শিক্ষকৰ ভূমিকা আৰু কাৰ্যকৰী শিক্ষণৰ মূল নীতিসমূহ
শিক্ষক কেৱল তথ্য প্ৰদানকাৰী ব্যক্তি নহয়। তেওঁ শিক্ষাৰ্থীক শিকাৰ শ্ৰেষ্ঠ পথ দেখুওৱা এজন পথপ্ৰদৰ্শক, সহায়ক আৰু অনুপ্ৰেৰণাদাতা। এজন ভাল শিক্ষকে কেৱল কয় নহয়, শুনেও; শিক্ষাৰ্থীৰ বৃদ্ধিত সহায় কৰে আৰু শিকাক আনন্দদায়ক আৰু ফলপ্ৰসূ কৰি তোলে।
শিক্ষক: এজন সহায়ক
শিক্ষকে শিক্ষাৰ্থীক সকলো কথা কৈ দিয়াতকৈ নিজে জ্ঞান আৱিষ্কাৰ কৰাত সহায় কৰা উচিত। "পানী ১০০° চেলছিয়াছত উতলে" বুলি কোৱাৰ সলনি শিক্ষার্থীক নিজে পানী উতলাই চাবলৈ দিলে শিক্ষাটো অধিক গভীৰ হয়। কাৰ্যকৰী শিক্ষণৰ বৈশিষ্ট্য হ'ল শিক্ষাৰ্থীকেন্দ্ৰিক হোৱা, আকৰ্ষণীয় আৰু অংশগ্ৰহণমূলক হোৱা, আৰু শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষণ-পদ্ধতি সলনি কৰিব পৰা। পাঠ্যপুথিৰ গণিত বুজি নাপালে বজাৰ-সদাই বা খেলৰ উদাহৰণেৰে বুজোৱা ইয়াৰ এটা উদাহৰণ। স্পষ্টতা, উৎসাহ আৰু সক্ৰিয় শিকন—এই তিনিটা নীতিয়ে শিক্ষণৰ ভেটি গঢ়ে।
শিকন তত্ত্বসমূহ
মানুহে কেনেকৈ শিকে, সেয়া চাৰিটা প্ৰধান তত্ত্বই ব্যাখ্যা কৰে।
আচৰণবাদ: অনুশীলন আৰু পুৰস্কাৰৰ জৰিয়তে শিকন হয়। গৃহকাম শেষ কৰিলে শিক্ষকে তৰা-ষ্টিকাৰ দিয়া ইয়াৰ উদাহৰণ।
জ্ঞানবাদ: মনৰ ভিতৰত তথ্য বুজি আৰু সজাই লোৱাৰ জৰিয়তে শিকন হয়। মাইণ্ড-মেপে ধাৰণাবোৰ সংযোগ কৰে।
সামাজিক শিকন তত্ত্ব: আনক লক্ষ্য কৰি আৰু অনুকৰণ কৰি মানুহে শিকে। শিশুৱে পিতৃ-মাতৃক দেখি হাত জোকাৰি বিদায় দিবলৈ শিকে।
নিৰ্মিতিবাদ: নিজে কৰি আৰু অন্বেষণ কৰি শিকিলেই সৰ্বোত্তম শিকন হয়। কেৱল আগ্নেয়গিৰিৰ বিষয়ে পঢ়াতকৈ বেকিং ছ'ডা আৰু ভিনেগাৰেৰে মডেল বনালে বিষয়টো অধিক মনত থাকে।
মূল্যায়ন
মূল্যায়ন মানে শিক্ষাৰ্থীয়ে কিমান শিকিলে তাক পৰীক্ষা কৰা। ইয়াৰ দুটা প্ৰধান ধৰণ আছে।
গঠনমূলক মূল্যায়ন: শিকাৰ সময়তে হয়। শ্ৰেণীত প্ৰশ্ন সোধা, ক্ষুদ্ৰ কুইজ লোৱা বা গৃহকাম পৰীক্ষা কৰাই ইয়াৰ উদাহৰণ। ইয়াৰ লক্ষ্য শিক্ষাৰ্থীক উন্নতি কৰাত সহায় কৰা।
সামগ্ৰিক মূল্যায়ন: শিকন শেষ হোৱাৰ পিছত হয়। বাৰ্ষিক পৰীক্ষা বা চূড়ান্ত প্ৰকল্প ইয়াৰ উদাহৰণ।
ভাল মূল্যায়ন শিক্ষণ-উদ্দেশ্যৰ লগত সংগতিপূৰ্ণ, নিৰ্ভৰযোগ্য আৰু বৈধ হ'ব লাগে। "শিকনৰ বাবে মূল্যায়ন"ৰ ধাৰণাত কেৱল নম্বৰ দিয়াতকৈ ভুল বুজাই দিয়া হয়, যাতে শিক্ষাৰ্থীয়ে চূড়ান্ত পৰীক্ষাৰ আগতেই নিজক শুধৰাব পাৰে। কুইজত ক্ৰিয়াপদত দুৰ্বলতা ওলালে আগুৱাই যোৱাৰ আগতে সহজ ভাষাত পুনৰ বুজোৱা ইয়াৰ উদাহৰণ।
ব্লুমৰ শ্ৰেণীবিভাজন
বেঞ্জামিন ব্লুমৰ শ্ৰেণীবিভাজনে শিকনক সহজৰ পৰা জটিললৈ ছটা স্তৰত ভাগ কৰে: স্মৰণ, বুজা, প্ৰয়োগ, বিশ্লেষণ, মূল্যায়ন আৰু সৃষ্টি। উদাহৰণস্বৰূপে, "ফ্ৰান্সৰ ৰাজধানী কি?" স্মৰণৰ প্ৰশ্ন, আনহাতে "নতুন শিকা শব্দ ব্যৱহাৰ কৰি এটা চুটিগল্প লিখা" সৃষ্টিৰ স্তৰৰ কাম।
পাৰ্থক্যমূলক শিক্ষণ, অনুসন্ধান আৰু প্ৰকল্পভিত্তিক শিকন
সকলো শিক্ষাৰ্থীয়ে একে ধৰণে শিকা নাই। কোনোৱে পঢ়ি, কোনোৱে কৰি ভাল শিকে। সেয়ে শিক্ষকে এটা বিষয় ব্যাখ্যা কৰি, ভিডিঅ' দেখুৱাই আৰু হাতে-কলমে কাম দি শিকালে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ ধৰণে বুজিব পাৰে।
অনুসন্ধানভিত্তিক শিকনত শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰি উত্তৰ বিচাৰে। "উদ্ভিদৰ বাবে সূৰ্যৰ পোহৰ কিয় লাগে?" বুলি সোধি শিক্ষকে উত্তৰ নিদি শিক্ষাৰ্থীক গৱেষণা আৰু পৰীক্ষাৰ বাবে উৎসাহিত কৰিব পাৰে। প্ৰকল্পভিত্তিক শিকনত বাস্তৱ সমস্যা সমাধানৰ বাবে প্ৰকল্প হাতত লোৱা হয়, যেনে পৰিৱেশ-বান্ধৱ নগৰৰ মডেল নিৰ্মাণ। দুয়োটাই সক্ৰিয় শিকনৰ উদাহৰণ।
একবিংশ শতিকাৰ দক্ষতা আৰু প্ৰযুক্তি
আজিৰ পৃথিৱীত সমালোচনামূলক চিন্তা, সমস্যা সমাধান, সহযোগিতা, যোগাযোগ আৰু সৃজনশীলতা—এই পাঁচটা দক্ষতা অতি প্ৰয়োজনীয়। প্ৰযুক্তিয়ে পাঠক অধিক আন্তঃক্ৰিয়াশীল কৰে, বিশ্বজ্ঞানৰ লগত শিক্ষাৰ্থীক সংযোগ কৰে আৰু ত্ৰিমাত্ৰিক মডেলৰ দৰে মাধ্যমেৰে জটিল বিষয় বুজোৱাত সহায় কৰে। প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে শিকাক সহজ, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰে।
অনুপ্ৰেৰণা আৰু প্ৰতিক্ৰিয়া
অনুপ্ৰেৰণা দুই ধৰণৰ: অন্তৰ্নিহিত (ভিতৰৰ পৰা, যেনে ছবি আঁকিবলৈ ভাল পোৱা) আৰু বাহ্যিক (পুৰস্কাৰ বা ভাল নম্বৰৰ বাবে)। শ্ৰেষ্ঠ শিকন তেতিয়াই হয় যেতিয়া দুয়োটা অনুপ্ৰেৰণা একেলগে থাকে। শিক্ষকে শিকাক আনন্দদায়ক কৰি, প্ৰচেষ্টাক প্ৰশংসা কৰি, বাস্তৱ জীৱনৰ উদাহৰণ দি আৰু কৌতূহলক উৎসাহিত কৰি শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব পাৰে।
ভাল প্ৰতিক্ৰিয়া নিৰ্দিষ্ট আৰু গঠনমূলক হ'ব লাগে। কেৱল "ভাল হৈছে" নকৈ "তোমাৰ ৰচনাত উদাহৰণৰ ব্যৱহাৰ অতি সুন্দৰ" কোৱা, আৰু "তোমাৰ উত্তৰ ভুল" নকৈ "ধাপে ধাপে ব্যাখ্যা কৰি চোৱা, ভুলটো ধৰা পৰিব" কোৱা উচিত।
অন্তৰ্ভুক্তিমূলক শিক্ষা
সামৰ্থ্য, পটভূমি বা প্ৰত্যাহ্বান যিয়েই নহওক, প্ৰতিজন শিশুৱে সমান আৰু উত্তম শিক্ষাৰ অধিকাৰী। ইয়াৰ মূল নীতি হ'ল সমান সুযোগ, পাৰ্থক্যৰ প্ৰতি সন্মান আৰু প্ৰয়োজনীয় সকলোকে অতিৰিক্ত সহায়। শ্ৰৱণ-প্ৰতিবন্ধী শিক্ষাৰ্থীক ইংগিত ভাষাৰ সহায় দিয়া ইয়াৰ উদাহৰণ। অন্তৰ্ভুক্তিমূলক শিক্ষাৰ অৰ্থ—কোনো এজনো পিছপৰি নাথাকিব।
শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু শিক্ষণৰ পৰ্যায়
শ্ৰেণীকোঠা সুশৃংখল, সন্মানজনক আৰু মনোযোগী হ'লেহে শিকন ভাল হয়। ইয়াৰ বাবে স্পষ্ট নিয়ম ঠিক কৰা (যেনে "কথা কোৱাৰ আগতে হাত দাঙিবা"), পাৰস্পৰিক সন্মানক উৎসাহিত কৰা আৰু খেল-ধেমালি, কাহিনী আৰু কাৰ্যকলাপেৰে শিকাক আনন্দময় কৰা প্ৰয়োজন।
শিক্ষণ দুটা পৰ্যায়ত চলে। প্ৰথমটো পূৰ্ব-সক্ৰিয় পৰ্যায়, য'ত শিক্ষকে পাঠ, সামগ্ৰী আৰু কাৰ্যকলাপৰ পৰিকল্পনা কৰে। দ্বিতীয়টো আন্তঃক্ৰিয়াশীল পৰ্যায়, য'ত শ্ৰেণীত পাঠদান, প্ৰশ্নোত্তৰ আৰু শ্ৰেণী-ব্যৱস্থাপনা কৰা হয়। ভাল পৰিকল্পনা আৰু ভাল শিক্ষাদানে মিলি উন্নত শিকন সুনিশ্চিত কৰে।
উপসংহাৰ
কাৰ্যকৰী শিক্ষণ মানে বিষয়ৰ জ্ঞান থকাতকৈ বেছি কিবা। ইয়াৰ অৰ্থ হ'ল শ্ৰেণীকোঠা সুব্যৱস্থাপনা কৰা, শিক্ষাৰ্থীক সম্পৃক্ত ৰখা, বিভিন্ন শিক্ষণ-পদ্ধতি ব্যৱহাৰ কৰা, প্ৰতিজন শিক্ষাৰ্থীৰ প্ৰয়োজন বুজি পোৱা আৰু মূল্যায়নক শিকাৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা। শেষত, শিক্ষণৰ প্ৰকৃত উদ্দেশ্য হ'ল প্ৰতিজন শিক্ষাৰ্থীক তেওঁৰ বাবে শ্ৰেষ্ঠ পদ্ধতিৰে শিকোৱা।
---
Islamonweb Assamese