্মুখত নাৰীৰ মুখ আৰু হাতৰ বাহিৰে সমগ্ৰ শৰীৰ আওৰাহ (ঢাকিবলগীয়া)। মুখ আৰু হাতক ব্যতিক্ৰম কৰা হৈছে, কিয়নো ক্ৰয়-বিক্ৰয় আদি প্ৰয়োজনত পুৰুষৰ সৈতে লেনদেন কৰিবলগীয়া হয় আৰু এইবোৰ ঢাকাত কঠিনতা আছে। ইয়াৰ প্ৰমাণ হিচাপে "যিটো স্বাভাৱিকভাৱে প্ৰকাশ পায়" (২৪:৩১) আয়াতৰ ব্যাখ্যা দাঙি ধৰা হয়। ইবনে আব্বাছ (ৰাঃ), ইবনে উমৰ (ৰাঃ), আতা, ইকৰিমা, ছাঈদ ইবনে জুবায়েৰ আদি বহু চাহাবী আৰু তাবেঈৰ পৰা এই ব্যাখ্যা বৰ্ণিত—অৰ্থাৎ, মুখ আৰু হাত (আংটি সহ)।
হানাফী মাজহাব: আল-মাৰগীনানীৰ মতে স্বাধীন নাৰীৰ মুখ আৰু হাতৰ বাহিৰে সমগ্ৰ শৰীৰ আওৰাহ। আবু হানীফা (ৰহঃ)ৰ পৰা বৰ্ণিত আছে যে ভৰিও "স্বাভাৱিকভাৱে প্ৰকাশযোগ্য"ৰ অন্তৰ্ভুক্ত; হানাফী মাজহাবত ভৰি আওৰাহ নহয় বুলি কোৱা মতটোকে অধিক শুদ্ধ বুলি গণ্য কৰা হৈছে।
মালিকী মাজহাব: ইবনে খালাফ আল-বাজীৰ মতে মুখ আৰু হাতৰ বাহিৰে নাৰীৰ সমগ্ৰ শৰীৰ আওৰাহ।
শাফিঈ মাজহাব: ইবনে হাজাৰ আল-হাইতামীয়ে কাজী ইয়াজৰ পৰা সূত্ৰ হিচাপে উল্লেখ কৰিছে যে ৰাস্তাত চলাচল কৰোঁতে নাৰীৰ মুখ ঢকা বাধ্যতামূলক নহয়; পুৰুষসকলে দৃষ্টি অৱনত ৰাখিব লাগে।
হাম্বলী মাজহাব: ইমাম আহমদৰ মতে নাৰীৰ সমগ্ৰ শৰীৰ, ইয়াৰ ভিতৰত নখলৈকে, আওৰাহ বুলি গণ্য। হাম্বলী মাজহাবৰ কাজীয়ে কৈছে, অমাহৰাম নাৰীৰ মুখ আৰু হাতৰ বাহিৰে আন অংশলৈ চোৱা বৈধ নহয়।
নিকাব (মুখাৱৰণ)ৰ প্ৰসংগ: নিকাবক কোনোৱে বাধ্যতামূলক, কোনোৱে মুস্তাহাব (প্ৰশংসনীয়) আৰু কোনোৱে বৈধ বুলি গণ্য কৰে। ৩৩:৫৯ আয়াতৰ ভিত্তিত নিকাবে হিজাবক "প্ৰত্যাহাৰ" কৰিছে বুলি কোৱা মতৰ ক্ষেত্ৰত আয়াতটোত মুখ ঢকাৰ স্পষ্ট ইংগিত নাই বুলি আলিমসকলে উল্লেখ কৰিছে। আনহাতে, উলামাসকলে এইটোও কৈছে যে পোছাক-পৰিচ্ছদ বহু পৰিমাণে স্থানীয় ৰীতি-নীতিৰ লগত জড়িত। য'ত হাম্বলী মতটো স্থানীয় ৰীতিৰ লগত খাপ খায়, তাত তাক অনুসৰণ কৰা বৈধ; কিন্তু ইয়াক ধাৰ্মিকতাৰ একমাত্ৰ মাপকাঠি হিচাপে গণ্য কৰা উচিত নহয়।
পৰ্দাৰ আওতাৰ বাহিৰৰ ক্ষেত্ৰসমূহ
পৰ্দাৰ বিধান সকলো ক্ষেত্ৰত একেদৰে প্ৰযোজ্য নহয়। কিছুমান ক্ষেত্ৰসমূহত নাৰীয়ে স্বাভাৱিক পোছাকত থাকিব পাৰে যেনে - ঘৰৰ ভিতৰত নিজৰ পৰিয়ালৰ মাজত। আন নাৰীৰ সন্মুখত। আৰু মাহৰাম আত্মীয়ৰ সন্মুখত—স্বামী, পিতৃ, ভাই, পুত্ৰ, শহুৰ আদি।
সমাজ আৰু ব্যক্তিগত জীৱনত পৰ্দাৰ তাৎপৰ্য
শিক্ষা প্ৰতিষ্ঠানৰ দৰে ক্ষেত্ৰত পৰ্দাৰ ইতিবাচক দিশ বহুতে উল্লেখ কৰে:
- নম্ৰতা, নৈতিক মূল্যবোধ আৰু গঢ়ি তোলে: আত্মসংযম, বিনয় আৰু নৈতিকতাৰ শিক্ষা দিয়ে।
- পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰে: বাহ্যিক চেহেৰাতকৈ একাডেমিক লক্ষ্যত মনোনিৱেশ কৰাত সহায় কৰে।
- ধৰ্মীয় পৰিচয়ৰ প্ৰকাশ: মুছলিম শিক্ষাৰ্থীৰ বিশ্বাস আৰু পৰিচয়ৰ দৃশ্যমান প্ৰকাশ।
- সমতাৰ অনুভৱ: বাহ্যিক সৌন্দৰ্য বা আৰ্থিক পটভূমিৰ ভেদাভেদ কমাই আনে বুলি বহুতে বিশ্বাস কৰে।
এই ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থীৰ ব্যক্তিগত ধৰ্মীয় পছন্দক সন্মান জনোৱা, প্ৰয়োজনীয় সুবিধা (যেনে নামাজৰ স্থান) প্ৰদান কৰা, আৰু শিক্ষক-শিক্ষাৰ্থী-অভিভাৱকৰ মাজত মুকলি যোগাযোগ বজাই ৰখাটো বাঞ্ছনীয়।
উপসংহাৰ
কুৰআন আৰু হাদীছৰ আলোকত পৰ্দা ইছলামী শালীনতাৰ এটা গুৰুত্বপূৰ্ণ বিধান, যাৰ উদ্দেশ্য সমাজত পবিত্ৰতা বজাই ৰখা, ব্যভিচাৰৰ পথ বন্ধ কৰা আৰু নাৰীৰ মৰ্যাদা ৰক্ষা কৰা। ইয়াৰ আৰম্ভণি হয় দৃষ্টিৰ সংযমেৰে, আৰু ইয়াৰ পিছত মূৰ ঢকা ওৰণি আৰু ঢিলা, দীঘল পোছাকলৈ ই বিস্তৃত। শালীনতাৰ দায়িত্ব নাৰী আৰু পুৰুষ দুয়োৰে ওপৰত সমানভাৱে বৰ্তায়।
একে সময়তে এইটোও মনত ৰখা প্ৰয়োজন যে মুখ-হাত ঢকা আদি খুঁটিনাটি বিষয়ত ফকীহসকলৰ মাজত মতপাৰ্থক্য আছে, আৰু পোছাকৰ ধৰণ বহু পৰিমাণে আঞ্চলিক ৰীতি-নীতিৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে মূল নীতি—শালীনতা, সংযম আৰু আল্লাহৰ নিৰ্দেশৰ প্ৰতি আনুগত্য—অক্ষুণ্ণ ৰাখি, প্ৰত্যেকে নিজৰ পৰিস্থিতি আৰু নিৰ্ভৰযোগ্য আলিম-উলামাৰ পৰামৰ্শ অনুসৰি আমল কৰাই উচিত। পৰ্দাক বাধা বা বন্ধন হিচাপে নহয়, বৰঞ্চ আত্মমৰ্যাদা আৰু আধ্যাত্মিক পবিত্ৰতাৰ প্ৰতীক হিচাপে বুজিব পৰা গ'লেই ইয়াৰ প্ৰকৃত সৌন্দৰ্য উপলব্ধি কৰিব পৰা যায়।