খিলাফত নথকাকৈ এটা শতাব্দী

নবী কৰীম মুহাম্মদ ছাল্লেল্লাহু আলাইহি ৱাছল্লামৰ মৃত্যুৰ পিছত প্রতিষ্ঠিত ৰাজনৈতিক ও ধর্মীয় নেতৃত্বেৰ ইছলামিক প্রতিষ্ঠান খিলাফত এটা শতাব্দী আগত আনুষ্ঠানিক ভাবে বিলুপ্ত হয়। 1924  বর্ষত মোস্তাফা কামাল আতাতুর্কৰ জৰিয়তে উছমানীয় খিলাফত বিলুপ্ত হৈ যোৱাটো মুছলিম  বিশ্বৰ ইতিহাসত এটা গুৰুত্বপূর্ণ দিশক চিহ্নিত কৰে। সমসাময়িক বিশ্ব ৰাজনীতিত ইয়াৰ প্রাসঙ্গিকতা আৰু অপ্রাসঙ্গিকতা পৰিক্ষা কৰি এই ৰচনাটো  খিলাফত নোহোৱাকৈ এটা শতাব্দীৰ ঐতিহাসিক প্রভাৱ আনকি ই ৰাখি যোৱা আর্থ- সামাজিক - ৰাজনৈতিক শূন্যতাকে প্রতিফলিত কৰে।

 

ঐতিহাসিক প্ৰেক্ষাপট আৰু খিলাফত বিলুপ্তিঃ

১৪ শতকত প্ৰতিষ্ঠিত উছমানী সাম্ৰাজ্য আছিল খিলাফত সূচিৰ শেষ যিটো মুছলিম উম্মাহৰ ঐক্য আৰু নেতৃত্বৰ প্ৰতিনিধিত্ব দাবি কৰি আহিছে। যিয়েই নহওক, ২০ শতকৰ আৰম্ভণিত, উছমানী সাম্ৰাজ্য তাৰ প্ৰভাৱ হেৰুৱাই পেলায়, প্রথম বিশ্বযুদ্ধৰ পৰাজয়ৰ পাছত সাম্ৰাজ্য ভাঙি যায়। আৰু ইয়াৰ অবশিষ্টাংশ সমূহ ১৯২০ চনৰ চেভৰেছ চুক্তি আৰু ১৯২৩ চনৰ লুছানেৰ চুক্তি পুনৰ গঠিত হয়। আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা  মোস্তফা কামাল আতাতুর্কৰ ১৯২৪ চনৰ খিলাফতৰ বিলুপ্তি আনকি নতুন তুৰ্কী ৰাষ্ট্ৰক ধৰ্ম নিৰপেক্ষ আৰু আধুনিকীকৰণৰ লক্ষ্য এটা সাহসী পদক্ষেপ। আতাতুর্ক খিলাফতক এটা এনেকুৱা প্ৰতিষ্ঠান হিচাবে দেখে যি তাৰ ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী তুৰস্কৰ দৃষ্টিভঙ্গিৰ লগত নিমিলে।  আতাতুর্কৰ পদক্ষেপটো এটা বিস্তৃত  সংস্কাৰৰ অংশ আছিল। যাৰ মাজত লাতিন লিপি গ্ৰহণ কৰা, ধৰ্মীয় বিদ্যালয় বন্ধ কৰা আৰু ধৰ্ম নিৰপেক্ষ আইনৰ সৈতে শ্বৰীয়া প্ৰতিষ্ঠাপন অন্তৰ্ভুক্ত আছিল।

 

সামাজিক ৰাজনৈতিক শূন্যতাঃ

খিলাফত বিলুপ্তি মুছলিম বিশ্বত ডাঙৰ এটা সামাজিক ৰাজনৈতিক শূন্যতাৰ সৃষ্টি কৰিছে। খিলাফত কেৱল ধৰ্মীয় কৰ্তৃত্বই নহয়, ই মুছলমানসকলৰ মাজত ৰাজনৈতিক ঐক্যৰো প্ৰতীক আছিল। ইয়াৰ অপসৰণৰ ফলত বহু সংখ্যক মুছলমান মন কৰে যে সিহঁত এটা ঐক্যবদ্ধ পৰিচয় হেৰুৱাই পেলাইছে। বিভিন্ন আন্দোলন আৰু পৰিসংখ্যাই এই শূন্যতা পুৰণ কৰিবলৈ আগবাঢ়ি আহে আৰু প্ৰায়েই সমৰ্থন সমাৱেশত খেলাফত পুনৰুদ্ধাৰৰ ধাৰণা কৰে যদিও সকলোটোয়ে অসফল। বিলুপ্তিৰ পিছৰ শতাব্দীত ভালে কেইটা ইছলামিক আন্দোলনৰ উত্থান ঘটে। যাৰ মাজত কেইবাটাৰ লক্ষ্য আছিল খেলাফত পুনৰুদ্ধাৰ কৰা। মিশৰৰ মুছলিম ব্ৰাদাৰহুড আৰু  আন্তর্জাতিক প্যান ইছলামবাদী সংগঠন হিজবুত্-তাহৰীৰৰ নিচিনা দলসমূহ সিহঁতৰ বক্তব্য আৰু লক্ষ্য খিলাফতৰ ধাৰণাক সক্ৰিয় কৰিছে। যিয়েই নহওক, সিহঁতৰ প্ৰচেষ্টা সত্ত্বেও কোনো আন্দোলনেই সৰ্বজনীনভাবে  স্বীকৃত খিলাফত পুনঃ প্রতিষ্ঠায় সফল হব পৰা নাই।

 

সমসাময়িক ইছলামিক আদৰ্শত খিলাফতঃ

খিলাফতৰ ধাৰণা সমসাময়িক ইছলামিক মতাদৰ্শত শক্তিশালী হৈ আছে। অনেকৰ মতে, খিলাফত  শাসন ব্যৱস্থাৰ এটা আদৰ্শ ৰূপে প্ৰতিনিধিত্ব কৰে আৰু শ্বৰীয়তৰ প্ৰয়োগে মুছলমান উম্মাহৰ ঐক্য নিশ্চিত কৰে। এই দৃষ্টিভংগীটো মুছলমান বিশ্বৰ বিদ্যমান জাতি-ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে তীব্ৰ বিপৰীত্য কৰে, যিটোক বহু ইছলাম পন্থী  পশ্চিমীয়া সাম্ৰাজ্যবাদৰ পন্য হিচাপে দেখে।  খিলাফতক পুনৰুজ্জীৱিত কৰাৰ আটাইতকৈ উল্লেখযোগ্য সমসাময়িক প্ৰচেষ্টা হ'ল ইছলামিক ষ্টেট (আই এচ আই এচ) যিটো ২০১৪ চনত আবু বকৰ আল বাগদাদীক খলিফা হিচাবে ঘোষণা কৰিছিল। এই স্বঘোষিত খিলাফতক বিভিন্ন মুছলমান পণ্ডিত আৰু নেতাই ব্যাপক নিন্দা কৰে আৰু অৱশেষত আন্তর্জাতিক জোঁটৰ সামৰিক আক্ৰমণত পৰাজয়ৰ সন্মুখিন হয়। যিয়েই নহওক, খিলাফত সন্ত্রাসী গোষ্ঠীসমূহৰ মাজত আকৰ্ষণীয় হৈ ৰৈ গৈছে৷  যিসকলে এইটোক সিহঁতৰ কৰ্মৰ ন্যায্যতা প্ৰমাণ কৰিবলৈ আৰু নিয়োগকাৰীসকলক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰে। সেয়ে বহুতৰ মতে, এই গোষ্ঠীটোৰ আঁৰত পশ্চিমা কোনো ষড়যন্ত্ৰ আছে।

 

আজিৰ খিলাফতৰ প্ৰাসঙ্গিকতা আৰু অপ্রাসঙ্গিকতাঃ

যদিও খিলাফতৰ ধাৰণাটো কোনোৱা কোনোৱাৰ বাবে আবেগ গত আৰু আদৰ্শগত তাৎপৰ্য্য ৰাখে, সেয়ে সমসাময়িক ৰাজনীতিত ইয়াৰ ব্যৱহাৰিক প্ৰাসঙ্গিকতাক লৈ বহু বিতৰ্ক আছে। আধুনিক জাতি-ৰাষ্ট্ৰ ব্যৱস্থা, যিয়ে সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ উপৰত যোৰ দিয়ে, মুছলমান বিশ্ব সহ গোটেই বিশ্বত ৰাজনৈতিক সংগঠনৰ প্ৰভাৱশালী শৃঙ্খলিত হৈ উঠিছে।

বহু পণ্ডিত যুক্তি আগবঢ়ায় যে এটা প্ৰতিষ্ঠান হিচাপে খিলাফত কালাতীত আৰু আধুনিক ৰাজনৈতিক বাস্তৱতাৰ সৈতে সামঞ্জস্যপূর্ণ নহয়। সিহঁত যুক্তি দিয়ে যে মুছলিম বিশ্বৰ মুখামুখি দাৰিদ্ৰ, দুৰ্নীতি আৰু ৰাজনৈতিক নিপীড়নৰ  চ্যালেঞ্জ সমূহ জাতি-ৰাষ্ট্ৰৰ কাঠামোৰ মাজত সর্বোত্তমভাৱে সন্মুখিন হব পাৰে। এটা চুপাৰ ন্যাশনাল খিলাফতৰ পুনৰুজ্জীৱনৰ মাধ্যমত নহয়।

 

ধৰ্ম নিৰপেক্ষতা আৰু ৰাজনীতিক ইছলাম লৈ বিতৰ্কঃ

খিলাফতৰ বিলুপ্তি ৰাজনীতিত ইছলামৰ ভুমিকা লৈ ব্যাপক বিতর্কৰ সূচনা কৰে। তুৰস্কত আতাতুর্কৰ ধৰ্ম নিৰপেক্ষ সংস্কাৰ সমূহ অন্যান্য মুছলিম সংখ্যাগৰিষ্ঠ দেশসমূহৰ কাৰণে ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ সৈতে খাপ খুৱাকৈ চলাৰ দৃষ্টান্ত স্থাপন কৰিছে। এই বিতর্কটো আজি মুছলিম বিশ্বত ধৰ্ম নিৰপেক্ষতা আৰু ৰাজনীতিক ইছলামৰ ভিবিন্ন পদ্ধতিৰ সৈতে ৰাজনৈতিক বক্তৃতাক ৰূপ দিবলৈ বিচাৰিছে।

মিচৰ, তিউনিছিয়া আৰু পাকিস্তানৰ নিচিনা দেশত ধৰ্ম নিৰপেক্ষ আৰু ইছলাম পন্থী শক্তিৰ মাজত দ্বন্দ্ব, ৰাজনৈতিক অস্থিতিশীলতা আৰু সংঘাতৰ জন্ম দিছে। শাসন ব্যৱস্থায় ইছলামৰ ভুমিকা সংজ্ঞায়িত কৰাৰ সংগ্রাম এটা কেন্দ্রীয় বিষয় হিচাবে ৰৈ গৈছে৷ কোনো কোনোৱে এটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পক্ষে যুক্তি দিছে যি ধৰ্মক ৰাজনৈতিকৰ বাহিৰত ৰাখে। আন কিছুমানে এটা ইছলামী ৰাষ্ট্ৰৰ বাবে চাপ প্রয়োগ কৰে য'ত শ্বৰীয়ত দেশৰ আইন।

 

খিলাফতৰ উত্তৰাধিকাৰৰ প্ৰতিফলনঃ

খিলাফত নথকা শতাব্দীটো আছিল মুছলিম বিশ্বত উল্লেখযোগ্য পৰিৱৰ্তন আৰু উত্থানৰ সময়। খিলাফতৰ উত্তৰাধিকাৰ সমসাময়িক ৰাজনৈতিক আনকি ধৰ্মীয় চিন্তাধাৰাক প্ৰভাৱিত কৰি আছিল; যিটো শাসন, পৰিচয় আৰু জনজীৱনত ইছলামৰ ভুমিকা সম্পৰ্কে বিতৰ্কৰ কাৰণে এটা স্পৰ্শকাতৰ হিচাপে কাম কৰে।

যদিও এইখন এখন প্ৰতিষ্ঠান হিচাবে খিলাফত আৰু কাৰ্য্যকৰী নহবও পাৰে তথাপিও ইয়াৰ প্ৰতীকী শক্তি ৰৈ গৈছে৷ কোনোৱা কোনোৱাৰ ওচৰত এইটো ইছলামী ঐক্য আৰু ন্যায়বিচাৰৰ হেৰুৱাই যোয়া স্বৰ্ণ যুগৰ প্ৰতিনিধিত্ব কৰে, আন সকলৰ বাবে এইটো এটা বিগত যুগৰ এটা ধ্বংসাবশেষ যাৰ আধুনিক বিশ্বত কোনো স্থান নাই।  এই ঐতিহাসিক উত্তৰাধিকাৰক সমসাময়িক শাসন ব্যৱস্থা প্ৰয়োজন আৰু বাস্তৱতাৰ সৈতে খাপ খোৱাটোই আজিৰ মুছলিম বিশ্বৰ সন্মুখত প্ৰত্যাহ্বান।

এটা শতাব্দী আগত খিলাফত বিলুপ্তি ইছলামৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তি ঘটায়। যদিও ইয়াৰ অনুপস্থিতি কিছু লোকৰ ক্ষতি আনকি নস্টালজিয়া সৃষ্টি কৰিছে৷ এইটো মুছলিম বিশ্বৰ নতুন ৰাজনৈতিক সংগঠন আনকি ধাৰণাৰ পথ। খিলাফতৰ প্ৰাসঙ্গিকতা লৈ বিতর্ক সমূহ সমসাময়িক বক্তৃতাৰ আকাৰ দিবলৈ গৈছে৷ ঐতিহ্য আৰু আধুনিকতাৰ মাজত আনকি ধৰ্মীয় আৰু ধৰ্ম নিৰপেক্ষ দৃষ্টিভঙ্গিৰ মাজত বিস্তৃত উত্তেজনা প্ৰতিফলিত কৰে।

মুছলিম বিশ্বই যেতিয়া এই প্ৰত্যাহ্বানসমূহক সন্মুখীন কৰে, খিলাফতৰ পিছৰ সময় ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ জটিলতা আনকি বিকশিত সম্পৰ্কৰ অনুস্মাৰক হিচাপে কাম কৰে। এই সম্পৰ্কৰ ভৱিষ্যত নিৰ্ভৰ কৰিব মুছলিম সমাজৰ নিজৰ মূল মূল্যবোধ আৰু নীতিৰ প্ৰতি সত্য থকাৰ ওচৰা ওচৰি পৰিৱৰ্তিত পৰিস্থিতিত খাপ খুৱাই নিয়াৰ ক্ষমতাৰ ওপৰত।

 

 

অনুবাদকঃ আব্দুৰ ৰৌফ ফাৰুকী

Related Posts

Leave A Comment

Voting Poll

Get Newsletter