ভাৰতৰ জনসংখ্যাঃ সম্পদ নে শংকা ?
ভাৰতৰ জনসংখ্যাই সম্ভৱত চীনৰ জনসংখ্যাক অতিক্ৰমি গৈছে। 'সম্ভৱত' বুলি এইকাৰণেই উল্লেখ কৰিব লগা হৈছে, কাৰণ ভাৰত যে এতিয়াই বিশ্বৰ আটাইতকৈ জনবহুল দেশ তাৰ কোনো অকাট্য প্ৰমাণ নাই। ২০২১ চনত ভাৰতত লোকপিয়ল হ'ব লাগিছিল যদিও বিশ্বত দেখা দিয়া ক'ৰোনা মহামাৰীৰ বাবে এইপৰ্যন্ত হোৱা নাই। ৰাষ্ট্ৰসংঘই ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ভাৰতেই বিশ্বৰ আটাইতকৈ জনবহুল দেশ বুলি অভিমত প্ৰকাশ কৰিছে, যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব লোকপিয়ল দপ্তৰ আৰু 'ওৱাল্ডো মিটাৰ' আদিৰ দৰে স্বতন্ত্ৰ তথ্য সংস্থাৰ পৰিসংখ্যাৰ লগত ৰাষ্ট্ৰসংঘৰ অভিমতৰ কোনো মিল নাই। অৱশ্যে ভাৰতত নতুনকৈ লোকপিয়ল সম্পন্ন হলে ভাৰত অচিৰেই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ পৰাৰো পূৰ্ণ সম্ভাৱনা আছে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল বৰ্তমান বিশ্বৰ বিভিন্ন দেশৰ জনসংখ্যা কমি আহিছে। আজিৰ সময়ত বিশ্বৰ প্ৰায় ৮০ খন দেশৰ জনসংখ্যা স্বল্প জন্মহাৰৰ বাবে কমি আহিছে। ইয়াৰ বিপৰীতে ভাৰতৰ ক্ষেত্ৰত অনুমান কৰা হৈছে যে ২০৬৪ চনলৈ ভাৰতত জনসংখা বৃদ্ধি পাব আৰু প্ৰায় ৩০ কোটি। ইয়াৰ পিছত দেশখনৰ জনসংখ্যাৰ দ্ৰুত পতন ঘটিব। এইখিনিতে প্ৰশ্ন হ'ল- ভাৰতৰ এই বিশাল জনসংখ্যা ভাৰতৰ বাবে আৰ্শীবাদ হ'ব নে অভিশাপ ৰূপে বিবেচিত হ'ব ?
কঠোৰ জনসংখ্যা নীতি অবিহনে ভাৰতৰ দৰে এখন দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। একেদৰে এই বিপুল জনসংখ্যাৰ শক্তিক মানৱ সম্পদলৈ ৰূপান্তৰ কৰিব নোৱাৰাটোও ৰাষ্ট্ৰৰ বাবে হানিকাৰক। বৰ্তমান ভাৰতত কৰ্মক্ষম লোকৰ সংখ্যা ৫৪.২ কোটি। ২০৫০ চন পৰ্যন্ত এই সংখ্যা আৰু ১৮.৩ কোটি বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। অৰ্থাৎ বিশ্বৰ প্ৰতি চাৰিজন কৰ্মক্ষম লোকৰ মাজৰ এজন হ'ব ভাৰতীয়। একেদৰে জনসংখ্যা বৃদ্ধিৰ লগে-লগে ভাৰতত পণ্য আৰু সেৱাৰ চাহিদা বৃদ্ধি পাব। ভোগ্য পণ্যৰ বজাৰৰ আয়তনৰ নিৰিখত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ স্থানত। ২০৪৭ চন পৰ্যন্ত এই বজাৰৰ আয়তন বৰ্তমানৰ তুলনাত দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতত যিহেতু মজুৰীৰ হাৰ তুলনামূলক ভাৱে কম, সেইবাবে ভাৰত বিশ্ব উৎপাদন কেন্দ্ৰ হৈ উঠাৰো সম্ভাৱনা অধিক। অতীতৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে কৰ্মক্ষম বয়সৰ জনসংখ্যা এক শতাংশ বৃদ্ধি পালে অৰ্থ ব্যৱস্থাত জনমূৰি আয় বৃদ্ধি পায় পাঁচ শতাংশ। জনসংখ্যা বৃদ্ধিৰ সুবিধাক কামত লগাব পাৰিলে ২০৬১ চনলৈ ভাৰতৰ জি ডি পি অতিৰিক্ত ৪৩ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে।
অনুমান কৰা হৈছে যে ২০৪৭ চনলৈকে ভাৰতত প্ৰায় ১১০ কোটি কৰ্মক্ষম লোক থাকিব। যি সমগ্ৰ ইউৰোপৰ জনসংখ্যাৰ ১.৬ গুণ। বিশাল কৰ্মক্ষম জনসংখ্যা মানেই কিন্তু বিপুল সংখ্যক শ্ৰমিকক নুবুজায়। আন্তৰ্জাতিক শ্ৰম সংগঠনৰ এক তথ্য অনুসৰি ভাৰতত এল এফ পি আৰ অৰ্থাৎ লেবাৰ ফোৰ্চ পাৰ্টিচিপেশ্বন ৰেট মাত্ৰ ৫২ শতাংশ। ইয়াৰ বিপৰীতে আমেৰিকাত এই হাৰ ৭৩ শতাংশ, চীনত ৭৬ শতাংশ। ভাৰতত মহিলা সকলৰ মাজত এল এফ পি আৰ মাত্ৰ ২২ শতাংশ। ভাৰতৰ সকলো কৰ্মক্ষম লোকক উৎপাদনশীল কৰ্মত নিয়োজিত কৰিব নোৱাৰিলে দেশৰ জাতীয় উৎপাদনো বৃদ্ধি নহ'ব। এই সমস্যা সমাধানৰ বাবে আগন্তক দহ বছৰৰ ভিতৰত ভাৰতত কেৱল মহিলা সকলৰ বাবেই ৪.৫ কোটি কৰ্মসংস্থাপন সৃষ্টিৰ প্ৰয়োজন আছে। ইয়াৰ বাবে প্ৰয়োজন গুণমান সম্পন্ন শিক্ষা, দক্ষতাৰ বিকাশ আৰু সুস্বাস্থ্য। বৰ্ধিত জনসংখ্যাক সম্পদলৈ ৰূপান্তৰৰ এয়াই প্ৰাথমিক চৰ্ত। কিন্তু ভাৰতত দক্ষতাৰ অভাবে উৎপাদনশীলতা বৃদ্ধিক প্ৰভাৱিত কৰিব পাৰে। ভাৰতৰ মুঠ শ্ৰম শক্তিৰ মাত্ৰ তিনি শতাংশহে দক্ষ শ্ৰমিক। ভাৰতৰ মুঠ আভ্যন্তৰীণ উৎপাদনৰ প্ৰায় ৩০ শতাংশ আহে শ্ৰম শক্তিৰ লগত জড়িত শিল্পক্ষেত্ৰৰ পৰা।
১৯৯২ চনৰ পৰা ২০১৯ চনলৈ ভাৰতত প্ৰতি এক শতাংশ জি ডি পি বৃদ্ধি ঘটাত ১৩ লক্ষ নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। ভাৰতত জনসংখ্যা অনুপাতে নতুনকৈ ২৩.১ কোটি কৰ্মসংস্থাপনৰ প্ৰয়োজন । কিন্তু ভাৰতৰ মুঠ সম্পদৰ সিংহভাগ জনসংখ্যাৰ এটা ক্ষুদ্ৰ অংশই কুক্ষিগত কৰি ৰাখিছে। বিগত অতিমাৰীৰ সময়ছোৱাত এই ব্যৱধান আৰু বৃদ্ধিহে পাইছে। ভাৰতৰ ৯০ শতাংশতকৈও অধিক সম্পত্তিৰ মালিক কেইজনমান মুষ্টিমেয় পুঁজিপতি। দেশৰ জনসংখ্যাৰ ১০ শতাংশৰ হাতত আছে ৭২ শতাংশ সম্পদ। এই অসমতা কিন্তু দেশৰ অৰ্থনৈতিক প্ৰগতিৰ পৰিপন্থী। ভাৰতৰ বৰ্ধিত জনসংখ্যাক উৎপাদনমুখী কামত ব্যৱহাৰ কৰিবলৈ হলে প্ৰয়োজন সু-নিৰ্দিষ্ট আৰু এক বহুমুখী পৰিকল্পনা। ২০২০ চনৰ এক সমীক্ষা অনুসৰি অতিমাৰী পৰবৰ্তী সময়ত শিশু সকলৰ মৌলিক স্বাক্ষৰতাৰ স্তৰ আৰু সাধাৰণ গণিতৰ দক্ষতা ২০১২ চনৰ আগৰ স্তৰলৈ নামি আহিছে। গতিকে ভাৰতৰ জনসংখ্যাক উৎপাদনমুখী কৰি মানৱ সম্পদলৈ ৰূপান্তৰিত কৰাৰ বাবে ২০২৫ চনৰ ভিতৰত সকলো শিক্ষাৰ্থীৰ মাজত ন্যূন্যতম স্বাক্ষৰতা আৰু প্ৰাথমিক গণিতৰ দক্ষতা অৰ্জনত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। নতুন জাতীয় শিক্ষানীতিত কোৱা হৈছে যে ২০২৫ চন পৰ্যন্ত ৫০ শতাংশ শিক্ষাৰ্থী বৃত্তিমূলক শিক্ষাৰ সংস্পৰ্শলৈ আহিব। কিন্তু যিটো সময়ত এতিয়াও ভাৰতৰ জি ডি পিৰ মাত্ৰ তিনি শতাংশহে শিক্ষাখণ্ডত খৰচ কৰা হৈছে, তেনে অৱস্থাত সেই লক্ষ্যত উপনীত হোৱাটো কিমানখিনি সম্ভৱ, সেয়া সময়েহে ক'ব।
কোনো এখন দেশৰ বাবেই ইয়াৰ অনাকাংক্ষিত জনসংখ্যাক হঠাতে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। গতিকে তেনে পৰিস্থিতিত বৰ্ধিত জনসংখ্যাক শংকাৰ পৰিবৰ্তে সম্পদলৈ পৰিবৰ্তন কৰিব পৰাটোৱেই হ'ব আটাইতকৈ বুদ্ধিমানৰ কাম। ইয়াৰ বাবে প্ৰয়োজন হ'ব সু-নিৰ্দিষ্ট আৰু বহুমুখী পৰিকল্পনা। লগতে ৰাজনৈতিক আৰু আমোলাতান্ত্ৰিক সদিচ্ছা। অৰ্থাৎ ভাৰতৰ জনসংখ্যা দেশখনৰ বাবে সম্পদ নে শংকাৰ কাৰণ হ'ব, সেয়া নিৰ্ভৰ কৰিব ৰাষ্ট্ৰীয় নীতিয়ে।
লেখকৰ চমু পৰিচয়ঃ বাহাৰুল হক, ডিব্ৰুগড় জিলাৰ নামৰূপত বসবাস কৰা এজন লেখক। অসমৰ বহুল প্ৰচলিত দৈনিক কাকত " আমাৰ অসম ", "দৈনিক জনমভূমি" "নিয়মীয়া বাৰ্তা" , ""প্ৰান্তৰ" আদিৰ লগতে বিভিন্ন আলোচনীতো তেখেতৰ বহুতো চিন্তাশীল নিবন্ধ প্ৰকাশিত হৈছে। তেখেতে ২০২২ বৰ্ষৰ অসম সাহিত্য সভাৰ "বিষ্ণুৰাভা বঁটা" বিজয়ী হয়। লেখক বাহাৰুল হকৰ প্ৰথমখন অনুবাদমূলক গ্ৰন্থ হ'ল- "অসমত নাগৰিকত্ব হৰণৰ দহনলিপি"।