উপসাগৰীয় দেশ কাতাৰে আন্তৰ্জাতিক হাদিছ মুখস্থ প্ৰতিযোগিতা উদ্বোধন কৰে।

ইছলামিক জ্ঞানৰ প্ৰসাৰ আৰু ছুন্নাহৰ লগত পুনৰ সংযোগ স্থাপনৰ উদ্দেশ্যে কৰি কাতাৰৰ ৱাকফ আৰু ইছলামীয় পৰিক্ৰমা মনত্ৰালয়ে (Ministry of Awqaf and Islamic Affairs) “মিৰাছ আল-নুবুৱ্ৱাহ” (নবুওৱতৰ উত্তৰাধিকাৰ)নামৰ এটা বিশ্বব্যাপী হাদিছ মুখস্থ প্ৰতিযোগিতাৰ ঘোষণা কৰিছে। এই উদ্যোগৰ মূল লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ মুছলিম যুৱসমাজক মহানবী মুহাম্মদ মোস্তফা (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ শিক্ষা আৰু আদৰ্শৰ সৈতে সংযুক্ত কৰা, যাতে জ্ঞান, চৰিত্ৰ আৰু ঈমানৰ ওপৰত ভিত্তি কৰি এক নতুন প্ৰজন্ম গঢ়ি তুলিব পৰা যায়। মুঠ পুৰস্কাৰ মূল্য ১০ লাখ কাতাৰী ৰিয়াল (QR1 million)-তকৈও অধিক হোৱাত, এই প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্যতম উল্লেখযোগ্য হাদিছভিত্তিক প্ৰতিযোগিতা হিচাপে পৰিণিত হৈছে।

এই প্ৰতিযোগিতা দুটা মুখ্য শ্ৰেণীত বিভক্ত। “গ’ল্ড লেভেল”ত আল-মাজদ ইবন তাইমিয়্যাহৰ সংকলন আল-মুনতাকা-ৰ পৰা মুখস্থকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যি বিশেষভাৱে ফিকহ-সম্পৰ্কীয় হাদিছসমূহৰ বাবে পৰিচিত। আনহাতে “ছিলভাৰ লেভেল” ভিত্তি কৰি গঢ়ি তোলা হৈছে ইমাম আল-নৱৱীৰ বিখ্যাত গ্ৰন্থ ৰিয়াজ আছ-ছালিহীন-ৰ ওপৰত, য’ত নৈতিকতা, আত্মিকতা আৰু দৈনন্দিন আচৰণ সম্পৰ্কীয় শিক্ষা সন্নিবিষ্ট আছে। প্ৰতিযোগীসকলে কেৱল এটা শ্ৰেণীতহে অংশগ্ৰহণ কৰিব পাৰিব, যাতে প্ৰস্তুতি আৰু মূল্যায়ন অধিক কেন্দ্ৰীভূত হয়।

প্ৰতিযোগিতাটো কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব। পঞ্জীয়ন ১ ছেপ্টেম্বৰ ২০২৬ৰ পৰা ৩১ অক্টোবৰ ২০২৬লৈ চলি থাকিব। ইয়াৰ পিছত ২০২৭ চনৰ জানুৱাৰীত অনলাইন প্ৰাথমিক পৰ্ব অনুষ্ঠিত হ’ব। চূড়ান্ত পৰ্ব ২০২৭ চনৰ মাৰ্চ মাহত কাতাৰত অনুষ্ঠিত হ’ব, য’ত প্ৰতিটো শ্ৰেণীৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক সন্মুখীন মূল্যায়নৰ জৰিয়তে পৰীক্ষা কৰা হ’ব। কেৱল সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰতিযোগীসকলেই এই চূড়ান্ত পৰ্বলৈ উত্তীৰ্ণ হ’ব, যাৰ ফলত প্ৰতিযোগিতাটো অত্যন্ত কঠোৰ আৰু বাছনি-মূলক হৈ পৰিব বুলি গণ্য কৰা হৈছে।

পুৰস্কাৰৰ ক্ষেত্ৰত, প্ৰতিযোগিতাখনে যথেষ্ট আৰ্থিক উৎসাহ প্ৰদান কৰিছে। প্ৰতিটো শ্ৰেণীৰ শীৰ্ষ দহজন বিজয়ীক পুৰস্কৃত কৰা হ’ব। গ’ল্ড লেভেলৰ প্ৰথম স্থান অধিকাৰীয়ে ২ লাখ কাতাৰী ৰিয়াল (QR200,000) লাভ কৰিব, আনহাতে ছিলভাৰ লেভেলৰ শীৰ্ষ পুৰস্কাৰ ১.২ লাখ কাতাৰী ৰিয়াল (QR120,000) পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা এই উদ্যোগৰ ব্যাপকতা আৰু গুৰুত্ব স্পষ্টভাৱে প্ৰতিফলিত হয়।

“মিৰাছ আল-নুবুৱ্ৱাহ” শীৰ্ষক নামটোৱেই গভীৰ তাৎপৰ্য বহন কৰে। ইয়াৰ অৰ্থ হৈছে সেই নবীসকলৰ উত্তৰাধিকাৰ, যাৰ বিষয়ে হাদিছত কোৱা হৈছে যে আলিমসকল নবীসকলৰ উত্তৰাধিকাৰী। এই উদ্যোগৰ জৰিয়তে কাতাৰে কেৱল মুখস্থকৰণক উৎসাহিত কৰাই নহয়, বৰং ইছলামিক শিক্ষাৰ সংৰক্ষণত কেন্দ্ৰীয় ভূমিকা পালন কৰি অহা দীঘলীয়া জ্ঞানচৰ্চাৰ পৰম্পৰাকো পুনৰুজ্জীৱিত কৰিব বিচাৰিছে। স্থানীয় কাৰ্যসূচীৰ পৰা বৈশ্বিক মঞ্চলৈ এই উদ্যোগৰ বিস্তাৰে আধুনিক যুগত ইছলামিক বৌদ্ধিক ঐতিহ্য শক্তিশালী কৰাৰ এক বিস্তৃত অঙ্গীকাৰকো প্ৰতিফলিত কৰিছে।

অৱশেষত, এই অন্তৰজাতিক হাদিছ মুখস্থ প্ৰতিযোগিতা কেৱল এটা প্ৰতিযোগিতা নহয়; ই হৈছে নতুন প্ৰজন্মক মহানবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম ৰ শিক্ষাৰ সৈতে গভীৰভাৱে জড়িত হ’বলৈ উদ্বুদ্ধ কৰাৰ এক প্ৰচেষ্টা, যাতে তেওঁলোকে জ্ঞান, ঈমান আৰু নৈতিক দায়িত্বৰ এই মহান ঐতিহ্য আগুৱাই লৈ যাব পাৰে — বিশেষকৈ এনে এক যুগত, য’ত বিশ্ব আগতকৈ অধিক সংযুক্ত হৈ পৰিছে।

দা‘ৱাহ আৰু ধৰ্মীয় নিৰ্দেশনা বিভাগৰ পৰিচালক জাচিম বিন আব্দুল্লাহ আল-আলীয়ে কয় যে এই প্ৰতিযোগিতাই মহানবী মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ ছুন্নাহৰ সেৱা কৰা, তেওঁৰ পথনির্দেশৰ প্ৰতি আনুগত্য শক্তিশালী কৰা আৰু নতুন প্ৰজন্মৰ মাজত সেই মূল্যবোধসমূহ গঢ়ি তোলাৰ বাবে চলি থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে এই উদ্যোগ মন্ত্ৰালয়ৰ বিস্তৃত দৃষ্টিভংগীৰ সৈতেও উপযুক্ত, যাৰ উদ্দেশ্য হৈছে কোৰআন আৰু ছুন্নাহক সমৰ্থন কৰা আৰু এনে শিক্ষামূলক পদক্ষেপ আগবঢ়োৱা যিয়ে ইছলামিক নীতি আৰু সচেতনতাৰ ভিত্তিত গঢ় লৈ উঠা এটা নতুন প্ৰজন্ম সৃষ্টি কৰাত সহায় কৰে।

আল আলীয়ে কয়, “এই উদ্যোগ স্থানীয় ‘Young Muhaddith’ প্ৰতিযোগিতাৰ সফলতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াৰ জৰিয়তে অংশগ্ৰহণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বিস্তাৰ কৰা হৈছে আৰু ইছলামিক জ্ঞান আৰু ঐতিহ্যৰ সেৱাৰ সৈতে জড়িত উদ্যোগসমূহক সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত কাতাৰৰ বৈশ্বিক ভূমিকাও অধিক শক্তিশালী হৈছে।”

তেওঁ অংশগ্ৰহণৰ মুখ্য নিয়মসমূহ উল্লেখ কৰি কয় যে আবেদনকাৰীসকল পুৰুষ হ’ব লাগিব, অনুমোদিত শ্ৰেণীৰ ভিতৰত নামভৰ্তি কৰিব লাগিব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সঠিকভাৱে আবেদন সম্পূৰ্ণ কৰিব লাগিব, আয়োজক কমিটিয়ে অনুমোদন জনোৱা নিৰ্ধাৰিত পাঠসমূহ অনুসৰণ কৰিব লাগিব আৰু মূল্যায়নৰ সকলো নিয়ম আৰু মানদণ্ড সম্পূৰ্ণৰূপে মানি চলিব লাগিব।

তেওঁ আৰু কয় যে “মিৰাছ আল-নুবুৱ্ৱাহ” নামটোৰ গভীৰ তাৎপৰ্য আছে। এই নাম নবীজীৰ সেই শিক্ষাৰ প্ৰতি ইঙ্গিত কৰে, য’ত কোৱা হৈছে যে আলিমসকল নবীসকলৰ উত্তৰাধিকাৰী। লগতে এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে এনে এক প্ৰজন্ম গঢ়ি তোলা, যিয়ে “জ্ঞান, চৰিত্ৰ আৰু আচৰণৰ ক্ষেত্ৰত নবুওৱতৰ উত্তৰাধিকাৰ বহন কৰিব।”

Related Posts

Leave A Comment

Voting Poll

Get Newsletter