ড° ইউনুছ চৰকাৰ আৰু ভাৰত-বাংলা সম্পৰ্ক

অৱশেষত হিংসাজৰ্জৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে ৮ আগষ্ট তাৰিখে শপত গ্ৰহণ কৰে নোবেল বঁটা প্ৰাপক ড° মহম্মদ ইউনুছে। ছাত্ৰ বিক্ষোভৰ পৰিণতিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই ৫ আগষ্ট তাৰিখে পদত্যাগ কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছিল। হাচিনা চৰকাৰৰ পদত্যাগৰ ৭২ ঘন্টা জুৰি চৰকাৰ বিহীন ভাৱে থকা দেশখনত হিংসা, লুট-পাত আৰু অস্থিৰতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পাছতেই আন্দোলনকাৰী ছাত্ৰ সমাজে সৰ্বজনগ্ৰহণীয় ব্যক্তি হিচাপে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা পদত অধিষ্টিত কৰে ড° ইউনুছক। ইয়াৰ লগে-লগে আৰম্ভ হ'ল বাংলাদেশৰ এক নতুন যাত্ৰা। ভূ-ৰাজনৈতিক দিশৰ পৰা দেশখনৰ এই নতুন যাত্ৰা ভাৰতৰ বাবে অতিকৈ তাৎপৰ্যপূৰ্ণ।

উল্লেখযোগ্য যে ২০০৮ চনত এক বিশ্বাসযোগ্য মুক্ত আৰু নিকা  নিৰ্বাচনৰ মাধ্যমেৰে  শ্বেখ হাচিনাই বাংলাদেশৰ শাসন ক্ষমতা দখল কৰিছিল। কিন্তু ইয়াৰ পৰবৰ্তী ক্ৰমাগত তিনিটা সাধাৰণ নিৰ্বাচন ২০১৪, ২০১৮ আৰু ২০২৪ ৰ নিৰ্বাচন আছিল বহু বিতৰ্কিত। কোৱা বাহুল্য যে বাংলাদেশৰ প্ৰধান বিৰোধী দল বি এন পিয়ে এই তিনিওটা নিৰ্বাচনত অংশ লোৱা নাছিল। দেশ খনৰ ৰাজনীতিত শ্বেখ হাচিনাই ক্ষমতাক ইমানেই কেন্দ্ৰীভূত কৰিছিল যে তেওঁক প্ৰায় অপৰাজেয় বুলিয়েই ভৱা হৈছিল। কিন্তু কেইদিন মানৰ ছাত্ৰ বিক্ষোভৰ নাটকীয় ঘটনাপ্ৰৱাহত  তেওঁ আকস্মিকভাৱে পদত্যাগ কৰিবলৈ বাধ্য হয়। বাংলাদেশৰ এই অপ্ৰত্যাশিত ঘটনাই আমাৰ সোঁৱৰাই দিয়ে যে গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাৰ অৱক্ষয় ঘটাই কেৱল অৰ্থনৈতিক উন্নয়নেৰে কোনো এজন নেতাই নিজৰ জনপ্ৰিয়তাক ধৰি ৰাখিব নোৱাৰে। শ্বেখ হাচিনাৰ শাসন কালত বাংলাদেশৰ অৰ্থনীতিয়ে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছিল। তেওঁৰ নেতৃত্বতেই বাংলাদেশ বিশ্বৰ অন্যতম দৰিদ্ৰ দেশৰ পৰা দক্ষিণ এচিয়াৰ আটাইতকৈ দ্ৰুত বিকাশমান অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছিল। আনকি বিগত সময় ছোৱাত অৰ্থনৈতিক বিকাশৰ গতিৰ দিশৰ পৰা ই ভাৰতীয় অৰ্থনীতিকো অতিক্ৰম কৰিছিল। দেশ খনৰ গঢ় জনমূৰি আয় পূৰ্বৰ তুলনাত তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছিল।

বিৰোধী বিহীন নিৰ্বাচনৰ জৰিয়তে বিগত দুটা কাৰ্যকালত ক্ষমতা দখল কৰা হাচিনা চৰকাৰখনে নিয়ন্ত্ৰণ ধৰি ৰখাৰ বাবে ক্ৰমাগতভাৱে কঠোৰভাৱে বলপ্ৰয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। যি দেশ খনত এক ভয় আৰু দমনৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। হাচিনাই ২০২১ চনত বন্ধ কৰি দিছিল ১৯১ টাকৈ ৱেৱচাইট। তেওঁলোকৰ অপৰাধ আছিল ৱেৱচাইট কেইটাই চৰকাৰ বিৰোধী লেখা প্ৰকাশ কৰি গৈছিল। চৰকাৰ বিৰোধী সমালোচনাৰ কন্ঠৰোধ কৰিবলৈ তেওঁ মত প্ৰকাশৰ স্বাধীনতা , বিশেষকৈ অনলাইনত চৰকাৰ বিৰোধী মতামতৰ প্ৰচাৰত বাধা দিবলৈ ডিজিটেল নিৰাপত্তা আইন জাৰি কৰিছিল। সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰা হৈছিল। নাগৰিক অধিকাৰ বোৰ সংকুচিত কৰা হৈছিল। তেওঁৰ যিকোনো কঠোৰ সমালোচকক  নিৰাপত্তা বাহিনীৰ দ্বাৰা অপহৰণ কৰাই বিনা বিচাৰে আৰু পৰিয়ালৰ লোকে নজনাকৈ গোপন বন্দীশালা "আয়নাঘৰ"লৈ নিক্ষেপ কৰা হৈছিল। হাচিনা চৰকাৰৰ শাসন কালত সামগ্ৰিক অৰ্থনৈতিক আগ্ৰগতি অৰ্জন কৰা স্বত্ত্বেও ক্ৰমবৰ্ধমান অৰ্থনৈতিক বৈষম্যৰ লগতে ব্যাপক দুৰ্নীতি জড়িত হৈ পৰাত সৰ্বসাধাৰণৰ মনত ক্ষোভ পুঞ্জীভূত হ'বলৈ ধৰিছিল। কিন্তু সেই ক্ষোভ জনসাধাৰণে সহজে প্ৰকাশ কৰাৰ সুবিধা পোৱা নাছিল। ক্ষমতাৰ আটাইতকৈ শীৰ্ষ বিন্দুৰ পৰা শ্বেখ হাচিনাৰ আকস্মিক পতন সেই সকল নেতাৰ বাবে এক সতৰ্কবাণী, যি সকলে গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু নাগৰিক স্বাধীনতাতকৈ অৰ্থনৈতিক উন্নয়নকহে অগ্ৰাধিকাৰ প্ৰদান কৰে।

ড° মহম্মদ ইউনুছে এনে এক সময়ত বাংলাদেশৰ শাসনভাৰ গ্ৰহণ কৰিছে যিটো সময়ত দেশখনৰ অস্তিৰতাই বিশ্বক হতচকিত কৰিছে। বিশেষকৈ হাচিনা চৰকাৰৰ পদত্যাগৰ পাছত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন গণভৱনত চলা লুট-পাত,  পূৰ্বৰ শাসকীয় দলৰ নেতা কৰ্মী আৰু সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ লগতে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিৰ ওপৰত যি ধৰণে আক্ৰমণ সংঘটিত হ'ল, এই ঘটনাই সভ্য সমাজক লজ্জ্বানত কৰাই নহয় চিন্তিতও কৰি তুলিছে। বিশেষকৈ সীমান্তবৰ্তী দেশ হিচাপে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ই উদ্বেগৰ বিষয়। কাৰণ বাংলাদেশত জামাতৰ দৰে মৌলবাদী শক্তি সমূহ সক্ৰিয় হৈ উঠিলে ই ভাৰতৰ বাবেই বিপদজনক। ইতিপূৰ্বেও বাংলাদেশৰ পূৰ্বৰ বি এন পি-জামাত চৰকাৰে উত্তৰ পূৱৰ বিদ্ৰোহী সকলক প্ৰশ্ৰয় দিয়াৰ অভিযোগ আছে। গতিকে ড° ইউনুছ চৰকাৰৰ ভাৰত সম্পৰ্কে কুটনৈতিক স্থিতি নতুন দিল্লীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। শ্বেখ হাচিনাৰ পদত্যাগৰ পাছত বাংলাদেশত সেনাৰ শাসন আৰম্ভ হ'ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু তাৰ ছাত্ৰ-জনতাই সামৰিক শাসন মানি নল'লে। তেওঁলোকে এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে দেশখনক আগুৱাই নিয়াৰ বাবে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰে।  সংখ্যালঘুৰ উপাসনা গৃহ আৰু সা-সম্পত্তিক তাৰ জনতাই নিৰাপত্তা দিয়াৰ পৰা আৰম্ভ কৰি কোনো ৰাজনৈতিক নেতাই সংখ্যালঘু সকলৰ বিৰুদ্ধে সাম্প্ৰদায়িক আৰু ঘৃণা মূলক মন্তব্য নকৰাটো অনেক নেতিবাচক দিশৰ মাজতো প্ৰশংসনীয়।  বিশেষকৈ ১৭ জনীয়া ইউনুছ চৰকাৰত দুজনকৈ সংখ্যালঘুৰ প্ৰতিনিধিত্ব থকাটো ইতিবাচক পদক্ষেপ। তৎস্বত্ত্বেও বাংলাদেশত সংখ্যালঘুৰ নিৰাপত্তাৰ প্ৰসংগটো অতি স্পৰ্শকাতৰ আৰু তাৰ সংখ্যালঘুৰ নিৰাপত্তা এতিয়াও নিশ্চিত বুলি ক'ব নোৱাৰি।

 

বাংলাদেশৰ নতুন শাসক ড° মহম্মদ ইউনুছ তুলনামূলক ভাৱে পশ্চিমীয়া বিশ্বৰ ঘনিষ্ট বুলিয়েই পৰিচিত। সেই হিচাপত আমেৰিকাকে ধৰি পশ্চিমৰ দেশ সমূহৰ ঢাকাৰ নতুন  চৰকাৰৰ পৰা প্ৰত্যাশা অনেক। ইতিমধ্যে আমেৰিকাকে ধৰি পশ্চিমৰ দেশ সমূহে নতুন চৰকাৰৰ প্ৰতি দেখুওৱা আগ্ৰহে ইয়াৰেই ইংগিত বহন কৰিছে। আনহাতে আকৌ দক্ষিণ-পূৱ এচিয়াত দ্ৰুত অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰভাৱ বিস্তাৰকাৰী চীনে বাংলাদেশৰ পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণৰ বাবে চোকা দৃষ্টি ৰাখিছে। এই খিনিতে উল্লেখনীয় যে ভাৰতৰ লগত ঘনিষ্ট হোৱাৰ সমান্তৰালকৈ বাংলাদেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ চীনৰ সৈতে বাঢ়ি অহা ঘনিষ্টতা আছিল নতুন দিল্লীৰ বাবে চিন্তাৰ বিষয়। কাৰণ বাংলাদেশত চীনা প্ৰযুক্তিৰ সহায়ত ইতিমধ্যে প্ৰায় ৩১ হাজাৰ কোটি বাংলাদেশী টকাৰ বিনিময়ত নিৰ্মাণ হৈছে পদ্মা সেতু। বিগত পাঁচ বছৰত চীন দেশে বাংলাদেশক তিনি বিলিয়ন আমেৰিকান ডলাৰৰ সমতুল্য অৰ্থ ঋণ হিচাপে প্ৰদান কৰিছে। ইয়াৰোপৰি চীনৰ আৰ্থিক সাহাৰ্য্যত বহুবোৰ প্ৰকল্প এতিয়াও দেশখনত নিৰ্মীয়মান। বিগত তিনি বছৰত দেশ দুখনৰ দ্বিপাক্ষিক  বাণিজ্যৰ পৰিমাণ আছিল ১২ বিলিয়ন মাৰ্কিন ডলাৰ। ভাৰতৰ সৈতে হাচিনা চৰকাৰৰ অত্যাধিক ঘনিষ্টতা স্বত্ত্বেও  আৰ্থিক সাহাৰ্য্য আৰু পৰিকাঠামো নিৰ্মাণত চীন কেতিয়াও পিছুৱাই অহা নাছিল। কাৰণ আঞ্চলিক ভূ-ৰাজনৈতিক অৱস্থানৰ দিশৰ পৰা চীন দেশৰ বাবে বাংলাদেশৰ গুৰুত্ব অনেক।

সকলোৰে উৰ্ধত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক আছিল ঐতিহাসিক। কাৰণ বাংলাদেশৰ মুক্তি সংগ্ৰামত ভাৰতৰ আছিল প্ৰতক্ষ্য সহযোগিতা। ভাৰত-বাংলাৰ ঘনিষ্ট  বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বহতো কাৰণ আছে। ইয়াৰে প্ৰথম কাৰণটো হ'ল-চীনৰ তুলনাত ভাৰত-বাংলাদেশৰ ভৌগোলিক নৈকট্য। দ্বিতীয়তে, ভাৰতীয় ভূ-খণ্ডৰ মাজেৰে বাংলাদেশৰ নেপাল আৰু ভূটানৰ সৈতে বাণিজ্যৰ সুযোগ। তৃতীয়তে, প্ৰাকৃতিক দুৰ্যোগত দুয়োখন দেশৰ পাৰস্পাৰিক সহযোগিতা, চতুৰ্থতে স্থলসীমা চুক্তিৰ জৰিয়তে কৰা ছীটমহলৰ বিনিময়, পঞ্চমতে, দ্বিপাক্ষিক স্তৰত দুয়োখন দেশৰ উন্নত পথ আৰু ৰে'ল যোগাযোগ স্থাপন। ইয়াৰোপৰি বৰ্তমান সময়ত ভাৰত-বাংলা বাণিজ্যিক সম্পৰ্ক ১৩ মিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছিল। উল্লেখ্য যে ইয়াৰ সিংহ ভাগেই আছিল ভাৰতৰ ৰপ্তানীকৃত সামগ্ৰী। ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল বাংলাদেশ চৰকাৰৰ উত্তৰ-পূৱৰ বিদ্ৰোহী সকলৰ প্ৰতি গ্ৰহণ কৰা কঠোৰ পদক্ষেপ। এনে ধৰণৰ দ্বিপাক্ষিক প্ৰাপ্তি স্বত্ত্বেও কিন্তু বাংলাদেশৰ অপ্ৰাপ্তিৰ অভিযোগো আছিল অনেক। ইয়াৰ ভিতৰত দেশ দুখনৰ মাজেৰে বৈ যোৱা নদীৰ পানী বন্টনৰ বিষয়টো এতিয়াও অমীমাংসিত। বাংলাদেশৰ আৱামী লীগ চৰকাৰৰ সৈতে নতুন দিল্লীৰ বিশেষ ঘনিষ্টতায়ো   কোনো কোনো ক্ষেত্ৰত বাংলাদেশৰ ভাৰত বিদ্বেষত উচটনি যোগাইছে। ইয়াৰ প্ৰভাৱত কেইমাহ মান আগত দেশখনৰ সামাজিক মাধ্যমত ভাৰতীয় পণ্য বৰ্জনৰ আহ্বান আছিল লক্ষনীয়।

আন্তৰাষ্ট্ৰীয় ৰাজনীতিত বিভিন্ন দেশে অৰ্থনৈতিক অগ্ৰাধিকাৰ আৰু নিজৰ ভূ-ৰাজনৈতিক সমীকৰণৰ আধাৰত বৈদেশিক নীতি নিৰ্ধাৰণ কৰে। কুটনৈতিক সম্পৰ্কত কেৱল অতীত কৃতকৰ্মৰ প্ৰতিদানৰ সন্ধান নিৰৰ্থক। ভাৰত-বাংলা কুটনৈতিক সম্পৰ্কও ইয়াৰ ব্যতিক্ৰম হ'ব নোৱাৰে। বাংলাদেশৰ সৈতে ভাৰতৰ কুটনৈতিক সম্পৰ্ক শীতল হৈ পৰা মানেই দেশখনত চীন আৰু পাকিস্তানৰ প্ৰতক্ষ্য প্ৰভাৱ বৃদ্ধি পোাৱা। ড° ইউনুছৰ শপত গ্ৰহণৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও নতুন চৰকাৰক ইতিমধ্যে অভিনন্দন জ্ঞাপন কৰিছে। ড° ইউনুছৰ নেতৃত্বত বাংলাদেশৰ গতিপথ কি হ'ব, সেয়া হয়তো সময়ে নিৰ্ধাৰণ কৰিব। কিন্তু পৰিবৰ্তিত পৰিস্থিতিৰ যথাযথ পৰ্যালোচনাৰ মাধ্যমেৰে ভাৰত-বাংলা কুটনৈতিক সম্পৰ্ক ৰক্ষাৰ দ্বাৰা আমাৰ দেশৰ জাতীয় স্বাৰ্থ কিমানখিনি অক্ষুন্ন  থাকে সেয়া হ'ব লক্ষনীয়।

     বাহাৰুল হক
      নামৰূপ।
      ডাক-পৰ্বতপুৰ, পিন-৭৮৬-৬২৩
      জিলা-ডিব্ৰুগড়।

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

slot gacor