ড° এ. পি. জে. আব্দুল কালাম আৰু ভাৰতলৈ তেখেতৰ অৱদান
ভূমিকা
আধুনিক ভাৰত বৰ্ষত অসংখ্যক বৈজ্ঞানীয়ে জন্ম লৈছে আৰু তেওঁলোকে বহু ক্ষেত্ৰত অৱদান আগবঢ়াইছে যেনে হোমি জে ভাভা ভাৰতীয় পৰমাণু কাৰ্যসূচীৰ প্ৰতিষ্ঠাতা, চি. ভি. ৰমন ভাৰতৰ প্ৰথম পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ প্ৰাপ্তি, শ্ৰীনিভাছ ৰামানুজান, ড° ছালিম আলী ভাৰতৰ চৰাই মানৱ, জগদীশ চন্দ্ৰ বসু এজন বহুমুখী প্ৰতিভাধৰ ইত্যাদি।
ইয়াৰে মাজত ভাৰতৰ এজন মুছলিম ব্যক্তি আবুল ফকিৰ জয়নুল আবেদিন আব্দুল কালাম অন্যতম, যাক আমি এ পি জে আব্দুল কালাম নামেৰে জানো, ভাৰতৰ এগৰাকী বিশিষ্ট মহাকাশ বিজ্ঞানী আৰু ১১তম ৰাষ্ট্ৰপতি আছিল। অতি সাধাৰণ পৰিৱেশৰ পৰা অহা কালামে পিছলৈ ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ পিতৃপুৰুষ হিচাপে পৰিগণিত হয় আৰু 'ভাৰতৰ ক্ষেপণাস্ত্ৰ মানুহ' (Missile Man of India) উপাধিৰে খ্যাতি লাভ কৰে। তেওঁৰ জীৱন সংগ্ৰাম, বিজ্ঞানৰ প্ৰতি থকা অদম্য আগ্ৰহ আৰু দেশপ্ৰেমে সমগ্ৰ জাতিক অনুপ্ৰাণিত কৰি আহিছে। মই এই প্ৰবন্ধখনত তেওঁৰ বিষয়ে চমুকৈ তুলি ধৰাৰ চেষ্টা কৰিম।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত এখন দৰিদ্ৰ মাছমৰীয়া পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা তেওঁ সংবাদ পত্ৰ বিক্ৰী কৰি পৰিয়ালৰ আৰ্থিক সহায় কৰিছিল।
কালামে ৰামেশ্বৰমৰ স্থানীয় বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে। তেওঁ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল। পিছলৈ তেওঁ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজিত মহাকাশ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ সপোন আছিল এজন যুদ্ধবিমান চালক হোৱাৰ, কিন্তু ভাৰতীয় বায়ুসেনাৰ নিৰ্বাচনী পৰীক্ষাত অকল্পনীয়ভাৱে ব্যৰ্থ হৈ তেওঁ বিজ্ঞানৰ ক্ষেত্ৰখনকে নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাচি লয়।
বৈজ্ঞানিক অৱদান
ড° কালামে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO)ৰ সৈতে কাম কৰি ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক অভূতপূৰ্ব অৱদান আগবঢ়াইছিল।
১৯৬৯ চনত ISROত যোগদান কৰি কালাম ভাৰতৰ প্ৰথম দেশীয় উপগ্ৰহ উৎক্ষেপণ যান SLV-IIIৰ পৰিচালক হিচাপে নিযুক্ত হয়। দীৰ্ঘ দশকৰ পৰিশ্ৰমৰ ফলত ১৯৮০ চনৰ জুলাই মাহত SLV-IIIয়ে ৰোহিনী উপগ্ৰহক কক্ষপথত স্থাপন কৰি ভাৰতক মহাকাশ ক্লাবৰ সদস্য ৰূপে প্ৰতিষ্ঠিত কৰে।
১৯৮২ চনত DRDOলৈ উভতি আহি কালামে সমন্বিত পথ প্ৰদৰ্শিত ক্ষেপণাস্ত্ৰ বিকাশ কাৰ্যসূচী (Integrated Guided Missile Development Programme) ৰূপায়ণ কৰে। তেওঁৰ নেতৃত্বত ভাৰতে 'অগ্নি' (আগ্নেয়াস্ত্ৰ) আৰু 'পৃথ্বী' (ভূপৃষ্ঠ-ৰ ভূপৃষ্ঠলৈ) নামৰ প্ৰথম দেশীয় ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰে। এই কাৰ্যসূচীৰ বাবেই তেওঁ 'ভাৰতৰ ক্ষেপণাস্ত্ৰ মানুহ' (Missile Man of India) উপাধি লাভ কৰে।
১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈ কালাম প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা আছিল। ১৯৯৮ চনত তেওঁ পোখৰান-২ পাৰমাণৱিক পৰীক্ষাৰ মুখ্য সমন্বয়কৰ ভূমিকা পালন কৰি ভাৰতক পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰে।
স্বাস্থ্যসেৱা ক্ষেত্ৰত অৱদান
বিজ্ঞানৰ লগতে কালামে স্বাস্থ্যসেৱা ক্ষেত্ৰতো গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছিল। তেওঁ হৃদৰোগ বিশেষজ্ঞ ড॰ সোমা ৰাজুৰ সৈতে যুটীয়াভাৱে সুলভ মূল্যৰ 'কালাম-ৰাজু ষ্টেন্ট' আৰু গ্ৰাম্য অঞ্চলৰ বাবে 'কালাম-ৰাজু টেবলেট' উদ্ভাৱন কৰি স্বাস্থ্যসেৱাক অধিক সহজলভ্য কৰি তুলিছিল। লগতে তেওঁ পলিঅ' আক্ৰান্তসকলৰ বাবে লঘু কলচীৰ (callipers) ডিজাইন কৰি উদ্ধাৰ কৰিছিল, যিয়ে পূৰ্বৰ ৪ কিলোগ্ৰামৰ পৰা ওজন ৪০০ গ্ৰামলৈ হ্ৰাস কৰি ৰোগীসকলক স্বস্তি প্ৰদান কৰিছিল।
ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল
ড° এ. পি. জে. আব্দুল কালাম বিজ্ঞানক্ষেত্ৰলৈ আগবঢ়োৱা অসাধাৰণ অৱদান, সততা আৰু সমগ্ৰ দেশৰ জনসাধাৰণৰ সন্মান লাভ কৰাৰ ফলত ভাৰতৰ একাদশ (১১তম) ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
তেওঁৰ কৃতিত্ব, সততা আৰু জনপ্ৰিয়তাক স্বীকৃতি দি তেতিয়াৰ শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ)-এ, প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত, ২০০২ চনৰ ১০ জুনত তেওঁক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। যদিও তেওঁ পেছাদাৰী ৰাজনীতিবিদ নাছিল, তথাপিও কেইবাটাও বিৰোধী ৰাজনৈতিক দলে তেওঁৰ প্ৰাৰ্থিতাক সমৰ্থন জনাইছিল, যাৰ ফলত তেওঁ সৰ্বজনগ্ৰাহ্য প্ৰাৰ্থী হিচাপে পৰিজ্ঞাত হৈছিল। ২০০২ চনৰ ১৫ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ড° কালামে স্বাধীনতা সংগ্ৰামী কেপ্টেইন লক্ষ্মী ছেহগলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি ৯,২২,৮৮৪টা নিৰ্বাচনী ভোট লাভ কৰি বিপুল ব্যৱধানত জয়লাভ কৰে, আনহাতে লক্ষ্মী ছেহগলে লাভ কৰিছিল ১,০৭,৩৬৬টা ভোট। ২০০২ চনৰ ২৫ জুলাইত ড° কালামে ভাৰতৰ একাদশ (১১তম) ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ভাৰতৰ প্ৰথম বিজ্ঞানী আৰু প্ৰথম অবিবাহিত ব্যক্তি হিচাপে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰে। তেওঁৰ এই নিৰ্বাচনে সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত সৃষ্টি কৰিছিল।
ৰাষ্ট্ৰপতি হিচাপে তেওঁ 'জনতাৰ ৰাষ্ট্ৰপতি' (People's President) নামেৰে পৰিচিত আছিল। তেওঁ শিক্ষা, বিজ্ঞান আৰু যুৱ বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছিল। ৰাষ্ট্ৰপতি ভৱনত তেওঁ সৰলতাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিছিল। তেওঁৰ সৰল জীৱনশৈলী আৰু উচ্চ চিন্তাধাৰাই সমগ্ৰ জাতিক প্ৰেৰণা যোগাইছিল। ২০০৭ চনত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো তেওঁ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত সক্ৰিয়ভাবে জড়িত হৈ আছিল।
দূৰদৰ্শী চিন্তা আৰু সাহিত্যিক অৱদান
ড° কালামে 'ভাৰত ২০২০: এ ভিছন ফৰ দ্য নিউ মিলেনিয়াম' নামৰ গ্ৰন্থত ভাৰতক ২০২০ চনৰ ভিতৰত এটা বিকশিত আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এটা কাৰ্য পৰিকল্পনা আগবঢ়াইছিল। তেওঁৰ 'টেকন'লজি ভিছন ২০২০' নামৰ ৰাষ্ট্ৰীয় পৰিকল্পনাই কৃষি উৎপাদনশীলতা বৃদ্ধি, প্ৰযুক্তিৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
তেওঁ 'ৱিংছ অৱ ফায়াৰ' (আত্মজীৱনী) আৰু 'ইগ্নাইটেড মাইণ্ডছ'ৰ দৰে বহু গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ গ্ৰন্থসমূহই যুৱ প্ৰজন্মক স্বপ্ন দেখিবলৈ, উদ্ভাৱনী হ'বলৈ আৰু দেশ গঠনত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰে। সংগীতৰ প্ৰতিও তেওঁৰ গভীৰ অনুৰাগ আছিল—তেওঁ বীণা বজাব জানিছিল আৰু তামিল ভাষাত কবিতা ৰচনা কৰিছিল।
বঁটা আৰু সন্মান
ড° কালামে তেওঁৰ বৈজ্ঞানিক আৰু ৰাজনৈতিক অৱদানৰ বাবে ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰতৰত্ন' লাভ কৰে।
ইয়াৰ উপৰিও ড° তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ পৰা বহু সন্মানসূচক ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। আন্তৰ্জাতিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে এডিনবৰা বিশ্ববিদ্যালয় (যুক্তৰাজ্য), নানইয়াং টেকন'লজিকেল ইউনিভাৰ্চিটি (ছিংগাপুৰ), ইউনিভাৰ্চিটি অৱ ৱাটাৰলু (কানাডা), চাইমন ফ্ৰেজাৰ ইউনিভাৰ্চিটি (কানাডা) আৰু অ'কলেণ্ড ইউনিভাৰ্চিটি (যুক্তৰাষ্ট্ৰ)। ভাৰততো তেওঁ কেইবাখনো আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ পৰা সন্মানসূচক ডক্টৰেট লাভ কৰিছিল। ইয়াৰ ভিতৰত আন্না বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) বোম্বে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) কানপুৰ, দিল্লী বিশ্ববিদ্যালয় আৰু বানাৰস হিন্দু বিশ্ববিদ্যালয় বিশেষভাৱে উল্লেখযোগ্য।
তেওঁ বিশ্বৰ ৪৩ খন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ২০০৯ চনত তেওঁ আমেৰিকাৰ শীৰ্ষ অভিযান্ত্ৰিক বঁটা 'হুভাৰ মেডেল' লাভ কৰা প্ৰথম এছিয়ান হিচাপে জনা হয়।
শেষ সময়
২০১৫ চনৰ ২৭ জুলাইত মেঘালয়ৰ শ্বিলংস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত শিক্ষাৰ্থীসকলক বক্তৃতা দি থকা অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ড° কালামৰ মৃত্যু হয়। শিক্ষাৰ্থীসকলক জ্ঞান বিলোৱাৰ সময়তেই তেওঁৰ মৃত্যু হোৱাৰ বাবে ইয়াক 'গুৰুৰ মৃত্যু' বুলি অভিহিত কৰা হয়।
উপসংহাৰ
ড° এ. পি. জে. আব্দুল কালাম আছিল অতি সৰল জীৱন যাপন কৰা এজন অসামান্য প্ৰতিভাশালী ব্যক্তিত্ব। তেওঁৰ জীৱনৰ প্ৰতিটো দিশেই ভাৰতীয় যুৱ প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস। দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও তেওঁ নিজৰ অদম্য ইচ্ছাশক্তি, পৰিশ্ৰম আৰু দেশপ্ৰেমৰ বলত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক সুবৰ্ণ অধ্যায় ৰচনা কৰি গৈছে। তেওঁৰ 'ক্ষেপণাস্ত্ৰ মানুহ'ৰ পৰা 'জনতাৰ ৰাষ্ট্ৰপতি'লৈকে যাত্ৰা প্ৰতিটো ভাৰতীয়কে শিকায় যে সপোন দেখিবলৈ কেতিয়াও ভয় নকৰিব, কঠোৰ পৰিশ্ৰম কৰিবলৈ সদায় সাজু থাকিব আৰু দেশৰ উন্নতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ কেতিয়াও পিছপৰা নহ'ব। তেওঁৰ গ্ৰন্থ, তেওঁৰ শিক্ষা, আৰু তেওঁৰ অমৰ আদৰ্শসমূহৰ জৰিয়তে তেওঁ আজিও আমাৰ মাজত জীয়াই আছে।
লেখকঃ আশ্ৰাফুল ফাৰুকী।