ইমাম মালিক বিন আনাছ (ৰহমতুল্লাহি আলাইহি) ৰ জীৱনী।

ইমাম মালিকৰ চমু পৰিচয়ঃ

ইমাম মালিক বিন আনাছ হ'ল এজন বিখ্যাত ইমাম, তেওঁৰ নাম হ'ল - মালিক, ডাক নাম- আবু আব্দুল্লাহ। অতএব তেওঁৰ পূৰ্ণ নামটো হ'ল - আবু আব্দুল্লা মালিক বিন আনাছ বিন মালিক বিন আবি আমিৰ আল্ -আছবাহী, তেওঁৰ বিখ্যাত উপাধি হ'ল ইমামু দাৰিল হিজৰাহ إمام دار الهجرة পিতাৰ নাম আছিল আনাছ। তেওঁৰ বংশ পৰিচয় আছিল আৰবী। আৰব দেশত ইছলাম ধৰ্ম অহাৰ ইতিপূৰ্ব্বে যুগক জাহিলীয়া যুগ বোলা হয়। সেই জাহিলীয়া যুগতো তেওঁৰ পৰিয়ালটো অত্তান্ত সন্মানীয় গোত্ৰৰ ভিতৰত এটা পৰিয়াল আছিল।

তেওঁৰ বিখ্যাত উপাধি হ'ল ইমামু দাৰিল হিজৰাহ অৰ্থাৎ হিজৰতৰ দেশৰ ইমাম মন কৰিব যে ইয়াত ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে মক্কাৰ পৰা যি ঠাইলৈ হিজতৰ কৰিছিল সেয়া হ'ল মদীনা, গতিকে মদীনা মুনাওৱাৰাক দাৰুল হিজৰা বোলা হয়। আৰু এই দাৰুল হিজৰতৰ পিনে সঙ্কেত কৰি ইমাম মালিক ইবনে আনাছক ইমামে দাৰিল হিজৰাহ অৰ্থাৎ হিজৰতৰ দেশৰ নেতা বা ইমাম বুলি কোৱা হয়।

ইমাম মালিক ৰহমাতুল্লাহি আলাইহি ৯3 হিজৰী চনত মাদীনা মুনাওৱাৰাৰ এটি বিখ্যাত জ্ঞানী আৰু শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দাদা ডাঙৰ এজন তাবিই (বহুবচন তাবিঈন: এয়া তেওঁলোক যিজন মুছলমান হই কোনো‌ চাহাবীক দেখা পাইছে আৰু ইছলামতেই তেওঁৰ মৃত্যু হৈছে।

ইমাম মালিক প্ৰিয়‌ নবীৰ মদিনা শ্বৰিফত জন্ম লাভ কৰিছিল যি মদিনাটো আছিল আল্লাহ পাকৰ বাণী প্ৰকাশ নাজিল হোৱাৰ ঠাই (প্ৰকাশৰ অৱতৰণ স্থান)। যি মদিনা হ'ল দাৰুল হিজৰা ( প্ৰৱজনৰ ঘৰ), ৰিছালাতৰ খনি, তাতেই উলাইছে সত্যতা, আৰু তাতেই ৰাজ্য প্ৰতিষ্ঠা হৈছিল আৰু সেই ঠাইটোতেই জন্ম হয় ইমাম মালিকৰ। তেওঁ অকল ইমামেই নহয়, ৰনঞ্চ এজন বিখ্যাত আলিম (পণ্ডিত), হাদীছৰ ব্যাখ্যাকাৰী আৰু ইছলামৰ চাৰিটা মাজহাবৰ ভিতৰত এটা মাজহাবৰ নেতা ও ইমাম, আৰু সেই মাজহাব বা মাধহাব তেওঁৰ নামত নামকৰণ কৰা হয়, এতেকে মাজহাবটোৰ নাম হব মালিকী মাজহাব। আমি এইটো জনা অতন্ত্য দৰকাৰী যে মাধহাববোৰ ইছলামীয় চিন্তাধাৰা বা ধৰ্মীয় ফিকাহ গোষ্ঠীবোৰক বুজায়। এতিয়া বিশেষ ভাৱে চাৰিটা মাধহাব বা মাজহাব হয়। সেই চাৰিটা হ’ল হানাফী, শ্বাফী, হামবালী আৰু মালিকী।

সিহঁতৰ শৈক্ষিক মর্যাদাঃ

 ইমাম মালেক ৰাহিমাহুল্লাহ আছলি এজন শিক্ষাৰ সন্ধানত পৰিশ্রমী। পৰিপূর্ণ উদ্যম, ধৈর্য্য ও পৰিশ্ৰমৰ মাজেদি ইলম অৰ্থাৎ জ্ঞান তখা শিক্ষা অর্জনত তেখেতে নিজকে উত্স্বৰ্গ কৰি দিছিল। আলিম সকল তেখেতৰ ঘৰৰ পৰা মছজিদলৈ উলোৱাৰ সময়ৰ প্রতীক্ষাত তেওঁ বহি থাকিছিল। ইমাম মালিকে নিজের ব্যাপাৰে কবলৈ যাই কয় যে - তেওঁ ইবনে হুৰমুয অৰ্থাৎ আব্দুৰ ৰহমান বিন হুৰমুযৰ কাষত সাত বছল কটায়। এই সময়ত তেওঁ বেলেগ কাৰোবাৰ কাষত যোৱা নাই।,  কাছে সাত বছর কাটিয়েছেন। ৰাতি পোৱাৰ পাছৰ পৰাই ৰাতি লৈকে তেওঁ ইবনে হুৰমুযৰ সান্নিদ্ধ্যক থাকিছিল। ইবনে হুৰমুয তাৰ ভিতৰত শুভ লক্ষণ দেখিবলৈ পায়, আৰু তেতিয়া  তাৰ ব্যাপাৰে উত্তম ভবিষ্যতৰ আশাবাদী আছিল। এদিন ইবনে হুৰমুয নিজৰ দাসীক ক'লে, ‘দেখাচোন কপাটত কোনে? দাসীয়ে মালিকৰ বাহিৰে কাকো দেখা নাপালে। আহি কয়, সেখানে ঐ গৌরবর্ণের ফর্সা লোকটি। তাত সেই গৌৰবৰ্ণৰ গৌৰাংগ মানুহজন। ইবনে হুৰমুয ক'লে, তাক মাতি লৈ আহা, সি মানুহৰ মাজত এজন শ্রেষ্ঠ আলিম।’

তেওঁৰ শিক্ষক সকলঃ

মালিক এজন বুদ্ধিমান আৰু জ্ঞানী গুণী ল’ৰা আছিল লগতে তেওঁ হাফিজ, মুত্তাকী ও পৰহেজগাৰ। তেওঁ আছিল এজন বিষয়া, অটল, দক্ষ আৰু ধৰ্মপৰায়ণ ছাত্ৰ। তেওঁৰ বহুকেইজন শিক্ষক আছিল। কোৱা হয় যে তেওঁৰ সৰ্বমুঠ গুৰুৰ সংখ্যা নৈশ (৯০০) পালেগৈ৷ তাৰে কিছুমান বিখ্যাত কেইজনৰ নাম তলত উল্লেখযোগ্য-

১) আব্দুৰ ৰহমান বিন হুৰমুজ (যাৰ বিষয়ে ওপৰত ইল্লেখ কৰা হৈছে)

২) ৰবীয়া বিন আব্দুৰ ৰহমান।

৩) নাফি'

৪) ইমাম জুহৰী

৫) আবুজ জানাদ

৬) আব্দুৰ ৰহমান বিন আল - কাছিম

৭) আয়্যুব আছ-ছিখতিয়ানী

৮) হিশ্বাম বিন উৰৱা

 

তেওঁৰ শিষ্যসকলঃ

ইমাম মালিকৰ যুগত যিসকল ইমাম আবিৰ্ভাৱ হৈছিল তাৰ মাজতে অধিকাংশই আছিল তেওঁৰ শিষ্য। বিশ্বৰ বিভিন্ন ঠাইৰ পৰা তেওঁৰ অগণন বিদ্যাৰ্থী আছিল । তেওঁৰ বেছিকৈ ছাত্ৰ থকাৰ কাৰণ হ'ল তেওঁ মদিনাত বাস কৰিছিল আৰু হজযাত্রীসকলে যেতিয়া ৰছুলুল্লাহ ছাঃ ৰ মছজিদ ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া তেওঁলোকে তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ বহিছিল। তাৰ মাজতে কিছুমান তাৰ লগত বহু সময় জড়িত আছিল আৰু আন কিছুমানে অলপ সময়ৰ বাবে তেওঁৰ পৰা শিক্ষা লাভ কৰিছিল। এনেদৰে তেওঁৰ অধিক শিষ্য হোৱাৰ কাৰণ এইটোও আছিল যে তেওঁ  দীৰ্ঘজীৱনলৈ জীয়াই থাকিছিল। কিয়নো তেওঁ সৰ্বমুঠ নব্বৈ বছৰ জীয়াই আছিল।

ইমাম যাহাবীয়ে ইমাম মালিকৰ সমস্ত শিষ্যগণৰ সংখ্যা এহেজাৰ চাৰিশতকৈও অধিক গণনা কৰিছে। তাৰে মাজত আছিল:-

 ১) মোহাম্মদ বিন ইদ্ৰিছ আল-শ্বাফী।

২) আব্দুল্লাহ বিন ৱাহব।

৩) আশ্বহাব বিন আবদুল।আজিজ আল-কায়ছী।

৪) আছাদ বিন আল-ফুৰাত।

 

তেওঁৰ বিষয়ে উলামাসকৰ দুআষাৰ প্ৰশংসা

ইমাম মালিকৰ বিষয়ে বহু উলামাসকলে নিজৰ নিজৰ মতামত জনাইছিল। কিয়নো তাৰ মাজত আছিল আকৰ্ষণীয় কথা। তেওঁ আছিল এজন জনপ্ৰিয় ইমাম অৰ্থাৎ নেতা। তাৰ বেছি নামায ৰোযা নথকা সত্যেও  উলামাসকল আৰু জনসাধাৰণৰ মাজত তেওঁৰ মান সন্মান আৰু মৰ্যাদা এনে বৃদ্ধি পাইছে যাৰ কোনো তুলনা নাই। তেনেদৰে পণ্ডিত আৰু মানুহৰ মাজত তেওঁৰ উল্লেখ আৰু মৰ্যাদা অভূতপূৰ্ব স্তৰলৈ উন্নীত হৈছে, আৰু জনসাধাৰণৰ মাজতো তেওঁৰ উল্লেখ আৰু মৰ্যাদা তথা নাম অভিবৃদ্ধি পাইছে।

ইবনুল মুবাৰক ক'লে- ইমাম মালিকৰ নিচিনা উচ্চতা বৃদ্ধি পোৱা কোনো এজন মানুহক মই দেখাপোৱা নাই। তেওঁৰ বেছি নামায ৰোজা ৰখা নাই কিন্তু তেওঁৰ লগত ৰহস্য আছে।

ইমাম শ্বাফীয়ে ক'লে- যদি উলামাসকলৰ বিষয়ে আলোচনা কৰা হয় তেন্তে মালিক হ'ল তৰা।

আউজাঈৰ পৰা বৰ্ণনা কৰা হৈছে যে যদি তেওঁ ইমাম মালিকৰ কথা উল্লেখ কৰে তেন্তে তেওঁক উলামাসকলৰ আলিম আৰু হাৰমাইন (মক্কা মদিনা)ৰ মুফতি বুলি কৈছিল।

মুছ্আবৰ দেউতা আব্দুল্লাই ক'লে- নিশ্চয় মালিক বিন্ আনাছ মুছলমানসকলৰ চৰ্দাৰ।

ইয়াহ্য়া বিন মুঈনে তেওঁৰ বিষয়ে ক'লে-  হাদীছত মোমিনসকল অৰ্থাৎ বিশ্বাসীসকলৰ সেনাপতি।

আব্দুল-ছালাম বিন আছিমৰ পৰা বৰ্ণনা কৰা হৈছে যে তেওঁ কৈছে- মই আহমদ বিন হানবালক ক’লোঁ যে ব্যক্তিজনে হাদীছ কণ্ঠস্থ কৰিব বিচাৰে, তেনেহ’লে তেওঁ কাৰ হাদীছ মুখস্থ কৰিব লাগে?” ইমাম আহমদ বিন হানবাল ক’লে: “মালিক বিন আনাছৰ হাদীছ ।”

আব্দুল্লাহ বিন আহমদ বিন হানবালে ক’লে: মই মোৰ দেউতাক (আহমদ বিন হানবালে)ক ক’লোঁ: “আল-জুহৰীৰ ছাহাবীসকলৰ মাজত সবাতোতকৈ স্থিৰ -নিৰল- কোনে ?” তেখেতে ক’লে: “মালিক বিন আনাছ সকলো বস্তুবোৰ সবাতোকৈ স্থিৰ ।”

ইমাম আল-নৱাৱীয়ে কৈছে, “উলামাৰ দলসমূহে একমত মালিকৰ নেতৃত্বত তথা মহানতাৰ ওপৰত, এনেদৰে তেওঁলোকে একমত হৈছে তেওঁৰ মহান সাৰ্বভৌমত্ব, শ্ৰদ্ধা, মান-মৰ্য্যাদাৰ ওপৰত, তেনেদৰে আল্লাহৰ ৰাছুলৰ হাদীছ সংৰক্ষণ আৰু নিশ্চিত কৰাতো একমত হৈছিল।

 

 

লেখকঃ আশ্ৰাফুল ফাৰুকী

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor