হজৰত বিলাল ৰাযিয়াল্লাহু আনহু আৰু নবীৰ প্ৰতি তেওঁৰ ভালপোৱা।

হজৰত বিলাল ৰাযিয়াল্লাহু আনহু এজন মহান ছাহাবী আছিল। ইছলাম আৰু নবী ছাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি তেওঁৰ প্ৰেম অনস্বীকাৰ্য। আবু আবদুল্লা বিলাল তেওঁৰ নাম, পিতা- ৰাবাহ আৰু মাতা- হামামাহ। হাবশী বংশোদ্ভূত ক্ৰীত দাস। কিন্ত তেখেত মক্কাত জন্ম লাভ কৰিছিল। উমাইয়া বিন খালাফ আছিল সিঁহতৰ মণিব।

 

হাবশী দাস হিচাপে তেওঁৰ গাৰ বাহ্যিক বৰণ ক’লা হলেওঁ অন্তৰখন আছিল বৰ স্বচ্ছ। আৰৱৰ গৌৰ বৰ্ণৰ লোক সকল যেতিয়া অভিজাত্যৰ আৰু কৌলিন্যৰ বিভ্ৰান্তিত লিপ্ত হৈ হকেৰ দাওঁয়াত অস্বীকাৰ কৰি চলিছিল। তেতিয়াই তেওঁৰ অন্তৰ ইমানৰ আলোয় উদ্ভাসিক হৈ উঠিছিল। কম সংখ্যাক লোক দাওঁয়াতত হক কবুল কৰিলেওঁ যি হাত ব্যক্তি প্ৰকাশ্য ঘোষণাৰ দুঃসাহস দেখুৱাইছিল তাহাতৰ মাজত এই হাবশী গোলাম অন্যতম।

 

চিৰকালৈ দুৰ্বল সকল অত্যাচাৰ উত্পীৰণৰ চিকাৰ হৈ থাকে। বিলালৰ সামাজিক অৱস্থানৰ কাৰণে তেখেতৰ ওপৰত অবর্ণনীয় দুখ কষ্ট নামি আহে। শাস্তি আৰু যন্ত্ৰণাৰ বিভিন্ন ধৰণৰ অনুশীলনৰ মাজেদি তেওঁৰ চবুৰ আৰু ধৈৰ্যৰ পৰীক্ষা লোৱা হৈছে। গলত উত্তপ্ত বালি, কুচি পাথৰ আৰু জলন্ত শিখাৰ উপৰত তেখেতক শুই থাকিবলৈ দিয়া হৈছিল, গলত ৰচি লগাই ছাগলিৰ নিচিনা মক্কাৰ অলিয়ে গলিয়ে শিশু সকলে টানি লৈ ফুৰিছিল। তথাপি তাওহীদৰ শক্তিশালী ৰচি তেখেতে হাতৰ পৰা এৰি দিয়া নাছিল। আবু জাহল তেখেতক উপৰ কৰি শুৱাই পিঠিৰ উপৰত শিলৰ ডাঙৰ টুকুৰা ৰাখি দি থৈছিল। মধ্যাহ্ন সূৰ্য্যৰ প্ৰচণ্ড খৰ তাপত তেখেত যেতিয়া অস্থিৰ হৈ পৰিছিল, আবু জাহল তেতিয়া কৈছিল, “বিলাল এতিয়াওঁ মুহাম্মদৰ আল্লাহৰ পৰা ফিৰি আহা” কিন্তু তেতিয়াওঁ তেওঁৰ পৱিত্ৰ মুখৰ পৰা আহাদ আহাদৰ ধ্বনি ওলাই আহিছিল।

           

অত্যাচাৰী মুশৰিক সতৰ মাজত উমাইয়্যা ইবন খালাফ আছিল সৰ্বাদিক উত্সাহী। সি শাস্তি আৰু যন্ত্ৰনাৰ নিত্য-নতুন কলা -কৌশল প্ৰয়োগ কৰিছিল। নানা ধৰণৰ পদ্ধতিত সি তেখেতক কষ্ট দিছিল। কেতিয়াবা গৰুৰ কেঁচা চামৰাত ভৰাই কেতিয়াবা লোৰ বৰ্ম পুৰি পেলাই উত্তপ্ত ৰোগে বহাই দি কৈছিল, ‘তোমাৰ আল্লাহ লাত আৰু উয্ যাহ’ তাৰ পিছতো এই তাওহীদ প্ৰেমীক লোক জনৰ মুখৰ পৰা আহাদ আহাদৰ বাহিৰত আন কোনো বাক্য উলোৱা নাছিল। মুশৰিক সকল কৈছিল

‘তুমি আমালোকৰ কথিত শব্দ সমূহ উচ্চাৰন কৰা’। তেখেত কৈছিল, মোৰ যবান সঠিক ভাৱে তোমালোকৰ শব্দ সমূহ উচ্চাৰণ কৰিব নোৱাৰে।

 

প্ৰতি দিনৰ নিচিনা সিদিনাও হজৰত বিলালৰ ওপৰত বাতহা উপত্যকায় অত্যাচাৰৰ স্টীম ৰোলাৰ চলিছিল। ঘটনাক্ৰমে হজৰত আবু বকৰ ছিদ্দিকো সেই বাটেদি গৈ আছিল। তেখেত বৰ মৰ্মাহত হৈ পৰিছিল আৰু শকত অংকৰ অৰ্থ বিলালৰ মনিবক দি তেখেতে তাক আজাত কৰি দিয়ে। এই খবৰ শুনি ৰাছুলুল্লাহ ছা: কলে, ‘আবু বকৰ মোকো তুমি এই কামত শৰিক  কৰি লোৱা তেখেত আৰছ কৰিলে , “ইয়া ৰাছুলাল্লাহ মই ইতিমধ্যে তাক আজাত কৰি দিলো”   ।

 

মক্কাৰ পৰা হিজৰত কৰি মদীনাই  তেখেত হজৰত ছাদ ইবন খুছাইমাৰ ৰা : অতিথি হৈ পৰিল । হজৰত আবু ৰুওযাইহা আব্দুলাহ ইব্ন আব্দুৰ ৰহমান খাছয়ামীৰ ৰা: সৈতে তাৰ ভাতৃ -সম্পৰ্ক স্হাপিত হয় । সিহঁতৰ দুজনৰ মাজত গভীৰ সম্পৰ্ক সৃয্টি হয়। দ্বিতীয় খলিফা হজৰত উমাৰ ফাৰুকৰ ৰা: সময়ত হজৰত বিলাল চিৰিয়া অভিযানত অংশ গ্ৰহনৰ সিদ্বান্ত লয়। খলিফা উমাৰ ৰা: প্ৰশ্ন কৰিলে, বিলাল তোমাৰ ভাতা কোনে উঠাব ? উত্তৰ দিলে , আবু ৰুও য়াইহা । ৰাছুলুল্লাহ ছা: আমালোক দুজনৰ যি ভাতৃ সম্পৰ্ক কায়েম কৰি দিছিল সেয়া কেতিয়াও বিছিন্ন হব নোৱাৰে ।

           

হিজৰতৰ আগলৈকে মক্কায় ইছলাম আছিল দূৰ্বল , হিজৰতৰ পিছত মদীনাত সেইটো সবল হৈ থিয় দিয়ে । এই মাদানী জীৱনৰ সূচনাৰ পৰা ইছলামিক আচাৰ আচৰন আৰু সাংস্কৃতিক কাম-কাজৰ মূল ভিত্তিৰ স্হাপন আৰম্ভ হয় । মছজিদ প্ৰতিয্ঠা, পাচঁ ওয়াক্ত নামাজ আৰু নামাজৰ বাবে আজানৰ প্ৰচলন হয়। হজৰত বিলাল প্ৰথম ব্যক্তি আজানৰ দায়িত্ব যাৰ ওপৰত আৰ্পিত হয় । বিলালৰ উচ্চ আৰু হৃদয় গ্ৰাহী আজান ধ্বণি শুনি নাৰী পুৰুষ , কিশোৰ - যুবক বৃদ্ধ নিৰ্বিশেষে কোনোয়েও ঘৰত স্হিৰ থাকিব পৰা নাছিল মছজিদত তাওহীদৰ ধাৰক - বাহক সকলৰ ভিৰ জমি উঠিলে তেওঁ ৰাছুলাল্লাহৰ ছা: দৰ্জাত গৈ শব্দ কৰিচিল, হাইয়ালাছালাহ, হাইয়ালালফালাহ অচ্ছলাহ ইয়া  ৰাছুলাল্লাহ হে  আল্লাহৰ ৰাছুল। নামাজ উপস্হিত। ৰাছুল ছা: উলাই আহিছিল বিলাল তাকবীৰ দিছিল । কোনো দিন হজৰত বিলাল মদিনায় উপস্হিত নাথাকিলে হজৰত  আবু মাহযুৰা আৰু হজৰত আমৰ ইবন উম্মে মাকতুম ৰা: তাৰ দায়িত্ব পালন কৰিছিল। বিলাল ৰা: সাধাৰনত: চুৱহ-চাদিক হোৱাৰ আগতেই ফজৰৰ আজান দি আহিছিল এই বাবে ফজৰৰ সময়ত দুবাৰ আজান দিয়া হৈছে । শেষৰ আজান দিছিল আমৰ ইবন উম্মে মাকতুম ৰা:। এই কাৰনে ৰমজান মাহত হজৰত বিলালৰ আজানৰ পিছতো পানাহাৰ জায়েয আছিল।

 

ৰাছুলুল্লাহৰ ছা: মদীনায় অৱস্থান বা  ভ্ৰমনৰ সময়, উভয় অৱস্থাত বিলাল আছিল তাৰ বিশেষ মুৱাজ্জিন। এবাৰ ৰাছুলুল্লাহৰ ছা: কোনো এটা ভ্ৰমনত পথ চলি থকা অৱস্থাত ৰাতি হৈ গৈছিল। চাহাবা সকলৰ কোনোবা কোনোবা আৰজ কৰিছিল, ইয়া ৰাছুলুল্লাহ ছা:  ইয়াৰে কোনোবা  ঠাইত ৰাতি কটাবৰ বাবে তম্বু কৰাৰ অনুমতি দিলে ভাল হ’ল হেতেন ৰাছুল ছাঃ কলে, “ মোৰ ভয় লাগে টোপনিয়ে তোমালোকক নামাজৰ পৰা উদাসীন কৰি পেলাই নেকি”? হজৰত বিলালৰ সকলোকে টোপনিৰ পৰা জগাই তোলাৰ দায়িত্ব দিছিল । ৰাছুলাল্লাহৰ ছাঃ অনুমতি পাই সকলোয়ে তম্বু ঘেৰী বিশ্ৰামত গা- বাগৰ দিলে।

 

ইফালে বিলাল ৰাঃ অধিক সতৰ্কতাৰ সৈতে হাওদাৰ কাঠৰ সৈতে গা লগাই হালি দি চুবহ- ছাদিকৰ প্ৰতীক্ষায় থাকিল । কিম্তু ঘটনা ক্ৰমে এই অৱস্থায় তাৰ চোখ বন্ধ হৈ গ’ল আৰু গভীৰ টোপনিত এনেকৈ অচেতন হৈ পৰে যে সূৰ্যোদয়ৰ আগত সি চেতনা ঘূৰাই পোৱা নাছিল ৰাছুলাল্লাহ ছাঃ টোপনীৰ পৰা জাগি উঠি সৰ্ব প্ৰথম বিলালক প্ৰশ্ন কৰিলে, “তোমাৰ দায়িত্ব পালনত কি হ’ল?” বিলাল তেতিয়া কলে, ইয়া ৰাছুলাল্লাহ ছাঃ আজি মই এনেকৈ টোপনী গৈছিলোঁ যে, এনেকুৱো মোৰ সাধাৰণতো নহয়। ৰাছুলাল্লাহ ছাঃ কলে, “আল্লাহৰ ইচ্ছা যেতিয়া তোমালোকৰ ৰুহু অধিকাৰ কৰি লয়, আকৌ যেতিয়া ইচ্ছা সেইটো ফিৰাই দিয়ে। উঠি আজান দিয়া আৰু সকলো লোককে নামাজৰ কাৰণে সমবিত কৰা”।

 

হজৰত বিলাল ৰাঃ মূল মূল যুদ্ধৰ চৰিক আছিল। বদৰ যুদ্ধত সি ইছলামৰ এজন ডাঙৰ শত্ৰু উমাইয়্যা ইবন খালাফক হত্যা কৰে। মক্কাত যিসকলে বিলালৰ ওপৰত নিৰ্যাতন চলাইছিল এই উমাইয়্যা আছিল সিঁহতৰ মাজত অন্যতম এজন। মক্কা বিজয়ৰ দিন সি ৰাছুলাল্লাহ ছাঃ সঙ্গী আছিল। ৰাছুলাল্লাহ ছাঃ সৈতে তেখেত কাবাৰ অভ্যান্তৰে প্ৰৱেশৰ সৌভাগ্য লাভ কৰিছিল। ৰাছুলাল্লাহ ছাঃ নিৰ্দেশত কাবাৰ ছাদৰ ওপৰত থিয় হৈ তেখেতে আজান ধ্বনি উচ্চাৰণ কৰিছিল।

 

ৰাছুলাল্লাহ ছাঃ ওফাতৰ পিছত হজৰত বিলাল ৰাঃ তাৰ প্ৰতি সৰ্বাধিক এহছানক্বাৰী ব্যক্তি হজৰত ছিদ্দিকে আকবৰৰ ৰাঃ ওচৰত আৰজ কৰিলে, হে আল্লাহৰ ৰছুলৰ খলিফা আপুনি কি মোক আজাদ কৰিছিল, আল্লাহৰ ওৱাস্তে আপোনাৰ সঙ্গী কৰাৰ উদ্দেশ্যে নে ? তেখেত কলে আল্লাহৰ ওৱাস্তে। বিলাল কলে ‘মই ৰাছুলাল্লাহ ছাঃ ৰ মূখত শুনিছো মমিনৰ উত্তম কাম হৈছে আল্লাহৰ পথত জিহাদ কৰা। এই কাৰণত মই বিচাৰোঁ এই মহান কামটো আমৰন মোৰ জীৱনৰ অবিচ্ছেদ্য অংশত পৰিণত কৰিবলৈ’। হজৰত আবু বকৰ ৰাঃ কলে, ‘বিলাল তুমি মোৰ পৰা দূৰলৈ গৈ বিচ্ছেদ বেদনাত মোক কাবো বুকাৰি নুতুলিবা’। হজৰত আবু বকৰৰ আবেদনত সহাৰী দি তেখেত জীৱদ্দশায় বিলাল কোন যুদ্ধত অংশগ্ৰহম নকৰিলে। হজৰত আবু বকৰৰ পিছত খলীফা হজৰত উমৰ ৰাঃ। বিলাল তাৰ ওচৰতো অনুমতি খুজিলে জিহাদত অংশ গ্ৰহণ কৰাৰ। প্ৰথম খলিফাৰ নিচিনা দ্বিতীয় খলিফা তাক বাধা দি ৰাখিব খুজিলে। কিন্তু তাৰ অত্যাধিক উত্সাহ আৰু অণমনীয়া মনোভাৱ দেখি খলীফা ওমৰ ৰাঃ তাক যোৱাৰ অনুমতি দিলে। তেখেত ছিৰিয়া অভিযানত অংশ গ্ৰহণ কৰিলে। ১৬ হিজৰী চনত হজৰত উমাৰৰ ছিৰিয়া ভ্ৰমণ কালত অন্যান্য সামৰিক অফিছাৰ সকলৰ সৈতে বিলালক জাবিয়া নামক স্থানে খলিফাক স্বাগত জনাই আৰু বাইতুল মোকাদ্দাছ ভ্ৰমণে তেখেত খলিফাৰ সঙ্গী হয়। ভ্ৰমণৰ এটা পৰ্য্যায়ৰ এদিন খলিফা বিলালক অনুৰোধ কৰিলে আজান দিয়াৰ কাৰণে। বিলাল কলে; যদিও মই প্ৰতিজ্ঞা কৰিছোঁ ৰাছুলাল্লাহৰ ছাঃ পিছত আৰু কাৰো কাৰণে আজান নিদিও, তথাপি আজি আপোনাৰ ইচ্ছা পূৰণ কৰিম। এই কথা কৈ বিলাল এনেকুৱা হৃদয়গ্ৰাহী শব্দেৰে আজান দিলে যি উপস্থিত জনতাৰ মাজত অস্থিৰতা দেখিবলৈ পোৱা গ’ল। হজৰত ওমাৰ ইমানকৈ কান্দিলে যে তাৰ বাক ৰুদ্ধ হৈ গ’ল। হজৰত আবু ওবাইদা আৰু হজৰত মোৱাজ বিন জাৱাল ৰাঃ কান্দি কান্দি ভাগি পৰিছিল। সকলোৰে মনত তেতিয়া নবী যুগৰ ছবি ভাহি উঠিছিল। অন্তৰত তেতিয়া এটা বিশেষ অনুভূতি জাগি উঠিছিল।

 

ছিৰিয়াৰ সেউজীয়া আৰু শস্য-শ্যামল, ভূমি হজৰত বিলালৰ মনত মনঃপুত হয়। তেখেত দ্বিতীয় খলিফাৰ ওচৰত তাৰ ইছলামি ভাই আবু ৰুওবাইহা সহ তাক ছিৰিয়াই স্থায়ী ভাৱে বসবাসৰ অনুমতি প্ৰদানৰ বাবে আবেদন জনোৱা হয়। তাৰ আবেদন মঞ্জুৰ হ’ল। তাৰ দুজন “খাওলান” নামক সৰু এটা চহৰত বসতি স্থাপন কৰিলে। তেখেত সকলৰ পূৰ্বে এই চহৰত বসতি স্থাপন কৰিছিল প্ৰখ্যাত চাহাবী হজৰত আবু দাৰদা আনছাৰী ৰাঃ ৰ গোত্ৰ। ইয়াত সিঁহত দুজনে এই গোত্ৰেৰ দুটা ছোৱালীক বিবাহ কৰি সিঁহতৰ সৈতে বৈবাহিক সুত্ৰে আবদ্ধ হয়। দীৰ্ঘদিন হজৰত বিলাল ৰাঃ ছিৰিয়াত বসবাস কৰি আছিল। এদিন সপোন দেখিলে ৰাছুল ছাঃ কলে বিলাল এনেকুৱা নিৰস জীৱন আৰু কিমান দিন ? মোৰ যিয়াৰতৰ সময় কি তোমাৰ এতিয়াও হোৱা নাই ? এই স্বপ্ন তাৰ প্ৰেম আাৰু ভালপোৱাৰ ক্ষত আকৌ তাজা কৰি দিলে। তেতিয়াই তেখেত মদিনালৈ যাত্ৰা কৰিলে। আৰু পৱিত্ৰ ৰওজা মোবাৰকত উপস্থিত হৈ জবাই কৰা মতাকুকুৰাৰ নিচিনা ছটফট কৰিব ধৰিলে। ৰাছুলাল্লাহ ছাঃ ৰ কলিজাৰ টুকুৰা হজৰত হাচান আৰু হুছাইনক ৰাঃ সাবটি ধৰি আদৰ কৰিবলৈ ধৰিলে। সিঁহত দুজন সিদিনা পুৱা ফজৰৰ আজান দিয়াৰ বাবে হজৰত বিলাল ৰাঃ অনুৰোধ কৰিলে। সিঁহতৰ অনুৰোধ তেখেতে প্ৰত্যাখ্যান কৰিব নোৱাৰিলে। ছুবহ ছাদেকৰ সময় মছজিদ নববীৰ ছাঁদত থিয় দি তেখেত “আল্লাহু আকবাৰ” কৈছিল আৰু সেই আজানৰ ধ্বনি মদীনাৰ অলিয়ে গলিয়ে প্ৰতিধ্বনিত হৈ পৰিছিল। তাৰ সেই আজানৰ ধ্বনি শুনি মদিনাৰ জনগন তাকবীৰ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তুলিছিল। তেখেত যেতিয়া “আশহা দু অন্না মুহাম্মদাৰ ৰাছুল্লাল্লাহ” কলে তেতিয়া মদিনাৰ নাৰী-পুৰুষ সকলোৱে অস্থিৰ ভাবে কান্দি কান্দি ঘৰৰ পৰা ওলাই মছজিদৰ ফালে দৌৰিবলৈ ধৰিলে। বৰ্ণনা কৰা আছে, এনেকুৱা ভাব বিহ্বল দৃশ্য মদিনাত আৰু কেতিয়াও দেখা পোৱা নাই।

 

এই নিষ্ঠাবান ৰাছুল প্ৰেমিক হিজৰী ২০ চনত প্ৰায় ষাঠি বছৰ বয়সত ইন্তেকাল কৰিছিল। দিমাশকৰ “বাবুছ ছাগীৰ”ৰ ওচৰতেই তাক দাফন কৰা হয়। চাৰিত্ৰিক সৌন্দৰ্য্য হজৰত বিলালৰ ৰাঃ মৰ্যাদা আৰু সন্মনক অত্যাধিক বঢ়াই দিছিল। হজৰত উমাৰ কৈছিল, ‘আবু বকৰ আমালোকৰ নেতা আনকি তেখেত আমালোকৰ নেতাই বিলালক আজাদ কৰি দিছিল’।

 

হজৰত ৰাছুল পাকৰ সহচাৰ্য্য আৰু সেৱাই আছিল তাৰ জীৱনৰ প্ৰধান উদ্দেশ্য। সকলো সময় ৰাছুলাল্লাহৰ ছাঃ আশে-পাশে উপস্থিত থাকিছিল। ৰাছুলাল্লাহক ছাঃ ভ্ৰমনৰ সঙ্গী হৈছিল। ঈদ আৰু ইছতিছকাৰ নামাজৰ সময় বল্লম হাতত ৰাছুলাল্লাহৰ ছাঃ আগে আগে ময়দান লৈ গৈছিল। ওৱাজ নছীহতৰ মজলিছতো উপস্থিত থাকিছিল। শত প্ৰয়োজনত আৰু দাৰিদ্ৰ থকা স্বত্তেও হাতত কিবা আহিলেই তাৰ একাংশ ৰাছুলক ছঃ উপঢৌকন পঠিয়াইছিল। এবাৰ উত্কৃষ্টমানৰ কিছু খেজুৰ ৰাছুলাল্লাহৰ ছাঃ ওচৰলৈ লৈ আহিল। তেখেতে প্ৰশ্ন কৰিলে, ‘বিলাল এইবোৰ কত পালা’ ? উত্তৰত কলে, ‘মোৰ ওচৰত অলপ নিম্নমানৰ খেজুৰ আছিল। যিহেতু আপোনাৰ খিদমতত কিছু পঠোৱাৰ ইচ্ছা আছিল, এই কাৰণে দু ছাঃ খেজুৰৰ বিনিময়ত তাৰ এক ছাঃ লাভ কৰিছোঁ। ৰাছুল ছাঃ কলে নহয়, ‘নহয় এনেকুৱা নকৰিবা। এইটো এক ধৰণৰ সুদ। যদি তোমাৰ বিক্ৰী কৰিবলগা আছিল তেনেহলে প্ৰথমতে তুমি তোমাৰ খেজুৰ বিক্ৰী কৰি দিব লাগিছিল। তাৰ পিছত সেই অৰ্থৰ দ্বাৰা এইবোৰ কিনিব লাগিছিল’।

 

মক্কাত যি অত্যাচাৰ আৰু উত্পীড়ন হজৰত বিলাল সহ্য কৰিছিল তাৰ দ্বাৰাই তাৰ সহ্য শক্তি, ধৈৰ্য আৰু দৃঢ়তাৰ পৰিচয় পোৱা যায়। তেখেত আছিল অত্যান্ত বিনয়ী। কোনোৱাই তাৰ কোনো গুনাবলীৰ কথা কলে সি কৈছিল মইতো একমাত্ৰ এজন হাবশী, যোৱা কালিলৈ তেখেত আছিল এজন দাস সততা নিস্কুলুষতা আৰু বিশ্বস্ততা আছিল তাৰ চৰিত্ৰ অন্যতম বৈশিষ্ট্য।

 

হজৰত বিলাল যিহেতু ৰাছুলাল্লাহ ছাঃ ৰ বিশেষ মোৱাজ্জিন আছিল সেই কাৰণে অধিকাংশ সময় মছজিদত কটাবলগীয়া হৈছিল। দিন ৰাতিৰ বেছি সময় ইবাদতত অতিবাহিত কৰিছিল। এবাৰ ৰাছুল ছাঃ তাক প্ৰশ্ন কৰিলে, তোমাৰ কোনটো ভাল কামৰ কাৰণে বেছি ছোৱাবৰ আশা কৰা। বিলাল কলে মইতো এনেকোনো ভাল কাম কৰা নাই। তথাপি অজুৰ পিছত নামাজ আদায় কৰিছোঁ।

 

সম্ভ্ৰান্ত আৰব পৰিয়ালত তেখেতে একাধিক বিবাহ কৰিছিল। হজৰত আবু বকৰৰ কণ্যাৰ সৈতে  ৰাছুল ছাঃ নিজে বিবাহ দিছিল, বনু যুহৰা আৰু আবু দাৰদাৰ পৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু কোনো পক্ষত তাৰ কোনো সন্তান জন্ম লাভ নকৰিলে।

 

“ছহীহ ইবন খুজাইমা” গ্ৰন্থত বৰ্ণনা আছে এদিন ৰাছুল ছাঃ বিলালক মাতি আনি প্ৰশ্ন সুধিলে কিহৰ বাবে তুমি মোৰ আগত জান্নাতত প্ৰৱেশ কৰিলা। যোৱা ৰাতি মই জান্নাতত প্ৰৱেশ কৰি তোমাৰ খহটা খহটা শব্দ শুনিবলৈ পালো। বিলাল কলে ইয়া ৰাছুলাল্লাহ মই কোনো গুনা কৰিলেই দুই ৰাকাত নামাজ আদায় কৰিছিলোঁ আৰু অজু নষ্ট হলে তেতিয়াই আকৌ অজু কৰি মই দুই ৰাকাত নামাজ আদায় কৰিছিলোঁ।

 

লেখকৰ চমু পৰিচয়ঃ আব্দুৰ ৰৌফ ফাৰুকী (অসম ৰাজ্যৰ বৰপেটা জিলাৰ নিবাসী) এজন সমাজ সেৱক, শিক্ষক, লেখক আৰু প্ৰবক্তা। তেখেতে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম এ ডিগ্ৰী লাভ কৰিছে। তেখেত এতিয়া ঘৰুৱা শিক্ষগতা হিচেপে কৰ্ম কৰি আছে।

           

Related Posts

Leave A Comment

Voting Poll

Get Newsletter