মামবুৰাম তাংগালৰ জীৱনী

পৰিচয়

মামবুৰাম তানগালৰ প্ৰকৃত নাম আছিল ছায়্যিদ আলাৱী মওলাদ্দাৱিলা (কাদ্দাছাল্লাহু ছিৰ্ৰাহুল আজিজ)। তেখেতক মানুহে মৰমেৰে "মামবুৰাম তাংগাল" বুলি সম্বোধন কৰিছিল। তেখেতৰ নামত থকা "তাংগাল" শব্দৰ অৰ্থ হৈছে ছায়্যিদ। কেৰেলাত ছয়্যিদসকলক তাংগাল বুলি মতা হয়।  তেখেতৰ নাম "মামবুৰাম" তেখেতে থকা গাওঁৰ নামত জনাজাত হৈছিল।  তেখেতৰ পিতৃৰ নাম আছিল ছায়্যিদ মহম্মদ বিন ছাহল মওলা আদ্দাৱিলা, আৰু মাতৃৰ নাম আছিল ছাইদা ফাতিমা (ৰহঃ)।

তেখেতে অতি কম বয়সতে নিজৰ মাতৃ আৰু পিতৃক হেৰুৱাইছিল। এই সময়ত তেখেতৰ মাহিয়েক হজৰত ছাইদা হালিমা বি.বি বিনত মহম্মদ জাফৰি (ৰহঃ)-এ তেখেতক লালন-পালন কৰে। তেখেত অত্যন্ত বুদ্ধিমান আছিল আৰু ৮ বছৰ বয়সতে পৱিত্ৰ কোৰআন সম্পূৰ্ণৰূপে মুখস্থ কৰিছিল। তেখেতে শেষ নবী হযরত মহম্মদ (ছঃ)-ৰ বংশধৰ আছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল।

কেৰেলালৈ ভ্ৰমণ

১১৬৯ হিজৰীত, তেখেতৰ মামা ইছলামৰ দাওৱাতৰ উদ্দেশ্যে কেৰালাৰ এখন গাঁও মালাবাৰলৈ আহে, কিন্তু কিছু সময়ৰ পিছতেই তেওঁ তাতেই মৃত্যু বৰণ কৰে। তাৰ পিছত, চয়্যিদ মামবুৰাম ১৯ ৰমজান, ১১৮০ হিজৰীত ইছলাম ধৰ্মৰ দাওৱাত কৰিবলৈ মালাবাৰত আহে। এই সময়ছোৱাই আছিল ১৮শ শতিকাৰ শেষ ভাগ আৰু ১৯শ শতিকাৰ মধ্য ভাগ, যেতিয়া ভাৰতত মোগল ৰাজত্বৰ পতন আৰম্ভ হৈছিল আৰু ইংৰাজসকল কেৰালাৰ দিশৰ পৰা নিজৰ ৰাজত্ব বিস্তাৰ কৰিবলৈ আগবাঢ়ি আহিছিল।

দ্বীন ইছলামৰ প্ৰচাৰ

তেখেতে এই সময়ত মালাবাৰৰ মুছলমানসকলক আৰু লগতে হিন্দুসকলকো ইছলামৰ পিনে মাতিছিল। লগতে, ইংৰাজসকলৰ বিৰুদ্ধেও তেওঁ লোকসকলক সংগঠিত কৰি যুদ্ধৰ বাবে প্ৰস্তুত কৰিছিল। তেখেতে কেতিয়াবা ওয়াজ (বক্তৃতা) কৰি, কেতিয়াবা কলমেৰে লিখিও মানুহক আল্লাহৰ পিনে আৰু সত্যৰ বাবে যুদ্ধৰ পিনেও মাতিছিল। তেখেতৰ ভাষণত মধুৰতা আছিল—মানুহে তেওঁৰ কথা শুনি ইছলাম গ্ৰহণ কৰিছিল। তেখেতৰ ধুনীয়া আচৰণ ঠিক যেন এজন নবীৰ নিচিনা আছিল—তেখেতে কেতিয়াও মিছা কথা কোৱা নাছিল। তেওঁ কেৱল কেৰালাতে নহয়, সমগ্ৰ ভাৰতৰ মানুহক আল্লাহৰ পিনে মাতিছিল। তেখেতে সকলো ধৰ্মৰ মানুহক একে চকুৰে চাইছিল আৰু তেওঁ কৈছিল:"আমি প্ৰথমে ভাৰতীয়, তাৰ পিছত হিন্দু বা মুছলমান। আমি সকলোৱে এক, আৰু কোনেও কাকো নিচু মনত নাচাঁও।” তেখেত আৰু কৈছিল যে:"মানুহ তেতিয়াহে ডাঙৰ হয়, যেতিয়া তেওঁৰ ভিতৰত কোনো অসাধাৰণ কলা থাকে। কেৱল ধন-সম্পত্তিৰে মানুহ ডাঙৰ নহয়।" এইধৰণৰ গভীৰ আৰু হৃদয়স্পৰ্শী বানী শুনি বহু মানুহে তেখেতৰ হাতত ইছলাম গ্ৰহণ কৰিছিল।

সিহঁতৰ এজন খাদিম আছিল কোনঠু নাইৰ (Konthu Nair), যি এজন হিন্দু আছিল। সি নিজেও মামবুৰাম তাংগালৰ হাতত ইছলাম গ্ৰহণ কৰিছিল আৰু মানুহকো এনেদৰে ইছলামৰ পিনে মাতিছিল। মানুহেও তেওঁক বিশ্বাস কৰিছিল আৰু ইছলাম গ্ৰহণ কৰিছিল।

ছায়্যিদ মামবুৰাম এজন আল্লাহৰ অলী আছিল। সিহতে যেতিয়া মালাবাৰৰ এখন স্থান কালিকাটৰ সাগৰ পাৰ পায়, তাতেই সেইদিনৰ ৰাতি কটায় পিছৰ দিনা কেৰালাৰ এখন জিলা মালাপ্পুৰামৰ ওচৰত থকা মামবুৰামত আহি পায়। কিছু সময়ৰ পিছত তেখেত সেই মামবুৰাম নামেৰে জনাজাত হয়।

বিবাহিত জীৱন

মামবুৰামে ১৭ বছৰ বয়সতে তেখেতৰ মমায়েকৰ জীয়ৰিকক বিয়া কৰে, যাৰ বয়স আছিল ১৫ বছৰ। এই পত্নীৰ পৰা তেখেতৰ দুইজনী ছোৱালী জন্ম হয়। প্ৰথম ঘৈনীয়েক মৰাৰ পিছত, তেখেতে ফাতিমা বিনত আবু বকৰ আলমাদনীক ঘৈনীয়েক হিচাপে লৈছিল, যিজন কাইলানডা নামৰ স্থানৰ পৰা আহিছিল। সিহঁতৰ এজন লৰা জন্ম হয়, যাৰ নাম আছিল ফজল বিন আলাৱি (ৰঃ)। তাৰ পিছত তেখেতে তানূৰ নামৰ স্থানৰ পৰা আইশা নামৰ ছোৱালীক ঘৈনীয়েক বনায় লয়। সিহঁতৰ পৰা দুজনী ছোৱালী জন্ম হয়। চতুৰ্থ বিয়া তেওঁ ইণ্ডোনেছিয়াৰ পৰা কৰিছিল। মুঠতে তেখেতে চাৰিবাৰ বিয়া কৰিছিল।

তেখেতৰ গ্ৰন্থ

মামবুৰাম সেই সময়ৰ এজন জ্ঞানী আৰু বুদ্ধিমান ব্যক্তি আছিল। তেখেতে সেই সময়ত আৰবী ভাষাত বহুতো কিতাপ লিখিছিল আৰু এইবোৰ মানুহৰ মাজত বিস্তাৰ কৰিছিল। তেখেতে খালী সেই সময়ৰেই কিতাপ লিখা নাছিল আনকি আগত অহা মানুহৰ কাৰণেও কিতাপ লিখিছিল। সেইবোৰৰ ভিতৰত এখন জনাজাত কিতাপ আছিল

 "السيف البتّار لمن يوالي الكفار ويتخذوهم من دون الله ورسوله والمؤمنين أنصارا"

তীক্ষ্ণ তৰোৱাল সেই সকলৰ বিৰুদ্ধে, যিসকলে কাফিৰসকলৰ লগত মিলি আল্লাহ, তেওঁৰ ৰাছুল আৰু বিশ্বাসীসকলৰ সলনি তেওঁলোকক বন্ধু ৰূপে গ্ৰহণ কৰে।

এই কিতাপত খনত তেখেতে আঠটা প্ৰশ্ন আৰু তাৰ উত্তৰ লিখিছিল। এই কিতাপৰ জৰিয়তে মানুহে ইংৰাজৰ চালাকি বুজিছিল আৰু ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। দুখৰ কথা, তেখেতৰ বহুতো কিতাপ এতিয়া পোৱা নাযায়।

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ।

যেতিয়া ভাৰত স্বাধীনতা আন্দোলন চলিছিল আৰু মোগলসকলে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, তেতিয়া আল্লামা ফজল হক খাঁইৰাবাদী, মুফতি ছাদৰুদ্দিন আজুৰদাহ, মৌলানা মুহম্মদ আলী জৌহাৰ, মৌলানা শৌকত আলী জৌহৰ, আৰু মৌলানা আবুল কালাম আজাদ আদি যুঁজাৰুৰ মাজত মামবুৰামো আছিল তেখেত যুঁজৰ সময়ত দৃশ্যমান নাছিল; কেৱল তেখেতৰ ঘোঁৰা আৰু তলোৱাৰ ক্ষমতা দেখা গৈছিল। ইংৰাজসকলে এক দূৰবীক্ষণ যন্ত্ৰৰে তেখেতক নজৰ কৰিছিল। শেষত, ইংৰাজে তেখেতক লক্ষ্য কৰি দুটা গুলী মাৰি ছহিদ কৰে إنا لله و إنا إليه راجعون- এই ঘটনা সোমবাৰৰ ৰাতি ৭ মোহৰৰম, ১২৬০ হিজৰীত সংঘটিত হয়। এই মহান জ্ঞানী আল্লাহৰ অলীৰ জীৱনকাল প্ৰায় ৯৪ বছৰ আছিল। তেখেতৰ মাজাৰ শৰীফ এতিয়াও মামবুৰামৰ জুম্মা মছজিদৰ কাষত অৱস্থিত। য’ত কেৰালাত অৱস্থিত দাৰুল হুদা নামৰ ইছলামিক বিশ্ববিদ্যালয়ে এতিয়াও হাদিয়া (অনুগ্রহ) লাভ কৰে। এইটো মামবুৰামৰ হুকুম আছিল।

তেখেতৰ কৰামত

এদিনাখন তেওঁ কিবা এটা কামত ক’লৈবা গৈছিল।  ঠিক সেই সময়ত তেখেতৰ ঘৈনীয়েকৰ মৃত্যু হয়। তেতিয়া কেইজনমান মানুহে মামবুৰাম তাংগালক খবৰ দিয়ে। এই খবৰ শুনি তেখেতে বহুত খঙ হয় আৰু ঘৰলৈ উভতি আহি মৃত ঘৈনীয়েকৰ ওচৰত গৈ কয়, "মোৰ হুকুম নোহোৱাকৈ মোৰ ঘৈনীয়েক কেনেকৈ মৰিব পাৰে?" সেয়া কৈ থকাৰ সময়তে ঘৈনীয়েকে জীয়াই উঠে।

আন এদিনাখম কেইজনমান মানুহ ক’লৈবা ফুৰিবলৈ গৈছিল। মাজ বাটত হাওঁৰত নাওবোৰ সলনি হৈ পৰে। সিহঁতে তেতিয়া ছৈয়দক মাতি সমস্যা সমাধান বিচাৰে। তেখেতে সিহঁতক পাৰৰ নাৰিকল গছত বাতী জ্বলাই ৰখিবলৈ হুকুম দিয়ে। আৰু কয়, "এই বাতিৰ পোহৰ যি ফালে যায়, সিহঁতো তাতেই যাওক।" এনেদৰে মানুহে নিজৰ ঘৰ সনাক্ত কৰি লৈছিল।

 

লেখকঃ ছানিৰুল ইছলাম, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয় অসম কেন্দ্ৰ।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter