হজৰত নিজামুদ্দিন আউলিয়া (ৰহঃ)ৰ জীৱনী
হজৰত নিজামুদ্দিন আউলিয়া (ৰহঃ)ৰ জীৱনী
আল্লাহ তা'আলাৰ ওলী, চুলতান উল মাশায়েখ, মেহবুব ই ইলাহী, হযৰত শায়খ খাজা চৈয়দ মুহাম্মদ নিজামুদ্দিন আউলিয়া (ৰঃ) ১২৩৮ চনত জন্ম গ্ৰহণ কৰে। তেওঁ হযৰত নিজামুদ্দিন আউলিয়া নামেৰে পৰিচিত আছিল। তেওঁৰ বহুবিলাক উপাধি আছিল যাৰ ভিতৰত কিছুমান অতি বিখ্যাত উপাধিবোৰ হ'ল- মেহবুব-এ-ইলাহি (অৰ্থাৎ -ইলাহ বা আল্লাহৰ ভালবাসাৰ পাত্র), চুলতান-উল-মাশায়েখ (অৰ্থাৎ-মাশায়েখসকলৰ ৰজা), ইমাম -উল-মেহবুবিন (অৰ্থাৎ-মেহবুবিন বা প্ৰিয়সকলৰ নেতা), মালিক-উল-ফুকৰা ওয়াল মাছাকীন (অৰ্থাৎ- ফকিৰ ও দৰিদ্ৰসকলৰ চৰদাৰ) ইত্যাদি।
তেওঁ ভাৰতীয় উপমহাদেশৰ চিশতীয়া তৰীকাৰ এজন বিখ্যাত ছুফী আউলিয়া। তেওঁৰ পূৰ্বসূৰীসকলৰ ভিতৰত হযৰত ফৰিদ গাঞ্জশাকাৰ, হযৰত বখতিয়াৰ কাকি আৰু গৰীব-এ-নৱাজ হযৰত খাজা মঈনুদ্দিন চিশ্তী (ৰঃ) আছিল, যিসকলে ভাৰতীয় উপমহাদেশৰ চিশতীয়া ছিলছিলা তৰীকাৰ আধ্যাত্মিক মূৰব্বী ও নেতা আছিল। হযৰত নিজামুদ্দিন আউলিয়া (ৰঃ), তেওঁৰ পূৰ্বসূৰীসকলৰ দৰে ঈশ্বৰক উপলব্ধি কৰিবলৈ আৰু বুজি পাবলৈ ভালপোৱাৰ শক্তিত আৰু ঐশ্বৰিক ভালপোৱাত অৰ্থাৎ মানৱ জাতিক ভালপোৱাৰ বিশ্বাসত বিশ্বাসী আছিল।
হজৰত নিজামুদ্দিন আউলিয়া ৮৯ বছৰ এই দুনিয়াৰ বুকত কটায়। সেই ৮৯ বয়সৰ জীৱন যাত্রাত তেওঁ আল্লাহৰ নিকট স্থান লাভ কৰাত সক্ষম হয়। তেওঁ নিজৰ গোটেই জীৱনটো আল্লাহৰ ইবাদত আৰু তাৰ বান্দাসকলৰ সেৱাত কটায়। তেওঁ মানুহৰ ইমান ও আমানৰ ক্ষেত্রত কাম কৰিছে। তেওঁ মুছলিম বিশ্ব জগতত নতুন অনুৰাগৰ পথ দেখুৱাই।
নিজামুদ্দিন আউলিয়া যে এজন নিৰ্বাচিত জীৱন সন্ধানী আছিল তেনেকুৱা নহয়। তেখেতে ইবাদত বন্দেগীৰ দ্বাৰা আল্লাহ ছুবহানাৱাতা'লাৰ নৈকট্য লাভ কৰাত সক্ষম হৈছিল। মাত্র এয়াই নহয় তেখেতে জনসেৱা ও ঐশী প্ৰেমৰ ক্ষেত্রত তৎকালীন জগতত আছিল এক বিশিষ্ট মৰ্যাদাৰ অধিকাৰী।
তেওঁৰ ধৰ্ম-নিৰপেক্ষতা আৰু উদাৰতা, লগতে অত্যন্ত গুৰুত্বপূৰ্ণ তথা প্ৰচুৰ জ্ঞানৰ কাৰণে দিল্লীৰ মুছলমানসমূহৰ ওপৰত তেওঁৰ প্ৰভাৱ ব্যাপক ভাৱে বিস্তৃত হৈছিল। ১৪ শতিকাৰ ইতিহাসবিদ জিয়াউদ্দিন বাৰানীয়ে দাবী কৰিছিল যে দিল্লীৰ মুছলমানসমূহৰ ওপৰত হযৰত নিজামুদ্দিন আউলিয়াৰ প্ৰভাৱ আৰু উপলব্ধিৰ কাৰণে অস্থায়ী, পাৰ্থিৱ তথা সাংসাৰিক বিষয়ত তেওঁলোকৰ দৃষ্টিভংগী পৰিবৰ্তন হয়।
১৬ শতবৰ্ষ মোঘল সম্রাট আকবৰৰ উজিৰ আবুল-ফাযল ইবনে মুবাৰকৰ লিখিত “আইন-ই-আকবৰী”ত উল্লেখ আছে যে ছুলতান উল মাশায়েখ , মেহবুব ই ইলাহী , হযৰত শায়খ খাজা চৈয়দ মুহাম্মদ নিজামুদ্দিন আউলিয়া (ৰঃ) দিল্লি ছালতানেতৰ শাসন কালত উত্তৰ প্রদেশৰ বাদাউন নামৰ ঠাইত জন্মগ্রহণ কৰিছিল। পাঁচ বছর বয়সত তেওঁৰ পিতা হজৰত আহমদ বাদাউনিৰ মৃত্যুৰ পিছত তেওঁ তাৰ মা বিবি জুলেখাৰ লগত দিল্লি চলি আহে। বিশ বছৰৰ বয়সত হজৰত নিজামুদ্দিন আউলিয়া আজওধান (পাকিস্তান উপস্থিত পাকপাতান শ্বৰীফ ) লৈ যায় আৰু তাত হজৰত বাবা ফৰিদ আউলিয়া নামৰ পৰিচিত ছুফী সন্ত ফৰিদ গঞ্জেশ্বাকাৰ (ৰঃ)ক লগ পায়। আৰু তেওঁ তাৰ হাতত অধ্যাত্ম শ্বপথ লয় অৰ্থাৎ বায়াত গ্ৰহন কৰে। গতিকে হজৰত নিজামুদ্দিন আউলিয়া আজওধানে স্থায়ী বসবাস কৰা নাই। তেখেতে বাবা ফৰিদ গাঞ্জশ্বকাৰৰ (ৰঃ) কাষত প্রতি বছৰ ৰমজান মাহটো কটাইছিল। যেতিয়া তেওঁ তৃতীয় বাৰৰ বাবে হজত বাবা ফৰিদ গাঞ্জশ্বকাৰৰ ওচৰলৈ আহে, তেওঁ হজৰত নিজামুদ্দিন আউলিয়াক তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী স্বৰূপে ঘোষণা কৰে। খাজা হজৰত নিজামুদ্দিন আউলিয়া দিল্লীলৈ উভতি অহাৰ কিছু দিন পাছতেই বাবা ফৰীদ (ৰঃ) পর্দা গ্রহন কৰে অৰ্থাৎ স্বৰ্গী হৈ যায়।
তেওঁ নিজৰ সমগ্ৰ জীৱন জ্ঞান, ইবাদত, ৰিয়াজত, মজাহাদা আৰু মানুহৰ প্ৰশিক্ষণ ও সংস্কাৰ গঢ়িবলৈ কটায়।আৰু তেওঁ নিজৰ জীৱনটো আল্লহ ও ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পথত চলায়। ইয়াত কোনো সন্দেহ নাই যে তেওঁ আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পথক কঠোৰভাৱে অনুসৰণ কৰাৰ কাৰণেই আল্লাহৰ ইমান প্ৰিয় বান্দা হয়। তেওঁ কোমল, সহনশীল, ভাল আচাৰ-ব্যৱহাৰ ব্যক্তিত্বৰ মানুহ আছিল। তেওঁৰ ভাল নৈতিকতা থকা চৰিত্ৰ কৰাণে বহু মানুহ আকৰ্ষিত হয় আৰু তেওঁৱে দেখুৱা পথক চলিবলৈ ধৰে। তেওঁ সকলো মানুহক সমান ভাৱে ব্যৱহাৰ কৰিছে। তেওঁ মানুহক আনৰ লগত প্ৰেম আৰু স্নেহেৰে আচাৰ-আচৰণ কৰিবলৈ শিকাইছিল।
হজৰত নিজামুদ্দিন আউলিয়া আছিল এজন অতিৰিক্ত অনুগ্রহ বিতৰণকাৰী ফকীৰ, ছিয়াৰুল আওলিয়া-ৰ প্রণেতা বোলে যে: পুৰাতন অভ্যাগত ও মেহমান, নবাগতৰ মাজত পৰদেশী অথবা শহৰবাসী যিয়েই তেওঁৰ কাষত আহে, সন্দর্শন ও কদমবুছিৰ সৌভাগ্য লাভত সক্ষম হৈছে। তেওঁ কাকো বঞ্চিত কৰা নাই। পোশাক-আশাক, নগদ অর্থ তথা হাদিয়া-তোহফা যিবোৰ আল্লাহৰ ওচৰৰ পৰা আহি থাকে সেই গোটেইবোৰ আগত ও বিদায়ী লোকসকলৰ বাবে ব্যয় কৰা হয়।
আৰু যিয়েই নাহে কিয়, কেতিবাও খালি হাতত উভতি নাযায়। খাজা নিজামুদ্দিন আউলিয়াৰ অতি ঘনিষ্ঠ শিষ্য হযৰত খাজা নাছীৰুদ্দীন চেৰাগে দিল্লী (ৰ) বোলে যে: "বিজয় অভিযানৰ অবস্থা ও নমুনা এনে আছিল যে, ধন-দৌলতৰ সমুদ্র দৰজাৰ সন্মূত ঢৌ লগাইছিল। ৰাতি পুৱাৰ পাৰা সন্ধ্যা পৰ্যন্তই নহয় বৰঞ্চ 'এশা পর্যন্ত লোকসকলৰ অহাৰ বিৰাম নাছিল। কিন্তু উপায়ন, নজৰানা আৰু পেছকছকাৰীসকলতকৈ গ্রহণকাৰীৰ সংখ্যা আছিল অনেক বেছি। লোকে যিয়েই লৈ আহে তাতকৈ বেচি পৰিমাণে হযৰত খাজা মেহবুব ই ইলাহীৰ অনুগ্রহ পাইছিল।
উপসংহাৰে- হযৰত নিজামুদ্দিন আউলিয়া হ'ল ভাৰতীয় উপমহাদেশত চিশতিয়া তৰীকাৰ এজন প্রখ্যাত চূফি সাধক। ভাৰতৰ চিশতিয়া তৰিকাৰ অন্যতম মহান চূফি সাধক সকলৰ মাজত তেখেত এজন। তেখেতৰ মূল ফৰিদ উদ্দিন গঞ্জেশকাৰ, কুতুবউদ্দিন বখতিয়াৰ কাকী হৈ খাজা মঈনুদ্দিন চিশতিৰ লগত যাই মিলে। এই অনুযায়ী তেখেত সকল চিশতিয়া তৰীকা মৌলিক আধ্যাত্বিক ধাৰাবাহিকতা বা ছিলছিলা তৈৰী কৰিছে, যিটো ভাৰতীয় উপমহাদেশত ব্যাপকভাৱে প্রচলিত।
জাতি ধৰ্মগোত্ৰ নিৰ্বিশেষে তেখেত অগণন মানুহৰ সেৱাত অহৰহ ও একেধাৰে ব্যাপৃত থাকিছিল। তেখেতে সদায় মানুহক সত্ পথ দেখুৱাইছিল। দেসেয়েহে তেখেতৰ নাম ভাৰতবাসীসকলৰ ইতিহাসত সোণৰ আখৰত লিখা হৈছে।
লেখকঃ আশ্ৰাফুল ফাৰুকী