বৰদিন বা খ্ৰীষ্টমাছ কোনে পালন কৰে আৰু কিয় কৰে ?

বৰদিন বা খ্ৰীষ্টমাছ Christmas  খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে ঈচা (আ:) তথা যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। কিন্তু এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন বুলি জনা নাযায় যদিও আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়। অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিৱসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়। আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বিশ্বাস কৰে যিশু আল্লাহৰ পুত্ৰ এতেকে তেওঁলোকৰ বিশ্বাস ২৫ ডিচেম্বৰত আল্লাহৰ পুত্ৰ জন্ম হৈছে।  (নাউজুবিল্লাহ)

ঈছায় ধৰ্মীয় লোক সকলৰ দৰে আমিও ঈচা (আ:) তথা যিশুক সন্মান কৰোঁ। কাৰণ ঈচা মাচি ( ঈচা আ:) হৈছে আল্লাহৰ প্ৰেৰিত এজন নবী এই বিষয়ে আমি পূৰ্ণ জ্ঞাত। তেওঁৰ বিষয়ে আমাৰ মহাগ্ৰন্থ আল কোৰআনত উল্লেখ আছে । কিন্তু তেওঁলোকৰ আকিদা আৰু আমাৰ আকিদাৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে বিশ্বাস কৰে ঈচা ইবনে মাৰীয়াম আল্লাহৰ পুত্ৰ। আৰু আমি বিশ্বাস কৰোঁ ঈচা ইবনে মাৰীয়াম আল্লাহৰ নবী। তেওঁ কিয়ামতৰ আগে আগে  পৃথিৱীত আকৌ  অৱতৰণ  কৰিব। তেওঁ পৃথিৱীত অৱতৰণ কৰি সকলোকে আকৌ আল্লাহৰ একত্ববাদৰ কথা বুজাব। তেওঁ নিজেই ক'ব মই আল্লাহৰ পুত্ৰ নহয় বৰঞ্চ আল্লাহৰ নবী হওঁ। তেতিয়া সকলো ইছায় ধৰ্মীয় লোকসকলেও তেওঁৰ কথা বিশ্বাস কৰিব আৰু এক আল্লাহৰ ইবাদাত কৰিব। আৰু এইটোৱে সত্য। 

সকলো ইছলাম ধৰ্মীয় লোকেই জানে তথা আকিদা ৰাখে যে আল্লাহ এক-অদ্বিতীয়, আল্লাহ হৈছে চামাদ তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই। 

যদি কোনোবাই বিশ্বাস কৰে যে আল্লাহৰ পুত্ৰ জন্ম হৈছে, তেতিয়াহ'লে তেওঁ কুৰআনক অমান্য কৰিলে, লগতে আল্লাহক গালি দিলে। কিয়নো আল্লাহৰ সন্তান আছে বুলি অপবাদ দিয়াক হাদীছত আল্লাহক গালি-শপনি পাৰা বুলি আখ্যায়িত কৰা হৈছে। 

এই বিষয়ে ইবনে আব্বাছ ৰাজি আল্লাহু আনহুৰ দ্বাৰা বর্ণিত এটা হাদীছত আহিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে কৈছেঃ “আল্লাহে কৈছে, মানুহে মোৰ প্ৰতি মিছা আৰোপ কৰে, অথচ সিহঁতৰ বাবে এইটো উচিত নহয়। মানুহে মোক গালি-শপনি দিয়ে, অথচ সেইটোও সিহঁতৰ বাবে উচিত নহয়। মিছা আৰোপ কৰাৰ অর্থ হৈছে, সিহঁতে কয়ঃ মই সিহঁতক মৃত্যুৰ পাছত জীৱিত কৰি পূর্বৰ দৰে কৰিবলৈ সক্ষম নহয়। আনহাতে গালি দিয়াৰ অর্থ হৈছে, সিহঁতে কয় যে মোৰ পুত্র আছে, অথচ পত্নী আৰু সন্তান গ্রহণ কৰাৰ পৰা মই পৱিত্র।”  (বুখাৰীঃ ৪৪৮২)

আল্লাহে কোৰআনৰ ছুৰাহ 'আল-বাক্বাৰাহ, আয়াত নং ১১৬ত কৈছেঃ সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে, তেওঁ ইয়াৰ পৰা অতি পৱিত্ৰ। আকৌ কুৰআনৰ ছুৰাহ মাৰীয়ামৰ আয়াত নম্বৰ ৮৮-৮৯, ৯১, ৯২ ত আল্লাহে কৈছে  সিহঁতে কয়, 'ৰহমানে (আল্লাহৰ এটা নাম) সন্তান গ্ৰহণ কৰিছে'। নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা; এই কাৰণে যে সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে। অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।

ৰাছুলুল্লাহ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে আন এক হাদিছত উল্লেখ কৰিছে কষ্টদায়ক কথা শুনাৰ পাছত আল্লাহতকৈ অধিক ধৈর্যশীল আন কোনো নাই, মানুহে তেওঁৰ ওপৰত মিছা আৰোপ কৰি সন্তান সাব্যস্ত কৰে, তাৰ পাছতো তেওঁ সিহঁতক নিৰাপদে ৰাখে আৰু জীৱিকা দান কৰে।” 

(বুখাৰীঃ ৭৩৭৮, মুছলিমঃ ২৮০৪)

গতিকে, য'ত প্ৰকাশ্যভাৱে আল্লাহৰ বাণীক অপমান কৰা হৈ আছে, প্ৰকাশ্যভাৱে শ্বিৰ্ক কৰা হৈ আছে আল্লাহক গালি পাৰি আছে ভুল ধাৰণা এটাক সন্মতি দিয়া হৈ আছে যদিও তেওঁলোকে প্ৰকৃত অৰ্থ নুবুজাৰ কাৰণে কৰি আছে কিন্তু সেই উৎসৱত মুছলমান ভাই-ভনীসকলে কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে? Merry Christmas ত এজনে আনজনক আল্লাহৰ পুত্র যিশুৰ জন্মদিনৰ শুভেচ্ছা জনায় থাকিব পাৰে? 

ওয়াল্লাহি তাত বহুতো মুচলমান সকলেও সম্মতি দিয়ে যে আল্লাহে এই দিনত পুত্র সত্নান জন্ম দিছিল, আমিও ইয়াৰ প্ৰতি সম্মান জনাও, তোমালোকৰ চিন্তাৰ লগত আমিও সহমত! নাউজুবিল্লাহ! ইয়াতকৈ ডাঙৰ মুনাফিকি আৰু কি হ'ব পাৰে? য'ত এবাৰ নামাজত ছুৰাহ  ইখলাছ তিলাৱাত কৰোঁতে কৈ আছে "আল্লাহ এক আল্লাহৰ কোনো সন্তান নাই আৰু তেৱোঁ জন্ম লোৱা নাই।" ছুৰাহ কাফিৰুন'ত  তিলাৱত কৰি আছে  "কোৱা, হে কাফিৰসকল! তোমালোকে যাৰ ইবাদাত কৰা, মই তাৰ ইবাদাত নকৰোঁ। আৰু মই যাৰ ইবাদাত কৰোঁ, তোমালোক তেওঁৰ ইবাদাতকাৰী নহয়। আৰু মই তাৰ ইবাদাতকাৰী নহয়, যাৰ ইবাদাত তোমালোকে কৰা। আৰু মই যাৰ ইবাদাত কৰোঁ, তোমালোক তেওঁৰ ইবাদাতকাৰী নহয়। তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।"

শাহিনুৰ আলম

Related Posts

Leave A Comment

Voting Poll

Get Newsletter

https://epakkin.dindikbudkabpekalongan.com/sgc/ https://sippt.dpmptsp-jkt.com/files/
slot gacor