জি-৭ সন্মিলনত মোদী–ট্ৰাম্প মুখামুখি: বিশ্ব ৰাজনীতিত নতুন কূটনৈতিক আগ্ৰহ
অহা ১৫ৰ পৰা ১৭ জুনলৈ ফ্ৰান্সৰ এভিয়ান-লেছ-বেইন্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলন (G7 Summit 2026)ক কেন্দ্ৰ কৰি বিশ্ব ৰাজনীতিত নতুন কূটনৈতিক তৎপৰতা লক্ষ্য কৰা গৈছে। এই সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মাজত এক গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনাই আন্তঃৰাষ্ট্ৰীয় মহলত বিশেষ আগ্ৰহৰ সৃষ্টি কৰিছে।
যদিও ভাৰত জি-৭ৰ স্থায়ী সদস্য নহয়, তথাপিও বিশেষ আমন্ত্রিত ৰাষ্ট্ৰ হিচাপে দেশখন নিয়মিতভাৱে এই সন্মিলনত অংশগ্ৰহণ কৰি আহিছে। এইবাৰ ফৰাচী ৰাষ্ট্ৰপতি ইমানুওয়েল ম্যাক্ৰনৰ বিশেষ আমন্ত্ৰণত মোদীয়ে সন্মিলনত যোগদান কৰিব।
কূটনৈতিক সূত্ৰ অনুসৰি, সম্ভাব্য এই বৈঠক অনুষ্ঠিত হ’লে প্ৰায় ডেৰ বছৰৰ ভিতৰত এয়াই হ’ব মোদী আৰু ট্ৰাম্পৰ প্ৰথম মুখামুখি আলোচনা। শেষবাৰৰ বাবে ২০২৫ চনৰ ফেব্ৰুৱাৰীত হোৱাইট হাউছত দুয়োগৰাকী নেতাৰ বৈঠক হৈছিল।
ইৰান সংকট আৰু বিশ্ব আশংকা
এইবাৰৰ জি-৭ সন্মিলনৰ গুৰুত্ব অধিক বৃদ্ধি কৰিছে মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিয়ে। ইৰান–মধ্যপ্ৰাচ্য সংঘাত তীব্র ৰূপ লোৱাৰ ফলত সমগ্ৰ অঞ্চলত অস্থিৰতা বৃদ্ধি পাইছে। বিশেষকৈ হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি বিশ্বজুৰি চিন্তা দেখা দিছে।
বিশ্বৰ অন্যতম ব্যস্ত আৰু কৌশলগতভাৱে গুৰুত্বপূর্ণ এই সামুদ্রিক পথেদি দৈনিক প্ৰায় ২০ৰ পৰা ২২ মিলিয়ন বেৰেল অপৰিশোধিত তেল বিশ্ববজাৰলৈ ৰপ্তানি হয়। লগতে বৃহৎ পৰিমাণৰ তৰলীকৃত প্রাকৃতিক গেছো এই পথেই বিভিন্ন দেশলৈ যায়।
বর্তমান সংঘাতৰ ফলত ইৰানে এই প্ৰণালীত বাধা সৃষ্টি কৰাৰ আশংকাই বিশ্বব্যাপী জ্বালানি যোগানত অনিশ্চয়তা সৃষ্টি কৰিছে। আনহাতে আমেৰিকাই অঞ্চলটোত যুদ্ধজাহাজ নিয়োগ কৰি তেহৰানৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ফলত ভাৰতসহ বহু দেশত ইন্ধনৰ মূল্যবৃদ্ধি আৰু যোগান সংকটৰ আশংকা বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলৰ মতে, এনে জটিল সময়ত মোদী–ট্ৰাম্প বৈঠকত মধ্যপ্ৰাচ্য, শক্তি নিৰাপত্তা আৰু বিশ্ব অর্থনৈতিক স্থিতিশীলতা অন্যতম আলোচ্য বিষয় হ’ব পাৰে।
সম্ভাব্য আলোচ্য বিষয়
জি-৭ সন্মিলনৰ পাৰ্শ্বত সম্ভাব্য এই বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ আন্তর্জাতিক আৰু দ্বিপাক্ষিক বিষয় উত্থাপিত হোৱাৰ সম্ভাৱনা আছে। যেনে বাণিজ্য আৰু শুল্কনীতি, ভু-ৰাজনীতি আৰু নিৰাপত্তা, প্ৰতিৰক্ষা সহযোগিতা ইত্যাদিৰ ওপৰত বিশেষ আলোচনা হোৱাৰ সম্ভাৱনা আছে।
বাণিজ্য আৰু শুল্কনীতি
সাম্প্ৰতিক সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত শুল্কনীতি আৰু বাণিজ্যিক মতবিৰোধ বৃদ্ধি পাইছিল। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত কঠোৰ শুল্ক আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ সম্পর্ক কিছুটা উত্তেজনাপূর্ণ হৈ উঠিছিল। সম্ভাব্য বৈঠকত এই উত্তেজনা হ্ৰাস আৰু বাণিজ্যিক সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা হ’ব পাৰে।
ভূ-ৰাজনীতি আৰু নিৰাপত্তা
ইণ্ডো-পেচিফিক অঞ্চল, বিশ্ব যোগান শৃংখল, ইউক্ৰেইন যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ সংকটক লৈও আলোচনা সম্ভাৱনা আছে। বিশেষকৈ চীনৰ প্ৰভাৱ বৃদ্ধিৰ প্ৰেক্ষাপটত ভাৰত–আমেৰিকা কৌশলগত সহযোগিতা অধিক গুৰুত্বপূর্ণ হৈ উঠিছে।
প্রতিৰক্ষা সহযোগিতা
দুয়োখন দেশৰ মাজত প্রতিৰক্ষা সহযোগিতা বিগত কিছু বছৰত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। সামৰিক প্ৰযুক্তি, সামুদ্রিক নিৰাপত্তা আৰু কৌশলগত অংশীদাৰিত্বৰ বিষয়সমূহো আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব পাৰে।
মোদী–ট্ৰাম্প সম্পর্কৰ উত্থান-পতন
নৰেন্দ্ৰ মোদি আৰু ডোনাল্ড ট্ৰাম্প-ৰ সম্পর্ক সদায়ে বিশ্ব ৰাজনীতিত বিশেষ চর্চাৰ বিষয় হৈ আহিছে। কেতিয়াবা এই সম্পর্ক আন্তৰিক বন্ধুত্বৰ নিদর্শন হিচাপে দেখা গৈছে, আনহাতে কেতিয়াবা মতবিৰোধ আৰু কূটনৈতিক উত্তেজনাও স্পষ্ট হৈ উঠিছে।
২০২৫ চনৰ ফেব্ৰুৱাৰীত হোৱাইট হাউছত অনুষ্ঠিত বৈঠকত ট্ৰাম্পে মোদীক “মোৰ মহান বন্ধু” (my great friend) বুলি অভিহিত কৰিছিল। সেই সময়ত দুয়োখন দেশে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছিল। আন্তর্জাতিক মহলত সেই বৈঠকক ভাৰত–আমেৰিকা সম্পর্কৰ নতুন অধ্যায় বুলি বিবেচনা কৰা হৈছিল।
কিন্তু তাৰ পিছতেই সম্পর্কত কিছু উত্তেজনা দেখা যায়। ভাৰত–পাকিস্তান উত্তেজনাৰ সময়ত ট্ৰাম্পে যুদ্ধবিৰতিৰ কৃতিত্ব নিজৰ বুলি দাবী কৰাত নতুন বিতর্কৰ সৃষ্টি হয়। তেওঁ দাবী কৰিছিল যে আমেৰিকাৰ বাণিজ্যিক চাপৰ ফলতেই দুয়োখন পাৰমাণৱিক শক্তিধৰ দেশ সংঘাতৰ পৰা আঁতৰি আহিছিল। যদিও ভাৰত এই দাবী স্পষ্টভাৱে বৰ্জন কৰি কৈছিল যে যুদ্ধবিৰতি সম্পূর্ণ দ্বিপাক্ষিক আলোচনাৰ ফল।
ইয়াৰ পিছত কানাডাত অনুষ্ঠিত জি-৭ সন্মিলনত মোদী–ট্ৰাম্প বৈঠকৰ সম্ভাৱনা থাকিলেও ট্ৰাম্প আচমকাকৈ সন্মিলন ত্যাগ কৰাত সেই সাক্ষাৎ অনুষ্ঠিত নহ’ল। পিছত ৱাশ্বিংটনত সংক্ষিপ্ত বৈঠকৰ প্ৰস্তাৱো ভাৰত গ্ৰহণ নকৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছিল।
ৰাছিয়ান তেল আৰু বাণিজ্যিক উত্তেজনা
দুয়োখন দেশৰ সম্পর্ক অধিক জটিল হৈ উঠে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক কেন্দ্ৰ কৰি। আমেৰিকাৰ একাংশ ৰাজনৈতিক মহলে অভিযোগ কৰিছিল যে ভাৰতৰ ৰাছিয়ান তেল ক্ৰয়ে ইউক্ৰেইন যুদ্ধৰ সময়ত মস্কোক পৰোক্ষভাৱে সহায় কৰি আছে।
আনহাতে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত কঠোৰ শুল্ক আৰোপ কৰাৰ ফলত বাণিজ্যিক সম্পর্কতো চাপ বৃদ্ধি পায়। কিন্তু এই সমগ্ৰ সময়ত মোদী চৰকাৰে তুলনামূলক সংযত আৰু দৃঢ় অৱস্থান বজাই ৰাখিছিল।
অৱশ্যে পৰৱৰ্তী সময়ত সম্পর্কত কিছু উষ্ণতা ঘূৰি আহে। ট্ৰাম্পে মোদীক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ পিছত পুনৰ বাণিজ্যিক আলোচনা গতি লাভ কৰে। শুল্ক হ্ৰাস আৰু এটা প্রাথমিক বাণিজ্যিক কাঠামো গঠনৰ ক্ষেত্ৰত কিছু অগ্ৰগতি হোৱাৰ কথাও প্ৰকাশ পাইছিল।
বিশ্বৰ দৃষ্টি ফ্ৰান্সত
বর্তমান বিশ্ব পৰিস্থিতিত জি-৭ সন্মিলন ২০২৬ (G7 Summit 2026) কেৱল এটা নিয়মীয়া আন্তর্জাতিক সন্মিলন নহয়; বৰঞ্চ এইটো বিশ্ব ৰাজনীতি, শক্তি নিৰাপত্তা আৰু কৌশলগত সম্পর্কৰ নতুন দিশ নিৰ্ধাৰণৰ ক্ষেত্ৰতো গুৰুত্বপূর্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে।
এই পৰিস্থিতিত মোদী আৰু ট্ৰাম্পৰ সম্ভাব্য বৈঠকে বিশ্ব ৰাজনীতিত নতুন আগ্ৰহ সৃষ্টি কৰিছে। কূটনৈতিক বিশ্লেষকসকলৰ মতে, এই সাক্ষাৎ কেৱল সৌজন্যমূলক বৈঠক নহ’ব; ইয়াৰ মাধ্যমে আগন্তুক ভাৰত–আমেৰিকা সম্পর্ক কোন দিশলৈ আগবাঢ়িব, তাৰো স্পষ্ট ইঙ্গিত পোৱা যাব।