হজৰত মুহাম্মাদ (ছাঃ) আধুনিক যুগৰ যুৱ সমাজৰ বাবে এক চিৰস্থায়ী পোহৰ
ভুমিকাঃ
যদি হজৰত মহম্মদ মুস্তাফা (ছাঃ)ৰ জীৱনী ভালদৰে অধ্যয়ন কৰা হয়, তেন্তে দিনৰ দৰে স্পষ্ট হৈ পৰে যে হজৰত মুহাম্মদ (ছাঃ) সকলোৰে বাবে এক চিৰন্তন পোহৰ, কেৱল ডেকাসকলৰ বাবেই নহয়, বৃদ্ধ, ল’ৰা-ছোৱালী, পুৰুষ-মহিলা সকলোৰে বাবে চিৰস্থায়ী পোহৰ
আল্লাহে কৈছে: " لقد كان لكم في رسول الله اسوة حسنة " (১)
অনুবাদ: সঁচাকৈ আল্লাহৰ ৰাছুলৰ অনুসৰণ তোমালোকৰ বাবে ভাল।
জন্মৰ পৰা মৃত্যুলৈকে হুজুৰ নবীয়ে কৰিম (ছাঃ) আমাৰ বাবে আদৰ্শ। কেৱল মুছলমানৰ বাবেই নহয় সকলো মানব যাতিৰ বাবে, কেৱল মানব জাতিৰ বাবেই নহয় সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বাবে, আপুনি দয়ালোঁ হৈ আহিছে।
" وما ارسلناك الا رحمة للعالمين"(২)
আৰু আপুনি সকলোৰে ন্যায় কঢ়িয়াই আনিছে আৰু সকলোকে তেওঁলোকৰ অধিকাৰৰ বিষয়ে অৱগত কৰিছে। বিশেষভাৱে আধুনিক যুগৰ কথা যদি কওঁ, তেন্তে আজিৰ মানুহ বৌদ্ধিক, নৈতিক আৰু সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আধুনিক প্ৰযুক্তিবিদ্যা, ছ’চিয়েল মিডিয়া, বস্তুবাদ, নৈতিক অৱনতিৰ এই যুগত যদি কোনো ব্যক্তিয়ে আধুনিক যুগৰ বাবে যদি প্ৰকৃত পথ প্ৰদৰ্শন কৰিব পাৰে, তেন্তে সেয়া হ’ল কেৱল চৈধ্য শতিকাৰ আগৰ জনসাধাৰণৰ বাবে এক নিখুঁত আদৰ্শ হিচাপেই নহয়, আজিৰ উন্নত যুগৰ যুৱক-যুৱতীসকলৰ বাবেও এক চিৰন্তন পোহৰ হিচাপে পৰিগণিত হোৱা হজৰত মহম্মদ (ছাঃ)ৰ ধন্য ব্যক্তিত্ব।
হজৰত মহম্মদ (ছাঃ) যৌৱনত সত্য, সততা আৰু আভিজাত্যৰ নিদৰ্শন দাঙি ধৰিছিল। এই বয়সতে তেওঁক "আল-ছাদিক, আল-আমিন" আদি উপাধি দিয়া হৈছিল। সেয়ে ব্যৱহাৰিক জীৱনেই হওক, নেতৃত্ব, ৰাজনীতি, সাহস, ন্যায়, ন্যায়পৰায়ণতাৰ ক্ষেত্ৰই হওক, আধুনিক যুগৰ বাবে তেখেতে (ছাঃ) চিৰন্তন পোহৰ।
তেওঁ (ছাঃ) জ্ঞান অৰ্জন কৰা ফৰজ (বাধ্যতা) বুলি ঘোষণা দিছিলে। আধুনিক যুগতো এজন সফল যুৱক হ’ল জ্ঞানৰ প্ৰেমী, গৱেষণাৰ প্ৰেমী, অধ্যয়নৰ প্ৰেমী। “চীনলৈ যাবলগীয়া হ'লেও জ্ঞান আহৰণ কৰক" আদি হাদীছে আধুনিক যুগৰ মানুহক জ্ঞান বিচাৰিবলৈ উৎসাহিত কৰে।
হযৰত মুহাম্মদ আধুনিক যুগৰ বাবে এজন ব্যৱসায়ী হিচাপে:
সৎ ব্যৱসা কৰি তেওঁ শিকাইছিল যে এই পৃথিৱীত টকা উপাৰ্জন কৰাটো বেয়া নহয়, কিন্তু বৈধভাৱে ধন উপাৰ্জন কৰাটোৱেই হৈছে প্ৰকৃত সফলতা।
হযৰত মুহাম্মদ আধুনিক যুগৰ যুৱ সমাজৰ বাবে এজন নেতা হিচাপে:
তেওঁ অত্যাচাৰ, অন্যায়, অজ্ঞানতাৰ বিৰুদ্ধে মাত মাতি সমাজখনক শান্তি, ভাতৃত্ববোধ, ন্যায়ৰ দোলনা কৰি তুলিছিল। হজৰত মহম্মদ (ছাঃ)ৰ জীৱনীত আমাক সঁচা কথা ক’বলৈ, ধৈৰ্য্য ধৰিবলৈ, ক্ষমা কৰিবলৈ, বয়োজ্যেষ্ঠসকলৰ প্ৰতি ভদ্ৰ হ’বলৈ, সৰুসকলৰ প্ৰতি দয়ালু হ’বলৈ আৰু সামাজিকভাৱে ন্যায়পৰায়ণ হ’বলৈ শিকাইছে।
হুযুৰ নবীয়ে কৰিম যুৱক-যুৱতীসকলক নেতা হ’বলৈ সক্ষম কৰিলে। হজৰত আলী হজৰত উছমান হজৰত খালিদ বিন ৱালিদ উমৰ ফাৰুক আদিক সেনাবাহিনীৰ সেনাপতি কৰা হ’ল, যিয়ে আজিৰ আধুনিক যুগৰ মানুহক কয় যে তেওঁলোকৰো নেতৃত্ব লোৱাৰ ক্ষমতা আছে।
যদি আধুনিক যুগৰ যুৱ মানুহে নিজৰ ব্যৱহাৰিক জীৱনত হজৰত মহম্মদ (ছাঃ)ৰ জীৱন কাৰ্যকৰী কৰে তেন্তে তেওঁলোকে:
১) সময়ৰ মূল্ল্য বুজিপাব
২) মিছা, প্ৰতাৰণা, আৰু প্ৰৱঞ্চনা এৰাই চলিব
৩) আনৰ অধিকাৰৰ যত্ন ল’ব
৪) আত্মবিশ্বাস থাকিব
৫) জাতি আৰু মানৱতাৰ হকে কাম কৰিব
আধুনিক যুগৰ যুৱক-যুৱতীসকলে সন্মুখীন হোৱা নৈতিক, বৌদ্ধিক আৰু সামাজিক প্ৰত্যাহ্বানৰ সমাধান হজৰত মহম্মদ (ছাঃ)ৰ জীৱনত পোৱা যায়। যদি হজৰত মহম্মদ (ছাঃ)ৰ আদৰ্শ গ্ৰহণ কৰে, তেন্তে তেওঁলোকে কেৱল নিজৰ জীৱন উন্নত কৰাই নহয়, সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।
হজৰত মহম্মদ (ছাঃ)ৰ জীৱন আজিও আধুনিক যুগৰ বাবে চিৰস্থায়ী পোহৰ । যদি আজিৰ অধুনিক যুগৰ মানুহে তেওঁৰ পদাংক অনুসৰণ কৰে, তেওঁৰ চুন্নত পালন তথা অনুকৰণ কৰি চলে, তেন্তে পৃথিৱীৰ অগণন ফয়দা লাভ হ’ব আৰু আখিৰাতত সফলতা লাভ হ'ব , যাৰ প্ৰমাণ এই হাদীছত পোৱা যায়: " من احب سنتي فقد احبني ومن احبني كان معي في الجنة " (৩)
অনুবাদ: যি মোৰ চুন্নতক ভাল পায় (অমল কৰে), তেওঁ মোকেই ভাল পালে ,আৰু যিয়ে মোক ভাল পায়, তেওঁ মোৰ লগত জান্নাতত থাকিব।
তথ্যসূত্ৰসমূহ
(১) (চুৰা আল-আহজাবৰ আয়াত নং ২১)
(২) (চুৰা আল-আনবিয়াৰ আয়াত নং ১০৭)
(৩) (জামি’ আল-তিৰমিধি, কিতাব আল-ইলম, হাদীছ ২০৮, খণ্ড ৪, পৃষ্ঠা ৩০৯, দাৰ আল-ফিকৰ, বেৰুত)
লেখকঃ গোলাম ৰব্বানী খান। বাৰপেটা ৰোড।